ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড_২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, October 23, 2022

ৰিক্সাৱালাৰ প্ৰেম ( খণ্ড_২ ) : Assamese Storyboard

Assamese Storyboard


             নয়নৰ একমাত্ৰ মৰমৰ ভনীয়েক মণি, তাইৰ বাবেই নয়নে ইমান দুখৰ মাজতো অলপ সুখ বিচাৰি পায়।  Assamese Storyboard )


বেচেৰি ইমান কম বয়সতে ঘৰৰ সমস্ত দায়িত্ব পালন কৰি আছে। ঘৰ সৰা মুচা, চাহ ভাত ৰন্ধা আৰু গোটেই কেইটাক খুৱাই বুৱাই থৈ শেষত তাই কলেজলৈ যায়। তাইৰ কষ্ট দেখি কেতিয়াবা নয়নৰ বুকুখন বিষাই যায় ! মাকেও তাইৰ কথা কৈ চকুপানী টুকি থাকে।


               সি খুব ভাল পায় মণিক , তাইও ককাইয়েকক খুব বেছি ভাল পায়। তাই নকওঁতেই সি তাইৰ প্ৰয়োজনীয় সকলো বস্তু আনি দিয়ে। একো অভাৱ হব নিদিয়ে। 

 : দাদা , তই কেনেকৈ জানিলি মোক যে এইটো লগা আছিল বুলি!! সিদিনাখন লিপষ্টিক এটা আনি দিওঁতে তাই তাক সুধিছিল।

  : মই তোৰ মুখ চাই গম পাই যাওঁ দে তোক কি লাগে।

 : হয় নেকি!! ক'চোন বাৰু !! আৰু কি লাগে মোক! তাইৰ মুখ খন তাৰ ওচৰলৈ আগুৱাই দিয়ে।

 : এতিয়া কিয় কম ! সময়ত আনি দিম নহয় গম পাবি তেতিয়া!!.....

        

            মণিয়ে ভালকৈয়ে বুজি পায়। তাইৰ মৰমৰ ককাইয়েকে ঘৰখন চলোৱা কাৰণে কিমান কষ্ট কৰে । ভৰ দুপৰীয়া কেতিয়াবা মণিয়ে কলেজৰ পৰা আহোঁতে ককাইয়েকক দেখে কাৰোবাক ৰিক্সাত উঠাই লৈ যোৱা। ৰিক্সা টানি লৈ যোৱা দেখিলে মণিৰ তাতে কান্দোন ওলাই যায়.....।


                ৰাতি ভাত খাই উঠি নয়ন শুবলৈ গ'ল। বিছনাখনত সম্পূৰ্ণকৈ দেহাটো এৰি দিলে। দিনটোৰ ভাগৰে এইখিনি সময়ত তাক হেঁচা মাৰি ধৰে। কব নোৱাৰাকৈ টোপনি যায় সি !! কিন্তু আজি তাৰ চকুত টোপনি নাই। বাৰে বাৰে মেঘালীৰ কথা মনলৈ আহি আছে।


                  হৰেন মহাজনৰ একমাত্ৰ জীয়েক মেঘালী । ধুনীয়া , মৰমলগা, পঢ়াত চোকা আৰু সকলোৱে প্ৰতিৰ উদাৰ ভাৱ থকা মেঘালীক  লৈ মহাজনৰ খুব গৌৰৱ আৰু অলপ অহংকাৰ নথকাও নহয়।


                সঁচাকৈ মেঘালী বৰ মৰমলগা ! ন'হলেনো আজি নয়নে তাইক থব যাওঁতে চাহ খোৱা কথা কয়নে!!! সি কিমান মানুহক ৰিক্সাত উঠালে , কোনেও চাহ টো বাদেই পানী এগিলাছৰ কথাও নকয়.......। সৰুৰ পৰা একেলগে পঢ়িছিল যদিও নয়নে তাইক ক্লাছ নাইন মানৰ পৰা হে ভালকৈ লক্ষ্য কৰিছিল। জিৰণিৰ সময়ত লগৰ ছোৱালীৰ সৈতে হাঁহি হাঁহি কথা পাতি থকা মেঘালী ক সি দূৰৰ পৰা আঁৰ চকুৰে চাইছিল। হাঁহিলে তাইক বৰ ধুনীয়া দেখি। কথাৰ মাজতে কেতিয়াবা তাইও নয়নৰ ফালে চাইছিল। চকুৱে চকুৱে পৰিলে নয়ননে মুখখন বেলেগ ফালে ঘুৰাই দিছিল । ৰাতি প্ৰায়ে মেঘালীৰ হাঁহিটোৱে  তাক আমনি কৰিছিল। মেঘালীৰ প্ৰতিৰ তাৰ দুৰ্বলতা থকাৰ কাৰণেই সি তাইৰ পৰা আঁতৰি আছিল। মেঘালীও চাগে তাৰ লগত কথা পতা কোনো প্ৰয়োজনবোধ কৰা নাছিল..........।


            হঠাৎ মেঘালী আহি তাৰ সন্মুখত এনেকৈ ওলাই দিব সি সপোনতো ভবা নাছিল । ইমান বেয়া অৱস্থাত দেখিলে তাই তাক। তাই কি ভাবিছে বাৰু তাৰ বিষয়ে!!! কথাটো ভাবি নয়নৰ কান্দোন ওলাই আহিল । মাকে শুনিব বুলি ভাবি গাৰোটোতে মুখখন হেচি হুক হুকাই কান্দি উঠিল........।


              

               ৰাতি ভাল কৈ টোপনি নোহোৱা কাৰণে পুৱা নয়নৰ মূৰটো গধুৰ গধুৰ লাগিছে। চকুৰ কেইটাও জ্বলা পোৰা কৰিছে। কি কৰিব সি! ইফালে মেঘালীয়েও তাক আঠ বজাতে মাতিছে। লৰা লৰিকৈ উঠি সি মুখ ধুলে , মণিয়ে যতনাই দিয়া চাহ কাপ খাই সি বাৰীৰ ফালে গ'ল। বাৰীত দেউতাকে কিবা অলপ শাক পাচলি লগাইছে । গৈ দেখে যে দেউতাকে ইতিমধ্যে বাৰীত কাম কৰি আছে। Assamese Storyboard )


: দেউতা তই ইয়ালৈ কেলেই আহিছ! এইবোৰ কাম কৰিব তোক ডাক্তৰে মানা কৰিছে । তোক কৈছিলো চোন কামত যোৱা আগে আগে মই বাৰীৰ কাম খিনি কৰি থৈ যাম।


 : কিমাননো আৰু শুই বহি থাকিম । লাহে ধীৰে কৰিলে একো নহয় দে!! গোটেইবোৰ কৰিবলৈ তোৰো কষ্ট নহয় জানো ? ৰ'দ বৰষুণক নেওচি তই ৰিক্সা চলাই আমাক পোহ পাল দিছ !! এই অভাগী দেউতাৰক ক্ষমা কৰি দিবি নয়ন । মই তোক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিবলৈ নোৱাৰিলোঁ। তোৰ সপোন বোৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। মই চাই থকাৰ বাহিৰে একো কৰিব নোৱাৰিলোঁ......!


 :  "হব দিয়া দেউতা , এতিয়া দুখ কৰি থাকিব নালাগে ! মোৰ একো কষ্ট হোৱা নাই। জীয়াই থাকিবলৈ আমি কাম কৰিবই লাগিব! কামত সৰু ডাঙৰ একো নাই"। ব'লা এতিয়া ঘৰত মোৰ যাব সময় হৈছে । গা ধুই ভাত কেইটা খাই লোৱাগৈ। মণিও কলেজ যাব লাগিব। মোৰো আজি বেলেগ এটা কাম আছে।


                 আঠ বজাৰ লগে লগে নয়ন গৈ মেঘালী হতৰ ঘৰ পালেগৈ। মেঘালীও ওলাই মেলি সাজু হৈ আছে। নয়নক দেখা পাই তাই আগবাঢ়ি আহিল ।

: গুড মৰ্নিং নয়ন , পালাহি ! আহাঁ অলপ বহাহি .... মিচিকিয়া হাঁহি মাৰি মেঘালীয়ে তাক ভিতৰলৈ মাতিলে।

: গুড মৰ্ণিং !! এতিয়া নবহো নেকি ! তোমাৰ হ'ল যদি ব'লা। নয়নে ভিতৰলৈ যাবলৈ মন কৰা নাই ।

: ঠিক আছে ব'লা বাৰু ঘূৰি আহি বহিবা...। নয়নে যে ভিতৰলৈ যাব মন কৰা নাই সেইটো মেঘালীয়ে ভাল দৰে বুজি পালে। সেইকাৰণে তাই তাক জোৰ নকৰিলে.....।


: কোনপিনে যাবা মেঘালী..... নয়নে লাহেকৈ সুধিলে ।

: চাৰিআলিৰ ফালে, যোৱাকালি কৈছিলো তুমি পাহৰিলা!

         আচলতে আঠ বজাৰ টোহে শুনা পালে বাকী খিনি তাৰ কাণত সুমুৱাই নাছিল । যিমান পাৰি সোনকালে মেঘালীহতৰ ঘৰৰ পৰা ওলাই যাব বিচাৰিছিল।


             মেঘালীক ৰিক্সাত উঠাই নয়ন চাৰিআলিৰ ফালে আগুৱাই গ'ল.....

            

                                         আগলৈ..........


✍🏻 ৰিংকু তালুকদাৰ


ৰিক্সাৱালাৰ প্ৰেম ( প্ৰথম খণ্ড )https://www.smj24.in/2022/10/assamese-storyboard_22.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

1 comment:

  1. Likha bur mobile t type kori likhibo Lagibo, ne kagojot likhi dibo pora Kiba byobosta ase neki plz jonabo

    ReplyDelete

Advertisement

Pages