অভিমানৰ অভিমানী ( খণ্ড - ৩০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 30, 2022

অভিমানৰ অভিমানী ( খণ্ড - ৩০ ) : Assamese Storyboard

Assamese Storyboard

 


          নিজৰা ওলাই গল , দূৱৰি দেউতাকৰ কোলাত বহি ললে । নিজৰা গুচি গলে দূৱৰিয়ে মন মাৰি থাকিব ললে । Assamese Storyboard )


      লাহে লাহে সন্ধিয়া নামি আহিল । নিয়ৰে দূৱৰিক লৈ ৰোমলৈ গল আৰু কিতাপ উলিয়াই তাইক পঢ়াব ললে ।। 


  *****


    পিছদিনা পুৱাই নিয়ৰ যাবলৈ ওলাল , দূৱৰিয়ে প্ৰথম যাব নালাগে কৈছিল কিন্তু নিজৰা অহাত দেউতাকক সোনকালে আহিব কৈ বিদায় দিলে । 

       দূৱৰিক এৰি নিয়ৰ থাকি পোৱা নাই যদিও আন কোনো উপাই নাছিল ! 

    নিয়ৰে নিজৰাক যাব সময়ত কৈ গৈছিল যদি পাৰে দূৱৰি লগত থাকিব , নিজৰাই  থাকিম কৈ নিয়ৰ যোৱা ফালে চাই থাকিল ।

     নিজৰাই কোনোদিনে নিয়ৰক ভালপোৱা দৃষ্টিয়ে চোৱা নাই , কিন্তু আজি নিয়ৰে যেতিয়া দূৱৰিৰ লগত থাকিব কৈছিল আৰু সি গুচি গৈছিল তাইৰ এনেকুৱা লাগিছিল তাই যেন নিয়ৰৰ অন্তৰত কোনোবা এঠাইত আছে, 

    নে তাই তাৰ প্ৰেমত পৰিছে নেকি ?? 

       নাই হব নোৱাৰে নিয়ৰক আপোন কৰা কথা তাই কেতিয়াও ভাবিব নোৱাৰে ! তাই মনৰ মাজত কি যে ভাৱনাই ঠাই লৈছে , তাই নিজকে বাৰে বাৰে কৈছে নিয়ৰ তোৰ ভিনি , তই বৃষ্টি ঠাই লব চেষ্টা নকৰিবি ।

       এইবোৰ ভাবি তাই পদূলি মুখতে ৰৈ আছিল ; পিছফালৰ পৰা দূৱৰি আহি মাত দিয়াত তাই উচপ খাই উঠিল ...


:: কি হল মাহী ; কি ভাবি আছা ?


:: নাই ভবা একো ; কোৱা এতিয়া কি কৰিবা ?


:: তুমি এতিয়া মোক ছবি আঁকি দিব লাগিব ;


:: মই নাজানো নহয় ছবি আঁকিব ! 


:: নহব মোক লাগিব ...


:: হব ভিতৰত যাওঁ তাৰ পিছত চেষ্টা কৰিম ...


:: আহা...


       নিজৰা আৰু দূৱৰি বিচনাত বহি ছবি আঁকিব ধৰিলে , মাজে মাজে দূৱৰি হাঁহি , আইতাক চাহ লৈ সোমাই আহি সিহঁতৰ ওচৰতে বহিল ।


:: নিজৰা .. চাহ খোৱা ! আমাৰ মাজনীয়ে চাগে তোমাক বৰ আমনি কৰিছে ন ?


:: আইতা মই মাহীক একো আমনি কৰা নাই ... কৰিছোঁ জানো মাহী ..?


:: নাই কৰা .. মাজনীয়ে মোৰ লগত ছবি হে আঁকি আছে ;


:: নিজৰা ভাত ইয়াতে খাবা , মই তোমাৰ বাবে ভাত বনাইছো ;


:: নালাগে , মই ঘৰতে খাম , গা ধুব আছেই ; ভিনি যাওঁতে তাই আমনি কৰিব বুলি হে আহিলো .. 


:: নাই নহব মাহী তুমি ভাত খাব লাগিব, নহলে মইও নাখাও ;


:: হব , খাম বাৰু এতিয়া মই গা ধুই আহো তুমি ছবি আঁকি থাকা ; 


:: মইও যাম তোমাৰ লগত গা ধুব ...;


:: মাজনী .. মাহীক ইমান আমনি নকৰিবা .. আকৌ আহিবয়েই ..


:: মই মাহীক আমনি কৰা নাই নহয় ; 


:: ঠিক আছে তেন্তে ; আহা মোৰ লগতে গা ধুবা , আৰু লগতে আহিম .. 


:: যাওঁ আইতা ... By by 


        দূৱৰি জাপ মাৰি উঠিলে বিছনা পৰা , আৰু নিজৰা লগত ওলাই গল । আইতাকে হাঁহি এটা মাৰি পাকঘৰত সোমাল ।।


    ***


     নিজৰা আৰু দূৱৰি গা ধুই বাৰাণ্ডাতে বহিল , নিজৰা মাক আহি নিজৰাক কাম অলপ আছিল কৰিব কলে নিজৰা গুচি গল ।

      নিজৰা মাক দূৱৰি কাষতে বহিল ।


:: দেহা , ভাত খালা নে ?


:: নাই , মাহী আৰু মই লগতে খাম , আইতাই বনাই আছে ;


:: দেউতা গুচি গল নেকি ?


:: ওম.. আকৌ আহিব ...


:: তোমাক মনে মনে কথা এটা কম কাকো নকবা দেই .. মাহী, আইতা , দেউতা কাকো নকবা কিন্তু ..


:: কি কথা , নকওঁ বাৰু ..


:: তুমি দেউতা লগত আৰু নাযাবা , দেউতা ভাল মানুহ নহয় , তুমি দেউতাক কবা মাহী লগত থাকিম যদি মাহী যায় ঘৰত যাম কবা ..


:: মোৰ দেউতা বেয়া মানুহ নহয় ; আপুনি মিছা কথা কৈছে ! মোৰ দেউতাই মোক বহুত মৰম কৰে , আৰু মাহী লগত ইয়াত থকা লৈকে থাকিম , তাৰ পিছত মই স্কুল যাব লাগিব নহয় ।


:: মাহী গলে সদায় স্কুলৰ পৰা অহা পিছত তোমাৰ লগত খেলিব পাৰিব , 


:: মই তেতিয়া দেউতা লগত খেলিম .. !


:: মাহী থাকিলে তোমাক দেউতাই একো কৰিব নোৱাৰে , নহলে কি ঠিক মা দৰেই যদি তুমাকো কিবা কৰে ..


:: মাক দেউতাই কি কৰিলে ?


:: এইবোৰ তুমি কাকো নকবা , মই পিছত তুমি আহিলে সকলো কথা কম ...


:: হব ...


      নিজৰা অহা দেখি মাকে তাইক আৰু একো নকলে ! 


:: মা .. কি কথানো পাতি আছা ইমান মনে মনে  !


:: কিনো পাতিম , তোমাৰ লগত খেলি কেনেকুৱা পাইছে , দেউতাকলৈ মনত পৰিছে নেকি সেইবোৰে ; নহয় নে দূৱৰি ?


:: ওম হয় ... মাহী যাওঁ বলা ..


:: মা .. আমি যাওঁ .. সোনকালে আহিম মই ..


:: হব যোৱা , যদি দূৱৰিয়ে এৰি দিব মন নকৰে তাইক এৰি নাহিবা , লৈ আহিবা .. 


:: হব মা ...


         নিজৰা দূৱৰি গুচি গল , আইতাক সিহঁতৰ বাবেই ৰৈ আছিল , যোৱা লগে লগে ভাত দিলে .. 

       ভাত খাই উঠি নিজৰাই বাচন ধুলে দূৱৰি কাষতে ৰৈ থাকিল । আইতাক বিচনাত উঠিলগৈ , দুপৰীয়া ভাত খাই অলপ শুৱাতো তেওঁ অভ্যাস । Assamese Storyboard )

       

     ***


:: মাহী .. দেউতালৈ ফোন কৰা না .. কথা পাতিব মন গৈছে ..


:: Number নাই নহয় মোৰ ওচৰত ..


:: মই জানো 


:: কোৱা মই call লগাই দিম বাৰো ...;


     দূৱৰিয়ে number কৈ দিলে নিজৰাই call লগাই দিলে । 


:: দেউতা , কি কৰিছা ?


:: দেহা ... মই আহি আছোঁ , তুমি কি কৰিছা ?


:: মই মাহী লগত বহি আছোঁ ,  কেতিয়া পাবাগৈ তুমি ? মোলৈ মনত পৰা নাই তোমাৰ ?


:: বহুত মনত পৰিছে দেহা , মই অলপ পিছতে পামগৈ ; তুমি মাহীক আমনি নকৰিবা দেই বেছি ! মাহী লগতে খেলি থাকিবা ; মই সোনকালে গৈ তোমাক লৈ আহিম দেহা !


:: হব দেউতা , মই মাহী লগতে গা ধুই আহি ভাত খালোঁ , তুমি খাই লবা ...


:: ওম .. খাম দিয়া দেহা ... মাহীক দিয়া ফোনটো ...


    দূৱৰিয়ে নিজৰাক দিলে ....


:: ভিনি কওঁক .. 


:: নিজৰা তাইক অলপ চাবা , মই কামবোৰ হলেই যাম , সৰু পৰা এনেকৈ এৰি থাকি পোৱা নাই , চিন্তা হৈছে কি বা কৰিব তাই ..


:: চিন্তা নকৰিব আপুনি মই আছোঁ নহয় !  আপুনি কামবোৰ ভালদৰে কৰি আহক ;


:: ধন্যবাদ ; কিবা আমনি কৰিলে মোক ফোন কৰিবা , এতিয়া ৰাখিছোঁ ।


:: হব ... 


        নিয়ৰে ফোন ৰাখিলে , দূৱৰি মনটো সেমেকি উঠিল ! দেউতাকলৈ মনত পৰিছে তাই ।


   সৰু পৰা মাক নোহোৱা ছোৱালী জনীক সি বহুত মৰমত ৰাখিছে , কোনোদিনে মাক যে নাই তাৰ অলপো অনুভৱ হব দিয়া নাই সি ! 

     নিজেই নিজানত বৃষ্টিক সুঁৱৰি চকুপানী মছি তাইৰ মুখত হাঁহিটো আনি দিছে ! 

 


   দূৱৰি তেনেকৈ থকা দেখি নিজৰা মনটো বেয়া লাগিল ; তাইক সাৱটি ললে..


:: মাহী .. দেউতালৈ মনত পৰিছে , কেতিয়া আহিবনো ?


:: সোনকালে আহিব তুমি মন বেয়া নকৰিবা ..  ইমান ডাঙৰ ছোৱালীয়ে মন বেয়া নকৰে নহয় ;


:: মা থকা হলে এতিয়া মোৰ লগত থাকিলে হয় ন মাহী ?


:: আছে দেহা , মা সদায় তোমাৰ কাষতে আছে , মই আছোঁ নহয় তুমি এনেকৈ মন বেয়া কৰি থাকিলে মই কিন্তু কান্দি দিম ।


         দূৱৰি নিমাত হৈ নিজৰা বুকুৰ মাজত সোমাই পৰিল , নিজৰা চকুপানী বৈ আহিল । এদিন তাইক বৃষ্টিয়ে কৈছিল ..

   " মই যদি কেতিয়াবা মৰি যাওঁ তুমি কিন্তু আমাৰ ঘৰত আহি থাকিবা নিজৰা, মা দেউতাই তোমাক বহুত ভালপাই , মোৰ অভাৱ তুমি দূৰ কৰিবা " 

     নিজৰাই বাধা দি কৈছিল "বৃষ্টি বা কি কথা যে কৈ থাকে আপুনি"

    আজি কথাবোৰ মনত পৰি তাই চকুপানী বাধা দিব পৰা নাই , দূৱৰি এতিয়া বুজি পোৱা হৈছে , মাকৰ অভাৱ তাই অনুভৱ কৰিছে !  

     কি যে নিষ্ঠুৰ নিয়তি কণমানি জনীক মাকৰ মৰমৰ পৰা বঞ্চিত কৰিলে ! 

        


:: দেহা .. কান্দিছা নেকি চাওঁ ...  আজি আবেলি আমি ওলাই যাম দেই ...


      দূৱৰি পৰা কোনো সঁহাৰি নাপায় নিজৰাই বুকুৰ মাজৰ পৰা মুখ খন আনি চালে , দূৱৰি টোপনি গল । 

      নিজৰাই তাইক নি আইতাকৰ ওচৰত শুৱাই দিলে , 


:: মাজনী টোপনি গল নেকি নিজৰা ...

     ( আইতাক সাৰ পাই মাত দিলে )


:: ওম .. দেউতাকলৈ মনত পৰিলে , তেনেকৈয়ে শুই থাকিল ..!


:: কি যে লিখা আছে কণমানি জনী কপালত !


:: যি হব ভালেই হব দিয়ক ; মই এতিয়া অলপ ঘৰত যাওঁ আবেলি আহিম ; তাই উঠিলে মোক এবাৰ মাত দিব ..


:: হব যোৱা , তোমাৰ হে কষ্ট হৈছে তাইৰ লগত, তোমাক লগ নেৰা হৈছে ; 


:: নাই কি কষ্ট হব নো ! মই দিনটো এনেই থাকোঁ এতিয়া তাইক লগ পাই মোৰো ভাল লাগিছে । এতিয়া যাওঁ মই ..


:: ওম যোৱা ....


    নিজৰা ওলাই গল , আইতাকে দূৱৰি কপালত চুমা এটা আঁকি কাষতে শুই থাকিল ।


     ***


       সন্ধিয়া হল নিয়ৰ গৈ ঘৰ পালেগৈ , গা ধুই ৰোমলৈ গৈ বৃষ্টি ফটো খনৰ ওচৰত বহিল ..!


:: ঐ ছোৱালী .. চোৱা না আজি ঘৰখন কিমান উকা উকা লাগিছে , তুমি চাগে বেয়া পাইছা ন তাইক তেনেকৈ  থৈ অহা বাবে , বেয়া নাপাবা অ সোণ  দেউতা ঘৰত নাই , মা অকলে আছে তাতে তুমিও ইমান দূৰ গুচি গলা বিচাৰিলেও নাপাওঁ তোমাক , মাই কোৱা বাবে তাইক অলপ দিন থাকিব দিলোঁ । 

     নিজৰা লগত খেলি থাকি তাই বৰ ভাল পাইছে , তুমি একো চিন্তা নকৰিবা মই সোনকালে গৈ তাইক লৈ আহিম । 

    তুমিও নাই তাইও নাই বোৰ উকা উকা লাগিছে অ.. 

   ঐ বৃষ্টি তুমি যতেই আছা তাৰ পৰাই আশিবাদ কৰিবা আমাৰ ছোৱালী যাতে তুমি বিচৰা দৰেই হয় ।

     বৰ মনত পৰিছে অ তোমালৈ কিয় নো মোক এৰি গলা সোণ ... 


     ***


   নিয়ৰে বৃষ্টি ফটো খনৰ ওচৰতে মোৰ থৈ চকুপানী বোৰ বাধা নিদি বৈ যাব দিলে । 

     দিনটো আহি থকা নিজকে বৰ ভাগৰুৱা যেন লাগিল তাৰ । চকুদুটা মুদি দিওতেই  টোপনি আহিল । 

      কাৰোবাৰ হাতৰ পৰশ সি অনুভৱ কৰিছে কিন্তু চাব পৰা শক্তি যেন তাৰ নাই । 

   কোনোবাই কানে কানে কৈছে দুখ নকৰিবা মই আছোঁ নহয় তোমাৰ লগত , কিন্তু মোৰ তুলি চাব খুজিও সি পৰা নাই । তাৰ মূৰটো যেন কোনোবাই কোলাত লৈ তাক কৈছে শুই যোৱা নিয়ৰ .... শুই যোৱা ....


      ****


             ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ২৯ )-

https://www.smj24.in/2022/10/assamese-storyboard_70.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages