কিশোৰ আৰু যৌৱনৰ বয়:সন্ধি কালত বিশেষকৈ ১২/১৪ বছৰৰ পৰা ৩০ /৩৫বছৰ বয়সলৈ সকলো ডেকা গাভৰুৱে দেহৰ সৌন্দৰ্য্য চৰ্চাৰ প্ৰতি বৰ যত্নপৰ হয়। ঠিক এই সময়চোৱাতে আমনি দিয়া এটা বিৰক্তিকৰ ৰোগ হল- শালমইনা বা পিম্পল্চ্ । মুখমণ্ডল, বুকু বা পিঠিৰ ফালে প্ৰথমতে ৰঙা পৰি সৰু সৰু ফোহা হয়। বিষায় আৰু পকাৰ পিচত টিপিলে বগা শাল একোদাল ওলায় আৰু দাগ হয় । ( Assamese Beauty Tips )
#শালমইনা_কিয়_হয় ?
শালমইনা হল ছালৰ ভিতৰত থকা তৰপত (ডাৰ্মিচ) থকা তৈলগ্ৰন্থি( ছেবাছিয়াচ)-ৰ ৰোগ ।
এনে বয়সত সচৰাচৰ ছাল মসৃন আৰু তেলেতীয়া হয় অৰ্থাত যৌন হৰম'নৰ প্ৰভাৱত অধিক তৈল বা ছেবাম নামৰ তেলেতীয়া বস্তু নিঃসৰন হয় আৰু ইয়াত বেক্টেৰীয়াৰ সংস্পৰ্শত শালমইনা , ব্ৰন আদিৰ সৃস্টি হয় । শৰীৰৰ গঠন,জীৱন শৈলী আৰু খাদ্যাভাস অনুসৰি এই ৰোগ কাৰোবাৰ কম বা বেচিকৈ হোৱা দেখা যায় । বজাৰৰ যিকোনো চাবোন , ভুল প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ , মুৰ আৰু ছালত বেচিকৈ তেল ঘহা , অপৰিস্কাৰ বা ছালৰ সথিক যতনৰ অভাৱত কিছুমানৰ ইমানেই বেচি হয় সুন্দৰ যুবক যুৱতী সকলো দেখিবলৈ কুশ্ৰী হৈ পৰে ।
অন্যহাতে অত্যধিক আবেগ , মানসিক চাপত ভোগা , অধিক যৌন উত্তেজনা , মৈথুন লগতে অধিক তেল জলা মচলা ,চৰ্বিযুক্ত গুৰুপাক আহাৰ ,অধিক মিঠাই বা ময়দাৰে বনোৱা খাদ্যসামগ্ৰী খোৱা আদিয়েও এই ৰোগৰ কাৰক হৈ পৰে ।
💙 #লবলগীয়া_যতন ---💙
✔ ১। গোল নেমু বা কাজিনেমু মিহলোৱা পানীৰে দিনে ২-৩ বাৰ ( বিশেষকৈ ৰাতি শোৱাৰ আগেয়ে ) ভালদৰে ধুই পৰিস্কাৰ কপাহী কাপোৰেৰে মচিলে শালমইনাৰ প্ৰকোপ কমে আৰু দাগ গুচে ।
✔ ২। মুলটান মাটিি আৰু বগা চন্দন মুখত
ভালদৰে মালিচ কৰাৰ নিচিনা ঘহি আধা
ঘন্টা পিছত ভালদৰে ধুই দিব ।
✔ ৩। হালধী, বগা চন্দন আৰু গাখীৰ
একেলগে মিহলাই নাইবা
কেচা হালধী তুলসী আৰু মৌ ভালদৰে ঘহি
কিছুপৰ পিচত ধুই পেলাব ।
✔৪। মচুৰ দাইল তিয়াই (নাইবা ঘিউৰে অকনমান
ভাজি ) মিহিকৈ বটি এৱা গাখীৰ মিহলাই
ভালদৰে ঘহি আধাঘন্টা ৰাখি ধুই দিব ।
✔ ৫। গা ধোৱাৰ আগেয়ে ছালত বেচন আৰু
হালধী ঘহাতো শালমইনা আৰু শৰীৰৰ
সৌন্দৰ্ চৰ্চাৰ বাবে উত্তম ব্যৱস্থা ।
বা বেচনৰ লগত নিমপাত বা ছালৰ শুকান গুড়ি
পানী মিহলাই ঘহিব পাৰে ।
✔৬। পকা অমিতা ঘহিলে শালমইনাৰ দাগ গুচে
আৰু ছাল মসৃন হয় ।
✔ ৭। দিনে ১-২ বাৰ ছালকুঁৱৰী বা এলোৱিৰা ৰস
পানীত মিহলাই আধাঘন্টা ঘহি ধুলে ছালৰ
সকলো প্ৰকাৰ ৰোগ বীজানু নাশ হোৱাৰ
লগতে সৌন্দৰ্য বৃদ্ধি হয় ।
✔ ৮। মহানিম পাতৰ ৰস ঘহিলে
নাইবা নিমৰ গুটি মিহিকৈ গুড়ি কৰি দৈ
মিহলাই ঘহিলে শালমইনা বহি যায়
আৰু ছাল ৰোগমুক্ত হয় ।
✔৯। নিমপাতৰ ৰস আৰু আলিভ অইল ঘহি
কিছুপৰ ৰাখি ধুই পেলাব।
✔১০। শালমইনা বা ব্ৰনৰ বিষ বেদনা গুচাবলৈ
অলপ পৰ বৰফ বা ঠান্ডা পানী লগাই লং
তেল লগালে উপসম হয় ।
✔১১। নাহৰৰ কুঁহিপাতৰ বা পদিনা পাতৰ ৰস
নাইবা জামু গুটি (পিহি) নাইবা
তৰমুজৰ গুটি পিহি গাখীৰ মিহলাই ঘহিব
পাৰে ।
✔১২। আমলখিৰ গুড়া, অৰ্জুন ছালৰ গুড়া , বগা
চন্দন আৰু মুলটানি মাটি মিহলাই মলমৰ দৰে
বনাই লগাব পাৰে (আধা ঘন্টা পিছত ধুব ।
✔১৩। সৰিয়হ মিহিকৈ বতি মুখত সানি কিছুসময়
ৰখাৰ পিছত ভালদৰে ধুই দিব ।
১৪। মুলাৰস আৰু তিয়হৰ ৰস সমানে মিহলাই সানিলে শালমইনাৰ বাবে বৰ উপকাৰী । ( Assamese Beauty Tips )
ওপৰোক্ত দিহা সমুহৰ পৰা বাচনি কৰি নিয়ম মতে ব্যৱহাৰ কৰিলে শালমইনাৰ পৰা নিশ্চয় অব্যাহতি পাব ।
♻ পিছে তলত দিয়া কথাখিনিত গুৰুত্ব দিব
✔#সুপথ্য :----নেমু, আমলখি,ৰবাব,সুমথিৰা আদি টেঙাফল, শাক পাচলি লঘুপাক সুষম আহাৰ আৰু ৰাতিপুৱা আৰু দিনৰ ভাগত পৰ্যাপ্ত পৰিমানে সমুদায় কমেও ৩/৪ লিটাৰ পানী দৈনিক সেৱন কৰাৰ লগতে
#যোগ_ব্যায়াম_আসন আদি কৰাতো ভাল ।
✔ #অপথ্য ::--গুৰুপাকী খাদ্য , চৰ্বি যুক্ত খাদ্য, ঘিউ,তেল, জলা মচলা , মিঠাই , চকলেট,খোৱা ছ'দা , ময়দাৰে বনোৱা খাদ্য , চাহ কফি , নিচাদ্ৰব্য ,
কোল ড্ৰিংক আদি পৰাপক্ষত এৰিব ।,
✅#মনত_ৰাখিব:----
✖ শালমইনা সঘনাই খুচৰি থকা নখ লগোৱা,
পিন বা বেজিৰে বিন্ধোৱা আদি খুবেই বেয়া ।
✖নজনাকৈ যিকোনো চাবোন আৰু প্ৰসাধন --> 🎈বিশেষকৈ তেলীয়া আৰু #গ্লিচাৰিনযুক্ত সামগ্ৰী , মলম আদি নঘহিব ।
✖ দিনত সময়ে সময়ে আৰু ৰাতি শোৱাৰ আগেয়ে ভালদৰে মুখমন্ডল ধুই
কপাহী কোমল কাপৰেৰে মচিব ।
✖তেলীয়া চুলি বা ছালত পৰাপক্ষত তেল নঘহিব ।
✖টোপনি ক্ষটি , আবেগ , উত্তেজনা , মানসিক
দুঃচিন্তা আদি এৰি চলিব ।
আপোনাৰ সুন্দৰ ছাল আৰু সুা্স্বাস্থ্য কামনাৰে
শ্ৰী যতীন দাস / মালয়বাৰী
কামৰূপ (ম) অসম চেপ্তে:২০১৯
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য শ্ৰী যতীন দাসৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment