মণি আহাঁচোন মোৰ ওচৰত বহা আৰু কোৱা মোক কেনেকৈ চিনি পালা.... মেঘালীয়ে মণিক তাইৰ কাষত বহোৱাই ল'লে। ( Assamese Storyboard )
: সেইবোৰ বহুত কথা এতিয়াই কওঁনে ?
: উম কোৱা আক'....
: কেতিয়াবা কেতিয়াবা মই তোমালোকৰ দোকানলৈ যাওঁ নহয়, কিবা লগা থাকিলে , দাদা ক যাবলৈ ক'লে সি নাযায় ! সেইকাৰণে মইয়ে যাওঁ । দোকানৰ বস্তু খিনি লোৱা পিছত কেতিয়াবা তোমালোকৰ বৰদেউতাই মোক কয়," যাচোন মণি বৰমাক কৈ মোলৈ একাপ চাহ আনিবি !!" মইটো ভালেই পাওঁ । বৰমাই চাহ কৰে মানে মই তোমালোকৰ ডয়িং ৰূমত সোমাই তোমাৰ ফটো বোৰ চাওঁ । ইমান ধুনীয়া ধুনীয়া ফটো আছে তোমাৰ। চালে চাই থাকিব মন যায়। সেইকাৰণে মই তোমাক চিনি পাওঁ বুজিলা!...... মণিৰ কথা শুনি মেঘালীৰ খুব ভাল লাগিল।
: তুমি বহাচোন মেঘালীবা, মই তোমালৈ চাহ কৰোঁ।....." নালাগে মণি বেলেগ এদিন খাম".....মণিয়ে চাহ কৰিব উঠি যোৱা কাৰণে মেঘালীয়ে ক'লে ।
: ই ই ই .. নাখালে কেনেকৈ হব খাবই লাগিব! মই তোমালোকৰ ঘৰত গ'লে বৰমাই মোক কিবা নহয় কিবা এটা খাবলৈ দিবই। তাতে আকৌ তুমি আজি আমাৰ ঘৰলৈ প্রথম আহিছা ....।
: মণি তুমি ঘৰত অকলে আছা ! খুৰা খুৰি ক'ত আছে।
: আছে ঘৰতে .. অসুখ যে বেছি ভাগ সময় বিছনাতে থাকে । ভিতৰত আছে আহাঁ নহ'লে মা দেউতাক চোৱাহি !!
এইয়া মা আৰু দেউতা ... "মা এইয়া হৰেন বৰদেউতাৰ ছোৱালী মেঘালীবা "! মেঘালীবা তুমি কথা পাতা মই চাহ কৰোঁ।
নয়নৰ অসুখীয়া মাক দেউতাক , পাক ঘৰৰ কাষৰ মজিয়াখনত দুফালে দুখন বিছনাত পৰি আছে । মজিয়াখনৰ কেঁচা মাটিৰ সুবাসে মলমলাই আছে । কাষৰ বেৰখনত উলমি থকা শ্ৰী কৃষ্ণৰ ফটোখনৰ আগত দুডাল ধুপ জ্বলি আছে । বোধহয় মণিয়ে তাইৰ অহা আগে আগে গা পা ধুই জ্বলাই থৈছে। ধূপৰ গোন্ধ ৰূমটোৰ চাৰিওফালে বিৰাজমান হৈ আছে । লাহেকৈ মেঘালীয়ে মজিয়া খনৰ বাওঁফালৰ ৰূমটোৰ ফালে আগুৱাই গ'ল । ৰুমটো ভিতৰলৈ সোমাই যোৱা লগে লগে এটা চিনাকি গোন্ধ নাকত লাগিলেহি । তাই বুজিব বাকী নেথাকিল যে এইটো নয়নৰ ৰূম। তাই ৰূমটো চাৰিওফালে চালে , বৰ পৰিপাতি কৈ সজোৱা আছে । বিছনাখনৰ কাষত লাগি থকা টেবুলখন দেখি মেঘালীয়ে আচৰিত হৈ গ'ল। ইমানবোৰ কিতাপ টেবুলখনত ঠাহ খাই আছে। ঘৰৰ আচবাব বোৰ চালে নয়নহতক অভাৱত থকা যেন নালাগে । মেঘালীয়ে ৰুমৰ পৰা ওলাই আহি নয়নৰ মাক দেউতাকে থকা মজিয়াখনত বহিলে ।
: আইজনী ও আজি এই পুৱাই আমাৰ ঘৰলৈ কি সকামত আহিলানো...... নয়নৰ মাকে মেঘালীক সুধিলে...
: আচলতে খুৰী মই নয়নৰ ওচৰলৈহে আহিছিলোঁ। নয়নৰ লগত অলপ কথা আছিল ।
নয়নক কেনেকৈ লগ পালে , সিহঁতৰ মাজত কি কথা হ'ল মেঘালীয়ে মাকক বিৱৰি ক'লে। মাকে মণিক ক'লে, দাদাই ক'ত গ'ল অ' মণি , আজিচোন সি ৰিক্সাখন নিয়া নাই । মাকৰ কথা একো উত্তৰ নিদি মণি নিশ্চুপ হৈ থাকিল । মণিয়ে একো নামাতা দেখি মেঘালীৰ বুজিব বাকী নেথাকিল তাই যে কিবা এটা লুকুৱাইচে।
:" মণি নয়ন নাই যেতিয়া মই যাওঁ দিয়া "তাক লগ পোৱা হ'লে ভাল আছিল... মেঘালীয়ে মণি লৈ চাই ক'লে।
: বহুত জৰুৰী আছিল নেকি মেঘালীবা... মণিয়ে মুখখন সেমেনা সেমেনি কৰি মেঘালীক সুধিলে ।
: উম আছিলটো নহ'লে ইমান পুৱাই মই তাক বিচাৰি আহোঁ নেকি....!
: "আচলতে দাদা ঘৰতে আছে মেঘালীবা.... সি মোক কবলৈ মানা কৰিছিল ।" মণিয়ে নোকোৱাকৈ থাকিব নোৱাৰিলে ।
: অ' হয় নেকি!! মণিৰ কথাষাৰত তাই নাহাঁহি নোৱাৰিলে। মেঘালীয়ে খিল খিলাই হাঁহিব ধৰিলে ।
: ৰ'বা মই মাতি দিছোঁ ... দাদা অ' দাদা এইফালে আহচোন ..... মণিয়ে তাক চিঞৰি মাতিলে । মণিৰ মাত শুনি নয়ন বাৰীৰ পৰা ঘৰলৈ আহিলে । আহি য়ে দুৱাৰ মুখত মেঘালীক দেখি নয়নে উচপ খাই উঠিল ।
: "মেঘালী তুমি ইয়াত !! কিয় আহিলা বাৰু তুমি মই চোন তোমাক কৈছিলোৱে মোৰ লগত ৰিক্সাত অহা যোৱা কৰিলে তোমাৰ কষ্ট হব । এদিন দুদিন কথা টো বেলেগ কিন্তু সদায় সদায় তুমি ৰিক্সাত !" নয়নে আগ পিছ একো নুসুধাকৈ তাইক দেখা মাত্ৰকে কৈ উঠিল ।
: নিনিয়া নাই কিন্তু মোৰ কষ্ট হব বুলি বাহানা কিয় দিছা... কৈ দিলে হ'ল তোমাক মই মোৰ ৰিক্সাত নুঠাও বুলি .... মেঘালীৱেও অলপ টানকৈয়ে তাক ক'লে। "ঠিক আছে তেনেহ'লে , মই বেলেগ এখন ৰিক্সা থিক কৰোঁ। এতিয়া যাওঁ দিয়া বাই".... মেঘালীয়ে নয়নৰ মন জুখি চালে । নয়নে একো নোকোৱা দেখি মেঘালী যাবলৈ ওলাল। ( Assamese Storyboard )
: তুমি তাৰমানে ৰিক্সাতে অহা যোৱা কৰিবা । হব বাৰু মোৰ লগতে যাবা অ'কে । নয়নে মেঘালীলৈ চাই ক'লে । মেঘালীয়ে মণিলৈ চাই প্ৰথমে মুখ টিপি হাঁহিলে তাৰপিছত খুব জোৰেৰে খিল্ খিলাই হাঁহিব ধৰিলে । মেঘালীৰ হাঁহিটোৱে চিধা গৈ নয়নৰ বুকুৰ মাজত খুন্দা মাৰিলে ।
দিনবোৰ বাগৰি মাহত সোমাল । মেঘালী আৰু নয়নৰ সম্পৰ্ক গভীৰৰ পৰা গভীৰৰলৈ গতি কৰিলে।
হৰেন মহাজন দোকানত বহি আছে। গৰম পৰিছে , কাম কৰা ল'ৰা ৰঘুৱে মহাজনৰ ওচৰতে বহি বিচনি মাৰি আছে। তেনেতে আহিল নহয় যোগেন মণ্ডলৰ উদণ্ড পুতেকতো । আহিয়ে মহাজনলৈ চাই ক'লে ," অ' খুৰা আপোনালোকৰ মেঘালীক বোকাত পদুম ফুলৰ দৰে ফুলিব দিবনে, বাগিচাত গোলাপ ফুলৰ দৰে ফুলিব দিব ।"
: কেলেই সুধিছ , তোক কেলেই লাগে ...... মোৰ ছোৱালী মই গোলাপ বনাও পদুম বনাও মোৰ কথা । নিলাজ কৰ'বাৰ ......কথা নাই তোৰ...... বাপেৰে এইবোৰে শিকাইছে যা ইয়াৰ পৰা.....।
: "নহয় মানে আজি কালি মেঘালীয়ে বোকাত খোজ কাঢ়ি ভাল পাই যে সেইকাৰণে কথাষাৰ কলোঁ "...... কৈয়ে সি তাত নৰখিল, মহাজনে কিবা কোৱা আগতেই সি পলাই পত্ৰং দিলে। তাৰ কথাখিনি বুজিব নোৱাৰি মহাজনে ৰঘুক সুধিলে , এই অৰ্ধপতন টোৱে কি কৈ গ'ল অ' ৰঘু!!!
: "এ, আমাৰ আইজনীয়ে যে মনেশ্বৰৰ পুতেকৰ ৰিক্সাত উঠি স্কুললৈ অহা যোৱা কৰে , সেইটো কথা কৈছে ......গাওঁখনত আৰু দুই এজনে কথাটো কোৱা ময়ো শুনিছোঁ মহাজন দেউতা ! আপোনাক মই কম কম বুলি ভাবিৱে আছিলোঁ।" ৰঘুৰ কথাখিনি শুনি মহাজনে একো নক'লে।
মেঘালীয়ে ৰিক্সাৰ পৰা নমা লগে লগে দোকানত বহি থকা দেউতাকে তাইক মাতিলে, আই'ও মেঘালী এইফালে শুনচোন , তই বাৰু এই গৰমত ৰিক্সাত কেলেই অহা যোৱা কৰিব লাগে ... ঘৰত গাড়ীখন এনে পৰি আছে ! মই ড্ৰাইভাৰ এটা থিক কৰি দিও কাইলৈ পৰা সেইখনত অহা যোৱা কৰিবি......
, আগলৈ..........
✍🏻 ৰিংকু তালুকদাৰ
ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড - ৪ ) : https://www.smj24.in/2022/10/assamese-storyboard_38.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment