শাৰদীয় পূৰ্ণিমাত পায়সৰ মহত্ব : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 8, 2022

শাৰদীয় পূৰ্ণিমাত পায়সৰ মহত্ব : Religious Studies

Religious Studies

 

মান্যতা অনুসাৰে নিশাটো জোনৰ পোহৰত শাৰদীয় পূৰ্ণিমাৰ দিনা-পায়স ৰাখিলে,পায়সত ঔষধী গুণ আহে। Religious Studies )


তাৰপাছত পুৱা সেই পায়স সেৱন কৰিলে-স্বাস্থ্য ভালে থাকে। হিন্দু ধৰ্মত সকলো পূৰ্ণিমা তিথিতকে আহিন মাহৰ শাৰদীয় পূৰ্ণিমাৰ বিশেষ মহত্ব হয়।শাৰদীয় নৱৰাত্ৰি শেষ হোৱাৰ পাছত-আহিন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত শাৰদীয় পূৰ্ণিমা বা কৌজাগৰ পূৰ্ণিমা পালন কৰা হয়। ২০২২বৰ্ষৰ শাৰদীয় পূৰ্ণিমা ৯অক্টোবৰ-দেওবাৰে পালন কৰা হব।


শাৰদীয় পূৰ্ণিমাৰ দিনা মা লক্ষ্মীৰ বিশেষ কৃপা প্ৰাপ্ত হয়।শাৰদীয় পূৰ্ণিমাৰ নিশাটো সুখ আৰু সমৃদ্ধি প্ৰদান কৰা নিশা বুলি গণ্য কৰা হয়।কাৰণ-কৌজাগৰী পূৰ্ণিমাত মা-লক্ষ্মী পৃথিৱীলৈ আহে,আৰু ঘৰে ঘৰে ভ্ৰমণ কৰে।শাৰদীয় পূৰ্ণিমাত মা লক্ষ্মীৰ বিশেষ পূজা কৰা হয়।আৰু এইদিনা ঘৰখন চাফ-চিকুণ কৰি-মা লক্ষ্মীৰ মন্ত্ৰৰ জাপ কৰা হয়।মান্যতা অনুসাৰে যি ঘৰত চাফ-চিকুণতা আৰু সঁজোৱা হয়,আৰু নিশাটো উজাগৰে থাকি মা লক্ষ্মীৰ আৰাধনা কৰা হয়,সেই ঘৰত মা-লক্ষ্মীৰ বাস হয়।আৰু ব্যক্তিক- সুখ,ধন,সম্পত্তিৰ আৰ্শীবাদ প্ৰদান কৰে।ইয়াৰ বাহিৰেও শাৰদীয় পূৰ্ণিমাৰ নিশা মুকলি আকাশৰ তলত পায়স ৰখা হয়।মান্যতা অনুসাৰে-উৰে নিশাটো জোনৰ পোহৰত শাৰদীয় পূৰ্ণিমাত পায়স ৰাখিলে-পায়সত ঔষধীয় গুণ আহে।আৰু পাছদিনা পুৱা এই পায়স সেৱন কৰিলে-স্বাস্থ্য ভালে থাকে। Religious Studies )


শাৰদীয় পূৰ্ণিমাত পায়সৰ মহত্ব-


ধাৰ্মিক গ্ৰন্থ অনুসাৰে চন্দ্ৰমাক মন আৰু ঔষধিৰ দেৱতা মনা হয়।শাৰদীয় পূৰ্ণিমাৰ নিশা চন্দ্ৰমাই নিজৰ-১৬কলাৰ দ্বাৰা পৰাপূৰ্ণ হয় পৃথিৱীত অমৃতৰ বৰষা কৰে।


এই দিনা জোনৰ পোহৰত গাখীৰৰে তৈয়াৰী পায়সক ৰূপৰ পাত্ৰত সেৱন কৰিব লাগে।ৰূপত প্ৰতিৰোধক ক্ষমতা অধিক থাকে।ইয়াৰ দ্বাৰা বীজাণু দূৰ হয়।শাৰদীয় পূৰ্ণিমাত-চন্দ্ৰমাৰ পোহৰত পায়স ৰখাৰ বিধান আছে।পায়সত থকা সকলো সামগ্ৰী-যেনে-গাখীৰ,চেনি,চাউল'ৰ কাৰক চন্দ্ৰমা হয়।অন্তত ইয়াত চন্দ্ৰমাৰ প্ৰভাৱ সৰ্বাধিক হয়।


শাৰদীয় পূৰ্ণিমাৰ দিনা মুকলি আকাশৰ তলত পায়সত যেতিয়া চন্দ্ৰমাৰ কিৰণ পৰে,তেতিয়া সেই পায়স অমৃত তুল্য হয়।যাক প্ৰসাদ ৰূপে গ্ৰহণ কৰিলে-বছৰলৈ ব্যক্তিজন নিৰোগী হয়।প্ৰাকৃতিক চিকিৎসালয়ত-এই পায়সৰ সেৱন কিছু ঔষধি মিহলাই ডমা ৰোগীক দিয়া হয়।এই পায়স-পিত্তশামক,শীতল,সাত্বিক,হোৱাৰ লগতে বছৰেকলৈ-প্ৰসন্নতা আৰু আৰোগত্যাৰ সহায়ক সিদ্ধ হয়।ইয়াৰ দ্বাৰা শৰীৰে শান্তি পায়।


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com


Religious Studies

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Religious Studies )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages