দূৱৰি আৰু নিজৰাক খেলি থকা চাই চাই কথা পাতি পাতি মাক আৰু নিয়ৰ বহি থাকিল .... ( Assamese Storyboard )
নিজৰা যাব হল কিন্তু দূৱৰিয়ে যাব নিদিয়ে , মাকৰ মৰম কি বুজি নোপোৱা ছোৱালীজনীয়ে নিজৰাক পাই এৰিব নিবিচাৰে , নিজৰাই আবেলি আহিম কৈ গুচি গল ।
দূৱৰি ফেকুৰি ফেকুৰি আইতাকৰ ওচৰত আহিল আৰু নিজৰা কথা কৈ অভিযোগ কৰিলে ।
:: আইতা চোৱা না মাহী মোৰ লগত নেখেলি গুচি গল..
:: মাজনী মাহী আকৌ আহিব নহয় , তুমি ঘৰত গুচি গলে কাৰ লগত খেলিবা
:: মই মাহীক লৈ যাম লগত, যদি নাযায় মই ইয়াতে থাকিম ,
:: তুমি ইয়াত থাকিলে কেনেকৈ পঢ়িবা , তাত স্কুল যাব লাগিব ।
:: মই ইয়াত পঢ়িম মাহী আছেই , মাহীয়ে পঢ়াব । মাহী বহুত ভাল মোৰ লগত খেলে , মা থকা হলে এনেকৈ মোৰ লগত খেলি থাকিলে হয় ন আইতা ..
:: ওম.. মাজনী দেউতা আছে নহয় দেউতা লগত খেলিবা ..
:: কি মাজনী , মাহীক পাই দেউতা কথা মনত নপৰা হল নেকি ?
:: নাই পাহৰা দেউতা .. তোমাক মই কিয় পাহৰিম, ( তাই গৈ দেউতাকৰ ডিঙিত ধৰি গালত চুমা খাই দিলে )
:: এতিয়া ভাত খাব লাগিব তুমি আৰু খাই অলপ শুই লবা , তাৰ পিছত মাহী আহিলে খেলিবা ..
:: হব দেউতা ...
:: মই তেন্তে ভাত দিও জোঁৱাই .. মুখ - হাত ধুই আহা ...
:: হব মা..
মাক ভাত দিবলৈ গল, নিয়ৰে দূৱৰিক মুখ - হাত ধুৱাই ভাত খোৱাব লৈ গল । ভাত খাই দূৱৰি অলপ শুলে , নিয়ৰ বাহিৰতে বহিল মাকৰ লগত কথা পাতি পাতি , অলপ পিছত নিয়ৰৰ ফোনটো ring কৰিলে ।
অলপ আঁতৰি গৈ কথা পাতিলে , মনটো অলপ গধুৰ যেন লাগিছে তাৰ । আহি আকৌ মাকৰ ওচৰত বহিল ।
:: কি হল জোঁৱাই , কিবা হৈছে নেকি ?
:: নাই মা , বিশেষ একো নাই , দেউতা অফিচৰ কাম অলপ আছিল তাকেই পাৰিলে যাব কৈছিল ।
:: যোৱা নহলে , কামটো কৰি আহা ...
:: তাকেই ভাবিছোঁ কি কৰো ।
:: মাজনী আহিছে হে এতিয়া থাকক অলপ দিন , কামটো হলে স্কুল খোলা আগত লৈ যাবা ।
:: সেইটোৱেই ভাবিছোঁ কিন্তু তাই যদি আমনি কৰে ..
:: নকৰে দিয়া , এতিয়া তাই বুজি পোৱা হৈছে, মই আছোঁ নিজৰা ও আহি থাকিব , ইমান চিন্তা কৰিব নালাগে !
অফিচৰ কিবা কাম যদি তোমাক দৰকাৰ হৈছে চাগে ,
:: ঠিক আছে মা , কিবা হৈছে চাগে মই কাইলৈ যাম ! কামটো হলেই তাইক লৈ যাম ।
কিবা আমনি কৰিলে Mobile টো আছেই ফোন কৰিলে হল ।
:: হব জোঁৱাই , একো চিন্তা নকৰিবা ...
***
আবেলি সময় নিজৰা মাকে বাৰণ্ডাতে বহি সূতা কাটি আছে , নিজৰাই চোতালতে বহি জেতুকা পিছি আছে ।
:: নিজৰা..
:: মা কোৱা..
:: দূৱৰি জনীয়ে তোমাক বৰ ভাল পাইছে চাগে ন !
:: ওম .. মোক একেবাৰে এৰি নিদিয়ে , আকৌ আহিম কৈ আহিছোঁ বুজাই মেলি ..
:: তাকেই মাক নোহোৱা ছোৱালী বেয়াই লাগে .. তুমি এটা কাম কৰিবা ( Assamese Storyboard )
:: কি মা ..?
:: যদি যোৱা জেতুকা অলপ খুন্দি লৈ যাবা তাইক লগাই দিবা বৰ ভাল পাব ।
:: হব মা ...
:: তাইক লৈ আহিবা , ইমান দিন ইয়াত থাকিব যেতিয়া অলপ পঢ়াই থাকিব পাৰিবা ...
:: মই ভাবিছিলো কথাটো কিন্তু ভিনিয়ে কি বা কয়..
:: কিনো কব ভালেই পাব ।
:: হব মা , মই যাম অলপ পিছত ...!
নিজৰা নিজৰ কামত লাগিল , মাকে মনে মনে ভাবিব ধৰিলে কেনেকৈ নিজৰাক নিয়ৰৰ কাষ চপাব পাৰি ।
কেনেবাকৈ যদি দূৱৰিক আপোন কৰিব পাৰি , তেতিয়া নিয়ৰক মোৰ জোঁৱাই হোৱা পৰা কোনেও বাধা দিব নোৱাৰে , যদি তাৰ পিছতো যদি নিয়ৰে মানা কৰে তেন্তে দূৱৰিক নিয়ৰৰ পৰা আঁতৰাই আনিব ।
দৰকাৰ হলে বৃষ্টি মৃত্যু কাৰণ নিয়ৰ বুলি বিশ্বাস দিয়াব দূৱৰিক ।
***
আজলী নিজৰাই মাকৰ এইবোৰ কল্পনা একো বুজি নাপায় । তাই এটাই আশা বৃষ্টি থকা হলে দূৱৰিক যিমান মৰম দিলে হয় , তাইৰ লগত যেনেকৈ থাকিল হয় , তেনেকৈ দূৱৰি থকা লৈকে তাইক মৰম দিব ।
তাতে দূৱৰি জনী দেখাত একেবাৰে বৃষ্টি দৰেই । দূৱৰি বাবে অলপ জেতুকা লৈ নিজৰা তাই ওচৰত গল ।
তাই তেতিয়া শুই উঠিছিল হে , নিজৰাক দেখি দৌৰি আহি সাৱটি ললে ।
:: মাহী.. কি আনিছা ...?
:: জেতুকা .. চোৱা মই লৈছো , তুমি লবা নে ?
:: ওম দিয়া ... ইমান ধুনীয়া লাগিছে তোমাৰ হাত খন ...!! সোনকালে দিয়া মোক ..
:: কিন্তু খেলিব নোৱাৰিবা ..
:: হব .. কিন্তু তুমিও মোক অলপ ফুৰাব নিব লাগিব ।
:: হব লৈ যাম ...
নিজৰাই দূৱৰি হাতত জেতুকা লগাই দিলে , নিয়ৰ ওচৰতে বহি বাতৰি কাকত পঢ়ি আছিল । দূৱৰি কথা শুনি তাৰ বৃষ্টি কথা মনত পৰি গল ।
মেডিকেলৰ পৰাই আহি তাক কম জিদ কৰিছিল নে ফুৰিব যোৱা বাবে । তাইৰ সেই অভিমানবোৰ ছোৱালী জনী গাত সম্পূৰ্ণ আছে , তাই দৌৰি দেউতাকৰ ওচৰত আহিল ।
:: দেউতা কেনেকুৱা লাগিছে ?
:: বৰ ধুনীয়া লাগিছে অ..
( নিয়ৰে তাই গালত চুমা এটা আঁকি দিলে )
:: দেউতা মই মাহী লগত অলপ ফুৰিব যাম নে ?
:: কত ফুৰিব যাবা ...
:: চকলেট আনিম দোকানৰ পৰা , পইচা দিয়া ..
নিযৰে পইচা উলিয়াই তাইৰ জেপত ভৰাই দিলে । তাই নিজৰা ওচৰলৈ দৌৰ দিলে ।
:: মাজনী লাহে লাহে যোৱা ...
নিজৰা লগত তাই দুকানলৈ বুলি ওলাই গল । নিয়ৰ পদূলি লৈকে সিহঁতৰ পিছে পিছে গল আৰু সিহঁত যোৱা ফালে চাই থাকিল ।
আজি যদি বৃষ্টি থাকিল হয় । বাৰে বাৰে তাইৰ কথাবোৰে তাক আমনি কৰিব ললে । পদূলি জপনাত হাত ৰাখি মুখৰ পৰা ওলাই গল বৃষ্টি এবাৰ ঘূৰি আহা !
সেই ঠাইতে ৰৈ সি ঘৰত যাওঁতে তাই চাই আছিল । চকুপানী মছি তাই কৈছিল ,
"মোক পাহৰি নোযোৱাটো "
শব্দবোৰ তাৰ কাণত এতিয়াও বাজি থাকে । বহুত বাধা দিও সি চকুপানী বোৰ বাধা দিব নোৱাৰিলে ;
তাৰ অনুভৱ হল কোনোবাই যেন তাৰ হাতত হাত ৰাখি কৈছে ...
" ঐ পাগল কিয় কান্দিছা , মই আছো নহয় , তোমাক এৰি জানো মই আঁতৰি যাম "
:: বৃষ্টি .... বৃষ্টি ....
সি চিঞৰি উঠিল, তাৰ চিঞৰ শুনি মাক দৌৰি আহিল ,
:: কি হল জোঁৱাই ...
:: মা.. বৃষ্টি ....
:: কি কৈছা .. কি বৃষ্টি ..
:: মা .. তাই মোক কিবা এটা কৈছিল ...;
:: জোঁৱাই ... আহা ভিতৰত .. তাই আৰু ঘূৰি নাহে অ..
:: কিন্তু মা ...
:: একো নাই আহা... বহি লোৱা অলপ ... কান্দি নাথাকিবা , তুমি এনেকৈ থাকিলে তাই শান্তি নাপাব ..
মাকে নিয়ৰক ধৰি নি বহাই দিলে ... নিয়ৰ মৌন হৈ বহি আছে , পদূলি পৰা চিঞৰি চিঞৰি দূৱৰি সোমাই আহিল । পিছে পিছে নিজৰা সোমাই আহিল হাতত চকলেট লৈ ।
:: দেউতা ... চোৱা কিমান চকলেট অনিছোঁ ।
:: ওম.. যোৱা তুমি আইতাই মুখ - হাত ধুৱাই দিব ...
:: হব দেউতা ...
আইতাকৰ লগত তাই গুচি গল । নিজৰাই চকলেট কেইটা টেবুলত থলে ..
:: ভিনি মই যাওঁ ... তাই আহিলে যাব নিদিব ।
:: আহিব দিয়া তাইক নহলে মোক বেছি আমনি হে কৰিব ।
:: বাৰু ... তাই যে বৃষ্টি বা দৰেই হৈছে একেবাৰে ইমান খং, অভিমান..
:: হয় অ...
:: আপুনি কান্দিছে কিয় ?
:: নাই অ.. এনেই কিবা এটা মনত পৰি গল ...
:: ভিনি আপুনি কান্দিলে ভাল নালাগে , যি হব লগা আছিল হৈ গল ।
:: ওম ... নিজৰা কালিলৈ পুৱাই মই ঘৰত যাব লাগিব অলপ কাম আছে ...
:: দূৱৰি গুচি যাব নেকি ?
:: নাই তাই থাকিব অলপ দিন .. তুমি যদি পাৰা তাই ওচৰত অলপ আহি থাকিবা ... তোমাক লগ পালে তাই মন ভাল লাগি থাকিব ..
:: ঠিক আছে ..
:: মই আহি গলো দেউতা ... চোৱা জেতুকা ৰং ধৰিলেই ...
:: সঁচাই মোৰ কণমানি জনীক বৰ ধুনীয়া লাগিছে অ...
:: দেহা ... মই এতিয়া যাওঁ.. কালিলৈ আহিব লাগিব নহয় ...
:: আহিবা কিন্তু সোনকালে মই ৰৈ থাকিম ।
:: হব ... মই যাওঁ ভিনি ..
:: ওম যোৱা ...
নিজৰা ওলাই গল , দূৱৰি দেউতাকৰ কোলাত বহি ললে । নিজৰা গুচি গলে দূৱৰিয়ে মন মাৰি থাকিব ললে ।
লাহে লাহে সন্ধিয়া নামি আহিল । নিয়ৰে দূৱৰিক লৈ ৰোমলৈ গল আৰু কিতাপ উলিয়াই তাইক পঢ়াব ললে ।।
*****
( আগলৈ )
🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )
অভিমানৰ অভিমানী ( খণ্ড - ২৮ )-
https://www.smj24.in/2022/10/assamese-storyboard_27.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment