অভিমানৰ অভিমানী ( খণ্ড - ২৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 26, 2022

অভিমানৰ অভিমানী ( খণ্ড - ২৭ ) : Assamese Storyboard

Assamese Storyboard

 

      লাহে লাহে দিন বোৰ পাৰ হল । বৃষ্টি দহা - কাজ সম্পূৰ্ণ হল, বৃষ্টি মাক - দেউতাক কালিলৈ যাবগৈ , কণমানি জনীক কোলাত তুলি বৃষ্টিৰ মাক - দেউতাক সকলো লগতে বহিল ।  Assamese Storyboard )


      নিয়ৰে কণমানি জনীৰ মুখলৈ চাই চকুলো টুকি আছে , বৃষ্টি দেউতাক আহি নিয়ৰৰ কাষতে বহিল ।


:: জোঁৱাই দুখ নকৰিবা, এতিয়া কণমানি জনীৰ মুখলৈ চোৱা, তুমিয়েই তাইক ডাঙৰ কৰিব লাগিব । 

     তুমি যিদৰে তোমাৰ পন্তীক হেৰুৱাইছে আমি আমাৰ ছোৱালীক হেৰুৱাইছো, সৰু পৰা বহুত মৰমত ডাঙৰ কৰিছিলোঁ কিন্তু কি কৰিবা কোৱা তাইৰ কপালত ইয়াকে লিখা আছিল । 

     যদি তুমি বেয়া নোপোৱা কথা এটা ভাবিছোঁ আমি, তোমাৰ মা - দেউতা লগত আলোচনা কৰিছিলোঁ সকলোৱে আগত কোৱাটো ভাল ।


:: কি কথা দেউতা...


:: তুমি ইমান বুজি পোৱা হোৱা নাই, কণমানি জনীক মাকৰ মৰম বহুত প্ৰয়োজন যদি তোমাৰ আপত্তি নাই তুমি কণমানি জনীক মাকৰ অভাৱ দূৰ কৰিব পাৰা ।

    আমি তোমাক জোৰ নকৰোঁ, কিন্তু তুমি যদি পুনৰ বিবাহ কৰোৱা তাত কিন্তু আমাৰ অলপো আপত্তি নাই । 

     আমাৰ ঘৰত গৈ থাকিবা, আমাৰ মাজনী দৰেই তাইক আমি আঁকোৱালি লম ।


:: দেউতা ... আপোনাৰ ভৰিত ধৰিছো আৰু এনেকুৱা কথা নকব ; মই কোনোদিনে বৃষ্টি ঠাই আনক দিব নোৱাৰোঁ । 

     তাৰ সলনি মোক মাৰি পেলাওক ।


:: কিয় তেনেকৈ কৈছা ! আমি বেয়া ভাবি কোৱা নাছিলোঁ , ঠিক আছে তুমি যি ভাল দেখা, কণমানি জনী নাম কি ৰাখিম ভাবিছা ?


:: বৃষ্টিয়ে এটা নাম ৰাখি গৈছে দূৱৰি ! সেইটোৱেই ৰাখিম ।


:: ঠিক আছে আজি পৰা আমাৰ কণমানি জনী নাম  দূৱৰি !  

      যদি পাৰা তাই অলপ ডাঙৰ হলে এবাৰ লৈ যাবা, অলপ দিন থকাকৈ যাবা ! মাজনীক ঘূৰাই নাপাওঁ কিন্তু দূৱৰি জনীক আমাৰ পৰা আঁতৰাই নিদিয়া যেন ।


:: দেউতা কিয় তেনেকৈ কৈছে, তাই অলপ ডাঙৰ হলেই লৈ যাম । মোক ক্ষমা কৰিব দেউতা মই তাইক আপোনালোকৰ বুকুৰ মাজৰ পৰা আনি বহু দূৰলৈ পঠাই দিলোঁ অ... 

    মই মোৰ অভিমানী জনীক বচাব নোৱাৰিলোঁ । 


:: নাকান্দিবা নিয়ৰ.. কান্দিলে জানো তাই ঘূৰি আহিব , আমি তোমাক কোনোদিনে ভুল ভবা নাই আৰু নাভাবো ।

    আনে কিবা ভাবিলেও আমি জানো তুমি তাইক কিমান ভাল পাইছিলা , তাইৰ বাবে কিমান কি কৰিছা ! তুমি দুখ নকৰিবা ।


***


      পিছদিনা বৃষ্টি মাক - দেউতাক গুচি গল । নিজৰ ছোৱালী জনীক হেৰুৱা দুখবোৰ বুকুৰ মাজতে সাঁচি ৰাখিলে, চকুপানী বোৰ বাধা দি থলে, নিয়ৰে দেখিলে মনত কষ্ট পাব বুলি । 


***

      এদিন দুদিন কৰি দূৱৰি ডাঙৰ হৈ আহিল, মাজে মাজে নিয়ৰে তাইক আইতাকৰ ঘৰত লৈ যায় ! 

    দূৱৰি বৃষ্টিৰ দৰেই একেই দেখাত,  নিয়ৰে কোনোদিনে তাইক মাকৰ অভাৱ অনুভৱ হব দিয়া নাই ।  

    যি লাগে কৈছে সকলো পাইছে , দূৱৰি আজি কালি বৃষ্টি দৰেই খুব অভিমান কৰে,   আইতাকৰ ওচৰত গৈ আমনি কৰি থাকিব , কিবা গালি পাৰিলে কান্দি কান্দি নিয়ৰৰ ওচৰত আহি অভিযোগ কৰিব । 

     

***


    কেতিয়া যে মাহ বছৰ পাৰ হৈ গল,  দূৱৰি ৫ বছৰত  ভৰি দিলে, ভালদৰে কথা কব পৰা হল, অহা কালি পৰা তাইক স্কুলত নাম লগাই দিয়া কথা আছে । 

      

    তাই মাজে মাজে গৈ মাকৰ ফটো খনৰ ওচৰত বহে আৰু নিয়ৰক সুধে 


:: দেউতা.. মা কিয় গুচি গল আমাক এৰি ? 

    

:: কোনে কৈছেনো মা আছে আমাৰ লগতে ..


:: মই দেখা নাপাওঁ কিয় ..? মই মোক বেয়া পাই চাগে ন ?


:: নাপায় মাজনী, মাই তোমাক বহুত ভালপাই মাই কৈছিল তুমি এদিন বহুত ডাঙৰ পুলিচ অফিচাৰ হবা, ভালদৰে পঢ়িবা আৰু মাই তোমাক দূৰ আকাশৰ পৰাই আশিবাদ দিব । 


:: মই মা দৰে ন দেউতা ..


:: ওম... একেবাৰে মা দৰেই ! কালি পৰা তুমি স্কুল যাবা, 


:: ওম যাম দেউতা মই ভালদৰে পঢ়িম ...


:: ভাত খাই লোৱা আহা...


:: নাই অ .. মোৰ খাব মন যোৱা নাই যে ..


:: মন নগলে নহব ; খাব লাগিব ! নহলে কেনেকৈ ডাঙৰ হবা .. মই খুৱাই দিলে খাবা নে ?


:: ওম.. খাম ...! 


      নিয়ৰে তাইক ভাত খুৱাই দিলে, ভাত খাই দেউতাকৰ কাষতে তাই শুই পৰিল । 

    তাইৰ কণমানি মুখ খনলৈ চাই নিয়ৰে জীয়াই থাকিব শিকিছে ,  দূৱৰি নিদ্ৰা মগ্ন সৰু কপাল খনত সি এটা চুমা আঁকি বৃষ্টি ফটো খনৰ কাষতে বহিল ।  Assamese Storyboard )

     সদায় দূৱৰি শুই যোৱা পিছত বৃষ্টি ফটো খনৰ আগত বহি মনৰ কথা পতাটো তাৰ অভ্যাস হৈ পৰিল । বৃষ্টিক অনুভৱ কৰে সদায় সি, তাই ওচৰত নাই যদিও তাইক সদায় সি তাৰ ওচৰত বিচাৰি পায় ।।


:: বৃষ্টি.. ঐ আমাৰ দূৱৰি ডাঙৰ হল অ.. তাই মোক তোমাৰ কথা সুধি থাকে, তুমি তাইক বেয়া পোৱা নেকি ? কিয় এৰি গলা তাইক .. কি কি যে প্ৰশ্ন শুধি থাকে নহয় ।

    অ তোমাক কুৱাই নাই কালি পৰা তাই স্কুল যাব ! তোমাৰ সপোনবোৰ সোনকালে পুৰণ হব  ; তুমি যতেই আছা তাৰ পৰাই তাইক আশীবাদ দিবা, তাই যে একেবাৰে তোমাৰ দৰেই হৈছে, সৰু সৰু কথাতে অভিমান , খং , তুমি থকা হলে যে কিমান ভাল লাগিল হয় । 

    বহুত মনত পৰে অ ছোৱালী তোমাৰ কথা , তুমি সদায় এনেকৈ মোৰ লগত থাকিবা দেই ।

   অ মই যাওঁ দেই দূৱৰি অকলেই শুই আছে মই নহলে ভয় কৰিব । 


     সি বৃষ্টিক বিদায় দি দূৱৰি কাষতে তাই মূৰত হাত বুলাই শুই পৰিল ।


     ***


    পিছদিনা পৰা দূৱৰি স্কুল যাব ললে , ভালদৰে পঢ়া শুনা কৰিছে, সহজে সকলো কথা মনত ৰাখিব পাৰে ! 

     ককাক - আইতাকৰ মৰম, দেউতাকৰ মৰম পাই তাই মাকৰ অভাৱ অনুভৱ কৰা নাই । 

      চোতালৰ আগফালে থকা ফুলবোৰৰ মাজে মাজে ৰঙীন পখিলা দৰে তাই খেলি ফুৰে, নিয়ৰে তাই ওচৰতে বহি তাইক চাই হেৰাই যায় কোনোবা অসীমত ।

     কেতিয়াবা দৌৰি আহি নিয়ৰক সোধে 


:: দেউতা পখিলা দৰে যদি মোৰো পাখি থাকিল হয়, মই উৰি ফুৰিব পৰিলোঁ হয়  ! 

     

     সি হাঁহি এটা মাৰি কয়...


::তুমি মোৰ পখিলা , তুমি সদায় মোৰ মনৰ মাজত উৰি ফুৰা ..


   তাই আকৌ দৌৰি গৈ ফুলবোৰৰ মাজত হেৰাই যায় ।

 

     ১ মাহৰ বাবে স্কুল বন্ধ আছে , বৃষ্টি মাক - দেউতাকে দূৱৰিক তাত নিয়া কথা কৈছিল, দূৱৰি যাব মন সেইকাৰণে তাইক লৈ নিয়ৰ বৃষ্টি ঘৰত গল । 

    বৃষ্টি মাক দৌৰি আহি কণমানি জনীক কোলাত ললে .. মাকৰ বুকুত যেন কিবা এটা দুখে খুন্দা মাৰি ধৰিছে,  যদি আজি ছোৱালী জনী থাকিল হয় , বাটৰ পৰাই চাগে মা , দেউতা বুলি চিঞৰি আহিল হয় ।

       নিয়ৰৰ চকুত চকুপানী..


:: জোঁৱাই .. কি হল ?


:: মা.. ইয়াত আহিলে তাই কথাবোৰে বৰকৈ আমনি কৰে অ... 


:: দুখ নকৰিবা , তুমি এনেকুৱা কৰিলে তাই বৰ কষ্ট পাব । 


:: দেউতা কিয় কান্দিছা... নাকান্দিবা..


:: আজি যদি তোমাৰ মা থাকিল হয় !


:: মা আছে নহয়, তুমিয়েই কোৱা চোন মাই আমাক চাই থাকে ..!


:: ওম.. হয় দিয়া ...


     নিয়ৰ গৈ বৃষ্টি ৰোমৰ বিছনা খনতে বহিল , মাকে কণমানি জনীক কোলাত লৈ কথা পাতি আছে তাই লগত ...

      বৃষ্টি শুৱা গাৰুটো বুকুত সাৱটি বিচনাতে বহি পৰিল ..


:: ছোৱালী অ... কিয় মোক এৰি গুচি গলি, এইখন বিচনাতে এদিন মোৰ নামৰ সেন্দুৰ শিৰত নেদেখি চিঞৰি উঠিছিলি ,  মোৰ বুকুৰ মাজত শুই টোপনি গৈছিলি এদিন, আজি তোৰ অভাৱ বৰকৈ অনুভৱ কৰিছোঁ অ সোণ ...

     বৰ অকশৰীয়া যেন লাগিছে, তই এবাৰ মোৰ কাষলৈ আহ না.. এবাৰ মোক সাৱটি ক না .. আৰু কেতিয়াও মোক এৰি নাযাওঁ বুলি .... ক না এবাৰ তুমি খুৱাই দিয়া ভাত... 

     ছোৱালী কি ভুল আছিল অ মোৰ কিয় তই এনেকৈ মোক এৰি গুচি গলি .... কিয় ছোৱালী.... কিয় ....?


     নিয়ৰ গাৰুটোত মুখ খন ঢাকি উচুপি উঠিল ।  বৃষ্টি দেউতাক আহি তাক মাত দিলে ..


:: জোঁৱাই দুখ নকৰিবা অ... যি হব লগা আছিল হল ।


:: দেউতা ... মই কি ভুলৰ শাস্তি পাইছোঁ অ....


     বৃষ্টি দেউতাকে আৰু একো কব নোৱাৰিলে, নিয়ৰক সাৱটি নিজৰ চকুপানী বোৰ লুকুৱাব চেষ্টা কৰিলে ।।


      ***


  পিছদিনা পুৱা নিয়ৰে দূৱৰিক লৈ অলপ ৰাস্তা ফালে ওলাই গল । ওচৰৰে মানুহ এগৰাকীয়ে নিয়ৰ আৰু দূৱৰিক দেখি মাত দিলে ...


:: জোঁৱাই... কেতিয়া আহিলা ? 


:: কালি আহিলো ...


:: অ... মাইনা জনী একেবাৰে মাকৰ দৰেই হৈছে...  কি নাম তোমাৰ মাইনা ...?


:: দূৱৰি... 


:: ডাঙৰেই হল ছোৱালী জনী... বলা জোঁৱাই আমাৰ ঘৰতে অলপ বহিবা ...


:: আজি নাযাওঁ চাগে ... পিছত কেতিয়াবা যাম , মা চাগে ৰৈ আছে ...


:: হব দিয়া মাক কৈ দিবা মোৰ কথা, খুৰি জনী ঘৰলৈ গৈছিলো বুলি ...


:: ঠিক আছে তেন্তে বলক... 


      বৃষ্টি ঘৰৰ ওচৰতে ঘৰ মানুহজনী, তাক বহিব দিলে আৰু মানুহজনী ভিতৰলৈ গল । অলপ পিছত ছোৱালী এজনী ওলাই আহিল আৰু নিয়ৰক পানী দিলে খাব আৰু দূৱৰিক কোলাত লৈ নিয়ৰৰ ওচৰতে বহিল । অলপ পিছত মানুহজনী ওলাই আহিল ।


           ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ২৬)-

https://www.smj24.in/2022/10/assamese-storyboard_4.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages