এক কথা অনুসাৰে-এজন খেতিয়কৰ দুগৰাকী পুত্ৰী আছিল। ( Religious Studies )
দুইজনী পুত্ৰীয়ে পূৰ্ণিমা দিনা ব্ৰত ৰাখিছিল।কিন্তু ডাঙৰ জীয়ৰীয়ে সম্পূৰ্ণ ব্ৰত কৰিছিল আৰু সৰু জীয়ৰীয়ে অসম্পূৰ্ণ ব্ৰত কৰিছিল।ইয়াৰ পৰিণাম এয়া হল যে-সৰু জীয়ৰীৰ সন্তানে জন্ম হৈয়ে মৃত্যুক সাৱটি লব লগীয়া হৈছিল।
সৰু জীয়ৰীয়ে এই বিষয়ে পণ্ডিতসকলক ইয়াৰ কাৰণ সুধাত-পণ্ডিতসকলে কলে যে-তুমি পূৰ্ণিমাত অসম্পূৰ্ণ ব্ৰত কৰিছিলা।যাৰ বাবে তোমাৰ সন্তানে জন্ম হৈয়ে-মৃত্যুক সাৱটি লয়।পূৰ্ণিমাৰ সম্পূৰ্ণ ব্ৰত বিধি-পূৰ্ৱক ভাৱে কৰিলে-তোমাৰ সন্তান জীৱিত থাকিব পাৰে।
সৰু জীয়ৰীয়ে পণ্ডিতৰ কথাত-পূৰ্ণিমাৰ সম্পূৰ্ণ ব্ৰত বিধি-পূৰ্ৱক ভাৱে কৰিলে।কিছু দিনৰ পাছত সৰু জীয়ৰীৰ লৰা সন্তান এটি হল।যি কিছু দিনৰ পাছত লৰা সন্তানটিয়ে পুনৰ মৃত্যুক সাৱটি ললে।সৰু জীয়ৰীয়ে মৃত লৰাটোক এখন পীড়াত শুৱাই কাপোৰৰে ধাকি দিলে।আৰু ডাঙৰ বায়েকক মাতি আনি বহিবলে বায়েকক সেইখন পীড়াকে দিলে।বায়েকে পীড়াত বহিবলৈ লওঁতে-বায়েকৰ কাপোৰ সেই মৃত লৰাটোৰ গাত লাগিল। ( Religious Studies )
বায়েকৰ কাপোৰ মৃত লৰাঞোৰ গাত লাগিলতে-লৰাটোৱে কান্দিবলৈ ধৰিলে।তেতিয়া বায়েকে ভনীয়েকক কলে যে-তই মোক কলংক সানিব বিচাৰিছিলি!মই পীড়াত বহা হলেই-এই অকমাণিটোৱে মৃত্যুক সাৱটিলে হয়। বায়েকৰ কথা শুনি-ভনীয়েকে কলে-মোৰ লৰাটোৱে আগৰেপৰা মৃত আছিল।তোমাৰ স্পৰ্শৰ পৰাই-মোৰ লৰাটো পুনৰ জীৱিত হল।তোমাৰ পুণ্যৰ দ্বাৰাই মোৰ লৰাটোৱে পুনৰ জীৱন পালে।
এই ঘটনাৰ পাছতে-সৰু জীয়ৰীয়ে নগৰত- পূৰ্ণিমাৰ সম্পূৰ্ণ ব্ৰত ৰখাৰ ঢোল বজায় জনালে।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment