লাহে লাহে ১০ দিন পাৰ হ'ল, আজি বৃষ্টি মুখৰ বগা আৱৰণ খুলিব, তাইক আজি ঘৰত নিব পাৰিব । ( Assamese Storyboard )
পুৱাতে বৃষ্টি মাক - দেউতাক আহিল, ডক্টৰে তাই জ্ঞানহীন কৰি মুখৰ আৱৰণ খুলিলে, তাই মুখৰ এটা অংশ জ্বলি গৈছে, মাক - দেউতাকে তাইক দেখি চকুপানী টোকা বাহিৰে আন একো কৰিব নোৱাৰিলে ।
তাই আজি কথা কব নিয়ৰৰ মনত সেইয়াই আনন্দ, তাই আকৌ তাৰ লগত কথা পাতিব, কাজিয়া কৰিব , অভিমান কৰিব !
কিন্তু ... সেই আনন্দ যেন খন্তেকিয়া আছিল । সকলোকে অবাক কৰি হঠাৎ বৃষ্টি উঠিল আৰু বাহিৰলৈ দৌৰিব ললে, নিয়ৰে তাই হাতত ধৰি ৰাখিলে তাই চিঞৰিব ধৰিলে ।
:: মোক যাব দে ... মোক যাব দে... মোক মাৰি পেলাব এতিয়া সি, মোক এৰি দে ... ঐ মোক এৰি দে ...
:: ঐ ছোৱালী .. কি হৈছে তোমাৰ ? কোনে মাৰিব তোমাক ? মই আছোঁ নহয়, মই থাকোতে কোনে মাৰিব তোমাক ;
:: তুমি .. নিয়ৰ .. তুমি .. নিয়ৰ ...
:: ওম... মই নিয়ৰ ... তোমাৰ নিয়ৰ ..
:: গুচি যোৱা ... গুচি যোৱা... সি তোমাক মাৰি পেলাব ; মই লুকাই থাকিম কৰবাত !
( তাই পাগলৰ দৰে চিঞৰি উঠিল )
:: মাজনী... ঐ কি হৈছে তোমাৰ .. চোৱা আমি সকলো আছোঁ তোমাৰ একো নহয় ।
:: দেউতা, সি মোক সকলোকে মাৰিব । আপোনালোকে কিয় ইয়াত ৰৈ আছে যাওঁক গুচি যাওঁক ।
সি মোক মাৰি পেলাব নিয়ৰ মোক বচোৱা নিয়ৰ । মোক বচোৱা ।
:: ছোৱালী .. তোমাৰ একো নহয়, মই আছোঁ নহয় , আহা আমি ঘৰত যাওঁ.. মই থাকোতে মোৰ অভিমানী জনী কি হব নো ;
চোৱা মোৰ চকুলে চোৱা .. মোৰ উপৰত বিশ্বাস নাই তোমাৰ ?
:: আছে ... আছে... মোক এৰি নিদিবা নিয়ৰ ধৰি থাকা, নহলে সি মোক মাৰি পেলাব ।
তাই তাৰ বুকুৰ মাজত সোমাই ললে । নিয়ৰৰ তাইক সাৱটি ধৰিব বেয়া লাগিছিল মাক, দেউতাকৰ আগত ।
মাক - দেউতাকে বুজি পাই ওলাই দিলে । সি তাইক সাৱটি ধৰিলে । তাই অলপ শান্ত হোৱা দেখি নিয়ৰে তাই মুখ খন অলপ ঢাকি লৈ গল উলিয়াই ।
তাইক মাক দেউতাকৰ ওচৰত বহুৱাই সি ডক্তৰ ওচৰত গল । ডক্তৰে তাক তাই লগত অলপ দিন থাকিব কলে তাই ভালপোৱা ঠাই, ভাল পোৱা সকলো কৰিব পৰামৰ্শ দিলে ।
তাই এনেকুৱা মাজে মাজে হৈ থাকিব যেতিয়া লৈকে তাই মনৰ পৰা সেই ভয় আঁতৰি নাযায় ।
বৃষ্টিয়ে মাকৰ কান্ধত মোৰ থৈ নিয়ৰ কত গৈছে, কি কৰিছে চাই আছিল ।
ডক্তৰ জনে নিয়ৰক যাব কৈ ভালদৰে যত্ন লবা কৈ নিয়ৰৰ কান্ধত হাত বুলাই দিলে ।
নিয়ৰৰ গাত হাত দিয়া দেখি বৃষ্টি মাকৰ ওচৰত পৰা কেতিয়ানো গৈ নিয়ৰৰ ওচৰ পালেগৈ কোনো ধৰিব নোৱাৰিলে ।
তাই দৌৰি গৈ ডক্তৰ বুকুত ধৰিল আৰু হাতেৰে মাৰিব ধৰিলে ।
:: মোৰ নিয়ৰক কিয় মাৰিছ, তাক মাৰি পেলাব লৈছ হা.. কি কৰিলে সি তোৰ, মোক মাৰি হেপাহ গুচা নাই তোৰ ।
তোক মই আজি মাৰি পেলাম ।
ডক্তৰ, নিয়ৰে ধৰিব নোৱাৰিলে কি হল । নিয়ৰে তাই হাতত ধৰি ললে ।
:: বৃষ্টি .. বৃষ্টি ... কি হৈছে তোমাৰ .. মোক তেওঁ মৰা নাই নহয় । তেওঁ হে তোমাক ভাল কৰিছে ! ডক্তৰ হে তেওঁ ...
:: ডক্তৰ ... ডক্তৰ... তোমাক মাৰিব লৈছিল সি কত গল ??
:: মোক কোনে মাৰিব অ.. নাই মৰা কোনেও ... তুমি থাকোতে মোক জানো কোনোবাই মাৰিব পাৰে ?
:: নোৱাৰে .. মোৰ নিয়ৰক কোনেও মাৰিব নোৱাৰে । সেই মই এনেই ভয় খাই আছোঁ ন নিয়ৰ ... ( তাই হাঁহি দিলে )
:: ওম .. এনেই ভয় খাই আছা ..
ক্ষমা কৰিব ডক্তৰ .. তাই হৈ মই ক্ষমা বিচাৰিছোঁ ।
:: একো নাই নিয়ৰ ... মই বুজি পাইছোঁ । মই কোৱা দৰে কৰিবা নহলে কেতিয়াবা ডাঙৰ বিপদ হব । দেউতাক কবা মোক ফোন কৰিব । এতিয়া যোৱা ।
:: হব ... আমি এতিয়া আহিছোঁ !
মেডিকেল ৰ পৰা ওলাই সকলো গাড়ীত বহিল । বৃষ্টি নিয়ৰৰ কাষত বহি তাৰ কান্ধত মোৰ থৈ গৈ আছে । ( Assamese Storyboard )
:: নিয়ৰ ... আমি কত যাম এতিয়া ...
:: তোমাৰ ঘৰত যাম । কিয় ঘৰলৈ মনত পৰা নাই তোমাৰ ..
:: ঘৰলৈ ... ( তাই উচপ খাই কলে ) নাযাও সি আকৌ আহিব ।
:: নাহে.. এইবাৰ মই তোমাক অলপ সমযয়ো অকলে থাকিব নিদিওঁ ।
তাক পুলিচে ধৰি নিলে সি আৰু আহিব নোৱাৰে ।।
:: আহিব সি .. আগতে নিছিল এবাৰ আকৌ আহিল । এইবাৰো আহিব ।
:: নাহে মই আছোঁ নহয় । শুই দিয়া অলপ মোৰ কোলাত ..
তাই সৰু ছোৱালী দৰে নিয়ৰৰ আগত জিদ কৰিব ধৰিলে, নিয়ৰৰ কোলাত মোৰ থৈ তাই টোপনি গল ।
***
গাড়ীৰ গৈ বৃষ্টি ঘৰৰ সন্মুখত ৰল । মানু্হবোৰ তাইক চাব বাবে ৰৈ আছিল, নিয়ৰে কাপোৰ এখন তাই মুখত বান্ধি দিলে , তাই তেতিয়াও টোপনি গৈ আছিল ।
নিয়ৰে তাইক দাঙি ললে কোলাত আৰু ভিতৰলৈ লৈ গ'ল । তাইক বিচনাত শুৱাই সি তাইৰ কাষতে বহি থাকিল ।
***
বাহিৰত মানুহ অলপ আহি বহিছে মাক - দেউতাকে কথা পাতি আছে । তাই ভাল বেয়া খবৰ লৈছে ।
তেওঁলোকৰ মাজত এজনীয়ে মাকক কলে ...
:: লৰাজন কিমান দিনৰ চিনাকি ?
:: বহু দিনৰে চিনাকি, এবাৰ আহি গৈছিল ; ইয়াতে কোম্পানী এটাত মেনেজাৰ পাইছিল তাত join কৰিব আহিছিল ।
তেতিয়াই এইবোৰ হল, মাজনী বাবেই তাৰ চাকৰিটো হেৰাল ।
:: লৰাজনৰ ঘৰত গম পাই নে ?
:: ওম.. মাক - দেউতাক আহি গৈছে, তাই অপাৰেশ্যনৰ সকলো খৰচ তেওঁলোকে দিছে ।
তেওঁলোকে তাইক বোৱাৰী হিচাপে স্বীকাৰ কৰিছে !
:: সকলো কথা জানে নে তেওঁলোকে ...?
:: জানে ... আমি বাধা দিছিলোঁ, মাজনী এনেকুৱা হোৱা বাবে ... কিন্তু তেওঁলোকে একো কথাই শুনিব নিবিচাৰে ।
অহা মাহত বিয়া কথা কৈছে ;
:: এৰা আজি কালি এনেকুৱা লৰা, এনেকুৱা ঘৰ পাবলৈ নাই , তোমালোকৰ কপাল ভাল অ..
আমাৰ ছোৱালী জনীয়েও এনেকুৱা লৰা এটা পোৱা হলে আজিয়েই বিয়া দি দিলোঁ হয় । সকলোৱে কপালত এনেকুৱা সুখ লিখা নাথাকে ।
( মানু্হজনীয়ে কোৱা কথাবোৰত যেন কিবা বেলেগ উদেশ্য সোমাই আছে । বৃষ্টি মাকৰ কথাবোৰ যেন কিবা ভাল নালাগিল, আগতেও সেই মানু্হ জনীয়ে এনেকুৱা বহুত কিবা কিবি কৰি থৈছে । )
:: হয়টো আগৰ জনমত কিবা পুণ্য কৰিছিলোঁ, লৰা দৰে জোঁৱাই এজন পাইছোঁ ।
সকলো মাক - দেউতাকৰ সপোন নিজৰ ছোৱালী জনী সুখত থকা, শান্তিত থকা, আৰু মোৰ বিশ্বাস নিয়ৰ হওঁক তাৰ মাক - দেউতাক হয় কোনোদিনে তাইক আমাৰ অভাৱ অনুভৱ হব নিদিয়ে ।
যদি ভালে কুশলে দিনবোৰ যায় অহা মাহত নিয়মবোৰ কৰি দিম ।। ( বৃষ্টি দেউতাকে কলে )
:: হয় দিয়ক , এবাৰ আমাকো মাক - দেউতাকৰ লগত চিনাকি কৰাই দিব !
:: আহিলে লগ পাব ।।
অলপ সময় বহি সকলো গুচি গল, বৃষ্টি মাকে খোৱা যোগাৰ কৰিলে । দুপৰীয়া ১২ মান বাজিছে, নিয়ৰ বৃষ্টি হাতত ধৰিয়েই টোপনি গ'ল ।
মাক বৃষ্টি ৰোমত আহিল দূৰৰ পৰাই চালে , নিয়ৰ বৃষ্টি হাতত ধৰি বহা ঠাইতে শুই আছে ।
:: কি চাইছা ? ( দেউতাক আহি মাত দিলে, মাক উচুপ খাই উঠিল )
:: আপুনি ... চাওঁক চোন , মাজনী বাবে তাৰ কিমান কষ্ট হৈছে , ইমান দিন ভালদৰে শুইছে নে ভালদৰে খাইছে ।
বৃষ্টি বৃষ্টি বুলি তাই লগতে দিন ৰাতি লাগি আছে ।
:: হয় অ... শুব দিয়া তাক অলপ , মাত দি আমনি নকৰিবা !
****
( আগলৈ )
🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )
অভিমানৰ অভিমানী ( খণ্ড - ১৫ ) )-
https://www.smj24.in/2022/10/assamese-storyboard_2.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment