কেচাঁ জলকীয়াৰ উপকাৰিতাসমূহ জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 12, 2022

কেচাঁ জলকীয়াৰ উপকাৰিতাসমূহ জানি লওক : Assamese Fact

Assamese Fact


জলকীয়া নহলে বহুতৰে পেটলৈ ভাত নাযায়। বহুতৰে আকৌ জলকীয়াৰ নাম শুনিলেই জিভা পোৰে। কম হওক বা বেছি, অসমৰ  প্ৰায় সংখ্যাক লোকৰ কেঁচা জলকীয়াৰ খোৱাৰ অভ্যাস।  ( Assamese Fact )


কেঁচা বা সেউজীয়া জলকীয়া খোৱাৰ ভালেমান উপকাৰিতা আছে। 


শৰীৰৰ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ পৰা শৌচ খোলোচা হোৱা, ওজন হ্ৰাস হোৱা, আদি অনেক উপকাৰ সাধন, কৰে কেঁচা জলকীয়াই। 

কেঁচা জলকীয়াত কেলৰীৰ মাত্রা অতি কম হোৱাত চৰ্বিহীন খাদ্য তালিকাৰ অন্যতম উপাদান হোৱাৰ উপযুক্ত। তদুপৰি কেঁচা জলকীয়াত থাকে ভিটামিন, এ, চি, কে, আৰু অন্যান্য শৰীৰৰ বাবে উপকাৰী উপাদান। 


ওজন কমোৱাত সহায়ক


কেলৰীৰ মাত্রা কম হোৱাত কেঁচা জলকীয়া খাওতাৰ ওজন হ্ৰাসত সহায় কৰে। তদুপৰি শৰীৰৰ বাবে পুষ্টি যোগানৰ প্ৰক্ৰিয়াটো সহায় কৰে কেঁচা জলকীয়াই। যাৰ দ্বাৰা শৰীৰৰ অতিৰিক্ত কেলৰী দাহ কৰাত কেঁচা জলকীয়াই বিশেষ ভূমিকা লব পাৰে। 


হৃদযন্ত্র সুস্থ ৰখাত সহায়ক


কেঁচা জলকীয়াত থকা বেটা কেৰটিন নামৰ পৰ্দাথবিধে দেহৰ কাৰ্ডিঅ ভেছকুলাৰ ব্যৱস্হাটো সুকলমে চলাই যোৱাত সহায় কৰে। কেঁচা জলকীয়াই তেজৰ কলেষ্ট্ৰৰল আৰু ট্ৰাই গ্লিছাৰাইডৰ মাত্রা হ্ৰাস কৰাৰ ফলত হৃদয়ৰোগৰ আশংকা হ্ৰাস কৰাত ফলপ্ৰসু। 


প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে


 শেহতীয়া মহামাৰীজনিত পৰিস্থিতিত ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা উন্নত হোৱাটো অত্যাৱশকীয়। ভিটামিন চি আৰু বেটা কেৰটিন থকা কেঁচা জলকীয়াই ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অৱশ্যে ভাল ফল পাবলৈ খোৱাৰ পূৰ্ৱে কেঁচা জলকীয়াই অন্ধকাৰ আৰু ঠাণ্ডা ঠাইত ৰাখিব লাগে। অন্যথা উষ্ণতা পোহৰ আৰু বায়ুৰ সংস্পর্শত ইয়াত থকা ভিটামিন চি হানি হয়।  ( Assamese Fact )


ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী


ডায়েবেটিছ ৰোগীয়ে জলকীয়া খালে শৰীৰত শৰ্কৰাৰ মাত্রা নিয়ন্ত্রণ কৰি ৰখাত সুফল পায়। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে ঔষধৰ সৈতে কেঁচা জলকীয়া নিয়মিত খায় থাকিলে, শৰীৰত শৰ্কৰাৰ মাত্রা অধিক হাৰত অৱনমিত হব পাৰে। সেয়হে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। 


জলকীয়াই অপকাৰ


প্ৰয়োজনতকৈ অধিক কেঁচা জলকীয়া খালে, পেটৰ জ্বলা পোৰা, বিষ হোৱাৰ আদি আশংকা থাকে। পেটৰ গণ্ডগোলৰ পৰা ডায়েৰীয়া আদি অসুখৰ কাৰণো হব পাৰে। অধিক মাত্রাত কেঁচা জলকীয়া ভক্ষন কৰিলে। যদিহে হজম সংক্রান্তীয় পেটৰ গোলমাল থাকে, তেন্তে বেছিকৈ কেঁচা জলকীয়া নোখোৱাই ভাল। আনহাতে কেঁচা জলকীয়াত থকা কেপাইছাইছিনে ছালৰ এলাৰ্জি বঢ়াই। সেয়েহে কেঁচা জলকীয়াই উপকাৰ লাভৰ বাবে উপযুক্ত মাত্রাতহে খাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages