ধনীয়া পাতৰ পৰা স্বাস্থ্য লাভ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 17, 2022

ধনীয়া পাতৰ পৰা স্বাস্থ্য লাভ : Assamese Fact

Assamese Fact


ধনীয়া পাতত ফাইট'নিউট্ৰিয়েন্টচ আৰু এন্টি অক্সিডেন্ট থাকে৷ যি স্বাস্থ্যৰ বাবে উপকাৰী৷ ধনীয়া  বা মেমেধুৰ প্ৰতি অংগই শিপা/ঠাল/পাত/বীজ আদি আটাইবোৰেই উপকাৰী৷ ( Assamese Fact )


বহুধৰণৰ স্বাস্থ্য লাভৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ ধনীয়া বহুৰোগ নিৰাময় কৰে৷ ইয়াত এন্টিচেপটিক আৰু বায়ু নাশক তথ্য আছে৷ ইয়াৰ সুগন্ধ/সোৱাদ অথবা বনৌষধী আৰু মচলা ৰূপে বিশ্বব্যাপী ইয়াৰ স্বীকাৰ্যতা আৰু আদৰ আছে৷ আটাইতকৈ ডাঙৰ কথাটো হল ই বৰ সহজলভ্য/সূলভ মূল্যৰ আৰু প্ৰত্যেকৰে চিনাকী৷ 

আহক আজি ইয়াৰ জুচ বা চুপৰ পৰা পাব পৰা স্বাস্থ্য লাভ সমূহ আৰু প্ৰতিদিন সেবন কৰি ফিট থকাৰ ওপৰিও কেনেধৰণৰ ৰোগ সমূহৰ পৰা ৰক্ষা পাব পাৰি জানো আহক৷

১. কিডনী বা বৃক্ক পৰিস্কাৰ- আমাৰ কিডনী আমাৰ বয়সৰ সমানেই পুৰণি এক উত্তম ফিল্টাৰ৷ যাৰ দ্বাৰা আমাৰ তেজৰ দুষিত পদাৰ্থ সমূহ পৰিস্কাৰ হয়৷ কিন্তু পাগঘৰৰ সাধাৰণ চাহ ছাকনীৰ পৰা পানীৰ ফিল্টাৰ/গাড়ীৰ ফিল্টাৰ পৰিস্কাৰ কৰা আমিবোৰে শৰীৰৰ এই জীৱন দায়িনী ফিলটাৰটো পৰিস্কাৰ কৰাৰ কথা নাভাবো৷ ইয়াকো পৰিস্কাৰ কৰিব লাগে৷ যাতে ই চাফা হৈ আৰু ভাল ধৰণে কাম কৰে৷ আজি শৰীৰৰ এই মহামূল্যবান অংগটো মাত্ৰ পাঁচ টকাত পৰিস্কাৰ কৰাৰ বিষয়ে জানো আহক৷

এমুঠি সতেজ সেউজীয়া ধনীয়া পাত লৈ (ঘৰৰ টাবত কৰি লব পাৰিলে অতি উত্তম ) সৰু সৰুকৈ কাটি ধুই লওক৷ এটা মাটিৰ বাচনত একলিটাৰ পানী লৈ এই কাটিলোৱা ধনীয়া পাতখিনি ১০ মিনিট কম জুইত সিজাই চেকি লৈ ঠাণ্ডা হবলৈ দিয়ক৷ এই পানীয় প্ৰতিদিন খালি পেটত খাওক৷ পেচাবৰ লগত কিডনীত জমা হোৱা মলি/জাবৰ (কালকুলি বা হব পৰা স্টোন) উলাই যাব৷

ইয়াৰ লগত সামান্য জনিৰ গুড়ি মিহলাই ললে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হব৷ ধনীয়াত কেলচিয়াম/মেঙ্গানিজ/আয়ৰণ /প্ৰচুৰ মাত্ৰাত পটাচিয়াম আৰু কম মাত্ৰাত চডিয়াম পোৱা যায়৷ যাৰ প্ৰাতঃ সেবনে হৃদস্পন্দন আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷

২. অনিদ্ৰা- আজিৰ যান্ত্ৰীক জীৱন যাত্ৰাত টোপনী এক সমস্যাত পৰিণত হৈছে৷ স্ট্ৰেচ আৰু অৱশাদে নিদ্ৰাহীনতাৰ ৰূপ লৈ অনিদ্ৰাৰ লগতে আনুসাঙ্গিক ৰোগ সমূহক নিমন্ত্ৰণ দিছে৷ বিজ্ঞানে প্ৰমানিত কৰিছে যে শোৱাৰ আগত এগিলাচ ধনীয়াৰ জুচে আপোনাক কোনো শ্লিপিং টেবলেট বা মাদক দ্ৰব্যৰ আশ্ৰয় নোলোৱাকৈ গভীৰ টোপনী দিব পাৰে৷ ইয়াত কিছু চেডেটিভ উপাদান থাকে৷ যিয়ে এন্টিএঙ্জাইটি ঔষধৰ দৰে কাম কৰে৷ ( Assamese Fact )


৪. হজম- ধনীয়াৰ জুচে পাচন প্ৰক্ৰিয়া স্বস্থ্য কৰে৷ পেটফুলা/বমীভাব/হাৰ্টবাৰ্ণ/বদহজম জাতীয় সমস্যাত ই অতি লাভদায়ক৷ জলা মচলা বা গৰম আহাৰ খাই হোৱা পেটৰ অশান্তিতো ই কুলিং এজেন্টৰ দৰে সহায়ক৷

৫. প্ৰাকৃতিক এন্টিচেপটিক- ধনীয়াৰ জুচে ডিটক্সিফাই কৰি শৰীৰক বহুধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে৷ সেয়ে প্ৰতিদিন ধনীয়া পাতৰ জুচ সেবন কৰিলে পানী আৰু আহাৰৰ পৰা হব পৰা বহুতো ৰোগৰ পৰা পৰিত্ৰান পাব পাৰি৷

৬. সু্‌স্থ হাড়- হাড় দুৰ্বল হলে দৈনিক এগিলাচ  ধনীয়া পাতৰ জুচেই যথেষ্ট কাৰণ ইয়াত পৰ্যাপ্ত মাত্ৰাত প্ৰাকৃতিক কেলচিয়াম থাকে৷ কিলচিয়ামৰ ওপৰিও ইয়াত এনেকিছুমান খনিজ পদাৰ্থ আছে যিয়ে হাড়ৰ ঘনত্ব বঢ়াই হাড় সবল কৰে৷ ইয়াৰোপৰি ধনীয়া পাতৰ জুচে হাড় ভাঙিলে জোৰা লগোৱাতো সহায় কৰে৷

৭.হৃদস্বাস্থ্য- ধনীয়া পাতৰ জুচত প্ৰচুৰ এন্টি অক্সিডেন্ট থাকে৷ যি বেয়া কলেষ্টৰেল কমায় আৰু ভাল কলেষ্টৰেল বৃদ্ধি কৰে৷ যাৰ ফলত হৃদয়ৰ কাম সুচাৰু ৰুপে চলে৷

৮. এন্টি ডাইবেটিক- ধনীয়াক এন্টিডাইবেটিক হাৰ্ব কোৱা হয়৷ নিজৰ প্ৰাকৃতিক গুণ আৰু ঘটকেৰে সমৃদ্ধ ধনীয়াই মধুমেহ ৰোগীৰ চুগাৰ নিয়ন্ত্ৰণ আৰু স্থিৰ ৰাখে৷ ই মধুমেহ ৰোগীৰ বাবে অত্যন্ত উপকাৰী৷ 

৯.ছালৰ সমস্যা- ধনীয়াপাতৰ জুচত এন্টিচেপটিক/এন্টিফাংগাল আৰু এন্টি অক্সিডেন্ট পোৱা যায়৷ এইবোৰ উপাদানে প্ৰায় সকলো ধৰণৰ ছালৰ সমস্যা নোহোৱা কৰে৷ দাদ/শুকান ছাল বা যি কোনো ফাংগাল ইনফেক্সনত ভূগা ৰোগীয়ে নিয়মিত ইয়াৰ ৰস সেবন কৰিব লাগে৷


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages