ঠাণ্ডাৰ দিনত কিদৰে চুলি আৰু ছালৰ যত্ন লব , কিদৰে কোনো ৰোগ নোহোৱাকৈ থাকিব ( Assamese Beauty Tips )
ঠাণ্ডাৰ দিন পৰাৰ লগে লগে প্ৰকৃতিত 'বাত'ৰ প্ৰকোপ বাঢ়ে । 'বাত' মানে হল বায়ু বা বতাহ । যিদৰে বতাহত তিতা কাপোৰ থলে শুকাই যায় , ঠিক সেইদৰে ঠাণ্ডাৰ দিনত আমাৰ শৰীৰটোও শুকাই যায় ।
যাৰ বাবে বিভিন্ন ছালৰ সমস্যা , খৰ খজুৱতি , ছাল ফাটি যোৱা , ওঁঠ গোৰোহা আদি ফাটি যোৱা চুলিৰ আগবোৰ ফাটি যোৱা , ছালৰ উজ্জলতা কমি যোৱা আদি সমস্যা আহে ।
বয়সীয়াল ব্যক্তিসকলৰ ক্ষেত্ৰত ঠাণ্ডাৰ দিনত গাৰ বিষ , গাঁঠিৰ বিষ আদি বেছি হয় । শৰীৰ শুকাই যোৱা বাবে গাঁঠিৰ জুলীয়া বস্তুবোৰ শুকাই যায় কৰো বিষ বেছি হয় ।
ঠাণ্ডাৰ দিনত শৰীৰ ভালে ৰাখিবলৈ তলৰ নিয়মকেইটা পালন কৰক আৰু সুস্থ হৈ থাকক ।
সকলোৱে ৰাতিপুৱা উঠি পোন প্ৰথমে গৰম পানী খাওঁক । খাদ্যৰ লগত প্ৰাকৃতিক তেলৰ পৰিমাণ বঢ়াই দিয়ক । প্ৰাকৃতিক তেল মানে হল যিবোৰ তেল বীজৰ পৰা ওলায় । যেনে তিল , সৰিয়হ , বাদাম , নাৰিকল আদি ।
অপ্ৰাকৃতিক তেল বৰ্জনীয় ।
প্ৰাকৃতিক তেল ব্যৱহাৰ কৰিলে শৰীৰৰ দৰকাৰ হোৱা তেলৰ যোগান ধৰিব । যিদৰে ঠাণ্ডাৰ দিনত ওঁঠ ফাটিলে আমি মিঠাতেল লগাও আৰু মিঠাতেল লগালে কিছুসময় ভাল হয় । ঠিক সেইদৰে ভাল তেল খালেও শৰীৰৰ ভিতৰত দৰকাৰ হোৱা তেল যোগান পাব আৰু আমাৰ শৰীৰটো ভিতৰৰ পৰা উজ্জল কৰি তুলিব ।
উজ্জল কৰাৰ উপৰিও বাকী বেছিভাগ সমস্যাই ঠিক হৈ যায় । ( Assamese Beauty Tips )
সেইবাবেই আমাৰ মাঘ বিহুত তেলজাতীয় বস্তুৰ বেছিকৈ ব্যৱহাৰ হয় । যেনে তিল পিঠা , নাৰিকল পিঠা , বাদাম , তেলপিঠা আদি ।
ইয়াৰ পাছত ঠাণ্ডাৰ দিনকেইটা ডাঙৰ সৰু সকলোৰে বাবে মালিছৰ খুব দৰকাৰ হয়। গা ধুৱাৰ এঘণ্টা আগতে কালজিৰা তেল আৰু মিঠাতেল মিহলাই লৈ শৰীৰটো মালিচ কৰি লৈ বাচন-হালধীৰ মিশ্ৰণেৰে গা ধুব । ঠাণ্ডাৰ দিনত চাবোন একেবাৰেই নলগাব । কাৰণ চাবোনে আমাৰ ছালৰ তেলটো উলিয়াই দিয়ে আৰু এই তেলবিধ নোহোৱা হলে ছালৰ ভয়ংকৰ বেমাৰবোৰ যেনে চৰাইছিছ , একঝিমা , ছালৰ কৰ্কট ৰোগ আদি হয় ।
ইয়াৰ পিছত ঠাণ্ডাৰ দিনত গধূলি সদায় বাদাম , শুকান নাৰিকল , তিলৰ লাড়ু বা নাৰিকলৰ লাড়ু সকলোৱে খাব পাৰে । ইয়াৰ পৰা শৰীৰে আৱশ্যকীয় তেল সংগ্ৰহ কৰিব পাৰিব ।
ঠাণ্ডাৰ দিনত শৰীৰৰ প্ৰতিষেধক শক্তি কমি যায় । প্ৰতিষেধক শক্তি বঢ়াই ৰাখিবলৈ গিলোয়ি ৰস খাব পাৰে নিতৌ ।
ত্ৰিফলা গুড়ি বিশেষকৈ ঠাণ্ডাৰ দিনত শিলিখা আৰু আমলখি বেছি পৰিমানে দি বনাই খালে এই কেইমাহ ভাল প্ৰতিষেধকৰ কাম কৰিব ।
ত্ৰিফলাৰ শিলিখাটো হল ' কফ'ৰ ঔষধ । এই সময়ত ঠাণ্ডা বেছি হোৱা বাবে 'কফ'ৰ সমস্যাও বাঢ়িব ।
ত্ৰিফলা গুড়ি যিসকলে ঘৰতে বনায় , তেওঁলোকে ঠাণ্ডাৰ দিনৰ বাবে ত্ৰিফলা গুড়ি তলৰ অনুপাতত বনাব ।
আমলখি : ভোমোৰা:শিলিখা
3:1:3
এইটো অনুপাত কেৱল ঠাণ্ডাৰ দিনৰ সাধাৰণ ব্যক্তিসকলৰ বাবে শৰীৰৰ প্ৰতিষেধক শক্তি বঢ়োৱা আৰু ঠাণ্ডাৰ দিনৰ সৰু সৰু ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ দিয়া হৈছে ।
ৰাতিপুৱা এচামুছ ত্ৰিফলা গুড়ি আৰু দুই চামুচ মৌ মিহলাই ডাঙৰে খাব পাৰে আৰু সৰুৰ বাবে পৰিমাণ আধা হব ।।
মধুমেহ ৰোগীয়ে ৰাতি উতলা গৰম পানীৰ লগত খাব ।
ঠাণ্ডাৰ দিনত যিসকলৰ গাৰ বিষ বা গাঁঠিৰ বিষ আদি বেছি হয় , তেওঁলোকে তলৰ অনুপাত মতে ত্ৰিফলা বনাই খাব ।
ভোমোৰা :আমলখি:শিলিখা
3:1:2
খোৱাৰ নিয়ম হল ৰাতিপুৱা গুড় এক চামুচ , গৰম পানী এক কাপ আৰু ত্ৰিফলা এক চামুচ ।।
মধুমেহ ৰোগীয়ে ওপৰত উল্লেখ কৰাধৰণে ৰাতি গৰম পানীৰ লগত খাব ।
এই অনুপাতত বনোৱা ত্ৰিফলা গুড়ি আমাৰ দোকানবোৰত বিচাৰিলে পোৱা যাব ।
ঠাণ্ডাৰ দিনত ৰাতি শোৱাৰ সময়ত সদায় নাভিত মিঠাতেল লগাই 30 চেকেণ্ড লাহে লাহে আঙুলি ঘূৰাব আৰু মুখত Young look Aloevera Gel লগাব পাৰে । ই মৰা কোষ বিলাক আঁতৰাই চালটো উজ্জল কৰি ৰাখিব ।।
এইদৰে কৰিলে ঠাণ্ডাৰ দিনকেইটা বিশেষ কোনো সমস্যা নোহোৱাকৈ পাৰ হব । ধন্যবাদ ।।
চুলি সৰা বন্ধ কৰিবলৈ আমাৰ All In one তেলটো লগাব ।।।।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Beauty Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment