শাৰদীয় পূৰ্ণিমাৰ দিনা‌ কৰা উপায়সমূহ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 9, 2022

শাৰদীয় পূৰ্ণিমাৰ দিনা‌ কৰা উপায়সমূহ : Religious Studies

Religious Studies


২০২২বৰ্ষত ৯অক্টোবৰত শাৰদীয় পূৰ্ণিমা।পঞ্জিকা অনুসৰি-আহিন মাহৰ শুক্ল পক্ষৰ-পূৰ্ণিমা তিথিত-শাৰদীয় পূৰ্ণিমা পালন কৰা হয়। Religious Studies )


এই পূৰ্ণিমাক-ৰাস পূৰ্ণিমা,কৌজাগৰী পূৰ্ণিমা বা কৌমুদী ব্ৰতৰ নামেৰে জনা যায়। শাৰদীয় পূৰ্ণিমাৰ দিনা চন্দ্ৰমা পৃথিৱীৰ একেবাৰে ওচৰত থাকে।আৰু চন্দ্ৰমাৰ ১৬কলাৰ আভা পৃথিৱীৰ প্ৰত্যেক জীৱকে প্ৰভাৱিত কৰে।শাৰদীয় পূৰ্ণিমাৰ নিশা-চন্দ্ৰমাৰ পৰা ওলোৱা কিৰণ অমৃতৰ সমান হয়।


মান্যতা অনুসাৰে-শাৰদীয় পূৰ্ণিমাৰ নিশা-ধনৰ দেৱী লক্ষ্মী পৃথিৱীত বিচৰণ কৰে।আৰু নিজৰ ভক্তৰ মনোৰকামনা পূৰ্ণ কৰে।শাৰদীয় পূৰ্ণিমাৰ তিথিক মনৰকামনা পূৰ্ণ কৰা তিথি গণ্য কৰা হয়।এইদিনা পূজাকৰাৰ লগতে-কিছু উপায় কৰিলে জীৱনলৈ সুখ-সমৃদ্ধি আহে।


*শাৰদীয় পূৰ্ণিমাৰ দিনা-কৰা উপায়সমূহ-


১/পায়স-

শাৰদীয় পূৰ্ণিমাৰ নিশা-চন্দ্ৰমাৰ পৰা ওলোৱা কিৰণ-অমৃতৰ সমান মনা হয়।এইবাবেই-শাৰদীয় পূৰ্ণিমাৰ দিনা পায়স বনোৱা হয়।আৰু নিশাটো চন্দ্ৰমাৰ পোহৰত ৰখা হয়।যাৰদ্বাৰা পায়সত চন্দ্ৰমাৰ পোহৰ পৰে,আৰু অমৃতৰ সমান হয়।শাৰদীয় পূৰ্ণিমাৰ নিশা-পায়স বনাই চন্দ্ৰমাৰ পোহৰত ৰাখিব লাগে,আৰু পুৱা সেই পায়স সেৱন কৰিব লাগে।ইয়াৰ দ্বাৰা সু-স্বাস্থ্য আৰু মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয়। Religious Studies )


*জীৱনৰ বাধা দূৰ কৰিবলৈ-

শাৰদীয় পূৰ্ণিমাৰ নিশা-চন্দ্ৰমাৰ পোহৰত গংগা জল ৰাখিব লাগে।আৰু সেই গংগা জলেৰে ভগৱান শিৱৰ অভিষেক কৰিব লাগে।ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ সমস্যা দূৰ হয়।


*মা লক্ষ্মী হব প্ৰসন্ন-

শাৰদীয় পূৰ্ণিমাৰ নিশা-চন্দ্ৰমাৰ পোহৰত-কিছু সময়ৰ বাবে-শুদ্ধ ঘৰুৰ ঘীউ ৰাখিব।তাৰপৰা সেয়া আনি সুৰক্ষিত স্থানত ৰাখিব।আৰু দীপাৱলী দিনা সেই ঘীউৰে দীপক প্ৰজলিত কৰিব।ইয়াৰ দ্বাৰা মা লক্ষ্মীৰ কৃপা প্ৰাপ্ত হয় আৰু ঘৰত সুখৰ বাতাবৰণ থাকে।


*ৰোগৰ পৰা মুক্তি পাবলৈ-

কোনো ব্যক্তি ৰোগৰ গ্ৰাহত আছে বা ঘৰত ৰোগৰ পৰিৱেশ হৈ থাকে-তেতিয়া বগা কাপোৰত চাউল ৰাখিব লাগে।আৰু কিছু সময় চন্দ্ৰমাৰ পোহৰত থৈ,সেয়া পাছদিনা পুৱা কোনো মন্দিৰত দান কৰি দিব লাগে।এনে কৰিলে স্বাস্থ্যলে সলনি আহে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages