মানসিক ভাৱে শক্তিশালী লোকৰ অভ্যাস ব্যক্তিত্ব বিকাশৰ পৰামৰ্শ । ( Assamese Fact )
শক্তিশালী বিভিন্ন প্ৰকাৰৰ মানু্হ আছে আৰু আমাৰ সামাজিক জীৱন সম্প্ৰসাৰিত হোৱাৰ লগে লগে আমি বুজিবলৈ আৰম্ভ কৰোঁ যে ইয়াত কেৱল আপোনালোকেহে মাত মাতিছে। জীৱনৰ অভিজ্ঞতাই এজন ব্যক্তিক কিবা এটা নহয় এটা শিকাই থৈ যায়। এই অভিজ্ঞতা বোৰৰ লগে লগে আমি শক্তিশালী হৈ পৰো। শক্তিশলী মানুহৰ কি কি অভ্যাস আছে যিয়ে তেওঁলোকক আন মানুহৰ পৰা পৃথক কৰে জানো আহক----
#আগবাঢ়ি যোৱা----
আৱেগ এনেকুৱা এটা বস্তু যি বৃদ্ধি হ'লে আমাক দুৰ্বল কৰি তোলে। যিকোনো আবেগ অনুভৱ কৰাটো ভাল কিন্তু মনত থিতাপি লোৱাটো ঠিক নহয়। এইয়া শক্তিশালী ব্যক্তিৰ চিনাকী নহয়। শক্তিশালী ব্যক্তিয়ে আগবাঢ়ি যাব জানে। অধিক চিন্তা কৰি সময় নষ্ট নকৰে।
# পৰিবৰ্তন গ্ৰহণ কৰক----
পৰিবৰ্তন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। যদি সকলোৱে একেদৰেই চলি থাকে তেন্তে জীৱনটো একঘেয়ামি হৈ পৰে। কিন্তু এই পৰিবৰ্তন আমাৰ বাবে প্ৰতিবাৰেই ভাল হোৱাটো প্ৰয়োজনীয় নহয়। কেতিয়াবা আপোনাৰ ইচ্ছাৰ বিৰুদ্ধেও পৰিবৰ্তন আহে। এনে সময়তো আমি সেই পৰিবৰ্তন মানি ল'ব লাগিব। শক্তশালী মানুহে পৰিবৰ্তনক গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰে। ( Assamese Fact )
#সুখী হওঁক----
সুখী হোৱাটোৱে জীৱনটো সহজ কৰি তোলে। সুখী হবলৈ আমি কাৰণ বিচাৰি উলিয়াব লাগে আৰু সকলো সময়তে সুখী হবলৈ চেষ্টা কৰা উচিত। সুখে আমাক ইতিবাচক শক্তি দিয়ে। ইয়াৰ লগতে এজন সুখী ব্যক্তিয়ে নিজৰ লগতে চৌপাশৰ পৰিবেশকো সুখী কৰি ৰাখে, যিটো আনৰ সুখৰ কাৰণ হৈ পৰে।
#ন্যায়পৰায়ন হওক আৰু ভুলৰ বিৰূদ্ধে মাত মাতিব---
কোনো এজনৰ পক্ষত থকাটো সঠিক নহয়। যিকোনো পক্ষই আপোনাক ভূল কৰিব পাৰে। গতিকে কোনো এজনৰ লগত নহয়, এজন শক্তিশালী ব্যক্তিয়ে সঠিক এজনৰ লগত জিয়াই থাকে আৰু ভুলৰ বিৰুদ্ধে মাত মাতিব জানে। ই আপোনাক শক্তিশালী হোৱাটো দেখুৱাইছে।
#মানুহৰ সফলতা উৎযাপন কৰক----
ঈৰ্ষ্যই মানুহক দুৰ্বল কৰি তোলে। সাধাৰণতে মানুহে আনৰ সফলতাক লৈ ঈৰ্ষা কৰে, যাৰ বাবে তেওঁলোক দুৰ্বল হৈ পৰে ৰাইজৰ সফলতাক উৎযাপন কৰাটো গুৰুত্বপূৰ্ণ তেওঁলোকৰ পৰা শিকি নিজকে ভাল কৰক। ঈৰ্ষাই আপোনাক আঁতৰাই ৰাখিব পাৰে কিন্তু আনৰ সফলতাত সুখী হোৱাটোৱে আপোনাক আন কিবা এটা শিকাব।
#ৰিস্ক লোৱা----
ৰিস্ক লোৱাটো সকলো মানুহৰ অভ্যাসগত নহয়। মানুহে অতি সাৱধানে খোজ পেলাব বিচাৰে যাতে তেওঁলোকে কোনো ক্ষতিৰ সন্মুখীন নহয়। কিন্তু এই অৱস্থা এজন দুৰ্বল ব্যক্তিৰ লক্ষণ। এজন শক্তশালী ব্যক্তিয়ে ৰিস্ক লবলৈ সাহস কৰে।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment