অভিমানৰ অভিমানী ( খণ্ড - ২৬) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 23, 2022

অভিমানৰ অভিমানী ( খণ্ড - ২৬) : Assamese Storyboard

Assamese Storyboard

 

        মাকে কণমানি জনীক লৈ ওলাই গল । দেউতাক যাব বিচৰা নাছিল যদিও চকুপানী লৈ ওলাই গল । Assamese Storyboard )


     ডক্তৰে বেজী দিলে প্ৰায় ৩০ মিনিট মান পিছত নিয়ৰৰ জ্ঞান ঘূৰি আহিল । বৃষ্টি তাক এৰি গুচি গল একেবাৰে ভাবি তাৰ বুকু কপি যায় । বহুত কথা কব খুজিও সি মৌন, বুকুৰ মাজত যেন কিবা এটাই হেঁচা মাৰি ধৰি আছে ।

   চকুপানীবোৰ যেন শিল হৈ পৰিল । 


      বৃষ্টি মৃতদেহটো ঘৰত নিয়া  ব্যৱস্থা কৰিলে দেউতাকে ।

   বৃষ্টি মাক দেউতাকক নিয়ৰৰ দেউতাকে ফোন কৰি ঘৰলৈ যাব কলে । 

     ছোৱালী এজনী জন্ম হৈছে কৈ ফোন ৰাখিলে ! কেনেকৈ কব মাক দেউতাকক  তেওঁলোকৰ মাজনী যে আৰু এই পৃথিৱীত নাই । 


***


 আনফালে বৃষ্টি মাক - দেউতাকে ছোৱালী হোৱা খবৰ পাই মিঠাই, বৃষ্টি বাবে কাপোৰ, কণমানি জনী কাৰণে যি লাগে সকলো লৈছে । 

     এজনীয়েই ছোৱালী আজি মাক হৈছে এজনী নাতি পাইছে কিমান যে আনন্দ । 

    কিন্তু সেইয়া যে খন্তেকিয়া..


***


     সকলো ঠিক কৰি বৃষ্টি মৃতদেহটো ঘৰলৈ আনিলে, ওচৰৰ সকলো মানুহ আহিল , চোতালত বৃষ্টি নিথৰ দেহাটো বগা কাপোৰ এখনে ঢাকি নিয়ৰ তাই কাষতে বহি আছে । 

     অপেক্ষা মাথোঁ বৃষ্টি মাক দেউতাক অহালৈ তেওঁলোক আহিলেই তাইক শেষ বিদায় দিব । 

    কণমানি জনীক নিয়ৰৰ মাকৰ কোলাতে টোপনি গল । 

   ওচৰৰে বোৱাৰী এজনী আহি কণমানি জনীক কোলাত ললে ।  মাকক শান্তনা দি কলে ।


:: বাইদেউ কি কৰিব এই কপালত ইয়াকে লিখা আছিল । যি হব লগা আছিল হৈ গল, এতিয়া জানো কান্দিলে তাই ঘূৰি আহিব । 


:: ঘৰ খন একেবাৰে উকা হৈ পৰিল অ.. ছোৱালী দৰে বোৱাৰী এজনী পাইছিলোঁ তাইও আমাক এনেকৈ এৰি গুচি গল । কেনেকৈ দিম মাকৰ মৰম এই কণমানি জনীক । 

     নিয়ৰক কেনেকৈ বুজাম অ তাই যে আৰু ঘূৰি নাহে, সি একেবাৰে ভাঙি পৰিছে অ... কি ভুল কৰিছিলোঁ আমি কি শাস্তি দিছে আমাক , চোৱাচোন বৃষ্টি বৃষ্টি কৰি তাই মৃতদেহটো সাৱটি লৈ আছে । তাই মাক - দেউতাকক কি উত্তৰ দিম ; 


:: কি কৰিব জন্ম হলে এদিন মৃত্যু আহিব, তাই সোনকালে আহিল, আমি দেখিছোঁ নহয় কিমান মৰম কৰিছিল আপোনালোকে তাইক , মাক - দেউতাকক আমি বুজাম ।

     নিয়ৰটোলৈ বেয়াই লাগে, ইমান শান্ত - শিষ্ট লৰাটো কপালত ইয়াকে লিখা আছিল নে .. 


     সময় বোৰ লাহে লাহে পাৰ হৈ গল । পুৱাৰ বেলিয়ে পৃথিৱী খন পোহৰাই তুলিলে, অলপ পিছতে বৃষ্টি মাক, দেউতাক আহি পদূলি পালেহি, চোতালত মানুহৰ ভিৰ দেখি বুকু কপি গল মাক দেউতাকৰ, মানুহৰ মাজে মাজে আগুৱাই আহি নিয়ৰৰ ওচৰ পালেহি,  বৃষ্টি মাকে নিয়ৰক মাত দিলে । Assamese Storyboard )


:: নিয়ৰ ... কি হল ?


:: মা.. মা...  ( সি মাকক ধৰি চিঞৰি কান্দিলে )


:: কি হৈছে নিয়ৰ...??


     ( নিয়ৰে বৃষ্টিক ঢাকি ৰখা বগা কাপোৰখন আঁতৰাই দিলে , মাক দেউতাক বহি পৰিল )


:: মাজনী... ঐ মাজনী ... কি হল তোমাৰ ... নিয়ৰ কি হল মাজনী...


:: মা... তাই .. তাই আমাক এৰি গুচি গল অ.... 


:: নাই .. কোনে কৈছে তাই আমাক এৰি গৈছে, নাযায় তাই কতো নাযায়, মই কাপোৰ আনিছো মাজনী ..

   উঠা ..চোৱা মাজনী তুমি ভালপোৱা ক'লা মেখেলা চাদৰ অনিছো চোৱা । উঠা মাজনী, চোৱা দেউতা কান্দিছে, তোমাৰ বেয়া লগা নাই ,..

     কি হৈছে তোমাৰ কিয় এনেকুৱা কৰিছা, আমি সোনকালে নাহিলো বাবে খং কৰিছা ন... ঐ.. মাজনী এবাৰ মা বুলি মাত অ....


       নিয়ৰৰ মাক আহি বৃষ্টি মাকৰ ওচৰতে বহিল ।


:: বিয়নি.. তাই আৰু ঘূৰি নাহে অ... নাতি জনী আমাৰ হাতত দি তাই নিজেই গুচি গল ! আমি তাইক ৰাখিব নোৱাৰিলোঁ অ.. আমাক পাৰিলে ক্ষমা কৰি দিব অ... 

     

:: নাই... তাই আমাক এৰি নাযায়, তাই ঘূৰি আহিব ... 


      বৃষ্টি মাক মোৰ ঘূৰাই পৰি গল, ওচৰৰ মানুহ কেইজনী মানে ধৰি নি ভিতৰত শুৱাই দিলে, নিয়ৰ মাক গৈ ওচৰতে কান্দি কান্দি বহি থাকিল । বৃষ্টি দেউতাক তাইৰ মৃতদেহৰ কাষতে বহি তাইৰ মূৰত হাত বুলাই থাকিল । বৃষ্টিক নিব বাবে জোৰ যাৰ কৰিলে, অলপ দূৰত খৰি দিয়া কথা আছিল যদিও নিয়ৰে ঘৰৰ আগফালে দিব কলে ...!

     তাই তাৰ চকুৰ আগত নহলেও তাইৰ অনুভৱ কৰিব পাৰিব সি ।

      

     ***


   সকলো ঠিক কৰা হল, ওচৰৰ মানু্হবোৰে লগ লাগি সকলো কৰিলে, তাইক এতিয়া চিতাত উঠাব, নিয়ৰ ভিতৰলৈ গল আৰু সেন্দুৰ টেমাটো আনি তাই শিৰত আঁকি দিলে !

      তাই শিৰত প্ৰথম সেন্দুৰ আঁকি দিয়া দিনৰ কথাবোৰ তাৰ মনত পৰিল । তাই কৈছিল কোনোদিনে তাইৰ কপাল উকা হব নিদিয়ে ...!!


:: ছোৱালী অ... উৰে জীৱন কাষত থাকিম কৈ এনেকৈয়ে এৰি গুচি গলি কিয়...? তই নহলে কেনেকৈ থাকিম অ... মোক লৈ যা তোৰ ওচৰত ... 

     তোক কথা দিছোঁ ছোৱালী, আমাৰ কণমানি জনীক সদায় সুখেৰে ৰাখিম , কোনোদিনে তাইক দুখ অনুভৱ হব নিদিওঁ, তুমি মোৰ চকুৰ আগত নাথাকিলেও মোৰ মনৰ মাজত সদায় থাকিবা, মোক ক্ষমা কৰি দিবা তোমাক মই ৰাখিব নোৱাৰিলোঁ অ...


        বৃষ্টিক সাৱটি সি চিঞৰি চিঞৰি কান্দিব ধৰিলে, সকলোৱে তাক বুজাব চেষ্টা কৰিলে সি কাৰো কথাই শুনিব নিবিচাৰে, অভিমানী জনী এনেকৈ আঁতৰি গলগৈ ।

     সময় হৈ আহিল, চকুপানী লৈয়েই শেষ বাৰৰ বাবে তাইক কোলাত তুলি কপালত এটা চুমা আঁকি চিতাত তুলি দিলে । 

    অলপ পিছত চিতা জুই দপ - দপাই জ্বলি উঠিল । বৃষ্টি নহয় যেন নিয়ৰৰ বুকু খন হে কোনোবাই জ্বলাই দিছে !

   নিয়ৰে অনুভৱ কৰিছে তাৰ কান্ধত কোনোবাই হাত বুলাই যেন কৈছে , "দুখ নকৰিবা মই তোমাৰ কাষত সদায় থাকিম"  বৃষ্টি বুলি চিঞৰি ঘূৰি চাই দেখে ওচৰত কোনো নাই ...!! 

    লাহে লাহে জুই কমি আহিল । বৃষ্টি অভিমানী দেহাটো চাই হৈ পৰি ৰল ।।

         

    ***


       ( আগলৈ )



🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - ২৫ )-

https://www.smj24.in/2022/10/assamese-storyboard_21.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages