উজ্জল আৰু নিৰোগী ছালৰ কাৰক সম্পৰ্কীয় আলোচনা : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 11, 2022

উজ্জল আৰু নিৰোগী ছালৰ কাৰক সম্পৰ্কীয় আলোচনা : Assamese Beauty Tips

Assamese Beauty Tips


   স্বাস্থ্যৱান উজ্বল ছাল এখন মূলতঃ তলৰ কাৰকবোৰৰ ওপৰত নিৰ্ভৰশীল। ( Assamese Beauty Tips )


   বয়স,পুষ্টিকৰ আহাৰ-বিহাৰ,আহাৰ আৰু বয়স অনুপাতে কৰা ব্যায়াম,উপযুক্ত নিদ্ৰা।ধূম্ৰপান,মদ্যপান, আধুনিক জীৱন শৈলী,পৰিবেশ, সূৰ্য‍্য ৰশ্মিৰ প্ৰভাৱ,প্ৰদূষণ আদি কাৰকবোৰে ছালৰ সৌন্দৰ্য্যত কু-প্ৰভাৱ পেলায়।সূৰ্য‍্য ৰশ্মিৰ পৰা নিঃসৰণ হোৱা আল্টা ভায়লেট ৰশ্মিয়ে আমাৰ ছালত কম বয়সতেই বয়সৰ বলিৰেখা পেলাই ছালৰ অনিষ্ট কৰে।


   সাধাৰণতে দেখিবলৈ পোৱা ছালৰ সমস্যা সমূহ হ'ল-ছালত দেখিবলৈ পোৱা ব্ৰণ(Acne),ছাল ফটা,ছালত পৰা ক'লা দাগ(hyperpigmentation),বয়সৰ বলিৰেখা পৰা,শুকান-নিৰ্জীব ছাল,তৈলাক্ত ছাল,ছাল সোতোৰা পৰা(wrinkles) ইত্যাদি।


     ইয়াৰ উপৰিও ছালত অন্যান্য  জটিল ৰোগ যেনে শ্বেতকুষ্ট,ছৰিয়েছিছ,পেলুজনিত ছালৰ ৰোগ,ছালত হোৱা চিফিলিছ ৰোগ ইত্যাদিৰ বিভিন্ন কাৰক থাকে।


   আজি আমি দৈনন্দিন অসুবিধাৰ সন্মুখীন হোৱা সাধাৰণ সমস্যা খিনিৰ বিষয়ত আৰু আমাৰ ছালখন নিৰোগী আৰু উজ্বল কৰি ৰখাৰ বিষয় হে চৰ্চা কৰিম।


    ছালৰ গঠনশৈলীত প্ৰধান দ্ৰব‍্যবোৰৰ মাজত আছে কলাজেন নামৰ প্ৰটিন।কলাজেন আৰু ইলাষ্টিনে মিলি ছালক কোমল আৰু সুদৃঢ় কৰে অৰ্থাৎ নৰ্মেল ট'ন মেনন্টেইন কৰে।ভিটামিন A,ভিটামিন C,ভিটামিন E,ছেলেনিয়াম,কপাৰ আৰু জিংকে সৌৰ ৰশ্মিৰ পৰা নিৰ্গত হোৱা অনিষ্টকাৰি ফ্ৰি-ৰেডিকেল ধংস কৰাৰ লগতে ছালৰ গঠণশৈলীৰ সুস্থতা বৰ্তাই ৰাখে।


ভিটামিন A সাধাৰণতে মাছ,মাংস,গাখীৰ,কণী, সেউজীয়া শাক-পাচলি, আম,অমিতা ইত্যাদি সহজলভ্য সামগ্ৰীৰ জৰিয়তেই সহজেই আমি গ্ৰহণ কৰিব পাৰোঁ।


টেঙা জাতীয় ফল,মধুৰী, আমলখি, ব্ৰকলি,বিলাহী, বন্ধাকবি,পালেংশাক আদি ভিটামিন C ৰ উৎসবোৰৰ বিষয়ে আমি সকলোৱে জ্ঞাত।বিভিন্ন প্ৰকাৰৰ গবেষণা পত্ৰত উল্লেখিত যে অধিক পৰিমাণে ভিটামিন C আহাৰত গ্ৰহণ কৰা লোকসকল  উজ্জ্বল আৰু স্বাস্থ্য বান ছালৰ গৰাকী হোৱাৰ সম্ভাৱনা অধিক।কিন্তু এই খিনিতেই মন কৰিব " vitiligo" বা ছালৰ বগা দাগ(স্বাস্থ্য গ্ৰুপত ইতিমধ্যে এই ৰোগবিধৰ বিষয়ে লিখিছিলো)সমস্যাত ভুগিলে ভিটামিন C আপোনাৰ কাৰণে অনিষ্ট কাৰী।


    চেলেনিয়ামৰ উ‍ৎস হ'ল মাছৰুম,ব্ৰকলি,সাগৰীয় মাছ,প্ৰাণী জাতীয় খাদ্য যকৃত,লিভাৰ পিয়াঁজ,নহৰু ইত্যাদি।চেলেনিয়ামে প্ৰধানতঃ সৌৰশক্তিৰ অনিষ্ট কাৰী প্ৰভাৱৰ পৰা ছাল খনক সুৰক্ষা দিয়ে।কপাৰ মাহজাতীয় শস্য,বাদাম,পাণ,কেকোৰা,শামুক জাতীয় খাদ্যত পোৱা যায়।কপাৰে ইলাষ্টিন উৎপত্তি কৰে আৰু এই ইলাষ্টিনে আমাৰ ছালখনক সুদৃঢ়(toned) কৰি ৰাখে।


আন এবিধ ছালৰ প্ৰয়োজনীয় উপাদান হ'ল জিংক।ইয়াৰ উৎস হ'ল হাহঁ,কুকুৰা চৰাইৰ মাংস,ঘেহু জাতীয় খাদ্য।জিংকে ছালৰ অতিৰিক্ত তৈল নিস্কাষণ কৰাত সহায় কৰে।ইয়াৰ ফলশ্ৰুতিত সঘনাই দেখা পোৱা ব্ৰণ (acne). সমস্যাৰ পৰা ছালখন ৰক্ষা পৰে।


     গতিকে দেখা যায় এই সকলোবোৰ ছালৰ বাবে প্ৰয়োজনীয় দ্ৰব্য আমি গ্ৰহণ কৰা সুষম পুষ্টিকৰ আহাৰৰ যোগেদিয়েই আমাৰ শৰীৰে লাভ কৰিব পাৰে। এইবোৰৰ উপৰিও মানুহে সদায় কিছু সময় বন্ধ কোঠাৰ পৰা ওলাই ৰ'দ আৰু পোহৰ পৰা ঠাইত থাকিব লাগে।ইয়াৰ পৰা আমাৰ ছালখনে প্ৰয়োজনীয় ভিটামিন-D আহৰণ কৰে। ( Assamese Beauty Tips )


     এখন সুস্থ ছালে এখন আৰ্চীৰ দৰেই আপোনাৰ আভ্যন্তৰীণ স্বাস্থ‍্যৰ প্ৰতিবিম্বও বহণ কৰে।শৰীৰৰ আভ্যন্তৰীণ সুস্থতা অৰ্থাৎ পাচন তন্ত্ৰৰ ৰোগ যেনে ডায়েৰিয়া,কোষ্ঠকাঠিন্য আদিৰো উপযুক্ত সময়ত চিকিৎসা কৰা উচিত।কাৰণ এই আভ্যন্তৰীণ ৰোগ বোৰৰ কাৰণেও বিভিন্ন ছালৰ ৰোগৰ জন্ম হয়‌ ।


     বয়স বঢ়াৰ লগে লগে আমাৰ ছালখনলৈ লৈ অহা আন এটা সমস্যা হ'ল প্ৰয়োজনীয় পুষ্টিকৰ দ্ৰব্য শোষণ কৰিব পৰা সক্ষমতাৰ ক্ৰমাৎ হ্ৰাস হৈ যোৱাটো।বয়স বঢ়াৰ লগে লগে ক্ৰমান্বয়ে আমাৰ ছালৰ পৰা কলাজেন,ইলাষ্টিন,ফেট আদি দ্ৰব‍্যবোৰৰ লগতে ছালৰ আৰ্দ্ৰতা ক্ৰমান্বয়ে কমি আহে।ইয়াৰ ফলশ্ৰুতিত দিনে দিনে ছালখন শুকান, খহটা আৰু পাতল হবলৈ ধৰে আৰু যৌৱনৰ উজ্জল ছালখনৰ ঠাইত আমি এখন বলি ৰেখা বোৰ স্পষ্ট হৈ পৰা শুকান, পাতল ছালৰ গৰাকী হ'ব লগীয়া হয়।গতিকে বয়স বঢ়াৰ লগে লগে আমি অধিক সচেতন হোৱাটো প্ৰয়োজনীয়।যদিও ছালত দেখা দিয়া বয়সৰ স্বাভাৱিক আচোৰ নাইকিয়া কৰাৰ কোনো উপায় নাই তথাপিও উপযুক্ত খাদ‍্যভ‍্যাস,শাৰীৰিক ব‍্যায়াম আদিৰ জৰিয়তে আমি এই প্ৰক্ৰিয়া কিছু লেহেমীয়া নিশ্চয় কৰিব পাৰোঁ।কিন্তু ইয়াৰ বাবে কোনো অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ অবিহনে যধেমধে বজাৰৰ পৰা সহজলভ্য .সম্পূৰক বস্তু (supplement) ক্ৰয় কৰি ৰাতিটোৰ ভিতৰতেই ৰিজাল্ট আশা কৰিলে নিশ্চয় হিতে-বিপৰীত হ'ব।বিভিন্ন ছালৰ ৰোগৰ কাৰণবোৰ অনুধাৱন কৰিলে এই বোৰো একো একোটা কাৰক ৰূপে সঘনাই দেখিবলৈ পোৱা যায়।


ছালৰ সুস্থতাত আয়ুৰ্বেদিক ঔষধি####


     ছালৰ বিভিন্ন সমস্যাৰ লগতে ছাল মসৃণ আৰু দাগমুক্ত কৰি ৰাখিবলৈ আয়ুৰ্বেদিক ঔষধি যেনে এলোভেৰা(ঘৃতকুমাৰী বা চালকুঁৱৰী),হৰিদ্ৰা খণ্ড,মনজিষ্টা,সাৰিবা,নিম কেপচুল,গিলয় আদি ব‍্যবহাৰ কৰা হয়।মৰিচ্যাদি তৈল,গুদুচি তৈল,বাকুচি তৈল,তুবৰক তৈল আদিও প্ৰয়োজনীয়তা অনুসৰি ৰোগীক দিয়া হয়‌।যিকোনো ৰোগৰ ক্ষেত্ৰতেই শৰীৰৰ শুদ্ধতাৰ ওপৰত আয়ুৰ্বেদিক চিকিৎসাত গুৰুত্ব দিয়া হয়।গতিকে তাৰ বাবে ৰোগ অনুযায়ী বিভিন্ন আয়ুৰ্বেদিক পঞ্চকৰ্ম চিকিৎসা বমন,বিৰেচন,ৰক্তমোক্ষণ আদি কৰা হয়।

    অধিক তেল-মছলা যুক্ত খাদ্য পৰিহাৰ কৰাৰ ওপৰিও মানসিক ছাপ দূৰ কৰি উপযুক্ত নিদ্ৰাৰ লগতে শক্তি আৰু বয়স অনুযায়ী কৰা শাৰীৰিক শ্ৰম আৰু বিশ্ৰামো ছালৰ বাবে অতি দৰকাৰী।

    ৰোগৰ ইতিহাস সম্পূৰ্ণকৈ অধ্যয়ন,ছালত দেখিবলৈ পোৱা ৰোগৰ সঠিককৈ নিৰীক্ষণ,প্ৰয়োজনীয় তেজৰ পৰীক্ষা-নিৰীক্ষা আদিৰ লগতে ব‍্যক্তি গৰাকীৰ প্ৰকৃতি আয়ুৰ্বেদিক জ্ঞানৰ জৰিয়তে নিৰ্ধাৰণ কৰি প্ৰয়োজনীয় খাদ‍্যভ‍্যাসৰ নিৰ্দেশ দিয়াৰ লগতে ঔষধিও দিয়া হয়‌।


👉ডাঃ ৰূপাঞ্জলি চৌধুৰী

আয়ুৰ্বেদিক চিকিৎসক

ফোন নং-৯৮৬৪৭২৩৩১৪


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages