ভৰিৰ গোন্ধ কি দৰে আঁতৰাব জানি লওক : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 17, 2022

ভৰিৰ গোন্ধ কি দৰে আঁতৰাব জানি লওক : Assamese Beauty Tips

Assamese Beauty Tips


যদি আপোনাৰ ভৰিৰ ঘাম বেছিকৈ ওলায় বা মোজা তিতি যায়,বা ভৰিত বিষৰ দৰে লক্ষণ থাকে-তেন্তে আপোনাৰ ভৰিৰ দুৰ্গন্ধৰ সমস্যাও হব পাৰে। ( Assamese Beauty Tips )


ভৰি বেয়া হোৱাৰ আঁৰত কৰবাত নহয় কৰবাত আপুনিও দোষী।যদি আপুনি-আপোনাৰ ভৰি পৰিষ্কাৰ কৰি নাৰাখে-তেনেহলে সেইবোৰত বেক্টেৰিয়া জমা হোৱাৰ ফলত-আপোনাৰ ভৰিৰ দুৰ্গন্ধ আহিব পাৰে।লগতে যদি আপুনি অধিক ঘামে-তেতিয়াও ভৰিৰ পৰা দুৰ্গন্ধৰ সমস্যা আহিব পাৰে।কিছুমান সহজ উপায়ৰ সহায়ত আপুনি-এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।


*যদি আপোনাৰ ভৰিৰ পৰা ঘাম যথেষ্ট ওলায়-তেনেহলে ভৰিৰ পৰা দুৰ্গন্ধ অহাৰ সমস্যা হব পাৰে। যদি আপুনি টান জোতা পিন্ধে-তেতিয়া ভৰিৰ ওপৰত চাপ পৰিব আৰু ভৰিত গৰম বেছি লাগিব।যাৰ ফলত অধিক ঘাম আৰু গোন্ধ আহিব।মোজা পিন্ধিলে ঘাম নুশুকায় আৰু ভৰিত দুৰ্গন্ধ বাঢ়িবলৈ আৰম্ভ কৰে।


*দৰাচলতে আমাৰ ছালৰ মৃত কোষ আৰু ছালত থকা তেলবোৰত বেক্টেৰিয়া পোৱা যায়।যাৰ ফলত ভৰিত ভৰিৰ পৰা দুৰ্গন্ধ ওলায়।আমাৰ ভৰিত ঘাম গ্ৰন্থি থাকে-যাৰ ফলত ঘামৰ পৰা ভৰিত বেক্টেৰিয়া বৃদ্ধি হবলৈ আৰম্ভ কৰে।চাবলৈ গলে-ঘামৰ পৰা গোন্ধ নাহে যদি-তাত বেক্টেৰিয়া থাকে।তেতিয়া সিহঁতে-এক বিশেষ প্ৰকাৰৰ গেছ মুকলি কৰি দিয়ে।যাৰ ফলত দুৰ্গন্ধ বাহিৰ হয়।


*ভৰিৰ গোন্ধ কি দৰে-আঁতৰাব-


১/যদি আপুনি নিজৰ ভৰি দুখন নিমখৰ পানীত ডুবাই বহে বা নিমখৰ পানীৰে-নিজৰ ভৰি দুখন ধুৱে-তেন্তে আপুনি যথেষ্ট সুফল পাব।আপুনি আধা লিটাৰ পানীত-আধা কাপ নিমখ মিহলি কৰি-তাত ভৰি দুখন ডুবাই বহি থাকক।তাৰ পাছত-১৫মিনিটৰ পাছত-শুকাই লওক। ( Assamese Beauty Tips )


২/আপুনি আপোনাৰ জোতা বা চেণ্ডেলৰ ভিতৰত-অলপ বগা ভিনেগাৰ ৰাখক।ইয়াৰ জৰিয়তে-জোতা আৰু ভৰিৰ পৰা দুৰ্গন্ধ নাহিব।বগা ভিনেগাৰে দুৰ্গন্ধ আঁতৰ কৰে আৰু যিকোনো ধৰণৰ দুৰ্গন্ধ বৃদ্ধি হোৱাত প্ৰতিহিত কৰে।


৩/আপুনি ভৰিৰ গোন্ধ আঁতৰাবলৈ-নেমু ব্যৱহাৰ কৰিব পাৰে।১কাপ পানীত নেমুৰ ৰস মিহলাই-সেই পানীৰে ভৰি ধুলে-দুৰ্গন্ধ আঁতৰে।আপুনি ইয়াৰ উপৰি আধা নেমু ভৰিত ঘঁহিঁও-এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।


৪/ভৰিৰ গোন্ধ আঁতৰাবলৈ আপুনি পাউদাৰ বা টি বেগ ব্যৱহাৰ কৰিব পাৰে।যদি আপুনি ভৰি আৰু জোতাত টেলকাম পাউদাৰ ছটিয়াই,লগতে টি বেগ-পানীত মিহলি কৰি-তাত ভৰি ডুবাই বহে যদি-ভৰিৰ দুৰ্গন্ধৰ সমস্যা আঁতৰিব।


৫/আপুনি বেকিং চডা আৰু পানীৰ মিশ্ৰণত ভৰি ডুবাই বহিব লাগে।ই ভৰিৰ বেক্টেৰিয়া নাইকিয়া কৰিব আৰু গোন্ধও নাইকিয়া হব।বেকিং চডাৰ ব্যৱহাৰে ভৰিত সংক্ৰমণ হোৱাৰ কোনো ভয় নাথাকেদ


৬/যদি ভৰিৰ পৰা দুৰ্গন্ধ আহি আছে-তেন্তে পোন প্ৰথমে ভৰি দুখন ভালদৰে ধুই লওক।তাৰ পাছত ভৰিত গুলাপ জল ছটিয়াই-ভৰি দুখন শুকাবলে দিয়ক।তাৰ পাছত ময়েশ্বৰাইজাৰ ব্যৱহাৰ কৰক।


৭/ভিজা জোতা পিন্ধা ভুল কেতিয়াও নকৰিব।জোতা ভালদৰে শুকাবলৈ দিয়ক-কাৰণ-ভিজা জোতাত বেক্টেৰিয়া বিকশিত হয়।আপুনি জোতা ৰদ'ত বা ড্ৰায়াৰেৰে শুকুৱাব পাৰে।জোতা সপ্তাহত ১বাৰকৈ নিশ্চয়কে ধুব লাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages