হিন্দু ধৰ্মত পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব থাকে।আহিন মাহৰ পূৰ্ণিমাক শাৰদীয় পূৰ্ণিমা বুলি জনা যায়।( Religious Studies )
প্ৰত্যেক মাহৰে পূৰ্ণিমাৰ নিজৰ বেলেগ বেলেগ মহত্ব থাকে।কিন্তু কিছু পূৰ্ণিমা বহুত শ্ৰেষ্ঠ মনা হয়।আহিন মাহৰ পূৰ্ণিমা তাৰে মাজৰ এটা।চন্দ্ৰমা এইদিনা পৃথিৱীৰ একেবাৰে কাষত থাকে।কোৱা হয় যে-এইদিনা পৃথিৱীৰ পৰা অমৃত বৰষে।লগতে এইদিনাৰ পৰা শীতৰ আগমন বুলিও মনা হয়।শাৰদীয় পূৰ্ণিমা দিনা-মা লক্ষ্মীৰ সমৰ্পিত হয়।এইদিনা নিশাৰ সময়ত মা লক্ষ্মী ভ্ৰমণ কৰে,আৰু নিজৰ ভক্তক আৰ্শীবাদ প্ৰদান কৰে।এনে মান্যতা আছে যে-শাৰদীয় পূৰ্ণিমাৰ দিনা-মা লক্ষ্মীৰ পূজাৰ দ্বাৰা বছৰেকলৈ ধনৰ দেৱীৰ মা লক্ষীৰ কৃপা থাকে।
২০২২বৰ্ষৰ শাৰদীয় পূৰ্ণিমাৰ শুভ মুহুত্ব-
পঞ্জিকা অনুসৰি
আহিন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথি-৯অক্টোবৰ-পুৱা ৩বাজি ৪১মিনিটৰ পৰা আৰম্ভ হব।এই তিথি-১০অক্টোবৰ পুৱা-২বাজি-২৫মিনিটত সমাপ্ত হব।শাৰদীয় পূৰ্ণিমা ৯অক্টোবৰত পালন কৰা হব।( Religious Studies )
*শাৰদীয় পূৰ্ণিমাৰ পূজা বিধি-
শাৰদীয় পূৰ্ণিমাৰ দিনা-পুৱাতে উঠি,পবিত্ৰ নৈত স্নান কৰিব লাগে।যদি নৈত স্নান কৰিব নোঁৱাৰিলে-ঘৰতে পানীত গংগা জল দি-স্নান কৰি,শুদ্ধ বস্ত্ৰ পৰিধান কৰিব লাগে।তাৰপৰা পূজা স্থানত-ৰঙা কাপোৰ পাৰি,গংগা জলেৰে শুদ্ধ কৰিব লাগে।ইয়াৰে পাছত মা লক্ষ্মীৰ প্ৰতিমা স্থাপিত কৰি ৰঙা চুনৰি দিব লাগে।ইয়াৰ পাছত ৰঙা ফুল,ইত্ৰ,নৈবেদ্য,ধূপ-দীপ,
চুপাৰি আদিৰ দ্বাৰা মা-লক্ষ্মীৰ বিধি-বিধানেৰে পূজা কৰিব লাগে।
মা-লক্ষ্মীৰ সন্মুখত লক্ষ্মী চালিশা পাঠ কৰিব লাগে।পূজা সম্পন্ন হোৱাৰ পাছত আৰতি কৰিব লাগে।পুনৰ আবেলি- মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ পূজা কৰিব লাগে।
গৰুৰ গাখীৰৰে পায়স বনাই চন্দ্ৰমাৰ পোহৰত ৰাখিব লাগে।মধ্য ৰাতিত মা লক্ষ্মীক পায়সৰ ভোগ দিব লাগে,আৰু প্ৰসাদ ৰূপে ঘৰৰ সকলোৱে খাব লাগে।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment