কিছুমান বিশেষ বাস্তু পৰামৰ্শ-যাৰ সহায়ত ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি কৰিব পাৰি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 26, 2022

কিছুমান বিশেষ বাস্তু পৰামৰ্শ-যাৰ সহায়ত ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি কৰিব পাৰি : Assamese Fact

Assamese Fact


 বাস্তুৰ এই বিশেষ উপায়েৰে-ঘৰলৈ আনিব পাৰে-সুখ আৰু শান্তি।( Assamese Fact )


*সকলোৱে এনে এটা ঘৰত থাকিব বিচাৰে-যি আৰামদায়ক শান্ত আৰু আমাক ভিতৰৰ পৰা সতেজ হৈ থকাত সহায় কৰে।ঘৰৰ ভিতৰত থকা শক্তিয়ে-ইয়াত বাস কৰা লোকসকলক প্ৰভাৱিত কৰে।


*বাস্তু শাস্ত্ৰৰ মতে-পৰিৱেশে আমাৰ মন আৰু স্বাস্থ্যৱান শৰীৰ গঢ়াত সহায় কৰে।যদি বাস্তু শাস্ত্ৰ সঠিকভাৱে-অনুসৰণ কৰা হয়-ই ঘৰখনৰ ব্যক্তিসকলক শাৰীৰিক আৰু মানসিকভাৱে স্বাস্থ্যৱান কৰাত সহায় কৰে।কিছুমান বিশেষ বাস্তু পৰামৰ্শ-যাৰ সহায়ত ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি কৰিব পাৰি।


১/সতেজ বায়ু আৰু সূৰ্য্যৰ পোহৰে-ঘৰৰ ভিতৰত ধনাত্মক শক্তিৰ পবাহ বজাই ৰখাত সহায় কৰে।সেয়হে-ৰাতিপুৱাই ঘৰৰ খিৰিকি খুলি দিব লাগে।


২/বাস্তু শাস্ত্ৰৰ মতে-ঘৰৰ কোনো কোণ অন্ধকাৰ হৈ থাকিব নালাগে।যদি কোনো ঠাইত পৰ্যাপ্ত সূৰ্য্যৰ পোহৰ নাথাকে-তেন্তে সেই ঠাইত এটা বাল্ব লগাই-দিনত কোঠাটো পোহৰ কৰি ৰাখিব লাগে।


৩/একুৰিয়ামটো উত্তৰ-পূৱৰ ফালে-ৰখাটো অতি শুভ।( Assamese Fact )



৪/মূল গেটৰ ওচৰত গছ বা স্তম্ভ ৰাখিব নালাগে।ইয়াক দুৱাৰৰ বাধা বুলি কোৱা হয়।একেদৰে-দুৱাৰৰ ওচৰত-শুকান গছ ৰাখিব নালাগে।


৫/সদায় বাথৰূমৰ দুৱাৰ বন্ধ ৰাখিব।ব্যৱহাৰ নহলে-সদায় শৌচাগাৰৰ ঢাকনি তললৈ ৰাখিব।সদায় মনত ৰাখিব যে-কোনো পাইপ যাতে লিক নহয়।বাথৰূমত ফ্ৰেচনাৰ এটা ব্যৱহাৰ কৰিব।


৬/পাকঘৰত ঔষধ ৰাখিবলৈ নাপাহৰিব।


৭/বিশ্ৰাম লোৱাৰ সময়ত-সকলো ইলেকট্ৰনিক চিষ্টেম আৰু ৱাই-ফাই অফ কৰি ৰাখিব।


৮/ৰাতিপুৱা ঘৰত কিছু সময়ৰ বাবে সংগীত বা মন্ত্ৰ জপ কৰক।


৯/ঘৰটো সজোৱাৰ সময়ত ৰঙা-ক'লা আৰু মুগা ৰংৰ অত্যাধিক ব্যৱহাৰ পৰিহাৰ কৰক।


১০/ঘৰত ফটো বা পেইন্টিং সদায়-ইতিবাচক হব লাগে।যুদ্ধ,একাকীত্ব,দৰিদ্ৰতা দেখুওৱা ফটো পৰিহাৰ কৰিব।ইতিবাচক শক্তি-বজাই ৰাখিবলৈ ঘৰত প্ৰাকৃতিক বস্তুৰ ফটো বা পেইন্টিং ৰাখিব।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages