মাজনিশাৰ উঁচুপনি ( খণ্ড_২০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, October 3, 2022

মাজনিশাৰ উঁচুপনি ( খণ্ড_২০ ) : Assamese Storyboard

Assamese Storyboard

       


            .......... আইজনী , ভালে আছ নে ...? 


: বৰদেউতা , মই কল্যাণী । মোৰ ভালেই , আপোনাৰ...?


: ভাল ভাল মাজনী । বৈশালীক ফোনটো দিয়াচোন...! 


: দিছোঁ ৰ'ব । বৈশালী..! বৰদেউতাই ফোন কৰিছে । কল্যাণীৰ মাতটো শুনি বৈশালী ওলাই আহিল । ....বৰদেউতা , বৈশালীক দিছোঁ । কথা পাতক ।  ফোনটো আগবঢ়াই দিলে বৈশালীলৈ  । Assamese Storyboard )


: হেল্ল'...! বৰদেউতা 


: আইজনী অ'...! কি কৰি আছিলি....? 


: পাকঘৰত আছিলোঁ । ভালে আছে নে আপুনি....?


: আছোঁ আৰু কোনোৰকম । কথা এটা ক'বলৈহে ফোন কৰিছিলো ...! 


: কি কথা বৰদেউতা....? 


: কালি মই ড্ৰাইভাৰ ল'ৰাটোৰ ঘৰলৈ গৈছিলোঁ । ঘৰখনত তলা লগাই থোৱা আছিল । বংশৰ মানুহবোৰে সি মৰিল বুলিয়েই এৰি দিলে । এতিয়া সি জীয়াই আছে নে মৰিলে সেই কথা কোনেও নাজানে । 


: তেতিয়া হ'লে বৰ ডাঙৰ বিপদ হ'ব বৰদেউতা । কেনেকৈ বিচাৰি উলিয়াম সেই ল'ৰাজনক ....? 


: তাক বিচাৰিবলৈ বৰ বেছি অসুবিধা নহ'ব আইজনী । কালি পুলিচে গ্ৰেপ্তাৰ কৰা আশুতুষ চক্ৰৱৰ্তী লগত তাৰ মুখখনৰ সাইলাখ মিল আছে । মোৰ বোধেৰে আশুতুষ চক্ৰৱৰ্তীয়ে সেই ল'ৰাজন । 


: কিন্তু....! ই কেনেকৈ সম্ভৱ....? চেহেৰাৰ মিল আছে বুলিয়েই নিৰ্দোষী ল'ৰা এটাক মিছাতেই দোষী সজাব নোৱাৰি নহয় ।


: সম্ভৱ আইজনী । তাৰ মুখখন মোৰ ভালকৈয়ে মনত আছে । 


: অসম্ভৱ বৰদেউতা ...! মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ ।

: প্ৰথমে ময়ো বিশ্বাস কৰা নাছিলোঁ । কিন্তু খুৰীয়েৰাৰ মুখতেই সঁচা কথাবোৰ ওলাই গ'ল ।


: বৰদেউতা.....? 


: আশুতুষ চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ বাবে খুৰীয়েৰাই বৰকৈ দুখ কৰিছে । বহুত সহায় কৰিছিল হেনো খুৰীয়েৰাক । তই এটা কাম কৰ....


: কি কাম বৰদেউতা....? 


: তই আজিয়ে খুড়া খুৰীয়েৰাৰ ঘৰলৈ যা । তেতিয়া তই নিজেই কথাবোৰ অনুমান কৰিব পাৰিবি । 


: ঠিক আছে বৰদেউতা । মই আজিয়েই খুড়াহঁতৰ ঘৰলৈ যাম । 


: হ'ব আইজনী । এতিয়া ৰাখিছোঁ দে ।  ফোনটো কাটি দিলে ডিম্ব ককাইটিয়ে । ফোনটো হাততে লৈ পাকঘৰলৈ দৌৰ মাৰিলে বৈশালী । 


        ...... বাইদেউ , বৰ ডাঙৰ কথা হ'ল ! বৰদেউতাই কৈছে , আশুতুষ চক্ৰৱৰ্তীয়ে হেনো সেই ড্ৰাইভাৰ ল'ৰাজন । 


: কি...? 


: উম...., বাইদেউ । চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ বাবে খুড়ীয়ে হেনো বৰকৈ দুখ কৰিছে । সেয়ে বৰদেউতাই আজিয়েই মোক খুড়াহঁতৰ ঘৰলৈ যাবলৈ কৈছে । 


: খুড়াহঁতৰ ঘৰলৈ গৈ তুমি কৰিবা কি বৈশালী...? 


: মনৰ দুখত খুড়ীয়ে সঁচা কথাবোৰ কৈ দিবও পাৰে । সেয়ে বৰদেউতাই মোক যাবলৈ কৈছে । 


: সেইটো অৱশ্যে হয় । কিন্তু ইমান সহজতে খুড়ীয়েৰাই সঁচা কথাবোৰ ক'ব জানোঁ....! 


: খুড়ীয়ে ইমান সহজতে মুখ নোখোলে । খুড়াৰ লগত অলপ মিহি মিহিকৈ কথা পাতিলে সঁচা কথাবোৰ কৈ দিবও পাৰে । 


: তেন্তে তুমি এটা কাম কৰিবা । মাৰ মোবাইলটো তুমি লগত লৈ যাবা । খুড়াই যদি সঁচা কথাবোৰ কয় লগে লগেই তুমি ভইছ ৰেকৰ্ডিং নাইবা ভিডিও ৰেকৰ্ডিং কৰিবা । 


: হ'ব বাইদেউ । 


: যোৱা , সোনকালে ৰেডী হোৱাগৈ ।  ফোনটো কল্যাণীৰ হাতত দি পাকঘৰৰ পৰা ওলাই আহিল বৈশালী । বৰ খৰখেদাকৈ কাপোৰ কেইটামান বেগ এটাত ভৰাই কাপোৰযোৰ সলাই ললে বৈশালীয়ে । 


      ...... বৈশালী , তোমাৰ হ'লনে....? খাই লোৱাহি ...! পাকঘৰৰ পৰাই চিঞৰিলে কল্যাণীয়ে । কল্যাণীৰ চিঞৰ শুনি নিবিৰ আৰু তৰুলতা আহি ডাইনিংত বহিল । গৰম চাহ কাপৰ সৈতে লুচিকেইখন খাই তৰুলতাক মাতষাৰ দি বৈশালী কল্যাণীহঁতৰ ঘৰৰ পৰা ওলাই গ'ল । 


: বৈশালী বা ক'ত গৈছে বা...? 


: খুড়াকৰ ঘৰলৈ গৈছে । 


: বৰ টেনশ্যনত থকা যেন লাগিল যে বৈশালী বাক....? 


: একো টেনশ্যন নাই হোৱা বৈশালীৰ । সোনকালে ৰেডী হগৈচোন...! থানাৰ পৰা আহিবগৈ লাগিব । 


: মই যাব নোৱাৰিম । মোৰ কাম এটা আছে । 


: তই মোক থানাত থৈ আহিলেই হ'ব । 


: মই নোৱাৰোঁ বুলি কৈছোঁ নহয় , অ'ট এখন লৈ গুচি যা ।


: ঠিক আছে।  তোৰো সময় আহিব ।  কথাষাৰ কৈয়ে খঙেৰে উঠি গ'ল কল্যাণী । কল্যাণীৰ পাছে পাছে ভিতৰলৈ সোমাই গ'ল নিবিৰ ।


      .... তোৰ খং উঠিছে নহয় জানোঁ ! ৰহ....! মই সাউৎকৰি ৰেডী হৈ লওঁ । তই ৰেডী হ.... 


: নালাগে । মই অকলে যাব পাৰিম । খঙেৰে কলে কল্যাণীয়ে


: তোক মই ধেমালিহে কৰিছিলোঁ ...! তই একেবাৰে চিৰিয়াছ হৈ গ'লি । 


: সকলো সময়তে ধেমালি ভাল নালাগে নিবিৰ । 


: sorry ! মই কাণত ধৰিছোঁ চা ! আজিৰ পৰা ইমান চিৰিয়াছ ধেমালি নকৰোঁ তোৰ লগত ।  বৰ দুখেৰে কলে নিবিৰে । নিবিৰৰ তেনে আচৰণ দেখি কল্যাণীৰ চকু দুটা চলচলীয়া হৈ  পৰিল । 


: নিবিৰ, তোৰ বাহিৰে মোৰ কোন আছে কচোন...!  নিবিৰক বুকুত সাৱটি ললে কল্যাণীয়ে । ... মই ৰেডী হৈ লওঁ । তয়ো ৰেডী হগৈ । নিবিৰৰ কপালত চুমা এটা খাই কলে কল্যাণীয়ে । মিচিকিয়া হাঁহি এটা মাৰি নিবিৰ কল্যাণীৰ ৰূমটোৰ পৰা ওলাই আহিল । কুৰটাটো গাত সুমুৱাই চুলিকেইডাল আঁচুৰিবলৈ লওঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । চুলিকেইডাল একোচাকৈ বান্ধি ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । 


: হেল্ল'....! 


: বৰুৱানী , বৰ ডাঙৰ প্ৰব্লেম এটা হৈছে । 


: কি প্ৰব্লেম হৈছে ছাৰ....? 


: আশুতুষ চক্ৰৱৰ্তী নামৰ যিজন ল'ৰা আমি গ্ৰেপ্তাৰ কৰিছিলোঁ সেইজন ল'ৰা বোলে আশুতুষ চক্ৰৱৰ্তী নহয় । তেওঁৰ নাম সমীৰণ কলিতা ।


: কি....? তেন্তে আশুতুষ চক্ৰৱৰ্তী কোন...? 


: মই confused হৈ গৈছোঁ । এনেকুৱা কেচ আগতে মই পোৱা নাই । 


: ছাৰ , এটা কথা ভাবি মই আচৰিত হৈছোঁ , সমীৰণ কলিতাই নিজকে কিয় আশুতুষ চক্ৰৱৰ্তী বুলি চিনাকী দিছিল ...? ইয়াৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য লুকাই আছে ছাৰ । 


: মিছেছ বৰুৱানী , ফ্ৰী আছে যদি থানালৈ এপাক আহিবচোন...! 


: থানালৈ যাম বুলি মই ৰেডীয়ে হৈ আছিলোঁ । আপুনি ফোন কৰিলে ভালেই হ'ল । থানাতে থাকিব নহয়...? 


: থাকিম , তেন্তে আমি থানাতে কথা পাতিম । নে কি কয়...? 


: ঠিক আছে ছাৰ ।  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে । ফোনটো পাৰ্চটোত ভৰাই কল্যাণী আগফালে ওলাই আহিল । ....নিবিৰ , অলপ খৰখেদা কৰ । উভটি আহোঁতে বজাৰ কেইটামান কৰিব লাগিব । 


: গৈছোঁ ..., বাইকৰ চাবিটো বিচাৰি পোৱা নাই । ভিতৰৰ পৰাই চিঞৰি কলে নিবিৰে । 


: ফ্ৰীজৰ ওপৰত চাচোন ..! তাতে দেখা পোৱা যেন লাগিছিল । 

       ফ্ৰীজৰ ওপৰৰ পৰা চাবিপাত লৈ নিবিৰ ওলাই আহিল । বাইকখন ষ্টাৰ্ট কৰি ৰাস্তালৈ উলিয়াই নিলে নিবিৰে । গেটখন বন্ধ কৰি বাইকত বহিল কল্যাণী । ....নিবিৰ , বৈশালীয়ে তোলৈ ফোন কৰিছিল নেকি...? 


: বৈশালী বাৰ দেখোঁন ফোন নাইয়ে । ক'ৰ পৰা ফোন কৰিব ।


: মাৰ ফোনটো লৈ গৈছে । 


: অ'....! তই তেন্তে ফোন এটা কৰি চা । মায়ে মোবাইলত তোৰ নাম্বাৰটো জান বুলিহে চেভ কৰি থৈছে । বৈশালী বাৰটো তোৰ নাম্বাৰ মনত নাই ।  Assamese Storyboard )


: উম...! মইয়ে ফোন এটা কৰি চাওঁ । পালেগৈ নাই ... পাৰ্চৰ পৰা ফোনটো উলিয়াই বৈশালীলৈ ফোন লগালে কল্যাণীয়ে । ৰিং কৰাৰ লগে লগেই ফোনটো ৰিচিভ কৰিলে বৈশালীয়ে । 


: হেল্ল'...! 


: বৈশালী , মই কল্যাণীয়ে কৈছোঁ । পালাগৈ নে...? 


: পালোঁহি বাইদেউ । এইটো আপোনাৰ নাম্বাৰ নেকি...? 


: এইটো মোৰ নাম্বাৰ । কিবা খবৰ থাকিলে মোক জনাবা । খুড়া খুড়ীয়ে কিবা কৈছে নেকি তোমাক...?


: একো কোৱা নাই বাইদেউ । কিন্তু খুড়ীয়ে বৰ মন মাৰি আছে । 

: তুমি খুড়ীৰ লগত কথা পাতা । মই থানালৈ আহি আছোঁ নিবিৰৰ লগত । ৰাতিলৈ ফোন কৰিম তোমাক । 


: হ'ব বাইদেউ ।  ফোনটো কাটি দিলে বৈশালীয়ে । বৈশালীৰ লগত কথা পাতি গৈ থাকোঁতেই কল্যাণী গৈ থানা পালেগৈ । বাইকৰ পৰা নামি থানাৰ ভিতৰলৈ সোমাই গ'ল কল্যাণী । 


: পালেহি । আপোনাৰ কাৰণেই ৱেইট কৰি আছিলোঁ । 


: হয়নেকি...! ছাৰ , ইন্দ্ৰনীল বৰুৱাক এবাৰ লগ কৰিব পাৰিম নেকি...?


: এতিয়া লগ কৰিব নালাগে মিছেছ বৰুৱানী । আপোনাৰ বাবে এটা good news আছে । 


: Good News...! মোৰ Good News...? 


: হয় । আপোনাৰ সাহস দেখি আমি সচাঁকৈ অভিভূত হৈ পৰিছোঁ । সেয়ে আমাৰ থানাৰ তৰফৰ পৰা সাহসিকতাৰ বঁটা প্ৰদান কৰি সন্মানিত কৰিব বিচাৰিছোঁ ।  


: এইবোৰ কিয় কৰিব লাগে ছাৰ..? 


: এনেকুৱা কিছুমান কাৰ্যৰ জৰিয়তে আপোনাৰ দৰে আন বহু নাৰীয়ে সাহস পাব , অন্যায়ৰ বিৰুদ্ধে মূৰ দাঙি মাত মাতিবলৈ সাহস পাব । 


: আগতে দুষীক উপযুক্ত শাস্তি দিয়ক । তাৰ পাছত এইবোৰ কৰিব । 


: দোষীয়ে উপযুক্ত শাস্তি পোৱাৰ পাছতহে আপোনাক এই বঁটাৰে সন্মানিত কৰা হ'ব । 


: ছাৰ , নিয়মতে ডাক্তৰ চেটাৰ্জীকো গ্ৰেপ্তাৰ কৰিব লাগে । তেৱোঁ এজন অপৰাধী ।


: গ্ৰেপ্তাৰ কৰিম । কিন্তু তাৰ আগতে আশুতুষ চক্ৰৱৰ্তী আৰু সমীৰণ কলিতাৰ ৰহস্যটো উদঘাটন কৰিব লাগিব । মিছেছ বৰুৱানী মোৰ জৰুৰী মিটিং এখন আছে দুই বজাৰ পৰা । আপোনাক এৰিছোঁ এতিয়া ।


: ঠিক আছে ছাৰ । আপুনি যাওঁক , ময়ো গৈ থাকোঁ ।  কথাষাৰ কৈয়ে কল্যাণী থানাৰ পৰা ওলাই আহিল । কল্যাণীৰ দুই ওঁঠত বিৰিঙি উঠিল আনন্দৰ এটি মিঠা হাঁহি....


         ক্ৰমশঃ


✍🏻তীৰ্থ_পিন্টু_বড়া


মাজনিশাৰ উঁচুপনি  ( খণ্ড_১৯ ) - https://www.smj24.in/2022/10/assamese-storyboard.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

Advertisement

Pages