কমলাৰ ৰসত থকা ভিটামিন-চি আমাৰ ছাল আৰু চুলিৰ কাৰণে উপকাৰী : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 28, 2022

কমলাৰ ৰসত থকা ভিটামিন-চি আমাৰ ছাল আৰু চুলিৰ কাৰণে উপকাৰী : Assamese Beauty Tips

Assamese Beauty Tips


   বৈজ্ঞানিক বিশ্লেষণ অনুসৰি কমলাত প্ৰচুৰ পৰিমাণে প্ৰটিন , ভিটামিন-এ , চি , আইৰণ , কেলছিয়াম , মেগনেছিয়াম , পটাছিয়াম , ফাইবাৰ , জিংক , চাইট্ৰিক এচিড আদি উপাদান পোৱা যায়। ( Assamese Beauty Tips )


বতৰৰ ফল কমলা হৈছে আমাৰ স্বাস্থ্য আৰু সৌন্দৰ্য্য ৰক্ষাৰ এক ভৰাঁল স্বৰূপ।


ৰাতিপুৱা কমলাৰ ৰস খালে পাকস্থলীৰ হজম ক্ষমতা বাঢ়ে।পেটৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণ কৰে।


এণ্টি-অক্সিডেণ্ট আৰু ভিটামিন-চি থকা কমলাৰ ৰসে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।


কমলাৰ ৰসে ৰক্ত সঞ্চালন সঠিক ভাৱে ৰাখে। ষ্টোক,স্নায়ুৱিক সমস্যা প্ৰতিৰোধ কৰে।


কমলাৰ ৰস খালে গেছ, এচিডিটি,অৰ্শ, কোষ্ঠকাঠিন্যতা, মুখৰ ব্ৰণ আদি সমস্যা দূৰ কৰে।


নিয়মিয়াকৈ কমলাৰ ৰস খালে এনিমিয়াৰ সমস্যাত উপকাৰ পোৱা যায়।


কমলাৰ ৰসে অপকাৰী কলেষ্টৰল কম কৰে । হৃদযন্ত্ৰ সুৰক্ষিত কৰে। ( Assamese Beauty Tips )


নিয়মিয়াকৈ কমলাৰ ৰস খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।


কমলাৰ ৰসত থকা ভিটামিন-চি আমাৰ ছাল আৰু চুলিৰ কাৰণে উপকাৰী।


কমলাৰ ৰসে হাড় আৰু দাঁতৰ গঠন মজবুত কৰে। চকুৰ দৃষ্টি শক্তি সঠিক ভাৱে ৰাখে।


কমলাৰ ৰসে মুখ, জিভাৰ ঘাঁ উপৰিও শৰীৰৰ আন ঘাঁ শুকুৱাত সহায় কৰে।


কমলাৰ ৰসত থকা ডি-লিমোনেল নামৰ পদাৰ্থ বিধে হাওঁফাওঁ,স্তন,ছালৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।


কমলাৰ ৰস শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে উপযোগী।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages