ৰেষ্টোৰেণ্টৰ ভিতৰত খালী হৈ থকা চাৰিজনীয়া টেবুলখনৰ চকী দুখন টানি এখন নয়নক আৰু এখনত মেঘালীয়ে বহি ল'লে । তাই ৰেষ্টোৰেণ্টৰ বয় জনক মাতি চাহ দুকাপ অৰ্ডাৰ দিলে । নয়ন বহা নাই , সি টেবুলৰ কাষতে থিয় হৈ আছে । তাইৰ লগত বহি চাহ খাবলৈ সি নিজকে প্ৰস্তুত কৰিব পৰা নাই । ( Assamese Storyboard )
: "নয়ন কিয় থিয় হৈ আছা , বহা আক!".....নয়নক থিয় হৈ থকা দেখি মেঘালীয়ে ক'লে। বয় জনে চাহ আৰু মিঠাই দি গ'ল । চুচুক চামাক কৰি নয়ন মেঘালীৰ সন্মুখৰ চকীখনত বহিল।
: চাহ খোৱা নয়ন...... নয়নে কি কব কি নকব একো ভাৱি নাপালে । অ'ত দিনৰ পিছত লগ পোৱা নয়নে মেঘালীৰ ব্যৱহাৰত আচৰিত হৈছে। এইয়া মেঘালীৰ নয়নৰ প্রতিৰ মৰম নে আন কিবা !! নে তাৰ এই অসহায় অৱস্থাটো দেখি মেঘালীৰ তাৰ প্রতিৰ দয়া উপজিছে। সি একো ধৰিব পৰা নাই তাৰ লগত এইবোৰ কি হব ধৰিছে। চাহ কাপত চুমুক দি সি আঁৰ চকুৱে মেঘালীলৈ চালে । তাই চাহ খোৱাত ব্যস্ত। এপাকত তাই নয়নলৈ চালে , চকুৱে চকুৱে পৰিলত নয়নে তলমূৰ কৰিলে। তাই হাঁহি উঠি গ'ল , কি যে হব ইমান লাজ কৰে এই নয়নটোৱে..... তাই ভাবিলে।
মেঘালীয়ে দুপেকেট মিঠাই ল'লে আৰু চাহৰ বিল টো দি ৰেষ্টোৰেণ্টৰ পৰা ওলাই আহিল । ৰিক্সাত উঠি মেঘালীয়ে এটা মিঠাইৰ পেকেট নয়নৰ হাতত দি ক'লে ...... এইটো তুমি ঘৰলৈ নিবা নয়ন ।
: নালাগে দিয়া ,...নয়নে সংকোচ কৰি ক'লে।
: নালাগে ক'লে নহব দেই নিবই লাগিব !!! আজি মোৰ কাৰণে ইমান এটা ভাল দিন । তুমি মোক যোৱাকালিৰ পৰা কিমান যে সহায় কৰিলা..... মই তোমাক কি বুলি যে ধন্যবাদ দিম নয়ন ! প্লিজ না নকৰিবা....।
নয়নে দ্বিতীয় বাৰ না কৰিব নোৱাৰিলে । সি মিঠাইৰ পেকেটটো হাত পাতি ল'লে। আজি মেঘালীৰ কাৰণে কিনো ভাল দিন ,তাৰ এইবাৰ জানিব ইচ্ছা গ'ল....।
: মেঘালী ,ছোৱালী হাইস্কুলত কিয় গৈছিলা নক'লাচোন !! নয়নে এইবাৰ সহজভাৱে মেঘালীক সুধিলে ।
: তুমি দেখোন এবাৰো সুধা নাই , মই ভাবিলো তুমি জানিব ইচ্ছা কৰা নাই !!! আচলতে মই আজি ছোৱালী হাইস্কুলত শিক্ষয়েত্ৰি হিচাপে জইন কৰিলোঁ। তোমাক কালিয়ে কম বুলি ভাবিছিলো কিন্তু তুমি মোক ঘৰত নমাই থৈ যিহে খৰখেদাকৈ গুছি আহিলা , কব সুবিধাই নাপালোঁ.....!
: ইমান ভাল খবৰ মেঘালী... আই এম হেপ্পী ফ'ৰ ইউ... কংগ্ৰেচুলেছন .....নয়নে উৎফুল্লিত হৈ মেঘালীক ক'লে। নয়নে উৎসাহিত হৈ কোৱা কথাষাৰ শুনি মেঘালীৰ মনটো বৰ ভাল লাগিল।
: নয়ন তোমাৰ এটা দায়িত্ব বাঢ়িল দেই , মেঘালী য়ে তাক জোকোৱা চলেৰে ক'লে।
: মানে ..... বুজি নাপায় সি মেঘালীক সুধিলে ।
: কি মানে বুজি পোৱা নাই নেকি !! মোক স্কুললৈ অনা নিয়া কৰা দায়িত্ব আক'.....
: তুমি স্কুললৈ মোৰ ৰিক্সাত অহা যোৱা কৰিবা নেকি !! বেয়া দেখিব তোমাক । কষ্ট হব তোমাৰ ।
: তাৰমানে তুমি মোক অনা নিয়া নকৰা , ঠিক আছে মই বেলেগ ৰিক্সা লৈ ল'ম ! মই ৰিক্সাটেই অহা যোৱা কৰিম ,পিছত তুমি ন'কবা কিন্তু মই তোমাক নকলোঁ বুলি .......!!! মেঘালীয়ে নয়নৰ মন জুখি চালে। নাই সি একো নামাতিলে । মেঘালীক ঘৰত নমাই থৈ সি কুবাকুবিকৈ মেঘালীহতৰ ঘৰৰ পৰা আঁতৰি আহিল ।
"মা, তুমি নয়নক জানা নে? সেই যে মোৰ লগত স্কুলত একেলগে পঢ়িছিল !! কি আছিল জানো দেউতাকৰ নাম মই পাহৰিলোঁ ।"ৰাতি ভাত খাই থাকোতে মেঘালীয়ে মাকক সুধিলে ।
: "অ' কিয় নাজানিম! সি আমাৰ গাঁৱৰে ল'ৰা! পঢ়াত বৰ চোকা আছিল । ইমান পঢ়া শুনা কৰাৰ পিছত সি এতিয়া ৰিক্সা চলায় । দেউতাকে খেতি কৰি থাকোতে সিহঁতৰ অৱস্থা ভালেই আছিল । নয়নে সুখ্যাতিয়ে এম্ এ পাছ কৰিছিল। আমি ভাবিছিলো সি ভাল চাকৰি পাব । বাপেক মনেশ্বৰে অলপ সকাহ পাব । বৰ কষ্ট কৰিছিল সি ,..বেয়া লাগে সিহঁতৰলৈ ।" মাকৰ মুখৰ পৰা তাই নয়নৰ বিষয়ে বহুত খিনি জানিব পাৰিলে । তাইৰ ভাল লাগিল মাকৰ মনত নয়নৰ প্ৰতিৰ ভাল ভাৱ থকা বুলি জানি। ( Assamese Storyboard )
: "মা মই স্কুললৈ নয়নৰ ৰিক্সাতেই অহা যোৱা কৰিম বুলি ভাবিছোঁ । ইতিমধ্যেই মই তাক কৈছোঁৱে । দেউতাক তুমি কৈ থবা ।"মেঘালীয়ে মাকক কথাটো জনাই থলে।
:"মই নো কি কম, ইমান বছৰ বাহিৰত থাকিলি ! কোনটো ভাল কোনটো বেয়া নিজে জানি বুজি লবি।"....... মাকে সহজ ভাৱে ক'লে।
ৰাতি নয়নৰ টোপনি অহা নাই । সি মেঘালীক স্কুললৈ অনা নিয়া কৰিব নে নকৰে একো ঠিৰাং কৰিব পৰা নাই । তাই কোৱা ধৰণে যদি বেলেগ ৰিক্সা ঠিক কৰি লয় ....
তেতিয়া জানো নয়নৰ বেয়া নালাগিব । লাগিলেও লাগিব সি তাইৰ পৰা আঁতৰি থকাটোৱে শ্ৰেয়। সদায় কাষত থকাৰ পিছত এদিন যেতিয়া মেঘালী আঁতৰি যাব তেতিয়া নয়নে জানো সহ্য কৰিব পাৰিব !!!....... এটা সময়ত মেঘালীৰ হাঁহিটোৱে তাক কম আমনি কৰিছিল নে । এদিন নয়নৰ মনৰ কথা নজনাকৈয়ে তাই আঁতৰি গৈছিল । আজি আৰু এবাৰ তাই তাক আমনি কৰিবলৈ আহিলে । যি হয় হব সি কাইলৈ তাইক আনিব নাযায় । মনতে সিদ্ধান্তটো লৈ সি টোপনি গ'ল.......!
ৰাতিপুৱা উঠি সি ভাবিলে আজি ৰিক্সা লৈ নাযায় , ঘৰতে থাকিব । ঘৰৰটো বহুত কাম আছে আজি সেইয়ে কৰিব । শাক পাচলি বাৰীৰখন অলপ চাফা কৰিব লগীয়া আছে । আজি দিনটো সি বাৰীতেই সোমাই থাকিব।
: মণি কোনোবাই বিচাৰিলে মই নাই বুলি কবি ,...... ভনীয়েকক কৈ সি বাৰীলৈ গ'ল।
নয়ন , নয়ন...... বুলি কৈ মতা মাতটো শুনি মনিয়ে বাহিৰলৈ ওলাই আহিল । চোতালত হৰেন মহাজনৰ জীয়েক মেঘালীক দেখি মণি আচৰিত হৈ গ'ল ।
: "মেঘালীবা তুমি ,আমাৰ ঘৰলৈ আহিছা!!! আহাঁ আহাঁ ভিতৰলৈ আহাঁ । মা অ' মা চোৱাচোন আমাৰ ঘৰলৈ কোন আহিছে ... হৰেন বৰদেউতাৰহতৰ মেঘালীবা আহিছে।" একে উশাহতে মণি য়ে চিঞৰি ক'লে । মণিক দেখি মেঘালী ও একপ্ৰকাৰ আচৰিত হ'ল। নয়নৰ যে এজনী ভনীয়েক আছে তাই জনাই নাছিল ।
:" তুমি মোক কেনেকৈ চিনি পোৱা! মইটো তোমাক কেতিয়াও লগ পোৱা নাই।".....মেঘালী য়ে মণি ক সুধিলে ।
: সেইবোৰ বহুত কথা কম ৰ'বা , তুমি বহা চোন.. মই দাদা ক মাতি আনো। কৈয়ে মণি থমকি ৰ'ল। তাই মনত পৰিল দাদা কে কোৱা কথাষাৰ "কোনোবাই বিচাৰিলে মই নাই বুলি কবি ।"....
: মণি কি হ'ল ৰৈ গ'লা যে, দাদা ক'ত আছে ।
: মানে দাদা ঘৰত নাই । মণিৰ কথাষাৰ মেঘালী ৰ কিয় জানো বিশ্বাস নহ'ল ............
আগলৈ.............
✍🏻 ৰিংকু তালুকদাৰ
ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড - ৩ ) : https://www.smj24.in/2022/10/assamese-storyboard_26.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment