অভিমানৰ অভিমানী ( খণ্ড - ২৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, October 21, 2022

অভিমানৰ অভিমানী ( খণ্ড - ২৫ ) : Assamese Storyboard

Assamese Storyboard


         তাইক অপাৰেশ্যন ৰোমত লৈ গ'ল । অপাৰেশ্যন ৰোমৰ ৰঙা লাইটোলৈ চাই নিয়ৰ, মাক , দেউতাক বহি থাকিল । Assamese Storyboard )


    

     ***


      আবেলি ৪ মান বজাত অপাৰেশ্যন ৰোমৰ দুৱাৰ খোল খালে । ডক্তৰ তল মোৰ কৰি ওলাই আহিল । সকলো তেওঁৰ ওচৰত আগুৱাই গল ।


:: Sorry নিয়ৰ....  আমি বহুত চেষ্টা কৰিও মাকক বচাব নোৱাৰিলোঁ । 

     তোমাৰ ছোৱালী এজনী জন্ম হৈছে ।  


:: ডক্তৰ মোৰ বৃষ্টি ... বৃষ্টি একো নহয় আপুনি ধেমালি কৰিছে মোৰ লগত । কওক ডক্তৰ তাই ভালে আছে ।


:: ক্ষমা কৰিবা... আপোনালোক তেওঁ ওচৰত যাব পাৰে । 


       তল মূৰ কৰি ডক্তৰ আঁতৰি গল । নিয়ৰ, মাক, দেউতাক বৃষ্টি ওচৰত গল । বগা কাপোৰ এখনে তাইক ঢাকি থৈছে । কাষতে নাৰ্চ এজনীয়ে ছোৱালী জনী লৈ আছে । ছোৱালী জনীয়ে কান্দি আছে । নিয়ৰে বগা কাপোৰ খন দাঙি তাই সাৱটি চিঞৰি উঠিল ।


:: ঐ ছোৱালী ... তোমাৰ একো নহয় । উঠা আমি যাওঁ , সকলোৱে মোক মিছা কৈছে তুমি বুলে নাই ।

   চোৱা মা, এইজনী মোৰ বৃষ্টি তাই নাই বুলি কোনে কৈছে ! 

    ছোৱালী উঠা ... চোৱা আমাৰ ছোৱালী জনীয়ে কান্দিছে, তাই তোমাক বিচাৰিছে , চোৱা বৃষ্টি তাইক চোৱা এবাৰ , একেবাৰে তোমাৰ দৰেই ; 

      মা.. মা... চোৱা না তাই মোক একো নকয় ...


:: বাবা... বোৱাৰী আৰু নাই , আমাক এৰি তাই গুচি গল অ...  ( মাকে কান্দি কান্দি বহি পৰিল )


:: মা.. তুমিও যে কথা কোৱা, তাই কৈছিল নাই মোক এৰি নাযায়, তাই শুই আছে উঠিব তাই ... 

      

:: বাবা... এবাৰ ছোৱালী জনী মুখলৈ চোৱা , তুমি এনেকুৱা কৰিলে কি হব । 


:: নাই .. তাই মোক এৰি নাযায় । বৃষ্টি অভিমান কৰিছা ?  

     ঐ বৃষ্টি ... ঐ.... বুজিছো মই যে আমাৰ ছোৱালী বস্তুবোৰ দিয়া নাই সেইকাৰণে  খং কৰি আছা ।

   ৰবা মই লৈ আহো .. 


     

       সি বাহিৰলৈ দৌৰ দিলে , দেউতাক আহি মাকক বহা পৰা উঠাই দিলে ।


:: তাক কান্দিব দিয়া অ... তাক আজি বাধা নিদিবা, চোৱা তাই কেনেকৈ আমাক এৰি গল ! 

     কি ভুল আছিল অ আমাৰ, তাইক কিয় আঁতৰাই নিলে । কি হব ছোৱালী জনী ...  তুমি কান্দি নাথাকিবা , যোৱা ছোৱালী জনীক লোৱা, সেই কণমানি জনীক মাকৰ মৰমৰ পৰা কিয় বঞ্চিত কৰিলা ভগবান । 

        যোৱা তুমি ছোৱালী জনীক লোৱা । Assamese Storyboard )



     মাক কান্দি কান্দি ছোৱালী জনীক নাৰ্চৰ পৰা লৈ চুমা খাব ধৰিলে ।


:: আইজনী তোৰ কপাল বেয়া অ..  নাজানো কি ভুল কৰিছিলোঁ , কিয় ইমান কষ্ট দিছে আমাক ।


      দেউতাক বৃষ্টি ওচৰত বহিল । বৃষ্টি মূৰত হাত বুলাই দিলে ।


:: মাজনী ... আমাক ক্ষমা কৰি দিবা অ... আমি তোমাক ৰাখিব নোৱাৰিলোঁ । 

    মা, দেউতাৰ বুকুৰ মাজত পৰা আনি আজি তোমাক এনেকৈ বিদায় দিব লগা হল ।

      তোৰ দেউতাক ক্ষমা কৰি দিবি মাজনী । কোনোদিনে তোমাৰ ছোৱালীক দুখ পাব নিদিওঁ মাজনী ।

     কিয় এনেকৈ এৰি গলা অ মাজনী ... কিয় আমাৰ বুকু উকা কৰি গলা তুমি ; কোনে ৰাতিপুৱা চাহ কাপ দি কব "দেউতা চাহ খাওক"  কোনে অফিচৰ পৰা অহা পিছত কব "দেউতা আপুনি ইমান দেৰি কিয় কৰে চিন্তা হয় আমাৰ" 

     কিয় গুচি গলা অ মাজনী...

      কি শাস্তি এইয়া আমাৰ , ইমান টকা থাকিও তোমাক জীয়াই ৰাখিব নোৱাৰিলোঁ ।

     আমাক ক্ষমা কৰি দিবা মাজনী । 


     দেউতাকে তাই ভৰিত ধৰি কান্দিব ধৰিলে , ওচৰতে ৰৈ থকা নাৰ্চ জনী দুচকু পানীয়ে ভৰি পৰিল । তাই আগবাহি আহি দেউতাকৰ কান্ধত হাত ৰাখি কলে ।


:: দেউতা নাকান্দিব .. আমি বহুত চেষ্টা কৰিও নোৱাৰিলে তেওঁক ৰাখিব । আপোনালোকে এনেকৈ ভাঙি নপৰিব, তেওঁ কপালত ইমান দিনেই লিখা আছিল । 

     আপোনালোকে এনেকৈ থাকিলে আপোনালোকৰ লৰা জন একেবাৰে ভাঙি পৰিব । 


      দেউতাকে গৈ কণমানি জনীক কোলাত তুলি ললে । চকুপানী মছি লৈ নিজকে বুজাব চেষ্টা কৰিলে । এনেতে নিয়ৰ আহিল হাতত সি ঘৰৰ পৰা অনা টোপোলাটো । 

      তাৰ পৰা কণমানি জনী বাবে অনা কাপোৰ বোৰ মাকক দিলে মাক, দেউতাকে পিন্ধাই দিলে , আৰু টাৱেল এখনে কণমানি জনীক আলফুলে ললে । নিয়ৰ এইবাৰ বৃষ্টি কাষত বহিল ।


:: ঐ ছোৱালী.. চা .. আমাৰ কণমানি জনীক মই সকলো আনি দিলোঁ , এতিয়া মোক এবাৰ মাত দিয়া না ... 

    তুমি এনেকৈ মনে মনে থাকিলে মই কেনেকৈ জীয়াই থাকিম অ... কিয় এনেকৈ মোক অকলশৰীয়া কৰিলা  ! এবাৰ ভাবি নাচালা কিয় মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম অ...

     তোমাৰ মনত আছে নে ছোৱালী, তুমি যে কৈছিলা মোক কেতিয়াও এৰি নোযোৱা, আজি কিয় মোক এৰি গুচি গলা অ..

     এই কণমানি জনীক তোমাৰ মৰম মই কেনেকৈ দিম অ.. তোমাৰ লগতে মোক কিয় লৈ নগলা সোণ... কিয় ইমান কষ্ট দিলা মোক ।

    তোমাৰ খং - অভিমান এইবোৰ লৈয়েই মই জীয়াই আছিলোঁ, এতিয়া কি লৈ জীয়াই থাকিম অ... 

     তোমাক এবাৰ অলপ নেদেখিলে , তোমাৰ লগত অলপ কথা নাপাতিলে থাকিব নোৱাৰোঁ । জীৱনটো কেনেকৈ থাকিম অ...


      নিয়ৰে বৃষ্টিক সাৱটি অচেতন হৈ পৰিল । মাক দৌৰি আহিল । দেউতাকে কণমানি জনীক কোলাত লৈয়েই নিয়ৰৰ ওচৰ পালেহি ।


       নাৰ্চ দৌৰি গৈ ডক্তৰক মাতি আনিল, নিয়ৰৰ চকুত চকুপানী ৰৈ গল, জ্ঞানহীন হৈ সি মাথোঁ পৰি ৰল ... দেউতাকে কণমানি জনীক মাকৰ হাতত দি নিয়ৰৰ ওচৰত গল ....!!


:: বাবা ... বাবা... এবাৰ চকু মেলা বাবা..  কি হৈছে তোমাৰ বাবা .. এবাৰ মাত দিয়া, কিয় আমাক ইমান দুখ দিচা.. 

     ডক্তৰ .. মোৰ বাবা কি হৈছে চাওক ...


:: আপুনি চিন্তা নকৰিব সকলো ঠিক হব ।  আপোনালোকে অলপ বাহিৰত যাওঁক ! 


     মাকে কণমানি জনীক লৈ ওলাই গল । দেউতাক যাব বিচৰা নাছিল যদিও চকুপানী লৈ ওলাই গল । 


                  ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - 2৪ )-

https://www.smj24.in/2022/10/assamese-storyboard_20.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages