ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড_৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, October 26, 2022

ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড_৩ ) : Assamese Storyboard

Assamese Storyboard

 

                  আজি ইমান ধুনীয়া লাগিছে মেঘালী জনীক । যোৱাকালি তাই জিনচ পেণ্টৰ লগত কুৰ্তা পিন্ধি আহিছিল।  Assamese Storyboard )


আজি আৰু নয়নে তাইক সম্পূৰ্ণ বেলেগ ৰূপত দেখা পাইছে। পাতল বেঙুনীয়া ৰঙৰ কাপোৰ যোৰ পিন্ধা লগতে চুলিখিনি ডিঙিত লাগি থকাকৈ এটা খোপা বান্ধি লৈছে। হাতত এটা সৰু বেগ। দেখাত সাইলাখ এজনী সৰগৰ পৰী.....।

 

                নয়নৰ ৰিক্সাখন স্বৰ্গৰ এখন বাহন যেন লাগিল....... মানে " ইন্দ্ৰৰ বাহনত মেনকা"......। কথাষাৰ ভাবি নয়নৰ হাঁহি উঠি গ'ল । ছে: কিবোৰ যে ভাবি আছে সি । তাৰ এই খটাৰা ৰিক্সাখন ইন্দ্ৰৰ বাহনৰ লগত তুলনা কৰিব পাৰি নেকি !!!


  "নয়ন কি ভাৱি আছানো ! অচিনাকি মানুহৰ দৰে মনে মনে আছা।"....নয়নে একো কথা নোকোৱা বাবে মেঘালীয়ে তাক উদ্দেশ্য কৰি ক'লে।

   "কিনো কম , তুমিয়ে কোৱাচোন "নয়নে তাই লৈ ঘূৰি চালে ...!


    "তোমাৰ বিষয়ে কোৱা..... স্কুল এৰিব পৰা আমাৰ কোনো দিন দেখা দেখি হোৱা নাই ... ময়ো তোমাৰ বিষয়ে একোৱে নাজানো.. কোৱানা মেট্ৰিক পৰীক্ষা দি উঠি তুমি কি পঢ়িলা, ক'ত পঢ়িলা...! " মেঘালীৰ কথা শুনি নয়নৰ এনেকুৱা লাগিল যেন তাৰ বিষয়ে জানিবলৈ  তাই  উচ্ছুক হৈ আছে ।


  "কম নহয় কেতিয়াবা আজি তোমাৰ কথা কোৱা".... নয়নৰ পৰা একো জানিব নাপাই মেঘালীৰ মনটো বেয়া লাগি গ'ল। তাই বুজি পালে নয়নে ইমান সহজতে তাৰ সকলো কথা খুলি নকয় । তাই তাক জোৰ নকৰিলে।

                কিছু সময় দুয়ো মৌন হৈ ৰ'ল। মৌনতা ভাঙি মেঘালীয়ে আকৌ নয়নক ক'লে......


  "নয়ন আমাৰ গাওঁখন বহুত সলনি হ'ল ন। আমি পঢ়া হাইস্কুলখন হায়াৰ চেকেণ্ডেৰী হ'ল ! গাঁৱৰ  শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীৱে মিলি জুনিয়ৰ কলেজ এখনো খুলিলে । ৰাস্তা ঘাট বোৰো পকী হ'ল.....!!"তাই কথাখিনি শুনি নয়নে "উম" বুলি কৈ থলে। মেঘালীৰ  খুব মন গ'ল নয়নক সুধিবলৈ,"তুমি এই ৰিক্সা চলোৱা প্ৰবৃত্তিটো কিয় ল'লা নয়ন। এই কাম তোমাৰ বাবে নহয়।" .....কিন্তু তাই তাক সুধিব নোৱাৰিলে। তাইৰ এনেকুৱা লাগিল নয়নৰ অন্তৰত বহুত কিবাকিবি আছে যিবোৰ সি কাকো খুলি কব পৰা নাই । এদিন হয়তু সি তাইক সকলো খুলি কব আৰু তায়ো সেই দিনটোলৈ বাট চাই ৰব ....।


          মেঘালী আমি চাৰিআলি পালোঁ , এতিয়া কোনফালে যাবা!  নয়নৰ মাততহে মেঘালীয়ে বাস্তৱলৈ ঘূৰি আহিল ইমান সময় তাই ভাৱনাত বুৰ গৈ আছিল।


    বাওঁফালে আগুৱাই ব'লা.... ছোৱালী হাইস্কুল খনৰ সন্মুখত ৰাখিবা ......! নয়নে ৰিক্সাখন তাই কোৱা ধৰণে ছোৱালী হাইস্কুলৰ সন্মুখত ৰখাই দিলে।


  "নয়ন তুমি অলপ সময় ইয়াতে ৰ'বা , মই আহি আছোঁ।" মেঘালীয়ে তালৈ চাই ক'লে ..... সি মুখেৰে একো নক'লে যদিও তাইলৈ চাই হাঁহি এটা মাৰিলে ।

                এক ঘণ্টা মানৰ পিছত মেঘালী স্কুল খনৰ পৰা ওলাই আহিল । দূৰৰ পৰাই তাই নয়নলৈ চালে, গেটৰ কাষৰ কৃষ্ণচুঢ়া জোপাৰ তলত নয়ন ৰাস্তাৰ ফালে মুখ কৰি বহি আছে। মেঘালীয়ে নয়নৰ ওচৰৰলৈ  আগুৱাই গ'ল।  Assamese Storyboard )


  "নয়ন ব'লা মোৰ কাম হ'ল "। মেঘালীক দেখি নয়নে ৰিক্সাখন ঘুৰাই ল'লে।


           মেঘালীয়ে ভাৱিছিল নয়নে তাইক সুধিব তাই স্কুললৈ কি কামত আহিছিল । নাই সি একোৱে নুসুধিলে । নয়নৰ ব্যৱহাৰত তাই অলপ ক্ষুণ্ণ হ'ল।


           ৰিক্সাখনত উঠি মেঘালীয়ে অলপ অভিমানৰ সুৰত কৈ উঠিল ,"নয়ন , মই কি কামত আহিছিলোঁ তোমাৰ অলপো জানিব মন যোৱা নাই!!"...... মেঘালীৰ কথাষাৰত নয়ন অলপ অপ্ৰস্তুত হ'ল । 


 "কিয় আহিছিলা কোৱাচোন !" নয়নে লাহেকৈ সুধিলে......


    "কম বাৰু আগতে অলপ কৰ'বাত বহোঁ ব'লা..... চাহ একাপ একাপ খাই লওঁ নে কি কোৱা !! ঘৰলৈ অলপ মিঠাই ল'ব লাগিব । ভাল ৰেষ্টোৰেণ্ট এখনলৈ ব'লাচোন ।"মেঘালীয়ে তালৈ চাই ক'লে ।


   নয়নে ৰিক্সাখন এখন ডাঙৰ ৰেষ্টোৰেণ্টৰ ওচৰত   ৰাখিলে ।

   "মেঘালী, তুমি যোৱা কি খোৱা খাই লোৱা মই ইয়াতে আছোঁ।" নয়নৰ কথাত মেঘালী অলপ খং উঠি আহিল। তাই অলপ খঙেৰে নয়নক ক'লে..."তুমি কি ভাবিছা , মই তোমাক এৰি চাহ খাম আৰু তুমি এই ৰ'দত থিয় হৈ মোলৈ ৰৈ থাকিবা ..... নাখাও মই চাহ তাহ ব'লা  ঘৰত যাওঁ।"এই বুলি কৈ মেঘালী পুনৰ ৰিক্সাখনত উঠি ল'লে ।


            মেঘালীয়ে খং অভিমানেৰে কোৱা কথা খিনিত সি কি কব কি নকব একো ভাৱি নাপালে । মেঘালী লৈ চালে তাই মুখখন অলপ ফুলি থকা যেন লাগিল।

  হব বাৰু ব'লা... নয়নৰ কথাষাৰত মেঘালী য়ে লগা লগ ৰিক্সাৰ পৰা নামি দিলে । তাইৰ  মুখত এটি মিচিকিয়া হাঁহি ফুটি উঠিল । হাঁহি হাঁহিয়ে তাই ঘপহকৈ নয়নৰ হাতখন ধৰি ল'লে। আৰু তাক একপ্ৰকাৰ টানি নিয়াদি ৰেষ্টোৰেণ্টখনলৈ লৈ গ'ল । নয়নে একো কব সুবিধাই নাপালে ........

 

                           আগলৈ...........


✍🏻 ৰিংকু তালুকদাৰ


ৰিক্সাৱালাৰ প্ৰেম ( দ্বিতীয় খণ্ড ) : https://www.smj24.in/2022/10/assamese-storyboard_23.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages