বৃষ্টি ঘৰৰ ওচৰতে ঘৰ মানুহজনী, নিয়ৰক বহিব দিলে আৰু মানুহজনী ভিতৰলৈ গল । ( Assamese Storyboard )
ছোৱালী এজনী ওলাই আহিল আৰু নিয়ৰক পানী দিলে খাব আৰু দূৱৰিক কোলাত লৈ নিয়ৰৰ ওচৰতে বহিল । অলপ পিছত মানুহজনী ওলাই আহিল ।
:: জোঁৱাই এইজনী মোৰ ছোৱালী নিজৰা, BA pass কৰি এতিয়া ঘৰতে আছে ।
:: আৰু কোন কোন আছে খুৰী আপোনালোকৰ ঘৰত ?
:: মই , তাই আৰু ডাঙৰ লৰাটো আছে , সি কোম্পানী কামত বাহিৰতে থাকে ।
ছোৱালী জনী বিয়া বয়স হৈছে, তোমাৰ দৰে লৰা এজন চাবা, বিয়া খন দিব পাৰিলে মই শান্তিত মৰিব পাৰিম !
:: মোৰ দৰে মানে ... আৰু এতিয়াই মৰা বয়স হোৱা নাই আপোনাৰ !
:: কি ঠিক কৰে কপালত কি লিখা আছে ...
:: সেইটো মই ভালদৰে বুজি পাও মই খুৰী..
:: বেয়া নাপাবা দেই মই চাগে তোমাক দুখ হে দিলোঁ ।
:: নাই .. নাই.. কিয় বেয়া পাম নো ;
:: তুমি বৃষ্টিক বহুত ভাল পাইছিলা ন ?
:: ওম.. কব নোৱাৰো কিমান !
:: ওম.. গম পাইছো সকলো আমি , এনেকুৱা জোঁৱাই এজন আমাৰ কপালত হে নাই ..
:: পাব খুৰী কিয় নাপাব নো !
:: কণমানি জনী লৈ তোমাৰ অকলে অসুবিধা নহয় নে ?
:: নাই নহয় ! সৰু হৈ থাকোঁতে অলপ আমনি হৈছিল , এতিয়া বুজি পোৱা হৈছে , এতিয়া আৰু একো অসুবিধা নহয় ।
:: যি হলেও মাক এজনী লাগে , কিমান দিন এনেকৈ থাকিবা ..
:: বৃষ্টি মোৰ চকুৰ আগত হে নাই , মনৰ মাজত সদায় আছে ! কোনোদিনে তাই যে নাই অনুভৱ কৰাই নাই ..!
:: ওম... নিজৰা তুমি যোৱা জোঁৱাই বাবে চাহ কৰি আনা ..
:: হব খুৰী.. মই এতিয়া একো নাখাও..
:: কিয় নাখাবা প্ৰথম বাৰ আহিছা.. খাব লাগিব ; যোৱা মাজনী বনোৱা ...
:: দূৱৰি.. তুমি যাবা মোৰ লগত চাহ বনাব ..
:: যাম.. দেউতা মই যাওঁ দেই ..
:: যোৱা সোণ..
নিজৰাই দূৱৰিক কোলাত তুলি ভিতৰলৈ সোমাই গল ..
:: জোঁৱাই .. আকৌ এবাৰ ভাবি চাবা, দূৱৰি এতিয়াও বেছি ডাঙৰ হোৱা নাই .. যদি তুমি কোৱা মই তোমাৰ মা, দেউতা লগত আলোচনা কৰিব পাৰোঁ ..
:: মানে ...
:: নিজৰা কথা, মোৰ ছোৱালী জনী বিয়া দিয়া কথা ভাবিছোঁ, তোমাৰ দৰেই যদি জোঁৱাই এজন পাওঁ বৰ শান্তি পাম অ... মোৰ ছোৱালী কামে কাজে সকলোফালে ঠিক আছে, আজি লৈকে কোনো লৰা লগত কথা পতা, ঘূৰি ফুৰা এইবোৰ নাই তাই ..! ( Assamese Storyboard )
:: খুৰী কি কৈছে এইবোৰ ... এইবোৰ নকব মোক ; মই ভবা নাই এইবোৰ ... মই আপোনাৰ ছোৱালী বেয়া বুলি কোৱা নাই, তাই দেখাই শুনাই ধুনীয়া কিন্তু মই যে আকৌ এবাৰ কাৰোবাক নিজৰ কৰিম সেইটো এই জনমত নহব ।
মোৰ প্ৰথম আৰু শেষ ভালপোৱা মাথোঁ বৃষ্টি ... আৰু দূৱৰিক সৰু পৰা ইমান ডাঙৰ কৰিলোঁ এতিয়া কোনো নহলেও পাৰিম । বেয়া নাপাব খুৰী মোক আৰু এইবোৰ নকব ... !!
:: বেয়া নাপাবা , মই মনৰ কথা হে কৈছিলো ... সঁচাই তোমাৰ দৰে লৰা পাবলৈ কপাল লাগিব ।
নিজৰাই চাহ লৈ ওলাই আহিল, পিছে পিছে তাই গাত ধৰি দূৱৰি ওলাই আহিল ।
:: চাহ খাব..
চাহ দি নিজৰা চোতাললৈ গল । দূৱৰি পিছে পিছে গল ।
:: তুমিও যোৱা নেকি মাহী লগত .. ( খুৰীয়েকে সুধিলে দূৱৰিক )
:: ওম.. মই মাহী লগত খেলিম, খেলিবা নে ? ( দূৱৰিয়ে নিজৰাক সুধিলে )
:: ওম.. কিয় নেখেলিম দেহা, আহা ...
নিয়ৰে চাহ খালে , অলপ সময় পিছত যাব ওলালে । কিন্তু দূৱৰি নাযায় , নিজৰা লগত খেলিব লাগে ।
:: দূৱৰি তুমি যোৱা , মই অলপ পিছত তোমাৰ লগত খেলিব যাম হব নে ?
:: তুমি নোযোৱা মোক মিছাকৈ কৈছা ...
:: প্ৰমিছ.. যাম.. মোৰ কাম অলপ আছে কৰি হলেই যাম ।
:: নগলে কিন্তু মই তোমাক নামাটো ...
:: হব যাম...
নিজৰা যাম কোৱাত তাই দেউতাকৰ লগত গল । নিয়ৰ আৰু দূৱৰি যোৱা পিছত নিজৰা মাকে নিজৰাক ওচৰত বহিল কলে ;
:: কি হল মা.. মই কামবোৰ কৰি লওঁ..
:: বহা কথা আছে অলপ ,
:: কি কথা মা ...
:: নিয়ৰ লৰাটো কেনেকুৱা লাগে তোমাৰ ;
:: ভাল লাগে , দূৱৰি ইমান মৰম লগা ন মা.. একেবাৰে বৃষ্টি বা দৰেই । বৃষ্টি বা জনী হে কি যে হৈ গল । ইমান সুখত আছিল ;
:: ওম.. নিয়ৰ দৰে লৰা সকলোৱে কপালত লিখা নাথাকে , দূৱৰি জনীয়েও তোমাক ইমান ভাল পাইছে , যাবা তাই লগত অলপ খেলিবা ...
:: ওম .. কামবোৰ কৰি হলে যাম !
:: যদি তোমাক দূৱৰিয়ে মা বুলি মাতে , তোমাৰ কিবা আপত্তি আছে নেকি ?
:: মানে ... কি কৈ আছা মা..
:: নিয়ৰৰ ঘৰৰ লগত তোমাৰ বিয়া কথা পাতিম ভাবিছোঁ , বহুত ভাল লৰা সি, ঘৰৰ অৱস্তা বহুত ভাল, সি এইবোৰ বিয়া কথা ভবা নাই , কিন্তু কিমান দিন থাকিব এনেকৈ ...
:: মা.. তুমি যে কি ভাবি থাকা, এইবোৰ নাভাবিবা, বৃষ্টি মোৰ নিজৰ বা নহলেও সৰু পৰা বা দৰেই পাইছোঁ, আৰু নিয়ৰ মোৰ ভিনি দৰেই ।
ভাল লাগে মোৰ তাৰ মানে এইটো নহয় যে তেওঁক নিজৰ কৰিব পাৰিম !
:: বাৰু যা তই কাম কেইটা কৰি ছোৱালী জনী ওচৰৰ পৰা আহ ; তাইক মৰম কৰিবি মাক নোহোৱা ছোৱালী নহয় জানো !
:: হব মা ...
নিজৰা ভিতৰলৈ গল । মাকৰ এটাই আশা নিয়ৰক নিজৰ জোঁৱাই কৰা, তাৰ বাবে যি কৰিব লাগে কৰিব , নিজৰাই নজনাকৈ কিবা এটা কৰা সিদ্ধান্ত ললে ।
***
নিজৰা কাম কৰি দূৱৰি ওচৰলৈ গল । দূৱৰি আইতাকৰ ওচৰত আছিল নিজৰাক দেখি "পেহী" বুলি দৌৰি আহি কোলাত উঠি ললে , আইতাকে নিজৰাক বহিব দিলে, নিজৰাই দূৱৰিক কোলাত লৈ বহিল ।
:: নিজৰা.. আমাৰ মাজনী অহা পৰা তোমাৰ কথাকে কৈ আছে ; তুমি কেতিয়া আহিবা সুধি সুধি মোক আমনি কৰি আছে ।
:: হয় নে দূৱৰি তুমি আইতাক আমনি কৰি আছা..!
:: নাই কৰা , আইতাই মিছাই কৈছে,
:: দেখিলা এতিয়া মইহে মিছা কোৱা হল !
:: নাজানো দেই নিজৰাই কি যাদু কৰিলে আমাৰ দূৱৰিক, ( নিয়ৰ আহি মাত দিলে )
:: নাই দেই ভিনি .. মই একো কৰা নাই ..
:: মাহী .. আমি খেলিম বলা ..
:: ওম... বলা ...
নিজৰা, দূৱৰি অলপ দূৰত গৈ ফুলনি মাজত খেলিল, দূৱৰি ফুলৰ মাজত লুকাই থাকে, নিজৰাই নেদেখা ভাও ধৰি বিচাৰি থাকে, অলপ পিছত নিজৰা আগত ওলাই তাইক ভয় খুৱাই দিয়ে, নিজৰাই ভয় কৰা ভাও ধৰি চিঞৰি দিয়ে, দূৱৰি হাঁহি হাঁহি আকৌ ফুলবোৰৰ মাজত লুকাই যায় ।
নিয়ৰ আৰু বৃষ্টি মাক বহি চাই চাই হাঁহি আছে ।
:: জোঁৱাই.. নিজৰা জনী সৰু ছোৱালী দৰেই ন..
:: ওম মা.. চাওঁক কেনেকৈ সৰু ছোৱালী দৰে তাই পিছে পিছে ঘূৰি ফুৰিছে ।
:: বৰ ভাল ছোৱালী অ.. আজি লৈকে কাকো খং কৰি পোৱা নাই, যি কোৱা তাকেই শুনে..
মাকজনী হে বৰ ভাল নহয় , নিজৰ স্বাৰ্থ বাবে বহুত তললৈ যাব পাৰে , ছোৱালী জনী বাবে কেতিয়াবা বেয়াই লাগে , নিজৰ মাক নাই যে মাকে যি কয় তাকেই কৰি যায় ।
:: খুৰী নিজৰ মাক নহয় নেকি ?
:: নহয় , মাহী মাক..
দূৱৰি আৰু নিজৰাক খেলি থকা চাই চাই কথা পাতি পাতি মাক আৰু নিয়ৰ বহি থাকিল ....
( আগলৈ )
🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )
অভিমানৰ অভিমানী ( খণ্ড - ২৭ )-
https://www.smj24.in/2022/10/assamese-storyboard_74.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment