শিশুৰ বিকাশৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 27, 2022

শিশুৰ বিকাশৰ বাবে পুষ্টিকৰ খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ : Assamese Fact

Assamese Fact


 শিশুৰ পুৱাৰ আহাৰত-অন্তৰ্ভূক্ত কৰিব লাগে-এই-৪বিধ খাদ্যবস্তু।( Assamese Fact )


*সকলো অভিভাৱকে-শিশুৰ বিকাশৰ বাবে-যথেষ্ট চিন্তিত হয়।সকলোৱে ভাৱে যে-মোৰ ল'ৰা বা ছোৱালীজনীয়ে সকলোতকে শ্ৰেষ্ঠ।ইয়াৰ বাবে-পুষ্টিকৰ খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ।কাৰণ-যেতিয়া কেচুঁৱা এটা জন্ম হয়-তেতিয়া সিহঁতৰ কোষবোৰ বিকশিত হৈ থাকে।নমনীয়া-হাড়-ছালৰ কোষ আৰু মস্তিষ্কৰ নিউৰন বোৰ মুক্ত হৈ থাকে।এই পৰিস্থিতিত শিশুসকলক কি খাদ্য খাবলৈ দিয়া হয়-সেয়া অতি গুৰুত্বপূৰ্ণ।


১/পিনাট বাটাৰ-

*শিশুৰ পুৱাৰ আহাৰত-চীনাবাদামৰ মাখন নাইবা পিনাট বাটাৰ অন্তৰ্ভূক্ত কৰিব।কিয়নো ই এক প্ৰটিনৰ ভাল উৎস।একে সময়তে-ইয়াত শিশুৰ বিকাশৰ বাবে-প্ৰয়োজনীয় সকলো পুষ্টিও থাকে।যেনে-আইৰণ,পটাছিয়াম, খনিজ আৰু ভিটামিন ইত্যাদি।ইয়াক খোৱাৰ ফলত-পেশীবোৰ বিকশিত হয়।


২/চুজি-

চুজি-শিশুৰ পুৱাৰ আহাৰত-অন্তৰ্ভূক্ত কৰিব পাৰে।চুজি খোৱাৰ ফলত-শিশুৰ ওজন বৃদ্ধি নহয় আৰু পেট ভৰ্তি হয় থকাৰ অনুভৱ হয়।চুজি-দৈনিক খোৱাৰ ফলত-শৰীৰত শক্তি মজুত হৈ থাকে আৰু পাচন শক্তিৰ বাবে-আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়।সেয়ে-শিশুসকলক পুৱাৰ আহাৰত চুজি খাবলৈ দিয়াটো এক ভাল বিকল্প।( Assamese Fact )


৩/ডালিয়া-

*ঘেঁহুৰপৰা প্ৰস্তুত কৰা ডালিয়া হৈছে-এক উপকাৰী খাদ্য।যি খালে-শৰীৰে যথেষ্ট আঁহ আৰু কেলচিয়াম পায়।শিশুৰ মগজুৰ বিকাশ আৰু হাড়ৰ শক্তি বৃদ্ধি কৰাৰ বাবে-ডালিয়া খাব দিয়াটো-এক ভাল বিকল্প।ডালিয়া খোৱাৰ ফলত-ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাৰ লগতে-স্মৃতিশক্তি বৃদ্ধি হয়।


৪/কণী-

কণীক স্বাস্থ্যৰ বাবে-অতি উপকাৰী বুলি গণ্য কৰা হয়।কণী হৈছে-প্ৰটিনৰ সৰ্বশ্ৰেষ্ঠ উৎস।কণীক পেশীৰ শক্তিৰ বাবেও-ভাল বুলি গণ্য কৰা হয়।কণীত-কেলচিয়াম-প্ৰটিন আৰু ভিটামিন থাকে।যি-দৈনিক খোৱাৰ ফলত-হাড় শক্তিশালী হয় আৰু শৰীৰত তেজৰ অভাৱ নহয়।সেয়হে-শিশুসকলক পুৱা-সিজোৱা কণী খুৱাব লাগে।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages