মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগ কি বুলি যদি প্ৰশ্ন কৰো তেতিয়া আপোনাৰ মনলৈ কি আহিব বাৰু ? বহুতৰে মনলৈ দেহৰ বিভিন্ন অংগ প্ৰত্যংগৰ নাম নিশ্চয় আহিব ,কিন্তু ছালখনৰ কথা খুব কমসংখ্যকৰে আহিব চাগে’ ৷ সেইটো স্বাভাৱিক ৷ কাৰণ আমাৰ দেহৰ বাকী অংগবোৰৰ দৰে ছালখন দেহৰ কোনো এটা ঠাইত থুপ খাই নাথাকে ৷ ই দেহৰ প্ৰায়ভাগ অংগকে আৱৰি মানৱ দেহৰ প্ৰায় ২ বৰ্গ মিটাৰ ( প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ) ঠাই আগুৰি থাকে ৷ ই দেহৰ প্ৰায় ১৫ শতাংশ ওজন বহন কৰে ( উদাহৰণস্বৰূপে ৭০ কিঃগ্ৰা ওজনৰ ব্যক্তিৰ ক্ষেত্ৰত প্ৰায় ১০ কিঃগ্ৰা ) ৷ ছালখনৰ গাঢ়তা দেহৰ ভিন ভিন ঠাইত ভিন ভিন হয় ( ১.৫ মিঃমিঃৰ পৰা ৫ মিঃমিলৈ) ৷ যেনে ধৰক দেহৰ বাকী অংশৰ তুলনাত ভৰি বা হাতৰ তলুৱাৰ ছাল যথেষ্ট ডাঠ হয় ৷ ( Assamese Fact )
মানুহৰ ছালখন যে এক গুৰুত্বপূৰ্ণ অংগ তাত সন্দেহ নাই ৷ প্ৰধানকৈ ইয়াৰ তিনিটা স্তৰ থাকে - একেবাৰে বাহিৰৰ পৰা ভিতৰলৈ ক্ৰমে ইপিডাৰমিছ, ডাৰমিচ আৰু হাইপ’ডাৰমিছ ( বা চাবকিউটেনিয়াছ টিছু )৷ এই স্তৰসমূহ বিভিন্ন ধৰণৰ কোষেৰে গঠিত আৰু ইয়াত বিভিন্ন লাগতিয়াল অংশ থাকে ৷ যেনে কেৰট’নাচাইট আৰু মেল’নাছাইট কোষ, ক’লাজেন আৰু ইলাষ্টিন ফাইবাৰ, এডিপ’ছ কলা , ঘৰ্ম গ্ৰন্হি ( ছোৱেট গ্লেণ্ড ) , চেবেছিয়াচ গ্লেন্ড,হেয়াৰ ফলিকুল, নোম,ছুলি,নখ ,স্নায়ু ,ৰক্তবাহী সিৰা উপসিৰা আদি ৷ এপিডাৰমিছ নামৰ স্তৰত থকা মেল’নাছাইট নামৰ কোষে নিঃসৰন কৰা মেলানিন নামৰ ৰঞ্জক পদাৰ্থবিধৰ বাবে ছালৰ ৰং ভিন ভিন হয় ৷ আনহাতে কলাজেন আৰু ইলাষ্টিন ফাইবাৰৰ বাবে ছালখনে স্হিতিস্হাপক গুণ লাভ কৰে ৷ ছালখনে আমাৰ দেহক আৱৰি ৰাখি ঠাণ্ডা,গৰম, ৰোগৰ বীজাণু,ধুলি বালি,আঘাট আদিৰ পৰা ৰক্ষা কৰে ৷ লগতে ই আমাৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণত ৰাখে আৰু দেহৰ আৰ্দ্ৰতা বজাই ৰাখে ৷ আটাইতকৈ ডাঙৰ কথা ছালখনত বিভিন্ন ঠাণ্ডা, গৰম, বিষ ,খজুৱতি ৰ সংবেদনা সংগ্ৰাহী ৰিচেপ্তৰ সিঁচৰিত হৈ থাকে ৷ সেইবোৰৰ যোগেদি সংবেদনাসমূহ আমাৰ মগজুলৈ আহে আৰু আমি অনুভৱ কৰো ৷
ছালখন যিহেতু আমাৰ দেহৰ একেবাৰে উপৰিভাগত থাকে সেয়েহে ই বিভিন্ন আঘাট বা বীজাণু সংক্ৰমণ আদিৰ প্ৰথমতেই মুখামুখি হয় ৷ ফলত ই বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷ অৱশ্যে দেহৰ ভিতৰত সংঘটিত হোৱা অন্য কিছুমান বিসংগতিৰ বাবেও ছালৰ ৰোগে দেখা দিব পাৰে ৷ বিশেষকৈ কোনো আঘাট বা বীজাণু সংক্ৰমণ ছালখনত আৰম্ভ হ’লে তাক প্ৰতিৰোধ কৰিবলৈ ছালখনে এক বিশেষ ব্যৱস্হা গ্ৰহণ কৰে যাক প্ৰদাহ ( বা ইংৰাজীত ইনফ্লেমেশ্যন) বোলা হয় ৷ উক্ত প্ৰদাহ আকৌ বিভিন্ন লক্ষণৰ সমষ্টি ৷ এই লক্ষণ সমূহ হ’লঃ ৰুবৰ ( ৰঙা পৰা),ক’লৰ ( উষ্ণতা উৎপন্ন হোৱা) ,ডল’ৰ ( বিষ হোৱা), টিউমৰ ( ফুলি উঠা),ফাংছিঅ’লেছা ( কাৰ্য্যক্ষম হীনতা ) ৷ গতিকে ছালখনত কিবা কাৰণত আক্ৰান্ত হ’লেই এই লক্ষণসমূহ দেখা পোৱা যায় ৷ এই ইনফ্লেমেশ্যন দুই প্ৰকাৰৰ হয় ৷ প্ৰথম অৱস্হাত বা হঠাৎ হোৱা প্ৰদাহক একুট ইনফ্লেমেচন আৰু দেৰিকৈ হোৱা প্ৰদাহক ক্ৰনিক ইনফ্লেমেশ্যন বোলা হয় ৷ যেতিয়া একুট ইনফ্লেমেশ্যনক প্ৰথম অৱস্হাত চিকিৎসা কৰা নহয় তেতিয়া ই গুৰুতৰ অৱস্হালৈ গতি কৰে আৰু ই ক্ৰণিক ইনফ্লেমেশ্যনৰ ৰূপ লয় ৷ এনেকুৱা অৱস্হাত ছালত বিভিন্ন উপসৰ্গ দেখা দিবলৈ আৰম্ভ কৰে যেনে ধৰক ফোঁহা বা ঘা উৎপত্তি হোৱা ,পূজ পানী ওলোৱা,জ্বলন পোৰন, ছালখন টান বা ডাঠ হৈ যোৱা বা ফাটি যোৱা বা ৰঙা দমলা উঠা আদি ৷ এই লক্ষণসমূহ অনুসৰি ছৰ্মৰোগক বিভিন্ন ভাগত বিভক্ত কৰা হয় ৷
শল্যচিকিৎসাৰ পিতামহস্বৰূপ সুশ্ৰুতে ছালখনক সাতটা স্তৰত ভাগ কৰিছে ৷ বাহিৰৰ পৰা ভিতৰলৈ ক্ৰমে অৱভাছিনী,লোহিত,শ্বেত,তাম্ৰ,বেদিনী,ৰোহিনী আৰু মাংসধাৰা ৷ সুশ্ৰুতে আনকি ছালৰ স্তৰসমূহৰ গাঢ়তাও উল্লেখ কৰিছে ৷ একেবাৰে ওপৰৰ স্তৰত থকা অৱভাচিনী স্তৰক এটা বৃহী ( ধান বা যব)ৰ ১/১৮ ভাগ বুলি উল্লেখ কৰিছে আৰু একেবাৰে তলৰ স্তৰত থকা মাংসধাৰা স্তৰক ২ টা বৃহীৰ সমান বুলি কোৱা হৈছে ৷ আমোদজনক কথা এইটোৱে যে সুক্ষ্ম দৃষ্টিত ছালে আধুনিক চিকিৎসা বিজ্ঞানৰ মতেও ছালখনৰ স্তৰ আঠটা হয় ৷ আয়ুৰ্বেদৰ মতে সকলো ধৰণৰ ৰোগ ( আঘাটজনিত ৰোগত বাহিৰে) তিনিটা প্ৰধাণ উপাদান বাত,পিত্ত,কফ ৰ সাম্যৱস্হাৰ হীনদেৰি ঘটিলে উৎপত্তি হয়। এই তিনিটা উপাদানক দোষ বুলি কোৱা হয়। ছালৰ ৰোগৰ ক্ষেত্ৰতো যিকোনো এই তিনিটা দোষৰ কোনোবা এটা উৰ্দ্ধগামী বা কোনোবা এটা নিম্নগামী হ’লে বিভিন্ন ৰোগে দেখা দিব পাৰে আৰু লক্ষণসমূহো সেই মতে দেখা দিয়ে ৷ উদাহৰণস্বৰূপে যদি বাত দোষৰ বৃদ্ধি হয় তেতিয়া বিষ ,বেদনা,ছালৰ শুষ্কতা আদি দেখা দিয়ে ৷ পিত্ত দোষৰ আধিক্য হ’লে জ্বলন পোৰন,ৰঙা পৰা , পকি যোৱা,উষ্ণতা বৃদ্ধি পোৱা আৰু কফ দোষৰ আধিক্য হ’লে পূজ পানী ওলোৱা বা ছালৰ অধিক আৰ্দ্ৰতা,খজুৱতি,ফুলি উঠা,ঠাণ্ডা অনুভৱ আদি লক্ষণ দেখা দিয়ে ৷ ইয়াৰ বিপৰীতে বাত দোষৰ হ্ৰাস পালে ছালৰ বিষ বেদনা অনুভুতি কমি যায় ৷ পিত্ত দোষৰ হ্ৰাস পালে উষ্ণতা বা জ্বলন পোৰণ কমি যায় আৰু কফ দোষৰ হ্ৰাস পালে ছালৰ শুষ্কতা দেখা দিয়ে ৷ গতিকে আয়ুৰ্বেদিক চিকিৎসাত প্ৰয়োগ কৰা বিভিন্ন ঔষধি গছ লতা ,দ্ৰব্য আৰু থেৰাপীৰ জৰিয়তে ছালৰ ৰোগ সৃষ্টিকাৰী এই দোষ সমূহক সাম্য অৱস্হালৈ আনিব পাৰি আৰু ৰোগ নিৰ্মূল কৰাত কৃতকাৰ্য্য হ’ব পৰা যায় ৷
আয়ুৰ্বেদৰ গ্ৰন্হ সমূহত ছালৰ ৰোগৰ বিস্তৃত বিৱৰণ পোৱা যায়। প্ৰায় সমূহ গ্ৰন্হতে "কুষ্ঠাৰোগাধিকাৰ" নামৰ এক বিশেষ অধ্যায় উল্লেখ আছে ৷ আমাৰ সমাজত কুষ্ঠৰোগ বুলিলে ’লেপৰছী’ বা ’হেনচেন ডিজিজ’ বুলি প্ৰচলিত যদিও আয়ুৰ্বেদৰ এই অধ্যায়ত কুষ্ঠকে ধৰি ১৮ বিধ ছালৰ সৰু ডাঙৰ বিভিন্ন ৰোগৰ উল্লেখ পোৱা যায় ৷ আয়ুৰ্বেদৰ মতে যি ৰোগৰ বাবে ছালৰ বৰণৰ পৰিৱৰ্তন ঘটে তাকে কুষ্ঠ বোলা হয় ( অৰ্থাৎ কৃষ্নানি বপু এটি কুষ্ঠ) ৷ ইয়াত মুঠ ১৮ বিধ কুষ্ঠৰোগৰ উল্লেখ আছে ৷ ইয়াৰে ৭ বিধ ৰোগক মহাকুষ্ঠ আৰু ১১ বিধ ৰোগক ক্ষুদ্ৰকুষ্ঠ বুলি কোৱা হৈছে ৷ আয়ুৰ্বেদৰ গ্ৰন্হসমূহত বিভিন্ন কুষ্ঠৰ নামসমূহ কিছু পৰিৱৰ্তন আছে যদিও লক্ষণসমূহ প্ৰায় একেই ৷ এই ১৮ বিধ কুষ্ঠৰ বাহিৰেও আন বহুতো ছালৰ ৰোগ সুশ্ৰুত বা আন আচাৰ্য্যসকলে উল্লেখ কৰিছে আৰু সেইসমূহৰ আধুনিক চিকিৎসা বিজ্ঞানৰ বিভিন্ন ৰোগৰ লগত মিল পোৱা দেখা যায়। উদাহৰণস্বৰূপে চিত্ৰ বা কিলাস ( vitiligo), সিতপিত্ত ( urticaria) , যৌৱন পিডিকা ( acne),প দ্মকন্টক( papilloma), টিলকলক( nonelevated mole) , ন্যাস, ব্যংগ( Melasma), অজগল্লিকা, মচক,কিলাস, বিচৰ্প,( erysipelas) , গ্ৰন্হি ( sebaceous cyst) , অপসি( lymphadenitis), অৰ্বুদ,( tumour), বিদ্ৰধি( abcess) , ব্ৰণ ( ulcer) ইত্যাদি ৷
#কুষ্ঠ বা ছালৰ ৰোগৰ কাৰণঃ
আগতে উল্লেখ কৰা হৈছে যে বাত ,পিত্ত আৰু কফ ,এই ত্ৰিদোষক বিভিন্ন কাৰকে সাম্যৱস্হাৰ পৰা বিচলিত কৰিলে ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে আৰু ই ছাল,ৰক্ত,লসীকা আৰু মাংসপেশীসমূহক আক্ৰান্ত কৰি শিথিলতা আনে ৷ ইয়াৰ উপৰিও চৰ্মৰোগৰ অন্য কিছুমান কাৰক এনেধৰণৰঃ
১) বীজাণু সংক্ৰমনঃ লেপৰছী যিদৰে Mycobacterium leprae নামৰ বিপদজনক বেক্টেৰিয়াৰ কাৰণে হয় ঠিক তেনেদৰে অন্য ছালৰ ৰোগ কিছুমানটো বীজাণু সংক্ৰমণ সংঘটিত হয়। আচাৰ্য সুশ্ৰুতে স্পষ্টভাৱে উল্লেখ কৰিছে যে কুষ্ঠৰোগ বীজাণু সংক্ৰমণৰ ফলত হয় ৷ "সুশ্ৰুত সংহিতা " গ্ৰন্হত উল্লেখিত শ্লোকটো এনেধৰণৰঃ
প্ৰসংগাত গাত্ৰসংস্পৰ্শাত্ নিশ্বাসাত্ সহভোজনাত্
সহশয্যাসনাচ্চাপিবস্ত্ৰমাল্যানুলেপনাত্ ৷
কুষ্ঠজ্বৰশ্বশোষশ্বনেত্ৰাভিষ্য়দএবচ্
অৌপসৰ্গিকৰোগাশ্বসংক্ৰমন্তি নৰান্নৰম ৷
উপৰোক্ত শ্লোকটোৰ অৰ্থ হৈছেঃ বিভিন্ন ধৰণৰ স্পৰ্শ,উশাহ-নিশাহ, একেলগে খোৱা আৰু শোৱা( Sexual contact), সংক্ৰমিত ব্যক্তিৰ কাপোৰ,গহনা আৰু অনুলেপন (বিভিন্ন ধৰণৰ লেপন, মলম বা ক্ৰীম ) ভাগ বতৰা কৰিলে কুষ্ঠ (বিভিন্ন চৰ্মৰোগ ),জ্বৰ,শোষৰোগ ( koch's disease or Tuberculosis ) আৰু নেত্ৰঅভিচন্দ ( conjunctivitis ) আদি ৰোগ বিয়পে ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ মতে বেক্টেৰিয়া,ভাইৰাছ,ভেকুৰ আদিৰ বীজাণু বিভিন্ন চৰ্মৰোগ (যেনে হাৰপেছ জোষ্টাৰ,চিকেনপক্স,মিজ’লছ আদি) আৰু অন্য বহুতো ৰোগৰ বাবে জগৰীয়া ৷ ( Assamese Fact )
২) বিৰুদ্ধ আহাৰ ঃ আহাৰ বিহাৰ অৰ্থাৎ খাদ্যভ্যাস বা জীৱনশৈলীৰ পৰিৱৰ্তন ছালৰ ৰোগৰ অন্যতম কাৰণ ৷ আয়ুৰ্বেদত উল্লেখ আছে যে কিছুমান বিপৰীত ধৰ্মী খাদ্য ৰ সংযোগত দেহত বিৰূপ প্ৰতিক্ৰিয়া হ’ব পাৰে ৷ যেনে ধৰক মাছ আৰু গাখীৰ একেলগে খোৱা, অনুপ দেশ ( সেমেকা ঠাই) ৰ পশু পক্ষীৰ মাংসৰ লগত গাখীৰ নিৰন্তৰ সেৱন কৰা ,খাদ্য হজম হোৱাৰ পূৰ্বে অন্য খাদ্য সেৱন কৰা , খোৱাৰ পিছতে ব্যয়াম বা মৈথুন কৰা,দিনত শোৱা, ,মল মূত্ৰ ,বমি আদিৰ অধাৰণীয় বেগসমূহ দমন কৰা , প্ৰখৰ ৰ’দত কাম কৰা ব্যক্তিয়ে তৎক্ষণাত ঠাণ্ডা পানীৰে গা ধোৱা ইত্যাদি ৷ বৈজ্ঞানিক দৃষ্টিভংগীৰে ইয়াক চাবলৈ গ’লে কিছুমান খাদ্যৰ এলাৰ্জীক ৰিয়েকশ্যনৰ ফলশ্ৰুতিত ছালৰ বেমাৰ হয় নতুবা উপোৰোক্ত জীৱনশৈলীৰ বাবে প্ৰতিৰোধক্ষমতাৰ হ্ৰাস ঘটাৰ সম্ভাৱনা থাকে ৷
৩) ৰক্তজ কৃমি ঃ আচাৰ্য্য সুশ্ৰুতে উল্লেখ কৰিছে যে তেজত থকা এক বিশেষ ধৰণৰ কৃমিৰ বাবেও ছালৰ ৰোগ হ’ব পাৰে ৷ বিভিন্ন সুক্ষ্ম বীজাণুকে ধৰি স্হুুল পৰজীৱী যেনে কৃমিপেলু,মেগট (maggot) বা ওকনি (lice) আদিক ৰক্তজ কৃমিত অন্তৰ্ভুক্ত কৰিব পাৰি ৷
৪) দুষিতশোনিতশুক্ৰঃ সুশ্ৰুতৰ মতে দম্পত্তি বা স্ত্ৰীপুৰুষৰ দুষিত শুক্ৰ ( sperm) বা শোনিত ( ovum) ৰ বাবেও সন্তানৰ ছালৰ ৰোগ হ’ব পাৰে। চৰ্মৰোগবিজ্ঞানৰ মতেও কিছুমান ছালৰ ৰোগত বংশগত বা জেনেটিক কাৰণ নথকা নহয় ৷
#আধুনিক চিকিৎসা বিজ্ঞানৰ মতে কিছুমান বিশেষ কাৰণ এনেধৰণৰঃ
১) অট’ইমুউনিটী ঃ দেহৰ প্ৰতিৰোধক্ষমতা ৰ বিসংগতি ছালৰ ৰোগৰ এটা প্ৰধাণ কাৰণ ৷ ইয়াক অট’ইমিউনিটী বোলা হয় ৷ অৰ্থাৎ য’ত দেহৰ প্ৰতিৰোধক কোষসমূহে ভুলতে দেহৰ উপকাৰী কোষসমূহৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে আৰু চৰিৱা’চিছ,এছ এল ই ( systemic lupus Erythematosus) আদিৰ দৰে গুৰুতৰ ছালৰ ৰোগ সৃষ্টি কৰে ৷
২) টিউমাৰ বা কাৰ্চিন’মা ঃ দেহৰ অনিয়ন্ত্ৰিত কোষ বৃদ্ধিৰ বাবেও কিছুমান ছালৰ ৰোগ দেখা দিয়ে যেনে বেচেল চেল কাৰ্চিন’মা,মেলিগনেন্ট মেল’ন’মা আদি
৩) ছালৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তনঃ মানুহৰ ছালত থকা মেলানিন নামৰ ৰন্জক পদাৰ্থবিধৰ হ্ৰাস ঘটা (হাইপ’পিগমেন্টটেশ্যন) ৰ ফলত ভিটিলিগ’( বগা দাগ) আৰু বৃদ্ধি পোৱা ( হাইপাৰপিগমেন্টেশ্যন ) ৰ ফলত এজ স্প’ট,মেলাচমা আদি ছালৰ ৰোগে দেখা দিয়ে ৷
৪)বাহ্যিক আঘাট ঃ যেনে কটাচিঙা,জুয়ে পোৰা , সূৰ্য্যৰ আল্ট্ৰাভায়লেট ৰশ্মি বা অন্য ৰাসায়নিক পদাৰ্থ ৰ প্ৰত্যক্ষ প্ৰভাৱ ৷
লক্ষণঃ
আয়ুৰ্বেদত উল্লেখিত সাতবিধ মহাকুষ্ঠত লেপৰছীৰ লক্ষণসমূহ বিদ্যমান ৷ ইয়াত উল্লেখ থকা অনুসৰি মহাকুষ্ঠত ছালখনৰ ৰং তাম বৰণ বা ওদোম্বৰ ফল বা ৰক্তপদুমৰ বা হৰিণাৰ জিভাৰ দৰে দেখা যায় ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ মতেও কুষ্ঠৰোগত ছালৰ ৰঙ কপাৰ বা তাম্ৰবৰণৰ হোৱা দেখা যায় আৰু স্নায়ুসমূহ আক্ৰান্ত হৈ অংগ প্ৰত্যংগৰ বিসংগতি দেখা দিয়ে ৷ আনহাতে বাকী ১১ বিধ ক্ষুদ্ৰকুষ্ঠ ৰোগৰ লক্ষণসমূহ আধুনিক চৰ্ম বিজ্ঞানৰ বহু সৰু ডাঙৰ ৰোগৰ লগত মিল থকা দেখা যায় ৷ উদাহৰণস্বৰূপে এককুষ্ঠ,চৰ্মকুষ্ঠ, কিটিভ,দদ্ৰু,চৰ্মদল,পামা,বিচৰ্চিকা আদিক একাদিক্ৰমে ,চৰিয়াচিছ,’,জেৰ’ডাৰ্মা,লাইকেন প্লেনাছ,ৰিং ওৱাৰ্ম,,ইমপেটিগ’, স্কেৱিজ,একজিমা ৰোগৰ লক্ষণসমূহৰ লগত মিল আছে ৷ উদাহৰণস্বৰূপে এককুষ্ঠ বা চৰিৱাচিছ ৰোগত মাছৰ বাকলিৰ দৰেকৈ ছাল এৰি যায় ,কিটিভ কুষ্ঠত লাইকেন প্লেনাছত দেখাৰ দৰে হাতীৰ ছালৰ নিচিনা দাঠ কলা দাগ দেখা যায় ৷ ৰোগৰ লক্ষণসমূহ বুজাবলৈ আয়ুৰ্বেদত উল্লেখিত উপমাবোৰ যথেষ্ট আকৰ্ষণীয় ৷
চিকিৎসাঃ
আয়ুৰ্বেদিক চিকিৎসাত ছালৰ বিভিন্ন ৰোগত সুন্দৰ আৰু ফলপ্ৰসূ চিকিৎসাৰ উল্লেখ পোৱা যায় ৷ আগতে উল্লেখ কৰা ধৰণে ত্ৰিদোষৰ বিসংগতি ৰ ধৰা পেলাই চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰিলে সোনকালে আৰোগ্য লাভ কৰিব পাৰি ৷ অৱশ্যে ৰোগৰ প্ৰাৰম্ভিক অৱস্হাত ইয়াৰ কৃতকাৰ্য্যতাৰ হাৰ বেছি ৷ বীজাণুসংক্ৰমণ জনিত আৰু কেঞ্চাৰৰ দৰে ৰোগত আয়ুৰ্বেদৰ সীমাবদ্ধতা আছে ৷ বৰ্তমান ছালৰ ৰোগ বা প্ৰসাধন সামগ্ৰী সমূহত ব্যৱহাৰ কৰা নিম ,এল’ভেৰা,গুৰুছী, আমলখী আদি ঔষধিগূণযুক্ত গছ লতা সমূহৰ বৰ্ণনা আয়ুৰ্বেদৰ বিভিন্ন গ্ৰন্হত উল্লেখ পোৱা যায় ৷ এই সমূহ সেই প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহৃত হৈ আহিছে ৷ আয়ুৰ্বেদৰ গ্ৰন্হসমূহত উল্লেখিত শাস্ত্ৰীয় আৰু পেটেন্ট ঔষধি প্ৰয়োগ,আন কিছুমান থেৰাপী যেনে কল্ক ( paste),প্ৰদেহ , লেপন (cream), ঘৃতপান, পঞ্চকৰ্ম বিধি ( বিশেষকৈ বমন,বিৰেছন আৰু ৰক্তমোক্ষণ) প্ৰয়োগ আৰু আহাৰ বিহাৰৰ সঠিক প্ৰয়োগৰ দ্বাৰা ছালৰ ৰোগত সুফল লাভ কৰিব পাৰি ৷ আয়ুৰ্বেদত উল্লেখিত কিছুমান দৰৱ ৰাইজক চিনাকী কৰি দিয়াৰ উদ্দেশ্যে ইয়াত উল্লেখ কৰা হ’ল যেনে নিম ঘন বটী,কুমাৰীসৱ,কৈশোৰ গুগ্গুলু,গন্ধক ৰসায়ন,পঞ্চতিক্ট ঘৃত/ গুগ্গুলু,আৰোগ্যবৰ্ধিনী বটী খদিৰা ৰিষ্ট,মহামনিজাষ্ঠাদি কাথ,সাৰিবাদ্যসৱ,মৰিছ্যাদি তৈল,টুবৰক তৈল ৷ এইসমূহ চিকিৎসকৰ লগত আলোচনা কৰি ব্যৱহাৰ কৰাটো জৰুৰী ৷ ইয়াৰ উপৰিও তলত কিছুমান একক দ্ৰব্য আৰু পথ্য অপথ্য উল্লেখ কৰা হ’লঃ
#একক দ্ৰব্যঃ অপমাৰ্গ ( Achyranthes aspera),, আৰগ্বধ ( Cassia fistula), খদিৰ( Acacia catechu),হৰিদ্ৰা বা হালধী,আমলখী,হৰিটকী বা শিলিখা,বাকুচী (Psoralia corylifolia), ,নিম,ভল্লাটক( Semecarpus anacardium), বিদংগ ( Embelia ribes) ,দেবডাৰু,( Cedrus deodara) সাৰিবা ( Hemidesmus indicus),মনজিষ্ঠা ( Rubia cordifolia),চজিনা,এলোভেৰা,তুলসী,গুৰুছী,শিলাজটু,পাৰদ,গন্ধক ৷
#পথ্যঃ লঘু আহাৰ,আৰু তিতা ৰসৰ শাক, ত্ৰিফলা,নিম,ভল্লাটকযুক্ত খাদ্য আৰু ঘৃত ,পূৰণি চাউল,মগু দাইল,পটল ,জংগল দেশ ( শুকান ঠাই) ৰ পশু পক্ষী মাংস ৷
#অপথ্যঃ গুৰু আহাৰ,টেঙা ৰসৰ খাদ্য,গাখীৰ,দৈ,মাছ,অনুপ দেশ ( সেমেকা ঠাই) ৰ পশু পক্ষীৰ মাংস ; গুৰ আৰু তিল ৷
#লেখকঃ ডা° ইন্দুভূষণ শৰ্মা
চিকিৎসা বিষয়া ( আয়ুৰ্বেদিক)
শিঙিয়া পোতনি ক্ষুঃপ্ৰাঃস্বাস্হ্যকেন্দ্ৰ
নগাঁও ৷ দূৰভাষঃ ৮৬৩৮৮৮৩২৩৬
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment