দিপাৱলীৰ দিনা কিদৰে লক্ষ্মী মাতাক ঘৰলৈ নিমন্ত্ৰণ জনাব জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 23, 2022

দিপাৱলীৰ দিনা কিদৰে লক্ষ্মী মাতাক ঘৰলৈ নিমন্ত্ৰণ জনাব জানি লওক : Religious Studies

Religious Studies


দিপাৱলী বছৰটোৰ এনে এটা উৎসৱ, যি উৎসৱলৈ কম বেছি পৰিমাণে প্ৰত্যেক জন মানুহে আশাৰে বাট চাই থাকে। ই আনন্দমুখৰ পৰিৱেশ। একমাত্র হিন্দু ধৰ্মৰ লোকেই নহয় আমাৰ ভাৰতবৰ্ষতে বসবাস কৰা সকলো ধৰ্মৰ লোকৰ বাবে ই এক আনন্দমুখৰ পৰিৱেশ। ই এক পৱিত্ৰ উৎসৱ। ( Religious Studies )


দিপাৱলী কিয় পালন কৰা হয়! ১৪বছৰ বনবাসৰ পাছত প্ৰভূ ৰামচন্দ্ৰ যেতিয়া অযোধ্যালৈ উভতি আহিছিল, সেই সময়ত অযোধ্যা বাসীয়ে গোটেই নগৰখন চফা চিকুণ কৰি প্ৰভূ ৰামচন্দ্ৰক আদৰিবলৈ অমাৱশ্যাৰ নিশা বন্তি জ্বলাইছিল। ৰামচন্দ্ৰক অযোধ্যালৈ স্বাগতম জনাবলৈ। তেতিয়া পৰা আমাৰ শাস্ত্ৰত বিধিত আছে, এই পৱিত্ৰ দিনটি দিপাৱলী হিচাপে গণ্য কৰা হয়। দিপাৱলী এটা ৫দিনীয়া পৰ্ৱ। কিন্তু আমাৰ অসমত আমি দিপাৱলী মাথো ২দিন উদযাপন কৰোঁ। ৫দিনীয়া পৰ্ৱ আৰম্ভ হয়, ধনতেৰচৰ দিনৰ পৰা। এইখিনি বস্তু আমাৰ অসমত বিশেষ কৰি অসমীয়া সমাজৰ মাজত এয়া মনা নহয়। 


দিপাৱলীৰ আগে আপুনি ঘৰখন চফা চিকুণ কৰি লওঁক। দিপাৱলীত প্ৰত্যেকৰে ঘৰত লক্ষ্মী মাৰ আগমন হয়। ধন সম্পত্তিৰ অধিষ্ঠাত্রী দেৱী হৈছে লক্ষ্মী মা। 


ধনতেৰচৰ দিনা আপুনি নতুন ঝাড়ু আনিলে, পুৰণি ঝাড়ুটো ঘৰৰপৰা আঁতৰাই দিব। আপুনি ঘৰত যি চফা চিকুণ কৰিবলগীয়া আছে, ধনতেৰচৰ আগৰদিনা লৈকে হে কৰিব। দিপাৱলীৰ সময়চোৱাত ঘৰত ঝাড়ু নিদিয়ে। বিশেষ ভাৱে মন কৰিব। কাৰণ এই কথা আমাৰ অসমীয়া সমাজৰ মাজত প্ৰচলিত নহয়। 


কলা ৰংৰ কাপোৰ, কলা ৰংৰ খোৱা বস্তু, মাটি দালি, যি কোনো খোৱা কলা ৰংৰ বস্তু নাখাব আৰু নিপিন্ধিব। এই ৩দিন সময় বিশেষ ভাৱে মন কৰিব। কলা ৰঙে লক্ষ্মী অহাৰ পৰা বিৰত ৰাখিব। সদায়ে নহয়। 


এই তিনি দিনত আপুনি ঘৰত কেচি বেজি ব্যৱহাৰ নকৰিব। ( Religious Studies )


এই সম্পূর্ণ কাতি মাহত, দিপাৱলীৰ আটাকেইটা দিনত  আপুনি ঘৰৰ যাতে প্ৰত্যেক সন্ধ্যা তুলসী তলত ঘীউ বন্তিগচ জ্বলে। আৰু এই দিপাৱলী দিনা আপুনি ঘৰৰ মৃতকৰ পৰা আৰ্শীবাদ লবলৈ নাপাহৰিব। দিপাৱলীত যেতিয়া আপুনি চাকি জ্বলাব, তেতিয়া সদায়ে এটা কথা মন কৰিব, যে ঘৰৰ এগচ মুখ্য চাকি থাকে। প্ৰথমে আপুনি পূজা ঘৰত এগচি চাকি দিব। সেই বন্তি গচে হল ঘৰৰ মুখ্য চাকি। সেই চাকিগচ ঘৰৰ অন্য চাকিতকে আকাৰত ডাঙৰ হয়। সেই চাকি ঘীউৰ হোৱাতো প্ৰয়োজন। বাকী চাকি মিঠাতেলৰ দিব পাৰে। কিন্তু প্রথম এগচ চাকি, যি অন্য চাকিতকে আকাৰত ডাঙৰ আৰু এই চাকি ঘীউৰ চাকি। আৰু এই চাকি জ্বলোৱাৰ পাচতহে বাকী চাকি জ্বলাব। চাকিৰ সংখ্যা সদায়ে বিজুৰীয়া হব লাগে। যেনে, ১৫,১৭,১৯,২১,২৩,মুখ্য চাগিগচক ধৰি জুৰীয়া হব নালাগে। বিজুৰীয়া হব লাগে। দিপাৱলী দিনা ভাৰতৰ বিভিন্ন প্ৰান্তৰত ঘৰে ঘৰে লক্ষ্মী পূজা কৰাৰ নিয়ম আছে। যি সকল লোকে দিপাৱলী পৱিত্ৰ দিনা লক্ষ্মী পূজা কৰিব বিচাৰে, তেওঁলোকৰ বাবে শুভ সময় হৈছে। ৪নৱেম্বৰ বৃহস্পতিবাৰ। অমাৱশ্যাৰ দিনটো এটা শুভ দিন। সেইদিনা যদি স্হিৰ লগনত লক্ষ্মী পূজা কৰা হয়, ইয়াৰ শুভ ফল নিশ্চিতভাৱে পাব। কাৰণ স্হিৰ লগনত কৰা ঘৰত পূজা বিশ্বাস কৰা হয় যে, ঘৰখনত স্হায়াভাৱে লক্ষ্মী দেৱী বসবাস কৰে। দুটা লগন হৈছে। এটা হৈছে বৃষভ লগন। ঘৰখন উজ্বলাই তুলিব। ঘৰত লাইট জ্বলাই ৰাখিব। আৰু বিশ্বাস কৰা হয় যে, এইদিনা ঘৰৰ সকলো দুৱাৰ খিৰিকি খুলি ৰখা হয়, যাতে লক্ষ্মী মা আপোনাৰ ঘৰত আগমন হব পাৰে। প্ৰত্যেকে ঘৰলৈ লক্ষ্মী মাতাক নিমন্ত্রণ কৰিবলৈ, স্বাগতম জনাবলৈ, দিপাৱলী দিনা এখন ৰঙা বা হালধীয়া কাপোৰ লব। তাত আপুনি বজাৰৰ পৰা এটা বস্তু আনিব। সেয়া হৈছে ঘুমতি চক্র। ১১টা আনিব। এই ঘুমতি চক্র ঘূৰণীয়া। ইয়াৰ যাতে চুক কোণ ভঙা নাথাকে। ঘুমতি চক্র আনি এখন হালধীয়া বা ৰঙা কাপোৰত ৰাখি দিপাৱলী দিনা সন্ধ্যা সময়ত লক্ষ্মী ফটো সন্মুখত হালধীয়া বা ৰঙা কাপোৰত এই ১১টা ঘুমতি চক্র ৰাখিব। অলপ গংগা জল চটিয়াব। প্ৰত্যেকতে এটা এটা সেন্দূৰৰ ফুট দিব। লক্ষ্মী মাক একান্ত মনে ভাৱিব যে, হে মা লক্ষ্মী তোমাৰ কৃপা আমাৰ ঘৰত, আমাৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰ মাজতে বিৰাজ কৰি থাকে। আবাহন কৰিব যে, যি দায় দোষ কৰিছো ক্ষমা কৰিব। আৰু সেইদিনা ঘুমতি চক্র লক্ষ্মী মাৰ ফটো সন্মুখতে থাকিবলৈ দিব। পাচদিনা এই ঘুমতি চক্রৰ টুপুলাতো আপুনি আপোনাৰ ধন ৰখা স্হানত থৈ দিব। প্ৰত্যেকে বছৰে আপোনাৰ ধন ৰখা স্হানত এটা সৰু সৰু টুপুলা বৃদ্ধি পাব। সৰু সৰু টুপুলা যেতিয়া আপোনাৰ ধন ৰখা স্হানত বৃদ্ধি পাব, তেতিয়া গম পাব আপোনাৰ ধনৰ ভৰাঁলটো লাহে লাহে বৃদ্ধি পাইছে। লক্ষ্মী মাৰ কৃপা আপোনাৰ জীৱনত, আপোনাৰ ঘৰখনত লাহে লাহে বৃদ্ধি পাব লৈছে। ১১টা ঘুমতি চক্রৰ দ্বাৰা আপোনাৰ ঘৰলৈ লক্ষ্মী মাক স্বাগতম কৰিব পাৰে। আৰু লগতে বিশেষ কৃপা লাভ কৰিব পাৰে।। (কথাখিনি অসমীয়া বাস্তু শাস্ত্ৰৰ পৰা সংগ্ৰহিত)।


দিপাৱলীৰ মহত্ব-


*দিপাৱলীত মুখ্য ৰূপত-দেৱী লক্ষ্মী আৰু শ্ৰী গণেশৰ পূজন কৰা হয়।মান্যতা অনুসাৰে-এই দিনা মা লক্ষী সকলোৰে ঘৰত আৰ্শীবাদ দিবলৈ আহে।দিপাৱলীৰ দিনা শুভ মুহুত্ব অনুসাৰে-দেৱী লক্ষ্মীৰ পূজন বিধি-পূৰ্ৱক ভাৱে কৰিলে-সকলো মনৰকামনা পূৰ্ণ হয়।মনা হয় যে-এই পৰ্ৱ-ভগৱান শ্ৰী ৰামে-লংকাপতি ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰি-১৪বছৰ বনবাস সম্পূৰ্ণ কৰি-অয্যোধালৈ ঘূৰি অহাৰ আনন্দতে-এই উৎসৱ পালন কৰা হয়।সেইবাবে এইদিনা-প্ৰতিখন ঘৰতে বন্তিৰে সঁজোৱা হয়।দিপাৱলীৰ দিনা বহু লোকে এজনে আনজনৰ ঘৰলৈ গৈ মিঠাই ভগাই।

২০২২বৰ্ষৰ দিপাৱলী-২৪অক্টোবৰ সোমবাৰে-পালন কৰা হব।দিপাৱলীত মুখ্য ৰূপত দেৱী লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ পূজা কৰা হয়।মান্যতা অনুসাৰে-দিপাৱলী দিনা মা লক্ষ্মী সকলোৰে ঘৰত আৰ্শীবাদ দিবলৈ যায়।দিপাৱলীৰ শুভ মুহুত্ব অনুসাৰে-দেৱী লক্ষ্মীৰ পূজা বিধি-পূৰ্ৱক ভাৱে কৰিলে-সকলো মনৰকামনা পূৰ্ণ হয়।দিপাৱলীক দীপ উৎসৱো কোৱা হয়।হিন্দু ধৰ্মৰ বাহিৰে-বৌদ্ধ,জৈন,আৰু শিখ ধৰ্মৰ সকলোৱেও-দিপাৱলী পালন কৰে।জৈন ধৰ্মত দিপাৱলীক ভগৱান মহাবীৰৰ মোক্ষ্য দিৱস ৰূপে পালন কৰে।


*এইদিনা ঘৰত

দেৱী লক্ষ্মী আৰু ভগৱান শ্ৰী গণেশৰ পূজন কৰা হয়।এই পৰ্ৱ উল্লাহ আৰু সুখ-সমৃদ্ধিৰ প্ৰতীক মনা হয়।দিপাৱলী প্ৰতি বছৰে-কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱশ্যা তিথিত পৰে।


*দিপাৱলীৰ শুভ মুহুত্ব-


*২০২২বৰ্ষৰ-

২৪অক্টোবৰ আৰু ২৫ অক্টোবৰ-দুটা দিনতে অমাৱশ্যা তিথি পৰিছে।কিন্তু ২৫ অক্টোবৰত অমাৱশ্যা তিথি-সন্ধ্যৰ আগতে সমাপ্ত হব।২৪অক্টোবৰত সন্ধ্যা  সময়ত অমাৱশ্যা তিথি হব।সেইদিনা নিশা সময়তো অমাৱশ্যা তিথি থাকিব।সেইবাবে-২৪অক্টোবৰতে সকলোতে দিপাৱলী পালন কৰা হব।


*২৩অক্টোবৰ ৰবিবাৰে-ত্ৰয়োদশ তিথি আবেলি-৬বাজি-৪মিনিটলৈ থাকিব।তাৰ পাছত চতুদৰ্শী তিথি আৰম্ভ হব।চতুদৰ্শী তিথি-২৪ অক্টোবৰ সোমবাৰে আবেলি-৫বাজি ২৮মিনিটত শেষ হব।আৰু তাৰ পাছত অমাৱশ্যা তিথি আৰম্ভ হব।২৫অক্টোবৰ মংগলবাৰে অমাৱশ্যা তিথি-আবেলি ৪বাজি-১৯মিনিটলৈ থাকিব।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page




No comments:

Post a Comment

Advertisement

Pages