২০২২বৰ্ষৰ শাৰদীয় পূৰ্ণিমা-৯অক্টোবৰত পালন কৰা হব।পৌৰাণিক মান্যতা অনুসাৰে শাৰদীয় পূৰ্ণিমাৰ দিনা মাতা লক্ষ্মী পৃথিৱীলৈ ভ্ৰমণ কৰিবলৈ আহে। ( Religious Studies )
*আহিন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিক শাৰদীয় পূৰ্ণিমা নামেৰে জনা যায়।ধাৰ্মিক মান্যতা অনুসাৰে-এইদিনা মা লক্ষ্মী নিজৰ বাহন-ফেঁচাত বহি পৃথিৱী ভ্ৰমণ কৰিবলৈ আহে।এইদিনা চন্দ্ৰমাৰ পূজা কৰাটো বিশেষ মহত্ব মনা হয়।
*পৌৰাণিক মান্যতা অনুসাৰে-শাৰদীয় পূৰ্ণিমাৰ দিনা-দেৱী লক্ষ্মী পৃথিৱী ভ্ৰমণ কৰিবলৈ আহে-সেইবাবে এইদিনা মাতা লক্ষ্মীৰ পূজা কৰিলে বিশেষ লাভ পোৱা যায়।
১/শাৰদীয় পূৰ্ণিমাৰ দিনা-
মা লক্ষ্মীক পায়সৰ ভোগ দিব লাগে।
২/এইদিনা ঘৰৰ দুৱাৰ খুলি ৰাখিব লাগে-যাতে-বাহিৰৰ পোহৰ ঘৰৰ ভিতৰলৈ আহে।
৩/শাৰদীয় পূৰ্ণিমাৰ দিনা পায়স বনায়-চন্দ্ৰমাৰ পোহৰত ৰাখিলে,কোৱা হয় যে-ইয়াৰ দ্বাৰা সেই পায়সত অমৃতৰ বৰ্ষা হয়।
৪/শাৰদীয় পূৰ্ণিমাৰ দিনা-ঘৰ ভালদৰে চাফ-চিকুণ কৰিব লাগে।
আহিন মাহত অহা-শাৰদীয় পূৰ্ণিমা হিন্দু সকলৰ এক প্ৰসিদ্ধ উৎসৱ হয়।শাৰদীয় নৱৰাত্ৰি পৰ্ৱৰ পাছত-পূৰ্ণিমাক, শাৰদীয় পূৰ্ণিমা কোৱা হয়। ( Religious Studies )
*শাৰদীয় পূৰ্ণিমাত-
গাখীৰ সেৱন কৰা-
মান্যতা অনুসাৰে-আহিন মাহৰ শুক্ল পক্ষত হোৱা পূৰ্ণিমাৰ দিনা চন্দ্ৰমাৰ পৰা অমৃত বৰষে।এইদিনা আকাশত চন্দ্ৰমা পাতল নীলা ৰংত দেখা যায়।কোৱা হয় যে-এইদিনা পায়স বনাই মুকলি আকাশৰ তলত ৰাখি-পুৱা সেই পায়স সেৱন কৰিলে-সকলো ৰোগ দূৰ হয়।
*মা লক্ষ্মীৰ পূজন-
মান্যতা অনুসাৰে-মা লক্ষ্মীৰ জন্ম শাৰদীয় পূৰ্ণিমাৰ দিনা হৈছিল।সেইবাবে বহু ঠাইত শাৰদীয় পূৰ্ণিমাক-লক্ষ্মী পূজন-শাৰদীয় পূৰ্ণিমাক কৌজাগৰী লৌক্খী(দেৱী লক্ষ্মীৰ)পূজা কৰা হয়।
*নৱৰাত্ৰিত মা-দূৰ্গাৰ স্তুতি পাছত-অহা বছৰলৈ আৰ্থিক স্থিতি বৃদ্ধিৰ কামনাৰ বাবে-শাৰদীয় পূৰ্ণিমাৰ দিনা মা-লক্ষ্মীৰ পূজা কৰা হয়। মা-দূৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰা কাৰীগৰে মা-লক্ষ্মীৰ প্ৰতিমা নিৰ্মাণ কৰে।পুৰণি মা-লক্ষ্মীৰ প্ৰতিমাক বিৰ্সজন কৰি নতুন প্ৰতিমাক নতুন বছৰলৈ ভালদৰে ৰখা হয়।
*মা লক্ষ্মীক ৫ধৰণৰ ফল আৰু শাক-পাচলিৰ লগত-নাৰিকল অৰ্পিত কৰা হয়।মন্দিৰটো বিশেষ পূজা-অৰ্চনা কৰা হয়।পূজাত মা-লক্ষ্মীৰ প্ৰতিমাৰ বাহিৰেও-কলহ,ধূপ,দুবৰি বন, কমলৰ পুষ্প,শিলিখা,কড়ী, ধান-সেন্দূৰ,নাৰিকলৰ লাৰু আদি প্ৰমূখ হয়।ৰংগোলী আৰু ফেচাঁ ধ্বনিৰ বিশেষ স্থান হয়।
*যেতিয়া দ্বাপৰ যুগত ভগৱান শ্ৰী কৃষ্ণৰ জন্ম হল-তেতিয়া মা লক্ষ্মী ৰাধা ৰূপত অৱতৰিত হল।ভগৱান শ্ৰী কৃষ্ণ আৰু ৰাধাৰ অদ্ভুত ৰাসলীলাৰ আৰম্ভ শাৰদীয় পূৰ্ণিমাৰ দিনা মনা হয়।সেইবাবে ভক্তসকলৰ বাবে-শাৰদীয় পূৰ্ণিমাৰ বিশেষ মহত্ব আছে।মান্যতা অনুসাৰে-ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীৰ পুত্ৰ কুমাৰ কাৰ্তিকৰ জন্ম শাৰদীয় পূৰ্ণিমাৰ দিনা হৈছিল।সেইবাবে শাৰদীয় পূৰ্ণিমাক কুমাৰ পূৰ্ণিমাও কোৱা হয়।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment