হিন্দু ধৰ্মত পূৰ্ণিমাৰ বহুত অধিক মহত্ব হয়।আহিন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাক শাৰদীয় পূৰ্ণিমা কোৱা হয়। ( Religious Studies )
এইদিনা নিশা চন্দ্ৰমা ১৬কলাৰ দ্বাৰা পৰিপূৰ্ণ হয়।এই শুভ নিশা চন্দ্ৰমাৰ পৰা ওলোৱা কিৰণ অমৃতৰ সমান হয়।এই বৰ্ষৰ শাৰদীয় পূৰ্ণিমা-৯অক্টোবৰ ৰবিবাৰে হৈছে।শাৰদীয় পূৰ্ণিমাৰ দিনা মা লক্ষ্মীক প্ৰসন্ন কৰাৰ বিশেষ দিন হয়।মান্যতা অনুসাৰে-এইদিনা মা লক্ষ্মী ভ্ৰমণ কৰিবলৈ ওলায়।
*শাৰদীয় পূৰ্ণিমাৰ দিনা পুৱা সোনকালে উঠি স্নান কৰিব লাগে।এইদিনা পবিত্ৰ নদীত স্নান কৰাৰ বহুত অধিক মহত্ব হয়।স্নান কৰাৰ পানীত গংগা জল মিহলাই স্নান কৰিব পাৰে।স্নান কৰাৰ সময়ত সকলো পবিত্ৰ নদীৰ ধ্যান কৰিব লাগে।
*স্নান কৰাৰ পাছত ঘৰৰ মন্দিৰত দ্বীপ প্ৰজলিত কৰিব লাগে।
*পাৰিলে এইদিনা ব্ৰতত থাকিব লাগে।
*সকলো দেৱী-দেৱতাক গংগা জলেৰে অভিষেক কৰিব লাগে।
*পূৰ্ণিমাৰ শুভ দিনা
ভগৱান বিষ্ণুৰ পূজা-অৰ্চনাৰ বিশেষ মহত্ব হয়।
*পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুৰ লগত মাতা লক্ষ্মীৰ পূজা-অৰ্চনা কৰিব লাগে।
*ভগৱান বিষ্ণুক ভোগ দিব লাগে।ভগৱান বিষ্ণুৰ ভোগত তুলসী অৰ্পণ কৰিব লাগে।ধাৰ্মিক মান্যতা অনুসাৰে-তুলসীৰ অবিহনে ভগৱান বিষ্ণুয়ে ভোগ স্বীকাৰ নকৰে।
*এই কথা মন কৰিব লাগে যে-ভগৱানক কেৱল সাত্বিক বস্তুৰেহে ভোগ দিব লাগে।
*ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ আৰতি কৰিব লাগে।
*এই শুভ দিনত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ অধিক ধ্যান ৰাখিব লাগে। ( Religious Studies )
*পূৰ্ণিমাত চন্দ্ৰমাৰ পূজাৰো বিশেষ মহত্ব হয়।
*চন্দ্ৰদয় হোৱাৰ পাছত চন্দ্ৰমাৰ পূজা অৱশ্যে কৰিব লাগে।
*এইদিনা অসহায় লোকক দান কৰিব লাগে।
*চন্দ্ৰমাক অৰ্ঘ দিলে-দোষৰ পৰা মুক্তি পোৱা যায়।
*আপোনাৰ ঘৰৰ আশে-পাশে গৰু থাকিলে,গৰুক ভোজন কৰাব লাগে।গৰুক ভোজন কৰালে বহু ধৰণৰ দোষৰ পৰা মুক্তি পোৱা যায়।
শাৰদীয় পূৰ্ণিমাত কি কৰিব লাগে-
শাৰদীয় পূৰ্ণিমাৰ দিনা উজাগৰে থাকি, মা-লক্ষ্মীৰ আৰাধনা কৰিব লাগে।
*শাৰদীয় পূৰ্ণিমাৰ দিনা-কিছু সময়ৰ বাবে-চন্দ্ৰমাৰ শীতল পোহৰত বহিব লাগে।
*শাৰদীয় পূৰ্ণিমাৰ বাতাবৰণে ডমা ৰোগীসকলৰ বাবে-বিশেষভাৱে লাভজনক হয়।
*শাস্ত্ৰ অনুসাৰে-
লংকা ধিপতি ৰাৱণে,শাৰদীয় পূৰ্ণিমাৰ নিশা-কিৰণৰ দৰ্পণৰ মাধ্যমেৰে নিজৰ নাভিত গ্ৰহণ কৰিছিল।মান্যতা অনুসাৰে-এই প্ৰক্ৰিয়াৰ দ্বাৰা ৰাৱণে পুনযৌৱনৰ শক্তি লাভ কৰিছিল।
*শাৰদীয় পূৰ্ণিমাত চন্দ্ৰমাৰ পোহৰত কম বস্ত্ৰত ঘূৰা ব্যক্তিৰ ওৰ্জা প্ৰাপ্ত হয়।যাৰ দ্বাৰা স্বাস্থ্য ভালে থাকে।
*শাৰদীয় পূৰ্ণিমাৰ নিশা-চন্দ্ৰমাৰ ফালে চাই বেজিত সূঁতা ভৰালে-চকুৰ জ্যোতি বৃদ্ধি হয়।
*শাৰদীয় পূৰ্ণিমাৰ নিশা-
১০'ৰপৰা-১২বজাৰ সময়ত চন্দ্ৰমাৰ ৰশ্মি নিজৰ স্থানত থাকে।সেইবাবে সেই সময়ত চন্দ্ৰমাৰ দৰ্শন কৰিব লাগে।
*শাৰদীয় পূৰ্ণিমাৰ দিনা এই কথা মন কৰিব লাগে-
শাৰদীয় পূৰ্ণিমাৰ দিনা জল আৰু ফলৰ সেৱন কৰি ব্ৰত ৰাখিব পাৰি।এইদিনা সাত্বিক ভোজনে গ্ৰহণ কৰিব লাগে।এইদিনা কলা ৰংৰ বস্ত্ৰ পৰিধান কৰিব নালাগে।বগা ৰংৰ বস্ত্ৰ ধাৰণ কৰা শুভ মনা হয়।শাৰদীয় পূৰ্ণিমাৰ দিনা ব্ৰত কথা অৱশ্যে শুনিব লাগে।
এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment