কেঁচা বুটৰ উপকাৰিতা জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 25, 2022

কেঁচা বুটৰ উপকাৰিতা জানি লওক : Assamese Fact

Assamese Fact


ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা খালি পেটত কেঁচা বুট খালে তেজত শৰ্কৰাৰ পৰিমাণ কম হোৱাত সহায় কৰে । ( Assamese Fact )


কেঁচা বুটত এণ্টি-বায়টিক গুণ থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াত সহায় কৰে।


বুটমাহ গজালি উলিয়াই খালে অধিক মাত্ৰাত ভিটামিন-চি পোৱা যায়। ই তেজ পৰিষ্কাৰ আৰু বৃদ্ধি কৰে। ছালৰ উজ্বলতা বঢ়ায়।


পাচন শক্তি বঢ়ায়।গেছ ,কোষ্ঠকাঠিন্যতাৰ সমস্যা নোহোৱা হয়।


বুট শক্তি বৰ্ধক।অধিক মাত্ৰাত প্ৰটিন থকাৰ বাবে দুৰ্বল লোকৰ কাৰণে উপকাৰী।


কেঁচা বুটে অপকাৰী কলেষ্টৰল কম কৰি হৃদযন্ত্ৰ সুৰক্ষিত কৰে।


কেঁচা গজালি বুটে মানসিক অস্থিৰতা, অৱসাদ দূৰ কৰাত সহায় কৰে।


কেঁচা বুট সিজোৱা পানী খালে পিত্ত ৰোগৰ সমস্যা দূৰ হয়।( Assamese Fact )


জ্বৰ হ'লে কেঁচা বুট খালে জ্বৰ কমাত সহায় কৰে।


কেঁচা বুট তিয়াই থোৱা পানীত মৌ আৰু মিচিৰি মিহলাই খালে গৰমত হোৱা প্ৰস্ৰাৱৰ সমস্যাত উপকাৰ পোৱা যায়।শৰীৰৰ দুৰ্বলতা দূৰ হয়।


কেঁচা গজালি বুটে হাত-ভৰি তলুৱাৰ জ্বলা-পোৰা সমস্যা,স্নায়ু দুৰ্বলতা,মেৰুদণ্ডৰ বিষ দূৰ কৰাত সহায় কৰে।


নিয়মিয়াকৈ কেঁচা গজালি ওলোৱা বুট খালে দাঁত , চুলিৰ গুৰি মজবুত হয়।চুলি সৰা বন্ধ হয়


 নিয়মিয়াকৈ কেঁচা গজালি বুট খালে কোলন কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।


নিয়মিয়াকৈ কেঁচা বুট খাই থাকিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে ।

   কিন্তু ইউৰিক এচিড , কিডনি জনিত সমস্যা আদিত বুট অপকাৰী ।

    (সংগ্ৰহিত 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages