বাছৰ পৰা নামি মেঘালীয়ে ইফালে সিফালে চালে, নাই এখনো ৰিক্সা দেখা নাপালে। কি কৰিব তাই এতিয়া ! ( Assamese Storyboard )
এই ভৰ দুপৰীয়া খনত দুই কিলোমিটাৰ ৰাস্তা বেগটোৰ সৈতে কেনেকৈ খোজ কাঢ়ি যাব । তাতে আকৌ আজি ইমান ৰ'দ ! কি কৰিব কি নকৰিব ভাবি এখোজ দোখোজ কৈ মেঘালীয়ে আগবাঢ়ি গ'ল জানোচা অলপ আগত ৰিক্সা পাইয়ে। সঁচাকৈ অলপ আগত চাৰিআলিৰ সিমুৰৰ আঁহত জোপাৰ তলত এখন ৰিক্সা দেখা পালে। ৰৈ নেথাকিল তাই ,একে উশাহতে ৰিক্সা খনৰ ওচৰৰ পালেগৈ।
:"ৰিক্সা, শিমলুতল গাওঁৰ হৰেন মহাজনৰ ঘৰলৈ যাব নেকি?"
নাই ৰিক্সাৱালা জনৰ কোনো সাৰ সুৰ নাই। তাইৰ মতা নুশুনিলে চাগে। মুখখন গামোচাৰে মেৰিয়াই ৰিক্সাৰ ওপৰতে শুই আছে । মেঘালীয়ে আৰু এবাৰ মাত দিয়াতহে তেঁও টোপনি পৰা সাৰ পালে।
:যাবনে ? মেঘালীয়ে আৰু এবাৰ সুধিলে!
:যাম, উঠক ৰিক্সাত।
মেঘালী ৰিক্সাখনত উঠি বহিল । ইমান সময় তাই ৰিক্সা চলোৱা মানুহজনৰ ফালে চোৱাই নাছিল। ৰিক্সাখন ঘুৰাব ধৰোতে তাই ৰিক্সাৱালা জনক দেখা পালে। মেঘালীয়ে একপ্ৰকাৰ উচপ খাই উঠিল ! আৰে ই কি ,এইয়াচোন তাইৰ লগত সৰুতে পঢ়া নয়ন। নয়ন মেঘালীহতৰ গাঁৱৰে ল'ৰা। শান্ত নিৰ্জু স্বভাৱৰ ল'ৰা নয়নে বেছি কথা নকৈছিল। মেঘালীৰ লগত যে কেতিয়াবা কথা পাতিছিল তাইৰ দেখোন মনতেই নাই।
: "নয়ন তুমি ! মই মেঘালী মোক চিনি পাইছানে ? আমি যে সৰুতে একেলগে পঢ়িছিলোঁ!!!"
অকস্মাতে নয়নক কথা কোৱা ছোৱালীজনীলৈ সি ঘূৰি চালে, মেঘালীক চকুৰ সন্মুখত দেখা পাই নয়ন একপ্ৰকাৰ চক খাই গ'ল । সি শিল পৰা কপৌ দৰে তাই ফালে ভেৱা লাগি চাই ৰ'ল।
: "নয়ন তুমি এনেকৈ ইয়াত কিয়!! "মেঘালীয়ে আৰু এবাৰ আচৰিত হৈ সুধিলে।....... মেঘালীৰ মাতত নয়নৰ সম্ভিত ঘূৰি আহিল । লাজ , অপমান, দুখত তাৰ দুচকুৰ চল চলীয়া হ'ল । কি কৰিব কি নকৰিব ভাবি সি ঠাইতে তলমুৱাকৈ থিয় হৈ ৰ'ল। বৰ দুখ লাগিছে তাৰ ইমান বছৰৰ মুৰত তাই যে তাক এনেকৈ দেখা পাব সি সপোনটো ভবা নাছিল।
নয়নৰ চকুযোৰ দেখি মেঘালীৰ খুব বেয়া লাগিল । এনেকুৱা এটা পৰিস্থিতিৰ বাবে সিহঁত সাজু হৈ থকা নাছিল । পৰিস্থিতি সহজ কৰিবলৈ মেঘালীয়ে নয়নক ক'লে।
: "ভালেই হ'ল নয়ন, মই তোমাক লগ পালোঁ। মোৰ বহুত ভাগৰ লাগিছে আৰু ভোকো লাগিছে, ব'লানা মোক সোনকালে ঘৰত থৈ আহাঁ।".......
নয়নে তাই নেদেখাকৈ চকুৰ পানীখিনি ডিঙিত ওলোমাই ৰখা গামোচাখনেৰে মুছি ল'লে। মুখেৰে একো নোকোৱাকৈ সি ৰিক্সাখন মেঘালীৰ হতৰ ঘৰৰ ফালে আগুৱাই নিলে। পিছফালে বহি যোৱা মেঘালীৰ মনত নানানটা প্ৰশ্ন উদয় হ'ল।
মেট্ৰিক পৰীক্ষা দি উঠি মেঘালী গুৱাহাটী লৈ গুছি গৈছিল । ৰিজাল্টৰ পিছত তাই কটন কলেজত এডমিচন লৈছিল । পঢ়া শেষ কৰি এতিয়া একেবাৰে নিজৰ জন্ম ঠাইলৈ উভতি আহিছে। নয়ন পঢ়াত ইমান ভাল আছিল সিও মেট্ৰিক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হৈছিল। এনেকুৱা কি হ'ল যে নয়নে আজি ৰিক্সা চলাই আছে। মেঘালীয়ে ভাবি একো পাৰ নেপালে। ( Assamese Storyboard )
:"মেঘালী ঘৰ পালা, নামা ৰিক্সা পৰা"...... ভাৱনাত বিভোৰ হৈ থকা মেঘালী নয়নৰ মাততহে সম্ভিত ঘূৰি আহিল........
ৰিক্সাৰ পৰা নামি মেঘালীয়ে নয়নৰ মুখলৈ চালে । সেমেকা হাঁহি মাৰি সিও তাইৰ চকুৰলৈ চাই পঠিয়ালে ।
: "থেংক ইউ নয়ন", মেঘালীয়ে তালৈ চাই ক'লে।
: অ'কে মই এতিয়া যাওঁ।
: ৰ'বা নয়ন, ঘৰৰ ভিতৰলৈ ব'লানা!! চাহ একাপ খাবা । আজি ইমান ৰ'দ, পানী পিয়াহ লগা নাই জানো!!
: নাই নেলাগে, বেলেগ এদিন আহিম ! তুমিও ভাগৰে যুগৰে আহিছা ফ্ৰেছ হৈ লোৱা। আৰু এনেও মই ঘৰৰলৈকে যাম । ভাত খোৱা সময় হৈছে । "বাই "বুলি কৈ নয়ন তাত নৰ'ল। সি যোৱা দেখি মেঘালীয়ে পিছৰ পৰা চিঞৰি ক'লে....."নয়ন অহাকাইলৈ আহিবা আঠবজাত, মোৰ চাৰিআলিৰ ফালে যাব লগা কাম আছে।"......
ঘৰ পোৱা পিছত নয়নৰ অলপো ভাল লগা নাই।
: "দাদা আহিলি, হাত মুখ ধুই ল যা মই তোলৈ ভাত সাজো।" ....……ভনীয়েক মণিয়ে তাক দেখা পাই ক'লে।
: "মই ভাত নাখাও ", সি নিৰ্বিকাৰে ক'লে।
: কিয় নাখাবি আমি তোৰ বাবে নোখোৱাকৈ ৰৈ আছোঁ। তই জান , তই নাখালে মা দেউতাইও খাব মন নকৰে।
: মোৰ ভোক নাই , লাগিলে খাম নহয় তহঁতে খাই ল যা..... মোৰ সাঁজ সাজি থৈ দি নহ'লে।
: "দাদা তোৰ গা বেয়া নেকি"? মণি য়ে তাৰ গাত হাত দি চালে ।
: গৰম নহয় চোন, মানে তোৰ জ্বৰ উঠা নাই !! তাৰমানে তোৰ গা বেয়া লগা নাই। তেতিয়াহ'লে তোৰ কি হব পাৰে আন দিনাখন তই মোক ভাত সাজিব ত'ত নিদিয় আজি কি হ'ল !!! মণিয়ে সন্দেহেৰে তালৈ চালে।
: "অ' হহ বুজি পালো দে, এইয়া তোৰ মনৰ বেমাৰ হয়নে!! ক'চোন ক আজি কাক লগ পালি তোৰ একেবাৰে ভাত পানী পেটলৈ নোযোৱা হ'ল।".....তাইৰ মুখৰ ভাঁজ দেখি নয়নৰ পেটে পেটে খুব হাঁহি উঠিল । হহাঁ ভাৱটো নেদেখাই সি তাইক ধমকি সুৰত ক'লে,..."যা ইয়াৰ পৰা .... এনে আজি ইমান গৰম আৰু মূৰ গৰম নকৰিবি"।.......
আগলৈ......
✍🏻 ৰিংকু তালুকদাৰ
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
্্্্্্ংংসুন্দৰ আৰম্ভণি ্্ং্ংংং
ReplyDeleteNext part please,
ReplyDelete