অভিমানৰ অভিমানী ( খণ্ড - ১৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 5, 2022

অভিমানৰ অভিমানী ( খণ্ড - ১৮ ) : Assamese Storyboard

Assamese Storyboard

 

 

         মাক বৃষ্টি ৰোমত আহিল দূৰৰ পৰাই চালে , নিয়ৰ বৃষ্টি হাতত ধৰি বহা ঠাইতে শুই আছে ।  Assamese Storyboard )


:: কি চাইছা ? ( দেউতাক আহি মাত দিলে, মাক উচুপ খাই উঠিল )


:: আপুনি  ... চাওঁক চোন , মাজনী বাবে তাৰ কিমান কষ্ট হৈছে , ইমান দিন ভালদৰে শুইছে নে ভালদৰে খাইছে । 

     বৃষ্টি বৃষ্টি বুলি তাই লগতে দিন ৰাতি লাগি আছে ।  


:: হয় অ... শুব দিয়া তাক অলপ , মাত দি আমনি নকৰিবা ! 


****


      নিয়ৰ টোপনি গৈছিল হে , বৃষ্টি জাপ মাৰি উঠি বহিল । 


:: নিয়ৰ ... সি আহিছে , মোক মাৰিব এতিয়া... মোক সি মাৰি পেলাব এতিয়া ... 


     বৃষ্টি মাতত সি সাৰ পাই গল ।  মাক দৌৰি আহিল ।


:: কোন আহিছে, কত কাক দেখিলা অ... মই আছোঁ, তুমি শুই যোৱা ... 


:: মাজিনী কোন আহিব আমি থাকোতে , নিয়ৰ তোমাৰ কাষতে আছে । মই ভাত আনো খাই লোৱা । 


  ( মাক গৈ ভাত আনি দিলে, আৰু নিজৰ কামত লাগিল )


:: মই ভাত কেনেকৈ খাম নিয়ৰ.. চোৱা তুমি মোৰ মুখত কি বান্ধি থৈছা ... 


     ( তাই হাঁহিলে, তাইৰ তেনেকুৱা কথাবোৰ কলে নিয়ৰৰ বুকু বিষাই কিন্তু কি কৰিব সি তাইক দেখুৱাই কান্দিব নোৱাৰে সি ! তাই সৰু ছোৱালী দৰে কৰিব লৈছে )


:: মই খুলি দিম নহয়.. খাই হলে বান্ধি দিম । 


:: হাহা.. তুমি পাগল .. মানুহৰ মুখ বান্ধি থয় নেকি ? তুমি একো নাযানা .. মই নাখাও ভাত ... ( তাই মুখ খন বেলেগ ফালে কৰি দিলে ) 


:: মোৰ লগত ফুৰিব নোযোৱা তুমি ? 


:: যাম ...যাম... বলা আমি ফুৰি আহি ভাত খাম । পাৰ্কত যাম ; 


:: তুমি ভাত খাই লোৱা, তাৰ পিছত যাম হব ?


:: হব ... ঐ.. নাখাও না.. মোৰ হাত খন বিখাইছে..  তুমি খাই দিয়া ...


:: মই খুৱাই দিম ... মোৰ অভিমানী জনীক মই খুৱাই নিদিলে কোনে খুৱাই দিব ; চাও মুখ মেলা ...


      সি তাই মুখৰ কাপোৰখন খুলি ভাত খুৱাই দিলে । 


:: নিয়ৰ... মোক সি মাৰিব নোৱাৰে ন..? তুমি তাক মাৰিবা ন ?


:: ওম.. তোমাক মাৰিলে মই মাৰিম তাক ... মোৰ পত্নীক মাৰিব কাৰ সাহস আছে অ...


:: পত্নী ... ( তাই চিঞৰ এটা মাৰি বিছনা পৰা উঠিল । দৌৰি গৈ আইনা আগত থিয় হৈ এটা ডাঙৰ চিঞৰ মাৰিলে । মাক , দেউতাক দৌৰি আহিল )


:: কোন... কোন.. এইজনী কোন ? নিয়ৰ চোৱা এইজনীয়ে মোক মাৰিব । তোক মই মাৰি পেলাম আজি, 


          তাই আইনা খনত হাতেৰে মাৰি ভাঙি পেলালে, তাই হাতৰ পৰা তেজ বৈ গল । নিয়ৰ, দেউতাকে তাইক ৰাখিব চেষ্টা কৰিও পৰা নাই । নিয়ৰে এবাৰ ধৰি আনি তাইক বিচনাত বহাই দিলে ।।


:: মা... মা... ডেটল আৰু কাপোৰ আনক ।  

   ( মাক বাহিৰলৈ দৌৰ দিলে আনিবলৈ )


:: কি পাপ কৰিছিলোঁ আমি মাজনী... কিয় তোমাক ইমান কষ্ট দিছে ; ( দেউতাক কান্দি কান্দি বহি পৰিল )


:: মোক সেন্দুৰ লাগে ... মোক সেন্দুৰ লাগে.. কিয় মোক বিধবা কৰিছা, নিয়ৰ তোমাক মাৰি পেলালে , মোৰ সেন্দুৰ কত ? মোক সেন্দুৰ লাগে ... Assamese Storyboard )


   ( তাই পাগলৰ দৰে চিঞৰি উঠিল  ।  তাই টেবুলৰ ওচৰত সেন্দুৰ এটা পৰি আছিল দেউতাকে তুলি আনি নিয়ৰৰ হাতত দিলে । মাকে ডেটল, কাপোৰ লৈ আহিল  )


:: মাজনী ... আজি মই মোৰ মনৰ পৰা এইটো দিছোঁ লোৱা , আশিবাদ কৰিছোঁ তোমাৰ শিৰৰ সেন্দুৰ সদায় জিলিকি থাকক ।

      নিয়ৰ আজি আমাৰ আগতে তাই শিৰত সেন্দুৰ দিয়া ;


     নিয়ৰে বৃষ্টি শিৰত সেন্দুৰ দিলে । মাক - দেউতাকৰ চকুত চকুপানী । নিয়ৰে মাক - দেউতাকক সেৱা কৰিলে । বৃষ্টিয়ে সেন্দুৰবোৰ চুই হাঁহি আছে ।


:: উঠা নিয়ৰ ... আমাক সেৱা কৰিব নালাগে । মোৰ ছোৱালী তোমাক দিলোঁ, সৰু পৰা বহুত মৰমত ৰাখিছোঁ , তাইক দুখ নিদিয়া বুলি বিশ্বাস আছে ।  ( দেউতাকে কলে )


:: নিয়ৰ.. তাইক কোনোদিনে দুখ নিদিবা.. তাইক তোমাৰ বাহিৰে আনে ভাল কৰিব নোৱাৰে । তাইক আগৰ দৰে কৰা তাৰ পিছত আমি বিয়া পাতি দিম তোমালোকৰ । ( মাকে কলে )


:: মা.. চিন্তা নকৰিব , মোৰ আগৰ অভিমানী জনীক মই আকৌ ঘূৰাই আনিম ।।


:: আশীবাদ থাকিল ।। 


  মাক - দেউতাক ওলাই গল । নিয়ৰে তাই হাতত কাপোৰ বান্ধি দিলে । 


:: ঐ মোক ভাল লাগিছে নে ? 


:: ওম.. তোমাৰ শিৰত সেন্দুৰ বহুত ভাল লাগে ...


:: ভাত খালো.. এতিয়া ফুৰিব যাম .।।


:: যাব অ.. কাইলৈ যাম ..


:: নাযাও মই আজি যাম , মোক লৈ যোৱা ...  নহলে মই মৰি থাকিম ।


:: পাগলী.. কি কথা কোৱা ... কাইলৈ যাম..


:: ঐ.. নোযোৱা ন তুমি ..? 


:: যাম. 


      নিয়ৰে মাক - দেউতাকক সুধি তাইক লৈ পাৰ্কলৈ বুলি ওলাই গল । বৃষ্টি তাৰ কান্ধত মোৰ থৈ শুই গৈছে । আগফালৰ পৰা পৰা ট্ৰাক এখনে সিহঁতক খুন্দা মাৰিলে ।

      নিয়ৰে  বৃষ্টিক সাৱটি ললে তাৰ পিছত পিছত কি হল জানিব অহা কালি ।।।

     

    ****

     

         ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ১৭ )-

https://www.smj24.in/2022/10/assamese-storyboard_2.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages