ছাল-চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ গুণাগুণ : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 14, 2022

ছাল-চুলিৰ উপকাৰ সাধিব পৰা কেইবিধমান ফলৰ বাকলিৰ গুণাগুণ : Assamese Beauty Tips

Assamese Beauty Tips


মানুহৰ বাবে প্ৰয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ৰসাল, সুস্বাদু অংশ এটা ফলমূলে অধিকাৰ কৰি আছে। দৈনন্দিন খাদ্য তালিকাত ফলমূলৰ বাবে এটা সুকীয়া স্হান সকলোৱে ৰাখে।  ( Assamese Beauty Tips )


ফলমূলৰ উপকাৰিতাৰ বিষয়ে নতুন কৈ কোৱাৰ প্ৰয়োজন নাই। ফলমূলৰ বাকলি অংশটো আমি সাধাৰণতে পেলাই দিওঁ। বহুতে অৱশ্যে ফুলগছক পুষ্টি যোগাবলৈ ফুলগছৰ গুড়িৰ মাটিত বাকলিৰ মিহলি কৰি দিয়ে। কিন্তু আমি বহুতে নাজানো যে, ফলৰ এই বাকলিবোৰত এনে কিছুমান উপাদান নিহিত হৈ থাকে, যাকে ছাল চুলিৰ সৌন্দর্য্য ৰক্ষাত নিঃসন্দেহে ব্যৱহাৰ কৰিব পাৰে। যাৰ বাবে বজাৰৰ পৰা অতি উৎকৃষ্ট মানৰ বুলি ক্ৰয় কৰি অনা ব্যয়বহুল প্ৰসাধন সামগ্রী সমূহৰ পাৰ্শ্বক্ৰিয়াৰ পৰা ছাল-চুলিক ৰক্ষা কৰিবলৈ আমি সক্ষম হব পাৰোঁ। 


*ছাল-চুলিৰ উপকাৰী সাধিব পৰা কেইবিধমান ফলৰ গুণাগুণ-


১/আম-

আমৰ ৰাজকীয় ৰং, সোৱাদ, গোন্ধ, মাখন কোমল শাহ আৰু উপকাৰিতাৰ উপৰি ইয়াৰ বাকলিত মিহলি হৈ আছে, নানানটা গুণ। আমৰ বাকলি গুচাই মুখ মণ্ডলত ঘঁহি ১৫বা ২০ মিনিটৰ পাছত ধুই দিব। আমৰ বাকলিত থকা ভিটামিন এ আৰু বিটা কেৰটিনে ছাললৈ প্ৰাকৃতিক ভাৱে উজ্জ্বলতা কঢ়িয়াই আনে।  ( Assamese Beauty Tips )



*কল-

কলৰ বাকলি মুখ মণ্ডলত ঘঁহি অলপ সময়ৰ পাছতে ধুই দিব। ছলৰ বলিৰেখা আৰু শালমইনা দূৰ হব। চকুৰ চাৰিওকাষে ক'লা দাগ আৰু চকু ফুলা সমস্যাও কলৰ বাকলিয়ে লাঘৱ কৰে। তাৰবাবে কলৰ বাকলি চকুৰ পতা আৰু চাৰিওকাষে আলফ্রেড ঘঁহি অলপ সময় ৰাখি ধুব। মহে কামোৰা ঠাইত কলৰ বাকলি ঘঁহিলে খজুৱতিৰ পৰা আৰাম পোৱা যায়। 


*আপেল-

আপেলৰ বাকলিৰ পেষ্ট মুখমণ্ডলত লগাই ১৫মিনিটৰ পাছত ধুই দিব। ছালৰ অতিৰিক্ত তেল নিয়ন্ত্রণ কৰাত সহায় কৰে আৰু শালমইনা দূৰ কৰে। অতি বেঙুনীয়া ৰশ্মিৰ পৰা ছালক ৰক্ষা কৰে। ছালৰ কলা দাগ আৰু এক্নি নিৰ্মূলত সহায় কৰে। আপেলৰ বাকলিয়ে প্ৰাকৃতিক টনাৰৰ কাম কৰে। ছালৰ আদ্রতা বজায় ৰাখে। 


*কমলা-

শীতকালীন ফল কমলাৰ বাকলিও ভিটামিন চি, কেলচিয়াম, মেগনেছিয়াম, পটাচিয়ামকে ধৰি বহুকেইবিধ আৱশ্যকীয় উপাদানের ভৰপূৰ। কমলাৰ বাকলিত থকা চাইড্ৰিক এচিডে ছালৰ ৰং প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তোলে। ছালৰ অতিৰিক্ত তেলখিনি শুহি লয়। কমলাৰ বাকলিত থকা কেলচিয়ামে ছালৰ মৃতকোষ দূৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখে। 


*আনাৰস-

আনাৰসৰ বাকলি ছালত আলফুলে ঘঁহি কিছুপৰৰ বাবে ৰাখি ধুই দিব। আনাৰসৰ বাকলিয়ে ছালৰ আদ্ৰ ভাৱ বজায় ৰখাত সহায় কৰে। ছালৰ এক্নি আৰু শালমইনা দূৰ কৰাত সহায় কৰে। ছালৰ পুৰণি হোৱা ঠাইত আনাৰসৰ বাকলি লগাই দিলে আৰাম পোৱা যায়। 


*তৰমুজ-

গ্ৰীষ্মকালীন ফল হিচাপে তৰমুজৰ যথেষ্ট সমাদাৰ আছে। তৰমুজৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে বেছিভাগ মানুহে অজ্ঞাত। তৰমুজৰ বাকলি অলপ সময় ফ্ৰীজত ৰাখি আলফুলে মুখত ঘঁহি চাবচোন, ই ছাললৈ তৎক্ষণাৎ সজীৱতা কঢ়িয়াই আনিব। ধূলি আৰু প্ৰদূষণে আমাৰ মুখমণ্ডলৰ ছালৰ নোমৰ গুৰিৰ ছিদ্ৰসমূহ বন্ধ কৰি দিয়া। ফলত ছালখনে উজ্জ্বলতা হেৰুৱাই দেখাত নিৰ্জীৱ হৈ পৰে। তৰমুজৰ বাকলি নিয়মিতভাবে ছালত লগালে ছালখন পৰিষ্কাৰ হৈ থাকে আৰু ছালৰ আদ্রতা বৰ্তি থাকে। 


*ফলমূলৰ বাকলিবোৰ সৰু সৰু কে কাটি ৰ'দ ত ভালদৰে শুকুৱাই গুড়ি কৰি শুকান বটলত ভৰাই টানকৈ সাফৰ মাৰি ৰাখিলে বহু দিন ভালে থাকে। গতিকে ফলমূলৰ বাকলি পেলাই দিয়াৰ সলনি সৌন্দর্য্য চৰ্চাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages