ধতুৰাৰ আছে ৰোগ প্ৰতিৰোধকাৰী গুণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 21, 2022

ধতুৰাৰ আছে ৰোগ প্ৰতিৰোধকাৰী গুণ : Assamese Fact

Assamese Fact


ধতুৰা এবিধ ঔষধি গছ। ই দুবিধ বগা আৰু বেঙুনীয়া। বগা ধতুৰাত গিলাচ আকৃতিৰ ফুল হয় আৰু বেঙুনীয়া ধতুৰাত একে আকৃতিৰ বেঙুনীয়া ফুল হয়। ইয়াৰ ফল গোলাকাৰ আৰু চাৰিভাগত বিভক্ত। ফলত সৰু সৰু কাঁইট থাকে আৰু ফলৰ ভিতৰত বহুত বীজ থাকে। ইয়াৰ শুকান পাত, ফুল আৰু বীজ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাত বহল, খাজ কটা আৰু পাতৰ তলৰফাল নোম আছে।( Assamese Fact ) 


ধতুৰাৰ কিছুমান ঔষধি গুণ-


১/গাত ছাল ওকণি হলে ধতুৰাৰ পাত পিহি ৰস উলিয়াই গাত ঘঁহিলে ছাল ওকণি মৰে। 


২/হাপানী ৰোগত ধতুৰাৰ পাতৰ ধোঁৱা ললে, ৰোগীয়ে আৰাম পায়।


৩) কেতিয়াবা হেঁচা পৰি গুহ্যদ্বাৰ বাহিৰলৈ ওলাই আহে। তেতিয়া ধতুৰাৰ পাত পিহি লেপ লগালে আৰাম পোৱা যায়। 


৪/ওকণি হলে ধতুৰাৰ পাত থেতেলিয়াই ৰস উলিয়াই মূৰত লগালে ওকণি মৰে। ( Assamese Fact )


৫/গনোৰিয়া ৰোগতো ধতুৰা ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়। 


৬/জলাতংক ৰোগত গাখীৰ এক চামুচ আৰু গুড় অলপৰ লগত বেঙুনীয়া ধতুৰাৰ পাতৰ ৰস আধা চামুচ মিহলাই দুবাৰকে দিনে ১_২বাৰ খালে ৰোগ নিৰাময় হোৱাত সহায়তা কৰে। 


৭/স্তনত পোঁহা হলে ধতুৰাৰ পাত আৰু কেঁচা হালধি বটি স্তনত লেপ দিলে স্তনত হোৱা ঘা বা পোঁহা ভাল হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages