কলপাতৰ ঔষধি গুণাগুণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 17, 2022

কলপাতৰ ঔষধি গুণাগুণ : Assamese Fact

Assamese Fact


কলপাত আমাৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী। পূজা-পাৰ্বন,সকাম-নিকাম আদিত প্ৰসাদ খাবলৈ কলপাত ব্যৱহাৰ কৰা হয়।ই স্বাস্থ্য সন্মত।( Assamese Fact )


   দক্ষিণ ভাৰতত আয়ুবেৰ্দিক ছালৰ পৰিচৰ্য্যাত কলপাত ব্যৱহাৰ কৰা হয়।

   কলপাতত প্ৰচুৰ পৰিমাণে কেলছিয়াম , ভিটামিন-এ ,চি ,কেৰোটিন,চাইট্ৰিক এচিড,টেনিন আদি উপাদান পোৱা যায় ।

    বিজ্ঞানীসকলৰ মতে কলপাতত থকা পলিফেনল নামৰ উপাদানে আমাৰ খাদ্যৰ সৈতে শৰীৰৰ ভিতৰলৈ গৈ এণ্টি-অক্সিডেণ্ট হিচাপে কাম কৰে।


কলপাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়

 ভাইৰাছ জনিত ৰোগৰ পৰা সুৰক্ষা দিয়ে।


ডায়েৰিয়া,গ্ৰহণী,ব্ৰংকাইটিছ,যক্ষ্মা আদি ৰোগত কোমল কলপাতৰ ৰস খালে উপকৃত হয়।


কলপাতত থকা উপাদানে পেটৰ বিষ,জ্বৰ আদি কম কৰাত সহায় কৰে।


কলপাতত থকা পলিফেনল আৰু এলো-এণ্টাইন নামৰ উপাদানে পেটৰ ৰোগ নিৰাময় কৰাত সহায় কৰে।( Assamese Fact )


কলপাতত থকা এণ্টি-অক্সিডেণ্টে শৰীৰৰ ভিতৰৰ পৰা বৰ্জনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

 ফলত শৰীৰৰ ছাল সতেজ আৰু উজ্বল হয়।


জুইয়ে পুৰিলে,ঘাঁ হ'লে কোমল কলপাত পিচি প্ৰলেপ দিলে উপকৃত হয়।


কুকুৰীকণা ৰোগত কোমল কলপাতৰ ৰস চকুৰ কোণত দিলে সুফল পোৱা যায়।


কলপাতত থকা ইণ্টাৰ ষ্টেইন পেইন নামৰ উপাদানে খাদ্য হজম কৰাত সহায় কৰে।


কলপাতত থকা ক্লোৰোফিল নামৰ পদাৰ্থৰ বাবে ইয়াৰ ৰস খালে ছালৰ ৰোগ প্ৰতিৰোধ হয়। ছালৰ ৰোগত কলপাতৰ ৰস লগালেও উপকাৰ পোৱা যায়।


ৰাতিপুৱাই কোমল কলপাতৰ ৰস খালে লিভাৰ জনিত সমস্যা,উচ্চ ৰক্তচাপ,পেটৰ ৰোগ, কৃমিৰ সমস্যাত সুফল পোৱা যায় ।

   অতি উপকাৰী কলপাতত মাজে-মাজে আহাৰ গ্ৰহণ কৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই প্ৰয়োজনীয় ।

    {সংগ্ৰহিত}


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages