এটি সুস্থ আৰু সবল জীৱনৰ বাবে খোজ কঢ়াটো অতি প্ৰয়োজন : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 5, 2022

এটি সুস্থ আৰু সবল জীৱনৰ বাবে খোজ কঢ়াটো অতি প্ৰয়োজন : Assamese Fact

Assamese Fact


 "Walking is the best medicine ." এটি সুস্থ আৰু সবল জীৱনৰ বাবে খোজ কঢ়াটো অতি প্ৰয়োজন।  ( Assamese Fact )


খোজ কাঢ়িলে শাৰীৰিক আৰু মানসিক ভাবে সক্ৰিয় হৈ থাকিব পাৰি। ইয়ে আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। ৰাতিপুৱা বা গধূলি যিকোনো এটা সময় খোজ কঢ়াৰ বাবে বাচনি কৰি ল'ব লাগে, কিন্তু ৰাতিপুৱাৰ সময় খিনি ইয়াৰ বাবে অতিকৈ উপযুক্ত সময় বুলি ধৰা হয়। নিতৌ  খোজ কঢ়াৰ উপকাৰীতা সমূহ হৈছে: 


# খোজ কাঢ়িলে প্ৰকৃতিৰ লগত একাত্ম হ'ব পাৰি, ইয়ে আমাৰ মন মগজুক সক্ৰিয় কৰি তোলে।


# নিতৌ ৰাতিপুৱা অলপ সময় খোজ কাঢ়িলে আমাৰ শৰীৰে পৰ্য্যাপ্ত অক্সিজেন লাভ কৰে । মগজুলৈ তেজ চলাচল ভালদৰে হয় বাবে ব্ৰেইন ষ্টোকৰ নিচিনা ভয়াবহ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। ইয়ে মগজু সক্ৰিয় কৰি ৰাখে। 


# উচ্চ ৰক্তচাপত ভূগি থকা লোকে নিয়মীয়াকৈ খোজ কাঢ়িব লাগে।


#  হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰে।


# মধুমেহ ৰোগীৰ বাবে খোজ কঢ়া এক মহৌষধ। 


# যি সকল লোক ডিপ্রেচন, ষ্ট্ৰেচ আদিত ভূগি আছে, তেনে লোকে অলপ সময় খোজ কঢ়া অতি প্ৰয়োজন।  কাৰন ইয়ে মনৰ সকলো অবসাদ দূৰ কৰি মনলৈ নতুন উদ্যম আনে। ( Assamese Fact )


# মাংসপেশী তথা হাড় আদি মজবুত হয়। ফলত ইয়াৰ লগত জড়িত বিভিন্ন সমস্যা সমূহ উপশম ঘটে।


# অনিদ্ৰা ৰোগত ভুগি থকা লোকে নিয়মিত ভাবে খোজ কাঢ়িলে এই সমস্যাৰ পৰা সকাহ পায়।


# পাচনতন্ত্ৰ শক্তিশালী কৰে।ফলত কোষ্ঠকাঠিন্য, গেছ ,এচিডিটিৰ নিচিনা সমস্যা বিলাক নাইকিয়া হয়।


# শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 


# নিয়মিত খোজ কাঢ়িলে কেন্সাৰৰ নিচিনা দুৰাৰোগ্য ৰোগৰ পৰা বাচি থাকিব পাৰি।


# খোজ কাঢ়িলে শৰীৰৰ দূষিত পদাৰ্থ সমূহ ঘামৰ জৰিয়তে বাহিৰ হয়। চাল , ছুলি ভালে থাকে।


# চকুৰ দৃষ্টিশক্তি বৰ্তাই ৰাখে।


# শৰীৰৰ ওজন কমোৱাত খোজ কঢ়া বৰ গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে। 


# পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীক নিয়মীয়াকৈ খোজ কাঢ়িবলৈ দিব লাগে, ইয়ে সিহঁতক পঢ়াৰ প্ৰতি একাগ্ৰতা বঢ়াই  

        


               এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages