ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড_৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 30, 2022

ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড_৬ ) : Assamese Storyboard

Assamese Storyboard

              

             দেউতাকৰ কথা শুনি মেঘালী অলপ আচৰিত হ'ল। কাৰণ আগে পিছে দেউতাকে এইবোৰত গুৰুত্ব নিদিয়ে , আজি আৰু কি হ'ল। Assamese Storyboard ) 


তথাপিও তাই দেউতাকক ক'লে..... "নালাগে দিয়া দেউতা, মই একো অসুবিধা পোৱা নাই ! তাতে আকৌ  নয়নে পুৱা ৰিক্সা লৈ চাৰিআলিৰ ফালে যায় আৰু দুপৰীয়া ভাত খাবলৈ আহোঁতে মোক লৈ আহে । আমাৰ সময় খিনি মিলা বাবেহে মই নয়নৰ লগত অহা যোৱা কৰিছোঁ । তাতকৈ ডাঙৰ কথা কি জানা দেউতা, নয়ন আৰু মই একালৰ সহপাঠী আছিলোঁ । খুব ভাল ল'ৰা নয়ন ।".....


: সেইটো বাৰু বুজিলো, তথাপিও তই ৰিক্সাত কৈ গাড়ীখনত অহা যোৱা কৰিলে আৰাম পালিহেঁতেন.... হৰেন মহাজনে অলপ শংকাৰে কথাষাৰ ক'লে। যিমান যি হলেও গাভৰু ছোৱালী মন ,কবতো নোৱাৰি কাৰলৈ কেতিয়া ঘুৰি যায়।


             পিছদিনাখন নয়নে মেঘালীক নিবলৈ আহোঁতে মহাজনে নয়নকো কাণ চুৱাই থ'লে .... নয়নক মাতি ক'লে,...." নয়ন আমাৰ আইজনীক তই অনা নিয়া কৰিছ , মই বেয়া পোৱা নাই !! কিন্তু বেছি আগলৈ নাযাবি, সীমাৰ ভিতৰত থাকিলে মই ভাল পাম , মোৰ কথাষাৰ  বুজি লবি.... দে বাৰু এতিয়া যা।"মহাজনৰ কথাখিনি নয়নে ঠিকেই বুজিলে । সি মুখেৰেএকো নামাতিলে। মেঘালীয়ে নয়নক দেউতাকে কিবা কৈ থকা দেখি তাক সুধিলে , "দেউতাই তোমাক কিবা কৈছিল নেকি নয়ন"। "নাইকোৱা "..... সি চমুকৈ ক'লে।


               স্কুলৰ পৰা ওলাই মেঘালীয়ে নয়নক দূৰৰ পৰাই দেখা পালে । "এই নয়নটো যে, সময়ত কৈ আগে আহি মেঘালীৰ বাবে ৰৈ থাকে "... তাই মনতে ভাবিলে । আজি কিন্তু সি কাৰোবাৰ লগত কথা পাতি আছে । দূৰৰ পৰা তাই ধৰিব পৰা নাই  কাৰ লগত কথা পাতিছে!! মেঘালী গৈ ওচৰৰ পাই মানে মানু্হজন আঁতৰি গ'ল।


: নয়ন কোন আছিল তেঁও.... মেঘালীয়ে নয়নক সুধিলে ।

: কি কোন আছিল...

: কেলেই তুমি চোন অলপ আগতে কথা পাতি আছিলা...

: অ' তেওঁ আমাৰ গাওঁৰ মাষ্টৰ খুৰা চোন...

: কোন মাষ্টৰ খুৰা.... মই চিনি নাপাওঁ ।

: কেলেই সদানন্দ মাষ্টৰক চিনি নোপোৱা ....

: অ' তেখেতক চিনি পাওঁ... কেলেই লগ কৰিছিল তোমাক.... কি কথা পাতিলা ।

: নাই এনেই... নয়নে চমু কৈ ক'লে! ব'লা যাওঁ উঠা ৰিক্সাত ।

: নয়ন, সদায় স্কুল ঘৰ, স্কুল ঘৰ কৰি আছোঁ ব'লা না অলপ বেলেগ ফালে ফুৰি আঁহো.... মেঘালীৰ কথাষাৰ শুনি নয়নৰ মহাজনৰ কথাখিনি লৈ মনত পৰিল..."সীমাৰ চেৰাই নাযাবি।" Assamese Storyboard )

: নালাগে নাযাওঁ, ঘৰলৈকে যাওঁ ব'লা এই দুপৰীয়া ফুৰিব গ'লে মানুহে কি কব।

: কোনে কি ক'ব ! বেলেগে কি ক'ব ভাবি নিজৰ ভাল লগা বোৰ এৰি দিম নেকি !!! ব'লানা প্লিছ মোৰ বৰ মন গৈছে।গুৱাহাটীৰ পৰা অহা দিন ধৰি ক'তো যোৱা নাই ।

: আজি থাকক বেলেগ এদিন যাম হ'বনে... নয়নে মেঘালী চকুত চকু থৈ ক'লে.. মেঘালী মুখ খন লুচি ফুলা দি ফুলিব ধৰিছে লাহে লাহে... তাকে দেখি নয়নৰ হাঁহি উঠি গ'ল।

: তোমাক কোৱাটোৱে বেকাৰ । নিৰস মানুহ তুমি... মেঘালীয়ে অভিমানেৰে ক'লে নয়নলৈ চাই।

: ক'ত যাবা কোৱা.... নয়নে সুধা লগে লগে মেঘালী জঁপিয়াই উঠিল ।

: সঁচাকৈ যাবা নে? .....তাইৰ যেন বিশ্বাস হোৱা নাই চকুৰ দুটা ডাঙৰ কৰি নয়নৰ ফালে চালে । নয়নে তাইলৈ চাই মিচিকিয়া হাঁহি মাৰি মূৰ দুপিয়ালে। স্ফুৰ্তিতে মেঘালীয়ে এজনী সৰু ছোৱালী দৰে নাচি উঠিল।

: তুমি ৰোৱা মই অলপ খোৱা বস্তু লৈ লওঁ । নৈৰ পাৰত বহি খাই ভাল লাগিব.... সেইবুলি কৈ তাই দোকানৰ ফালে গ'ল।


                 নৈৰ পাৰে পাৰে অলপ দূৰ দুয়োটাই খোজ কাঢ়ি গ'ল। "পাৰতে অলপ বহো আহাঁ নয়ন ,সুখ দুখৰ কথা পাতো "..... কৈয়ে মেঘালীয়ে নয়নক হাতত ধৰি তাইৰ কাষতে বহুৱাই ল'লে।

           

                সেন্দুৰীয়া আবেলিটো অস্ত যাব ধৰা বেলিটোৱে সোণোৱালী ৰং চতিৱাই দিছে । নৈখনৰ পানীৰ লহৰত বেলিৰ সোণালী ৰঙে উঠা নমা কৰি আছে । ফিৰফিৰিয়া বতাহ জাকে মেঘালীৰ দেহ মনত শিহৰণ তুলিছে । তাই কাষতে বহি থকা নয়নলৈ চালে । একেৰাহে সি পানীৰ যুৱলীৰ ফালে মগ্ন হৈ চাই আছে। বুকুৰ মাজত যেন এসোপা মান বিষাদে তাক চেপি আছে । মুখখন হেতা পৰি গৈছে । অনবৰতে কিবা এটাই তাক খুলি খুলি খাব ধৰিছে । ইমান দিনে মেঘালীয়ে তাক বুজি পাইছে । সিদিনখন নয়নৰ ৰুমত কিতাপবোৰ দেখি তাই এটাই বুজিলে কিমান চাগে আশা আছে নয়নৰ মনত উচ্চ শিক্ষা ল'বলৈ ।


          "নয়ন তোমাৰ পঢ়িব মন আছে , আধৰুৱা পঢ়া খিনি কম্ প্লিট কৰা নহ'লে, মই তোমাক সহায় কৰিম।" মেঘালীৰ কথাষাৰত নয়নে আচৰিত হৈ তাইলৈ চালে । তায়ো নয়ন লৈ চাই চকুৰে সঁহাৰি দিলে । নয়নৰ দুচকুৰ চলচলীয়া হ'ল । লাহেকৈ নয়নৰ হাত এখন মেঘালীয়ে তাইৰ হাত দুখনৰ মাজত ভৰাই ল'লে। নয়নৰ চকুৰ পৰা দুটোপাল চকুলো টোপ টোপ কৈ মেঘালীৰ হাতত পৰিল।


    "নয়ন মই তোমাৰ লগত আছোঁ , তুমি অলপো চিন্তা নকৰিবা। মাত্ৰ এবাৰ কোৱা তোমাৰ পঢ়িব মন আছে বুলি!!!"মেঘালীয়ে নয়নৰ চকুৰ পানী খিনি মুচি দিলে । মেঘালীৰ হাতৰ পৰশ পাই নয়ন হুক হুকাই কান্দি উঠিল । ইমান দিনে বুকুত লৈ ফুৰা বিষাদৰ টোপোলাটো ফাটিচিতি ওলাই আহিল । মেঘালীয়ে নয়নক হেপাহ পলাই কান্দিব দিলে যাতে তাৰ ডাঠ হৈ থকা  বুকুখন পাতল হৈ পৰে । এটা সময়ত নয়ন শান্ত হ'ল। সি তাৰ হাতখন মেঘালীৰ দুহাতৰ মাজৰ পৰা উলিয়াই আনিলে । তাইৰ ওচৰৰ পৰা আঁতৰি গৈ পানীৰ মাজলৈ নামি গ'ল। নৈৰ চেঁচা পানীৰে মুখখন ভালদৰে ধুলে। তাৰ পিছত পাৰত বহি থকা মেঘালীলৈ চালে , তাই এপলক দৃষ্টিৰে তালৈ চাই আছে । কি আছে তাইৰ দৃষ্টিত। নয়ন অলপ অপ্ৰস্তত হ'ল । অলপ আগতে তাইৰ হাতত ধৰি কান্দি আছিল । পিছ মূৰ্হুততে তাৰ তাইলৈ লাজ লাগি গ'ল।


                পশ্চিমৰ বেলিটো লহিয়াব ধৰিছে । বেলিৰ সোণোৱালীৰ কিৰণে মেঘালীৰ মুখত সেন্দুৰীয়া ৰং সানি দিছে । বতাহত তাইৰ চুলিটাৰি আউলি বাউলি হৈ তাইৰ গাল দুখনৰ লগত খেলি আছে । সেইবোৰলৈ কোনো ভূক্ষেপ নাই তাইৰ চকুৰ আগত কেৱল নয়ন । আজি যে তাই নয়নৰ পৰা চকুযোৰ আঁতৰাবই পৰা নাই । হৃদয়ৰ ভিতৰত কোনোবাই মাতি আছে নয়ন, নয়ন,নয়ন......!!!


                  পুৱাৰ ৰ'দালি য়ে খিৰিকী ফাঁকেৰে আহি মেঘালীৰ গালত এটা মিঠা চুমা যাচিলে। চুমা পৰশত মেঘালীৰ দুচকুৰ মেল খালে । এঙামুৰি দি তাই বিছনাৰ পৰা উঠি আহিল । এখোজ দোখোজ কৈ তাইৰ ৰুমৰ সংলগ্ন বেলকনিৰ ফালে আগবাঢ়িল। এছাটি চেঁচা মলয়া বতাহে তাইক কোবাই গ'ল। সুদূৰৰ আকাশৰ ফালে চালে । নীলা আকাশৰ মাজে মাজে শুকুলা ডাৱৰে দলিচা পাৰি দিছে ঠিক তাইৰ হৃদয় খনৰ দৰে য'ত তাই নয়নক বহুৱাব বিচাৰিছে.........!!!

                                               আগলৈ...........

✍🏻 ৰিংকু তালুকদাৰ


ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড - ৫ ) https://www.smj24.in/2022/10/assamese-storyboard_28.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages