ঘৰত সুখ- সমৃদ্ধি আৰু ঘৰত মা লক্ষ্মীয়ে বাস কৰাতো বিচাৰে তেতিয়া শাস্ত্ৰৰ অনুসৰি ৰাতিপুৱা সময়ত আপুনিও কিছুমান কাম কৰিব লাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 4, 2022

ঘৰত সুখ- সমৃদ্ধি আৰু ঘৰত মা লক্ষ্মীয়ে বাস কৰাতো বিচাৰে তেতিয়া শাস্ত্ৰৰ অনুসৰি ৰাতিপুৱা সময়ত আপুনিও কিছুমান কাম কৰিব লাগে : Assamese Fact

Assamese Fact


আজি আমি আপোনালোকক কম  সদায় ৰাতিপুৱা উঠি এনেকুৱা কি কাম আছে যিটো কৰিলে মানুহৰ জীৱনলৈ সুখ- সমৃদ্ধি আহে।  Assamese Fact ) 


তেওঁলোকৰ জীৱনৰ পৰা দৰিদ্ৰতা আৰু নকাৰাত্মকতা আতঁৰি যায়। যদি আপুনিও ঘৰত সুখ- সমৃদ্ধি আৰু ঘৰত মা লক্ষ্মীয়ে বাস কৰাতো বিচাৰে তেতিয়া  শাস্ত্ৰৰ অনুসৰি ৰাতিপুৱা সময়ত আপুনিও কিছুমান কাম কৰিব লাগে।ভগৱান কৃষ্ণয়ে কয় যে ভাল কামৰ ফল ভালেই পাই আৰু বেয়া কামৰ ফল বেয়া। 


১.ৰাতিপুৱা শুই উঠি, দুয়োখন হাত ঘঁহি, তাৰ দৰ্শন কৰি। এই মন্ত্ৰটো গাব লাগে।কাৰাগৰে বচতে লক্ষ্মী,কৰমধ্যে সৰস্বতী,কৰমূলেটো গোবিন্দ প্ৰভাতেই দৰ্শনমঃ । ইয়াৰ অৰ্থ হ'ল হাতৰ আগৰ ভাগত লক্ষ্মীৰ বাস মধ্যভাগত সৰস্বতীৰ আৰু  হাতৰ শেষত ভগৱান কৃষ্ণ অৰ্থাৎ গোবিন্দৰ বাস। সেই কাৰণে প্ৰতিদিনে হাতৰ দৰ্শন কৰিলে মা লক্ষ্মী, সৰস্বতী আৰু ভগৱান কৃষ্ণ আশীৰ্বাদ প্ৰাপ্ত হয়।প্ৰতিদিনে এনেকুৱা কৰিলে ব্যক্তিৰ জীৱনৰ পৰা দুখ আতঁৰ হৈ যায়। কল্যাণৰ মাৰ্গ খোল‌ খাই যায় আৰু ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰে।


২.ৰাতিপুৱা গা ধুই অহাৰ পাছত তুলসী গছৰ দৰ্শন কৰিব লাগে। জল অৰ্পণ কৰিব লাগে আৰু তুলসী মাৰ পূজা কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ নেতিবাচক প্ৰভাৱবোৰ আঁতৰ হৈ যাব। আপোনাৰ জীৱনটো সুখ- সমৃদ্ধিৰে ভৰি পৰিব। ( Assamese Fact )


৩. ভগৱান কৃষ্ণয়ে কয় যে মানুহে ৰাতিপুৱা সদায় সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগে।সূৰ্যদেৱে সমস্ত পৃথিৱীকে শক্তি প্ৰদান কৰে। সেই কাৰণে ৰাতিপুৱা সদায় সূৰ্যদেৱৰ উপাসনা কৰিলে মানুহৰ জীৱনৰ পৰা নকাৰাত্মকতা আঁতৰি যায়।



৪.ভগৱান কৃষ্ণয়ে কয় যে মানুহে ৰাতিপুৱা সদায় ব্ৰহ্ম মহূৰ্তত সাৰ পাব লাগে। বিশেষকৈ ঘৰৰ মহিলা সকলে এইসমূহ কথা ধ্যান দিব লাগে।ব্ৰহ্ম মহূৰ্তৰ পৰা ৰাতিপুৱা ৭ বজালৈ নিজকে ঈশ্বৰৰ ভক্তিত মুগ্ধ কৰি ৰাখিব লাগে। তাৰ পিছতহে বেলেগ কাম আৰম্ভ কৰিব লাগে। সেই কাৰণে মানুহে ৰাতি সোনকালেই শুই থাকিব লাগে। ৰাতি শুৱাৰ সময়ত নিজৰ মূৰটো পূৰ্ব বা দক্ষিণ দিশে দিহে শুৱ লাগে। ইয়াৰ দ্বাৰা আয়ু বৃদ্ধি হয় আৰু মানুহৰ ভাল টোপনি আহে। শাস্ত্ৰৰ অনুসৰি সন্ধিয়াৰ পিছত কেতিয়াও ভোজন গ্ৰহণ কৰিব নালাগে। এনেকুৱা কৰাটো অশুভ।



৫. ৰাতিপুৱা উঠি যেনেকৈ আপুনি গা ধুই শুদ্ধ হৈ যায়।তেনেকে  ৰাতিপুৱা সদায় ঘৰৰ মুখ্য দুৱাৰো চাফ-চিকুণ কৰিব লাগে। ইয়াৰ দ্বাৰা মা লক্ষ্মী প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰত  প্ৰসন্ন হৈ প্ৰৱেশ কৰিব। যদি আপোনাৰ জীৱনত শত্ৰুৰ সংখ্যা বহুত আৰু আপুনি যদি কমাব বিচাৰে তেতিয়া সপ্তাহত এদিন নিমখ পানীৰে ঘৰ চাফ-চিকুণ কৰিব লাগে। এনেকুৱা কৰিলে আপোনাৰ সকলো শত্ৰুৰ নাশ হৈ যাব। যদি আপুনি বিচাৰে সদায় আপোনাৰ স্বাস্থ্য ভালেই থকাতোঁ তেতিয়া ৰাতি তামৰ বাচন পানী ভৰাই থওঁক আৰু ৰাতিপুৱা খালি পেটত সেই পানী সেৱন কৰক। ইয়াৰ ফলত আপোনাৰ পেট চফা হৈ থাকিব আৰু বেমাৰো কম হ'ব।


৬. ঈশ্বৰৰ পিছত দ্বিতীয় স্থান মা-দেউতাৰ হয়। সেই কাৰণে সদায় মা-দেউতাৰ ভৰিত ধৰি আশীৰ্বাদ ল'ব লাগে। ৰাতি তেওঁলোকৰ সেৱা কৰা পিছতহে শুব লাগে। এনেকুৱা কৰিলে মা-দেউতাৰ আশীৰ্বাদ প্ৰাপ্ত হয় আৰু  ভগৱানেও এনেকুৱা মানুহৰ ওপৰত বহুত প্ৰসন্ন হয়। কাৰণ ভগৱান সকলোৰে ঘৰলৈ যাব নোৱাৰে। সেই কাৰণে তেওঁ মা-দেউতাক বনাইছে। যাতে তেওঁৰ কৃপা আপোনাৰ মা-দেউতাৰ মাধ্যমেৰে আপোনাৰ ওপৰত থাকে। সেই কাৰণে সদায় মা-দেউতাৰ আদাৰ আৰু সন্মান কৰক।



৭. চেষ্টা কৰক সদায় এটা ৰুটি গৰুক খোৱাবলৈ। ইয়াৰ ফলত আপোনাৰ ঘৰত ধনৰ অভাৱ নহয়। শেষৰ ৰুটিটো কুকুৰক খোৱাৰ লাগে ।কুকুৰক ৰুটি খাবলৈ দিয়াটো শাস্ত্ৰৰ বহুত শুভ বুলি গণ্য কৰা হয়।ইয়াৰ ফলত মানুহৰ জীৱনলৈ আহিব লাগিয়া সকলো সমস্যা আৰু নকাৰাত্মকতা নাশ হৈ যায়। 


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages