শীতকালত শুকান ছাল আৰু ফাটি যোৱা ওঁঠৰ সমস্যা দূৰ কৰাৰ বিশেষ প্ৰতিকাৰ : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 27, 2022

শীতকালত শুকান ছাল আৰু ফাটি যোৱা ওঁঠৰ সমস্যা দূৰ কৰাৰ বিশেষ প্ৰতিকাৰ : Assamese Beauty Tips

Assamese Beauty Tips


শীতকাল আৰম্ভ হোৱাৰ লগে লগে-বেছিভাগ লোকৰে ছাল শুকাবলৈ আৰম্ভ কৰে।ছালৰ আদ্ৰতা কৰবাত হেৰাই যায় আৰু ছালখন শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে। ( Assamese Beauty Tips )


ছালৰ লগতে-আমাৰ ওঁঠো ফাটিবলৈ আৰম্ভ কৰে।কেতিয়াবা এই সমস্যা ইমানেই বাঢ়ি যায় যে-ওঁঠৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰে।এনে-পৰিস্থিতিত আমি আমাৰ ছালখনক লৈ চিন্তা কৰাটো অতি প্ৰয়োজনীয়।যাতে ই সদায় ধুনীয়া আৰু কমবয়সীয়া যেন হয় থাকে।সেয়ে-গ্লিচাৰিণ ব্যৱহাৰ কৰিব লাগে।


*ইচ্ছা কৰিলে-বাম হিচাপে গ্লিচাৰিণ প্ৰয়োগ কৰিব পাৰে।ইয়াৰ উপৰিও-গাখীৰ-মৌ বা গোলাপ জলৰ লগত মিহলাই প্ৰয়োগ কৰা হয়।


১/শীতকালত শুকান বতাহৰ বাবে-ওঁঠ শুকান হয়-ফাটি যায়।ওঁঠত গ্লিচাৰিণ ব্যৱহাৰ কৰিলে-ওঁঠ কোমল হয়।ওঁঠ ফাঁটি যোৱাৰ কোনো সমস্যা নহয়।


২/যদি আপোনাৰ ওঁঠত দাগ আছে-আৰু সেইবোৰ ক'লা হৈ গৈছে-তেন্তে গ্লাচিৰিণ ব্যৱহাৰ কৰাটো উপকাৰী।কেতিয়াবা ধূমপানৰ বাবে-মানুহৰ ওঁঠ ক'লা হৈ পৰে।এনে-পৰিস্হিতিতো-গ্লিচাৰিণ ব্যৱহাৰ কৰাটো উপকাৰী। ( Assamese Beauty Tips )


৩/শীতকালত বতাহৰ প্ৰভাৱৰ বাবে-ওঁঠৰ-ওপৰৰ তৰপটো শুকাই যায়।এনে পৰিস্থিতিটো গ্লিচাৰিণ ব্যৱহাৰ কৰিব লাগে।


৪/কেনেবাকৈ ওঁঠ কাটিলে বা ওঁঠত ঘাঁ হলেও-গ্লিচাৰিণ ব্যৱহাৰ কৰিব লাগে।


৫/গ্লিচাৰিণে-ওঁঠৰ বাবে-পুষ্টিকৰ উপাদান হিচাপে কাম কৰে।যাৰ ফলত ওঁঠত আদ্ৰতা প্ৰদান কৰে।


*খাদ্য আৰু পানীয়ত মিঠা সোৱাদ আনিবলৈ-চেনি ব্যৱহাৰ কৰা হয় যদিও-ই অতি ভাল সৌন্দৰ্য্য সামগ্ৰীও।ই ভাল আৰু প্ৰাকৃতিক ষ্ক্ৰাব।মৃত ছাল পৰিষ্কাৰ কৰা,তেজৰ সোঁত বৃদ্ধি কৰা,ছালৰ গঠন আৰু ছিদ্ৰ খোলাত ই সহায়ক।


*শীতকালত আমাৰ ছালত মৃত ছালৰ তৰপ এটা গঠন হয়।যাৰ ফলত-মুখৰ উজ্বলতা কমি যায়।আমি শৰীৰৰ প্ৰতিটো অংগৰ বাবে-চেনি ব্যৱহাৰ কৰিব পাৰোঁ।কিন্তু মুখ আৰু ওঠঁৰ বাবে ব্যৱহাৰ কৰিলে-অধিক উপকাৰী হয়।


*পকা কল এটা লৈ-ভালদৰে পিটিকি লওক।এতিয়া এই পেষ্টট আধা কাপ ব্ৰাউন চুগাৰ দিব।লগতে-দুইৰপৰা-তিনি টোপাল আলমণ্ড অইল মিহলাব।। এতিয়া-তিনিওটা সামগ্ৰী ভালদৰে মিহলাই লব।ইয়াৰ পাছত মুখ'খন ভালদৰে ধুই ষ্ক্ৰাব লগাব। মুখ'খনত বৃত্তাকাৰ গতিৰে-৫মিনিট সময় মালিচ কৰক।মাজতে-কুহুমীয়া পানী ছটিয়াই থাকিব।পাঁচ মিনিটৰ পাছত মুখ'খন ধুই ভাল-মইশ্ব'ৰাইজৰ লগাব


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages