মাজনিশাৰ উঁচুপনি ( অন্তিম খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 5, 2022

মাজনিশাৰ উঁচুপনি ( অন্তিম খণ্ড ) : Assamese Storyboard

Assamese Storyboard


        ........ সন্ধিয়া হৈ অহাৰ লগে লগেই বিচনাত উঠিল কল্যাণী । দিনটোৰ ব্যস্ততাৰ বাবেই বৰ ভাগৰুৱা অনুভৱ কৰিছিল কল্যাণীয়ে । মোবাইলটো গাৰুটোৰ কাষতে থৈ চকু দুটা জপাবলৈ লওঁতেই ফোনটো বাজি উঠিল । ধৰোঁ নধৰোঁকৈ ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে ।  Assamese Storyboard )


: হেল্ল'...! বৈশালী 


: ঘৰ পালেহিনে বাইদেউ...? 


: আহিলোঁ কোৱা...। 


: খুড়াৰ লগত কথা পাতি থাকোঁতেই খুড়াৰ মুখৰ পৰা বৰ ডাঙৰ কথা এটা ওলাই আহিল বাইদেউ । 


: কি কথা কোৱাচোন...! 


: ড্ৰাইভাৰ জনৰ নাম সমীৰণ কলিতা , সেই ল'ৰটোৱেই নাম সলাই আশুতুষ চক্ৰৱৰ্তী হৈ আছিল । মা দেউতাৰ এক্সিডেণ্টৰ পাছত সমীৰণ কলিতা ঘৰৰ পৰা ওলাই গৈছিল ।চাৰি পাঁচ বছৰ ঘৰৰ পৰা আতঁৰহৈ আছিল । লাহে লাহে কথাবোৰ সকলোৱে পাহৰিবলৈ লৈছিল সেয়ে সমীৰণ কলিতাই নাম সলাই পুনৰ ইয়ালৈ ঘূৰি আহিছিল । 


: কথাবোৰ তুমি ৰেকৰ্ডিং কৰিলা নে নাই....? 


: সকলো কথা ভিডিও কৰি থোৱা আছে । 


: তেতিয়া হ'লে প্ৰব্লেম নাই । যদি পাৰা ভিডিওটো মোলৈ পঠিয়াই দিয়াচোন , আৰু শুনা  খুড়াৰ পৰা সমীৰণ কলিতাৰ ডিটেইলছ লৈ লোৱা ।


: ঠিক আছে , মই এতিয়াই আপোনাক whatsapp কৰি আছোঁ । বাইদেউ সমীৰণৰ মাক দেউতাক কোনো নাই । কিন্তু সমীৰণ কলিতাই এই কামটো কিয় কৰিলে খুড়াই এই বিষয়ে একো কোৱা নাই । 


: খুড়াই একো নকলেও নাই । বাকীবোৰ কথা সমীৰণে নিজ মুখেৰেই স্বীকাৰ কৰিব বৈশালী।  তোমাৰ কাম হৈ গ'ল যেতিয়া , তুমি কালিলৈকে ইয়ালৈ গুচি আহিবা । 


: পৰা হ'লে মই এতিয়াই গুচি গলো হয়।  


: নাই...! নাই...! ৰাতিটো থাকি দিয়া , ৰাতিপুৱা সোনকালে গুচি আহিবা ।


: হ'ব বাইদেউ । খুড়ীয়ে মাতি আছে । মই অলপ পাছত ফোন কৰিম আপোনাক । 


: উম...! ভিডিওটো পঠিয়াই থোৱা ।  কথাষাৰ কৈয়ে ফোনটো কাটি দিলে কল্যাণীয়ে । 


        সকলো কাম ভবাৰ ধৰণেৰেই হৈছে , কিন্তু শেষ সময়ত যদি টকাৰ লোভত পৰি ডিম্পল দত্তই বৰণ সলাই তেতিয়া....? নাই...! দত্তই এনেকুৱা কাম কেতিয়াও নকৰে , দত্তৰ ওপৰত মোৰ বিশ্বাস আছে । তথাপিও মানুহৰ মন আৰু তামোলৰ কণ বাহিৰৰ পৰা একো ধৰিব নোৱাৰি।  কথাবোৰ ভাবি থাকোঁতেই হাঁহি হাঁহি নিবিৰ সোমাই আহিল । 


: বা..., অ'... বা...!  আজিকালি তোৰ হৈছে কি....? ইমানকৈ কি ভাবি থাক । যেতিয়াই দেখোঁ তই কিবাকিবি ভাবি থাক...! 


: মোৰ একো হোৱা নাই । বৰ ভাগৰ লাগিছে , সেয়ে শুই আছোঁ । 


: মই কি একো নাজানো বুলি ভাবিছ নেকি...? ভিনদেউৰ কথাবোৰে তোক চাগৈ বৰকৈ আমনি কৰে নহয়নে...! 


: যা অ' এইডাল ! অদৰকাৰী কথা কিছুমান কৈ নাথাকিবিচোন । 


: তই নকলেও কিছুমান কথা মই বুজি পাওঁ বা , তই ভিনদেউক বহুত বিশ্বাস কৰিছিলি ।


: পুৰণি কথাবোৰ এতিয়া খুঁচৰি নাথাকিবি নিবিৰ । মোক অলপ শান্তিত থাকিবলৈ দে । 


      ...... দুয়োটাই ইয়াতে চুপতি মাৰি আছ ।  হাতত চাহৰ কাপ দুটা লৈ তৰুলতা কল্যাণীৰ ৰূমটোলৈ সোমাই আহিল । ...মাজনী , তোমাক কথা এটা কবলৈ পাহৰিছিলোঁৱেই ! দুপৰীয়া সময়ত তোমাক লগ কৰিবলৈ মানুহ এজন আহিছিল । 


: মোক লগ কৰিবলৈ....? 


: উম, মানুহজন অলপ ওখ ক'লা গ্লাছ এখন পিন্ধি আহিছিল।  মুখত অলপ দাঁড়িয়ো আছিল ।


: তেখেতে কিবা কৈছিল নেকি...? 


: একো নকলে । তুমি ঘৰত আছা নে সুধিছিল । তুমি নাই বুলি কোৱাত তেওঁ গুচি গ'ল । 


: মা....! আপুনিয়ো ভাল মানুহ দেই । অন্ততঃ তেখেতৰ নামটো সুধিব লাগিছিল । 


: তোমাক লগ কৰিবলৈ আকৌ আহিম বুলি কৈ গৈছে । 


           চাহ খাই কথা পাতি থাকোঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল । লগে লগেই ফোনটো ৰিচিভ কৰিলে কল্যাণীয়ে । Assamese Storyboard )

: Good Evening মিছেছ বৰুৱানী । 


: Good Evening ছাৰ ।


: দিনত আপোনাক লগ কৰিবলৈ ঘৰলৈ গৈছিলোঁ । আপুনি ঘৰত নাই বুলি কোৱাত মই গুচি আহিলোঁ । 


: তাৰমানে দুপৰীয়া সময়ত আপুনিয়ে আহিছিল....! 


: হয়..., 


: মোক ফোন এটা কৰিও আহিব পাৰিলে হেঁতেন । অলপ আগতে মায়ে কথাটো কৈছিল । মায়ে যিটো বৰ্ণনা দিলে শুনিয়েই মোৰ ভয় লাগি গৈছিল । 


: অ'... হয়নেকি...! কি বুলি কৈছিল...? 


: " মানুহজন অলপ ওখ ক'লা গ্লাছ এখন পিন্ধি আহিছিল।  মুখত অলপ দাঁড়িয়ো আছে " । 


: হা:...., হা:.... ঠিকেই বৰ্ণনা দিছেটো । কল্যাণীৰ কথা শুনি প্ৰাণ খুলি হাঁহিলে ডিম্পল দত্তই ।  ....এতিয়া আচল কথাটো শুনক , আজি আদালতত আশুতুষ চক্ৰৱৰ্তীয়ে সকলোবোৰ সঁচা কথা কৈ দিলে । বৈশালীৰ খুড়ীয়েকৰ নিৰ্দেশ মতেই সমীৰণ কলিতাই বৈশালীৰ মাক দেউতাকক হত্যা কৰিছিল । এক্সিডেণ্টটোৰ পাছত সমীৰণ কলিতা চাৰি বছৰৰ বাবে ঘৰৰ পৰা আঁতৰহৈ আছিল । শেষত উপায় নাপাই নিজৰ নাম সলনি কৰি  নিজৰ ঠাইলৈ ঘূৰি আহিছিল । ইন্দ্ৰনীল বৰুৱা আৰু কমল বুজৰবৰুৱাইয়ো নিজৰ দোষ স্বীকাৰ কৰি ললে । আপুনি দিয়া সকলো প্ৰমাণ দেখুৱাই দিয়াৰ পাছত  তেওঁলোকে মিছা বুলি ক'বলৈ একো ৰাস্তাই বিচাৰি নাপালে । যৌন নিৰ্যাতন আৰু নাৰীহত্যাৰ অপৰাধত ইন্দ্ৰনীল বৰুৱা আৰু কমল বুজৰবৰুৱাক আজীৱন কাৰদণ্ড আৰু জৰিমনা বিহা হৈছে।  


: চেটাৰ্জীয়ে একো শাস্তি নাপালে নেকি ছাৰ.....? বৰ আগ্ৰহেৰে সুধিলে কল্যাণীয়ে । 


: চেটাৰ্জীক চাকৰিৰ পৰা suspended কৰা হৈছে । অতি সোনকালে বৈশালীৰ খুড়াক খুড়ীয়েককো গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হ'ব । 


: এতিয়াহে মোৰ মনটো ভাল লাগিছে ছাৰ । দোষীয়ে অন্ততঃ উপযুক্ত শাস্তি পালে । 


: এইয়া সম্ভৱ হৈছে কেৱল আপোনাৰ সাহস আৰু সহযোগিতাৰ বাবে ।  ২৬ জানুৱাৰী দিনা আপোনাক সাহসিকতাৰ বঁটা প্ৰদান কৰিম বুলি ভাবিছোঁ । তালৈকে ইনভাইট কৰিবৰ বাবে আপোনাৰ ঘৰলৈ গৈছিলোঁ । 


: মাৰ আগতে কথাটো কৈ যাব পাৰিলেহেঁতেন....! 


: পৰিলোঁহেঁতেন..! কিন্তু কথাবোৰ শুনি আপুনি যিমান আনন্দ পাইছে , মায়ে হয়টো সেইখিনি আনন্দ নাপালেহেঁতেন ....!  বাৰু , বৰুৱানী এতিয়া ৰাখিছোঁ দিয়ক । ২৬ তাৰিখে লগ হ'ম ....


: নিশ্চয় ছাৰ ।  ফোনটো কাটি স্বস্তিৰ নিঃশ্বাস এটা এৰিলে কল্যাণীয়ে । ফোনটো বিচনাতে পেলাই কল্যাণী পাকঘৰলৈ সোমাই গ'ল ।  ....মা , দিনত অহা মানুহজন কোন আছিল জানেনে.....! ইন্সপেক্টৰ ডিম্পল দত্ত । 


: এতিয়া সেইবোৰ বাদ দিয়া মাজনী , ভাত খাই শুই থাকা । ৰাতিপুৱা মই ঘৰলৈ যাম । ককাইদেউৰ গাটো ভাল নহয় । 


: মামাৰ গা বেয়া....? কি হৈছে মামাৰ....? 


: কি হৈছে একো নাজানো । মামীয়েৰাই ফোন কৰি মামাৰ গাটো ভাল নহয় বুলি কৈছে । 


: তেন্তে ময়ো যাম মামাৰ ঘৰলৈ । নিবিৰে ঘৰ ৰাখিব । 


        বৰ খৰখেদাকৈ ভাত কেইটা খাই লাইটটো অফ কৰি কল্যাণী বিচনাত উঠিল । মোবাইলটো চাইলেণ্ট কৰি গাৰুটোত মূৰটো পেলাই চকুহাল জপাই দিলে কল্যাণীয়ে । শুই দিয়াৰ লগে লগেই কল্যাণীৰ টোপনি আহিল । ৱালত আঁৰি থোৱা ঘড়ীটোৱে বাৰ বজাৰ সংকেত দিয়াৰ লগে লগেই কল্যাণীৰ টোপনি ভাগিল । বিচনাৰ কাষতে থকা বটলটোৰ পৰা পানী এসোঁৱাহ খাই গাৰুটোত মূৰ পেলাবলৈ লওঁতেই খিৰিকীৰ গ্লাছ এখন থনৰকৈ মাটিত সৰি পৰিল । একেঠিৰে খিৰিকীখনলৈ চাই থাকিল কল্যাণীয়ে । হঠাৎ প্ৰচণ্ড শব্দ এটা কৰি খিৰিকীখন খোল খাই গ'ল । ভয়ত একে জাপে বিচনাত বহি দিলে কল্যাণী । লাহে লাহে খিৰিকীখনেৰে কিবা এটা ছায়ামূৰ্তি ভিতৰলৈ সোমাই অহা যেন অনুভৱ কৰিলে কল্যাণীয়ে । .....ভয় নকৰিবা কল্যাণী । আজি মই বহুত সুখী , কথাবোৰ কবলৈ বহুবাৰ তোমাৰ কাষলৈ আহিছিলোঁ কিন্তু কথাবোৰ কোৱা নহল । যি কি নহওঁক,  তুমি সঁচাকৈয়ে বৰ ভাল কাম কৰিলা । তোমাক ধন্যবাদ দিবলৈ মোৰ ভাষা নাই । আজিহে মোৰ আত্মাই শান্তি পালে । তুমি সদায় সুখী হোৱা।   ছায়ামূৰ্তিটোৰ কথাবোৰ শুনি ভয়ত কল্যাণীৰ কপালত ঘাম বিৰিঙি উঠিছিল ।  ....কল্যাণী আজিৰ পৰা আৰু কেতিয়াও আমনি নকৰোঁ ।  কথাষাৰ কৈ এটা বিভৎস হাঁহি মাৰি ছায়ামূৰ্তিটো কৰবাত হেৰাই গ'ল । বহু সময়লৈকে সেই হাঁহিটো যেন কল্যাণীৰ কাণত ধ্বনিত হৈ থাকিল । 


          (  সমাপ্ত )


✍🏻তীৰ্থ_পিন্টু_বড়া


মাজনিশাৰ উঁচুপনি  ( খণ্ড_২০ ) - https://www.smj24.in/2022/10/assamese-storyboard_85.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

4 comments:

  1. বহুত ভাল লাগিল পঢ়ি,, আগলৈ এনেকুৱা ধুনীয়া লিখনি পঢ়িব পাম বুলি আশা কৰিলোঁ।

    ReplyDelete
  2. Bohut val lagise Story tu

    ReplyDelete
  3. বহুত ভাল লাগিল। আগলৈ আৰু নতুন নতুন লেখা পঢ়িম বুলি আশা ৰাখিলোঁ।

    ReplyDelete

Advertisement

Pages