পালেং শাকৰ এই উপকাৰিতাসমূহ জানিলে আপুনিও আচৰিত হব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 12, 2022

পালেং শাকৰ এই উপকাৰিতাসমূহ জানিলে আপুনিও আচৰিত হব : Assamese Fact

Assamese Fact


পালেং এবিধ পুষ্টিকৰ শাক। শীতকালত এই শাক প্ৰচুৰ পৰিমাণে পোৱা যায়। শীতকালত পালেং শাক নিয়মিয়াকৈ খালে, বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে। ( Assamese Fact )


 গৰ্ভৱতী মহিলাৰ বাবে পালেং শাক অতি উপকাৰী। পালেং শাক খালে সন্তানৰ ওজন বঢ়াৰ লগতে গৰ্ভস্থ সন্তানে প্ৰয়োজনীয় খাদ্যও পায়। পালেং শাকত কেলছিয়াম, ভিটামিন চি আৰু লৌহ পদাৰ্থ বেছি পৰিমাণে থকাৰ বাবে, ই শৰীৰৰ বাবে উপকাৰী। ইয়াক ভাজি, মাছৰ আঞ্জা ৰান্ধি নাইবা চুপ কৰি খাব পাৰে। পালেং শাকৰ চালাড অতি পুষ্টিকৰ খাদ্য। ইয়াৰ ঔষধি গুণসমূহ হৈছে-


১/পালেং শাকত কেলছিয়াম আৰু লৌহ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। সেয়ে পালেং শাক খালে দাঁত আৰু চুলি ভালে থাকে। 


২/পালেং শাকত থকা বিটা কেৰ'টিন নামৰ ভিটামিন চকুৰ বাবে উপকাৰী। 


৩/কেঁচা কোমল পালেং শাকত অকণমান নিমখ আৰু নেমু মিহলাই খালে, তেজ পৰিষ্কাৰ হোৱাৰ লগতে তেজ বৃদ্ধি হয়। 


৪/ফলিক এচিডো পালেং শাকত পোৱা যায়। গৰ্ভৱতী মহিলাৰ বাবে ফলিক এচিড উপকাৰী। পালেং শাক খালে গৰ্ভৱতী মহিলাই ফলিক এচিড পাব। 


৫/কেচাঁ পালেং শাকে মল বৃদ্ধিত সহায়তা কৰে। ফলত কোষ্ঠকাঠিন্য কমে।  ( Assamese Fact )


৬/স্তনপান কৰোৱা মহিলাই দৈনিক কমেও ৬০০গ্ৰাম পালেংৰ চালাদ বা তৰকাৰী বনাই খোৱা উচিত। 


৭/পালেং শাক পনীৰৰ লগত খালে ছাল উজ্জ্বল হয়। 


৮/এনিমিয়াত ভোগা লোকে, পালেং শাক খালে, ভাল ফল পাব। 


৯/গাজৰৰ ৰসৰ লগত পালেং শাকৰ ৰস মিহলাই খালে ভোক বৃদ্ধি হয় আৰু টোপনি ভাল হয়। 


১০/হিম'গ্লবিন বৃদ্ধিত পালেং শাকে সহায় কৰে। 


১১/পালেং শাকত কাইব্ৰহাইড্ৰেট থকাৰ কাৰণে, মেদ বৃদ্ধিত বাধা দিয়ে। মেদ কমাবলৈ পালেং শাক খোৱাটো উপকাৰী।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

  1. Available at some on-line casinos, no deposit 카지노 사이트 bonuses reward new clients for merely signing up. They are all the time appealing to gamers, given reality that|the reality that} no monetary investment is required. While the bonus quantity is more likely to|prone to} be pretty small, this bonus sort is ideal for beginners. Payment Methods – With playing in South Korea being illegal, gamers have to be cautious how they transfer funds to and from on-line casinos. E-wallets, similar to Skrill and Neteller, are the preferred selection so much of}. Meanwhile, an rising variety of gamers are using cryptocurrencies, including Bitcoin and Ethereum.

    ReplyDelete

Advertisement

Pages