অভিমানৰ অভিমানী ( খণ্ড - ২৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, October 20, 2022

অভিমানৰ অভিমানী ( খণ্ড - ২৪ ) : Assamese Storyboard

Assamese Storyboard

 


        আনদিনা দৰেই পুৱা উঠি বৃষ্টি আৰু নিয়ৰ অলপ চোতালতে বহিছে । মাকে চাহ আনি দিলে । Assamese Storyboard )


:: মা আপুনি কিয় আনিব লাগে ; মই চাহ কৰিব পাৰিম নহয় । 


:: নালাগে ! তুমি এতিয়া মাথোঁ আৰাম কৰা আৰু নাতি পালে মই নাতি লগত খেলিম তুমি কাম কৰিবা তেতিয়া কিন্তু মই কাম নকৰোঁ দেই এতিয়াই কৈ থৈছোঁ । 


:: হব মা নালাগে , আপুনি নাতি লগতে খেলিব  । ঘৰৰ সকলো কামৰ দায়িত্ব মোৰ  । 

   ( বৃষ্টিয়ে হাঁহি এটা মাৰি কলে )


:: বোৱাৰী গা বেয়া লাগিলে কবা .. বেছি বেয়া লগালৈ ৰৈ নাথাকিবা । 

      শুনিছোঁ তোমালোকে নাম ঠিক কৰিলা বুলে ..!


:: কোনে কলে মা...?


:: মই কোৱা নাই দেই ... 

   ( কথাষাৰ কৈ নিয়ৰে হাঁহি এটা মাৰি আঁতৰি গল তাৰ পৰা )


:: গম পালা কোনে কলে ?


:: ওম.. জানিছিলো তেওঁৰ বাহিৰে হব নো কোন ! 


:: নাম কেইটা বৰ ধুনীয়া লাগিছে ! 


:: মা.. এনেই ভাবিছিলো ... ( বৃষ্টিয়ে লাজে লাজে কলে )


:: তুমি ভবা দৰেই হব । বোৱাৰী নিয়ৰ বৰ মৰম আকলোৱা অ... সৰু পৰাই যদি কোনোবাই অলপ মৰম দিয়ে তেওঁক আৰু কোনোদিনে নাপাহৰে ...!

      আগতে যি মন যায় তাকেই কৰি ফুৰে । তোমাক লগ পোৱা পৰা দায়িত্ব বুজা হৈছে । ইটো সিটো কামত দেউতাকক সহায় কৰি দিয়ে ।

      তোমালোক সদায় এনেদৰে সুখত থাকা । কিবা অসুবিধা পালে, কিবা লাগিলে মোক কবা ।


:: আপোনালোকৰ দৰে মা - দেউতা পাইছোঁ আৰু মোক কি লাগে ! একো নালাগে মাথোঁ এনেদৰে সদায় বিচাৰোঁ আপোনালোকক । 


:: তুমি অলপ বহা .. মই যাওঁ দেউতাক উঠাই দিও, তেওঁক চাহ দি আহো !


:: ঠিক আছে মা ...


       মাক ভিতৰত গল, বৃষ্টি বহি থাকিল । মাক যোৱা দেখি নিয়ৰ আহি তাই ওচৰত বহিল ।


:: ঐ লাজ নালাগে তোমাৰ ?


:: কি লাজ ..?


:: মাক সেইটো কথা কব লাগে নে ?


:: ওম.. তাতে কি হল ? 


:: তোমাক কথা কৈ লাভ নাই ..


:: নকবা ...! মই কোৱা কোৱা কৈ আছোঁ নেকি তোমাক ?


:: তুমি মানে ... নকওঁ একো নকওঁ , যাওঁ মই ..


:: কত যোৱা ..?


:: ৰোমত যাওঁ ... 


:: মইয়ো গৈ আছোঁ পিছে পিছে ...!


:: একদম নাহিবা ... 


       বৃষ্টি ভিতৰত গল নিয়ৰ পিছে পিছে গল । 


***


      দুপৰীয়া ভাত খাই বৃষ্টি ৰোমত অলপ জিৰণি লৈছে । নিয়ৰ বাহিৰতে বহি আছে । অলপ পিছত বৃষ্টি চিঞৰ শুনি সি ৰোমলৈ দৌৰি সোমাই গল ।


:: ঐ ছোৱালী কি হৈছে ? 


:: পেট বিষাইছে বহুত .. 


:: ৰৱা .. মই মাক মাতো...


     সি দৌৰি গৈ মাকক মাতি আনিলে । 


:: বোৱাৰী .. একো নহয় ৰবা , নিয়ৰ যোৱা তুমি ড্ৰাইভাৰক গাড়ী উলিয়াব কোৱা । 


     নিয়ৰ দৌৰি গৈ ড্ৰাইভাৰক গাড়ী উলিয়াব কলে । মাকে বেগ এটাত লাগতীয়াল কাপোৰ অলপ ভৰাই ললে আৰু দেউতাকক ফোন কৰি মেডিকেল আহিব কলে ।

      

:: মা.. গাড়ী উলিয়ালে .. 


:: তুমি বোৱাৰীক গাড়ীত লৈ যোৱা মই বেগ লৈ গৈ আছোঁ । 


        নিয়ৰে বৃষ্টিক লৈ গল , অলপ পিছত মাকে বেগ লৈ গাড়ীত বহিল ।


:: ড্ৰাইভাৰ .. মেডিকেল বলা সোনকালে ! ( মাকে কলে )


:: ৰবা ১ মিনিট মই আহি আছোঁ ( নিয়ৰ ভিতৰলৈ গল আৰু সি লুকুৱাই থোৱা বেগটো লৈ আহিল । )


:: কি আছে ইয়াত ?


:: একো নাই মা, দৰকাৰী বস্তু অলপ ... ড্ৰাইভাৰ সোনকালে বলা ...!!


       ড্ৰাইভাৰে গাড়ী মেডিকেললৈ বুলি লৈ গল । বৃষ্টি বিষত নিয়ৰৰ হাত খন জোৰকৈ ধৰি ললে । 


:: নিয়ৰ ... মই মৰিম এতিয়া বহুত বিষাইছে !


:: তেনেকুৱা কথা নকবা, একো নহয় তোমাৰ । অলপ ধৈৰ্য ধৰা মেডিকেল পাম এতিয়া ।


        অলপ পিছত গাড়ী গৈ মেডিকেল পালেগৈ । বৃষ্টিক emergency ৰোমত ভৰ্তি কৰালে ।  Assamese Storyboard )


     তাইক বেজী, চিলাইন দিছে । নাৰ্চ আহি কলে ডক্তৰ অলপ পিছত পাবহি অলপ অপেক্ষা কৰিব লাগিব । 

      নিয়ৰ, মাক গৈ তাই ওচৰত বহিল । দেউতাক আহি পালেহি  । 


:: বাবা .. তুমি বোৱাৰী মাক - দেউতাকক খবৰ দিলা নে ? ( দেউতাকে সুধিলে ) 


:: নাই দেউতা.. 


:: ঠিক আছে মই খবৰ দি দিও.. তুমি ডক্তৰ লগত কথা পাতা ।    


       দেউতাক অলপ আঁতৰি গৈ বৃষ্টি মাক দেউতাকক খবৰ দিলে । বৃষ্টি মাক - দেউতাক আজি ৰাতিয়েই আহিম কলে । পুৱা তেওঁলোক পাবহি !

      

***


     ডক্তৰ আহিল নাৰ্চ এজনী লগতে আহিল , ডক্তৰে চাই  বেজী কেইটামান লিখি দিলে নাৰ্চ ওলাই গৈ বেজী কেইটা আনিলে আৰু দিলে । 

     ডক্তৰে মাকক অলপ ওলাই যাব কলে আৰু নিয়ৰক ৰাখিলে ।।


:: তুমি husband ন ?


:: হয় ডক্তৰ ... নিয়ৰ নাম মোৰ ..


:: চোৱা নিয়ৰ ... তুমি ভাঙি নপৰিবা , এই সময়ত সাহসৰ প্ৰয়োজন । 

     মই তোমাৰ পত্নীক অজ্ঞান হোৱা বেজী দি থৈছোঁ । অলপ সময়ৰ বাবে তেওঁ টোপনি যাব ।  কিন্তু.. তেওঁৰ কেচটো অলপ বেলেগ ,  চিজাৰেন কৰিব লাগিব ।

    আৰু ... এনেকুৱা কেছত  ০৫% হে মাক, বেবী জীয়াই থাকে ...  আমি যিমান পাৰো চেষ্টা কৰিম ।

     

     অলপ পিছতে অপাৰেশ্যন হব বেছি দেৰি নকৰিবা নহলে  দুইজন হেৰুৱাব লাগিব । 


        ডক্তৰ ওলাই গল । নিয়ৰৰ মাক, দেউতাক সোমাই আহিল । নিয়ৰ কান্দি কান্দি তলত বহি পৰিল ।


:: বাবা... কি হল কি কৈছে ডক্তৰে ...  বাবা... কি হল নুকুৱা কিয় ..?


:: মা... সকলো সপোন শেষ হৈ গল ! 


:: কি হৈছে কোৱা ! 


     নিয়ৰে মাক, দেউতাকক সকলো কথা কলে ।  মাক, দেউতাকৰ মূৰৰ ওপৰত যেন সৰগ ভাঙি পৰিল । 

     

:: কি ভুল কৰিছিলোঁ আমি, কিয় আমাৰ লগত এনেকুৱা কৰিছে ভগৱানে । 

   বাৰে বাৰে কি পৰীক্ষা লৈছে মোৰ বোৱাৰী জনীক ।


:: বাবা.. দুখ নকৰিবা যি হব আছে আছে হব । আমি জানো কৰোঁ ভাবিলে কিবা কৰিব পাৰিম । তুমি ডক্তৰক কোৱা সোনকালে অপাৰেশ্যন কৰিব ।


        মাক, দেউতাক গৈ বাহিৰত বহিল । নিয়ৰ বৃষ্টি হাতত ধৰি বহিল তাইৰ ওচৰত । 


:: ছোৱালী.. কি শাস্তি দিছে তোমাক ইমান , কি ভুল কৰিছিলোঁ মই, কিয় মোৰ অভিমানী জনীক এনেকুৱা কৰিছে । 

      মোক ক্ষমা কৰি দিবা দেহা,  মোক ক্ষমা কৰি দিবা । 


       তাইক সাৱটি সি উচুপি উঠিল । বৃষ্টিয়ে সকলো কথা শুনি আছিল । তাই মাত দিব পৰা নাছিল । 

    নিয়ৰ কন্দা দেখি তাই হাত খন লৰিল, তাই চকুপানী বৈ আহিল । নিয়ৰৰ হাতত জোৰকৈ খামুচি তাই চকু মেলি তাক মাত দিলে । 


:: নিয়ৰ ... 


:: বৃষ্টি .. তুমি .. তুমি .. 


:: মই সকলো শুনিছো তুমি মা, দেউতাক কৈ থাকোতে , 

মই তোমাক বহুত কথা কৈছিলো কিন্ত তুমি শুনা নাছিলা, মোৰ মুখ খন যেন কোনোবাই ধৰি আছিল  । 


:: ছোৱালী... 


:: মোক তুমি কথা দিয়া মই নহলেও কোনোদিনে আমাৰ  ছোৱালীক মই যে নাই অনুভৱ হব নিদিয়া । 


:: একো নহয় তোমাৰ, মই তোমাক একো হব নিদিওঁ । তোমাৰ একো নহয় ছোৱালী... 

    ( সি কান্দি কান্দি বৃষ্টিক সাৱটি ধৰিলে )


:: নাকান্দিবা সোণ .. তুমি কান্দিলে মই বৰ কষ্ট পাওঁ , মোৰ চকুপানী মছি কিয় কান্দা তুমি .. 


:: মোক কান্দিব দিয়া অ... আজি মোক বাধা নিদিবা ...


:: মোৰ এটা সপোন আছিল .. আমাৰ লৰা - ছোৱালী যিয়েই নহওঁক কিয় ডাঙৰ পুলিচ অফিচাৰ হিচাপে চোৱা ... মোক কথা দিয়া নিয়ৰ মই নহলে মোৰ এইটো সপোন পুৰণ কৰিবা নে তুমি ?


:: ছোৱালী... কি কৈছা এইবোৰ তোমাৰ একো নহয় ।


:: মই তোমাৰ পৰা এটা কথা লুকুৱাই ৰাখিছিলোঁ, তাৰ শাস্তি চাগে এইবোৰ । 

    মই অলপ দিন আগত আগফালে চিৰি পৰা বাগৰি পৰিছিলো , একো দুখ নোপোৱা বাবে তোমাক কোৱা নাছিলোঁ । আজি চাগে এইয়া তাৰে ফল ... মোৰ ভুলৰ শাস্তি আমাৰ সন্তানে পাইছে মোৰ জীয়াই থকা অধিকাৰ নাই । 


   ( তাই নিয়ৰক সাৱটি উচুপি উঠিল )


:: কিয় নকলা মোক .. কিয় বৃষ্টি ? তেতিয়া যদি মোক কলা হয় ...


:: মোক ক্ষমা কৰি দিবা নিয়ৰ .. বহুত কষ্ট দিছোঁ অ তোমাক ...


:: একো নহয় তোমাৰ, মই তোমাৰ একো হব নিদিওঁ । নাকান্দিবা ছোৱালী ... 


:: মা, দেউতাক মাতা এবাৰ চাব বৰ মন গৈছে ।


   নিয়ৰে মাক, দেউতাকক মাতিলে , মাক দেউতাক আহি তাই ওচৰতে বহিল । 


:: কোৱা বোৱাৰী.. 


:: মা, দেউতা.. মই যদি হেৰাই যাও , মোৰ সন্তানক মোৰ দৰেই মৰম দিব ! বহুত মন আছিল এবাৰ মা বুলি শুনিব , কিন্তু মোৰ কপালত চাগে সেই সুখ লিখা নাছিল ।

     কলংক, দাগ, আৰু এতিয়া হয়টো নিজকে হেৰুৱাব গৈ আছোঁ । মই যদি কিবা ভুল কৰিছিলোঁ মোক ক্ষমা কৰিব মা, দেউতা ।


:: বোৱাৰী .. নকবা তোমাৰ একো নহয় , 


:: মা.. এবাৰ মাজনী বুলি শুনিব বৰ গৈছে অ.... এবাৰ মাজনী বুলি মাতিব নে ? 


:: মাজনী ... তুমি আমাৰ মাজনী, তোমাৰ একো হব নিদিওঁ আমি ...  ( মাকে তাইক সাৱটি কান্দিলে )


:: মা.. নাকান্দিব অ... ইমান মৰম দি এতিয়া কিয় কান্দিছে মা..  মোৰ যদি কিবা হয়, মোৰ সন্তানৰ বাবে নিয়ৰক আকৌ বিয়া পাতি দিব মা ।


:: ছোৱালী ... বন্ধ কৰা এইবোৰ আৰু একো নকবা ,  ( নিয়ৰে তাইক বাধা দি কলে )


:: আজি কিয় নাজানো বহুত কথা কব মন গৈছে । 

   মই তোমাৰ পৰা আঁতৰি গলেও তুমি অনুভৱ কৰিবা মোক সদায় তোমাৰ কাষত পাবা ।


       এনেতে ডক্তৰ আহিল নিয়ৰক কাগজ এখনত চহী কৰিব দিলে । নিয়ৰে চকুপানী মছি মছি চহী কৰি দিলে । 

       

        ***


   অলপ পিছতে বৃষ্টিক অপাৰেশ্যন ৰোমত নিব ললে । 


:: নিয়ৰ... যদি মই ঘূৰি নাহো মই দিয়া কথা ৰাখিবা, নহলে মই শান্তি নাপাম । এবাৰ তোমাক সাৱটি লব বৰ মন গৈছে অ...


:: বৃষ্টি ... তোমাৰ কথাবোৰে বুকুত বৰ আঘাত সানে অ.. এনেকুৱা কথা নকবা, তুমি মোৰ অভিমানী তোমাক মোৰ পৰা কোনেও দূৰ কৰিব নোৱাৰে ।

   

        সি তাইক সাৱটি ললে, তাই জোৰকৈ তাক সাৱটি কান্দিলে । তাৰ পৰা আঁতৰি যোৱা ভয়ত তাই বুকু খন কপিব ধৰিলে । 

   মাথোঁ তাই কাকো দেখুৱাব বিচৰা নাই ।  কিন্তু নিয়ৰে বুজি পাইছে তাই কিয় এনেকুৱা কৰিছে  । 


:: নিয়ৰ... বহুত ভালপাওঁ অ তোমাক, মৃত্যুয়ে নোৱাৰে মোক তোমাৰ পৰা আঁতৰাই নিব । 


:: বৃষ্টি ... 


     আৰু কোনেও একো কব নোৱাৰিলে, ডক্তৰ, নাৰ্চ, সকলোৱে চকুত চকুপানী । 

      নিয়ৰে তাই কপালত এটা চুমা আঁকি দিলে , নিয়ৰৰ চকুপানী বৃষ্টি কপালত জিলিকি উঠিল । 


    অপাৰেশ্যন কৰিব হল । তাইক লৈ যাব ললে অপাৰেশ্যন ৰোমত, নিয়ৰে শেষত তাই হাতত চুমা এটা আঁকি কলে । 


:: মোৰ অভিমানী একো হব নোৱাৰে , মোৰ পৰা কোনেও মোৰ অভিমানীক দূৰ কৰিব নোৱাৰে ।


:: পাগল... বহুত ভালপাওঁ তোমাক .... ( থুকা থুকি মাতেৰে বৃষ্টিয়ে কলে )


      ***


    তাইক অপাৰেশ্যন ৰোমত লৈ গল ।

   অপাৰেশ্যন ৰোমৰ ৰঙা লাইটোলৈ চাই নিয়ৰ, মাক, দেউতাক বহি থাকিল ।।


   ****


               ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - 22 )-

https://www.smj24.in/2022/10/assamese-storyboard_15.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages