অভিমানৰ অভিমানী ( খণ্ড - ১৯ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, October 7, 2022

অভিমানৰ অভিমানী ( খণ্ড - ১৯ ) : Assamese Storyboard

Assamese Storyboard

 

    নিয়ৰে মাক - দেউতাকক সুধি তাইক লৈ পাৰ্কলৈ বুলি ওলাই গল । বৃষ্টি তাৰ কান্ধত মোৰ থৈ শুই গৈছে । আগফালৰ পৰা পৰা ট্ৰাক এখনে সিহঁতক খুন্দা মাৰিলে । Assamese Storyboard )


      নিয়ৰে  বৃষ্টিক সাৱটি ললে, সিহঁতৰ চাগে ভাল দিন আছিল বিশেষ একো নহল । গাড়ী খন লাহে লাহে আহিছিল ;  নিয়ৰে মূৰত অলপ আঘাত পালে । 

      বৃষ্টি সাৰ পাই তাক জোৰকৈ সাৱটি ললে ।


:: নিয়ৰ .. কি হল ... কি হৈছে 


:: নাই দিয়া একো হোৱা নাই ।  


     নিয়ৰে বৃষ্টিক একো নকলে , তাইক লৈ সি পাৰ্কলৈ গল । সিহঁতে আগতে যি ঠাইত বহিছিল তাতে বহিল । 


:: নিয়ৰ .. আমি প্ৰথম ইয়াতে বহি কথা পাতিছিলো ন ? 


:: ওম.. মনত আছে তোমাৰ ?


:: কিয় নাথাকিব অ.. মই সৰু ছোৱালী নেকি ?  নিয়ৰ মোৰ মুখ খন খুলি দিবা নেকি ? 


:: নালাগে ! অলপ দিনৰ পিছত খুলি দিম !  


:: তোমাৰ লাজ লাগে নেকি মোৰ মুখখন এনেকুৱা হোৱা বাবে । মই যি হলেও গ্ৰহণ কৰিম কৈছিলা এতিয়া কি হল ? 


:: সেইটো কথা নহয় অ... 


:: লাজ লাগে ন মানুহৰ আগত মোক পত্নী বুলি চিনাকি দিব ? মোৰ মুখ খনৰ বাবে ?


       নিয়ৰে তাইৰ মুখৰ পৰা কাপোৰ খুলি দিলে  । 


:: তুমি যি হলেও মোৰ .. সেইবোৰ কথা আৰু নাভাবিবা !  


:: ঐ .. মই যদি মৰি গলো হয় , তেতিয়া কাক বিয়া পাতিলা হয় তুমি ? ( তাই হাঁহি হাঁহি সুধিলে )


:: চুপ থাকা.. এনেকুৱা কথা আৰু মোৰ আগত নকবা !


:: তুমি মোক গালি পাৰিছা, মোক খং কৰিছা তুমি .. মই নাথাকোঁ তোমাৰ লগত । 

    মই ঘৰত গুচি যাম .. কিয় গালি পাৰিছা মোক ... ( তাই কান্দি দিলে )


:: নাই পৰা গালি ; মোৰ অভিমানী জনীক জানো মই গালি পাৰিম এনেকুৱা কথা নকব হে কৈছোঁ ।


:: ঘৰত যাম মই ... নাথাকোঁ ইয়াত, 


:: ঠিক আছে বলা যাওঁ ...


:: নাযাও... মই আজি ইয়াতে থাকিম । তুমি যোৱা .. ঘৰত কৈ দিবা মই কাইলৈ যাম দেই ...


:: কিয় সৰু ছোৱালী দৰে কৰিছা দেহা ... তোমাক মই বহুত দূৰ ফুৰাব লৈ যাম হব ? এতিয়া যাওঁ বলা ঘৰত ...


:: সঁচাকৈ নিবা নে ?  


:: ওম.. নিম.. আমি শ্বিলং যাম হব নে ?


:: কাইলে যাম .. 


:: নহয় দুদিন পিছত


:: নহব ... নহব .. মই কাইলৈ যাম ... তুমি মোক নিব লাগিব ... 


:: ঘৰত সুধিব লাগিব ন ??


:: মই নাজানো সেইবোৰ , মোক  নিব লাগিব । মোক ভাল নোপোৱা তুমি মিছাকৈ কোৱা মোৰ বাবে সকলো কৰিব পাৰিম বুলি । মোক মৰিব নিদিলা কিয় ??


:: আৰু নকবা .. মই কালিলৈ তোমাক লৈ যাম হব । এতিয়া যাবা নে ঘৰত ?


:: যাম .. যাম... মই এতিয়া ঘৰত যাম ।।


       নিয়ৰে বৃষ্টি হাতত লাহেকৈ ধৰি পাৰ্কৰ পৰা ওলাই আহিল । 

    তাই আঙুলি ফাকত আজি তাৰ আঙুলি নাই, হাতত কাপোৰে বন্ধ আছে ।

   কোনোবাই বৃষ্টি মুখলৈ চাই আনফালে মুখ ঘূৰাই দিছে, কোনোবাই তাই প্ৰতি দয়া ভাব দেখাইছে । নিয়ৰৰ এইবোৰ একেবাৰে ভাল লগা নাছিল ।

      

:: নিয়ৰ ... মানুহবোৰে কিয় এনেকৈ চাইছে মোক ?


:: এনেই চাইছে অ... 


:: মোৰ মুখ খনৰ বাবে চাগে ন ? সেইকাৰণে তুমি বান্ধি দিছিলা ?


:: চাব দিয়া অ.. মানুহৰ নো কি কাম, তুমি মোৰ অভিমানী হে  ; আনৰ কথা বাদ দিয়া.....


:: মোক লৈ যাবা ন এইবাৰ তোমাৰ ঘৰত ? 


:: ওম.. লৈ যাম .. 


:: তোমাৰ মা, দেউতাই যদি মোক কিবা কয়... 


:: একো নকয়, বহুত ভালপাই তোমাক, তোমাৰ ওচৰত আহিছিল ! তুমি গম নাপালা চাগে !  Assamese Storyboard )



:: মই দেখিছিলো , ঠিক মনত পেলাব পৰা নাই ... 


:: ওম... আৰু এইবোৰ চিন্তা নকৰিবা .. 


:: মোক বহুত ভালপোৱা ন তুমি ?


:: বহুত .. তোমাৰ অবিহনে জীয়াই থকাটো মোৰ কল্পনা বাহিৰত 


     কথা পাতি পাতি দুইতাই ঘৰলৈ বুলি গল ।।


     ****


     ঘৰ পাই মুখ - হাত ধুই বৃষ্টি আৰু নিয়ৰ মাক দেউতাকৰ ওচৰত বহিল । 


:: দেউতা মই কথা এটা ভাবিছোঁ 


:: কোৱা নিয়ৰ কি কথা ?


:: দেউতা বৃষ্টি আৰু মই অলপ ফুৰিব যাম ভাবিছোঁ, যদি আপোনালোকে অনুমতি দিয়ে । তাই মনটো অলপ ভাল লাগিব ।


:: আমি কি কম কোৱা ... যদি তাই মন ভাল হয় আমাৰ কব লগা একো নাই ; মাথোঁ তাই আগৰ দৰে হওঁক । তাই সুখ দেখিলে আমিও শান্তি পাম ।

   কত যাম ভাবিছা ?


:: শ্বিলং যাম ভাবিছোঁ দেউতা । 


:: বৃষ্টি ... তোমাৰ যাব মন আছে নে ?


:: বহুত বহুত মন আছে দেউতা, মই নিয়ৰ লগত ফুৰিব গুচি যাম , সি আহিলে মোক বিচাৰি নাপায় ।  ( বৃষ্টিয়ে কলে )


:: সেইবোৰ কথা ভাবি নাথাকিবা মাজনী, যাবা অলপ ফুৰি আহিবা মনটো ভাল লাগিল ।

     নিয়ৰ মই তোমাৰ দেউতা লগত কথা পাতিছিলো ১ সপ্তাহ পিছত তেওঁলোক আহিব । ভাল দিন এটা চাই অহা মাহতে তোমালোকৰ বিয়া ঠিক কৰিম ভাবিছোঁ । একো আপত্তি নাইটো তোমাৰ ?


:: নাই দেউতা , মোৰ কি আপত্তি থাকিব । আপোনালোকে যি ভাল দেখে কৰক ।


        ***


     সন্ধিয়া হল । মাকে ভাল দিলে নিয়ৰে বহু দিনৰ পিছত ভালদৰে ভাত কেইটা খালে । বৃষ্টিক খুৱাই দিলে । শুব হোৱাত নিয়ৰ বৃষ্টি ওচৰৰ পৰা যাব ললে ।

   কিন্তু বৃষ্টিয়ে তাক যাব নিদিলে , সি গুচি গলে তাইক কোনোবাই মাৰিব কৈ তাৰ হাতত ধৰি ললে । মাক - দেউতাকৰ আগত নিয়ৰৰ নিজকে অপ্ৰস্তত লাগিল ।

     আন কোনো উপাই নাছিল, তাই কাৰো কথা নুশুনে,  সৰু ছোৱালী দৰে যি বিচাৰে হব লাগিব । 

    মাক - দেউতাক গুচি গল । বৃষ্টিয়ে তাক সাৱটি ললে , 


:: মোক এৰি কত যাব লৈছা ? 


:: মা - দেউতা আগত মই কি তোমাৰ লগত থাকিম কব পাৰো নেকি ? 


:: এতিয়া লাজ কিহৰ অ লৰা .. বিয়া ঠিক হলেই ।


     বৃষ্টিয়ে নিয়ৰক সাৱটি ললে আৰু নিয়ৰৰ বুকুৰ মাজত মূৰ থৈ টোপনি গল । 

     নিয়ৰে তাই মূৰত হাত বুলাই বুলাই কবিতা সোনালে ...


" মৰম ভৰি আছে মোৰ বুকুত

     যাচিব মন তোমাকেই সোণ ..

তুমি অভিমান সামৰি মোৰ কাষলৈ আহিবা 

   মোৰ বুকুৰ মাজত জিৰণি লবা ....


তোমাৰ দুটি ওঁঠত আঁকি দিম

    মোৰ ওঁঠৰ পৰশ ...

তুমি নিজক পাহৰি যাবা 

    মোৰ মৰমবোৰৰ মাজত ।। "


*****


     পিছদিনা ৰাতিপুৱাই মাক - দেউতাকৰ আশীবাদ লৈ সিহঁত ওলাই গল । 

      ১১ মান বজাত গুৱাহাটী পালেগৈ , গাড়ী পৰা নামি দেখিলে বহুত মানুহৰ ভিৰ নিয়ৰে বৃষ্টি হাতত জোৰকৈ ধৰি ললে । 

       কোনোবা নেতা আহিছে , সমদল কৰিছে, চাৰিওফালে অসংখ্য মানুহ ,  ঠেলা - হেচা মাজত হঠাৎ নিয়ৰৰ হাতৰ পৰা বৃষ্টি হাত খন এৰাই গল ।

    কাৰো মাত কোনেও নুশুনে,   বৃষ্টি Mobile টো নিয়ৰৰ বেগত থাকিল । মানুহৰ মাজে মাজে তাইক বিচাৰি ফুৰিলে কিন্তু তাইক সি নাপালে ।।

       সি পাগলৰ দৰে তাইক চিঞৰি আছে, কিন্তু ইমান মানুহৰ মাজত কোনে শুনিব তাৰ মাত  । 


          ****

 

               ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ১৮ )-

https://www.smj24.in/2022/10/assamese-storyboard_2.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages