উৰে ৰাতি বৃষ্টিক চাই চাই সি উজাগৰে পাৰ কৰিলে । পোহৰ হৈছে ডক্তৰ আহিল, বৃষ্টি অপাৰেশ্যন হব অলপ পিছত । ( Assamese Storyboard )
নিয়ৰ ICU পৰা ওলাই গ'ল, বাহিৰত মাক - দেউতাক টোপনি গৈ আছিল । নিয়ৰৰ দেউতাকে ফোন কৰিলে তেওঁলোক আহি মেডিকেল পাহেলি । নিয়ৰ ওলাই গ'ল ।
:: মা - দেউতা পালাহি !
:: পালোহি.. তাই অলপ ভাল পাইছে নে ?
:: জ্ঞান ঘূৰি আহিছে অলপ পিছত অপাৰেশ্যন হব !
:: বলা, কত আছে চাই লও..
:: ৰবা দেউতা, মই মা - দেউতাই খাবলে কিবা লৈ আহো...
:: নালাগে .. আমি হোটেলৰ পৰা খোৱা সকলো লৈ আহিছোঁ ।
:: ঠিক আছে.. আহা...
নিয়ৰে মাক, দেউতাকক লৈ গল ICU ওচৰত । বৃষ্টি মাক - দেউতাকক মাত দিলে নিয়ৰে ....
:: মা , দেউতা...
:: নিয়ৰ... কেতিয়ানো টোপনি আহিল গমেই নাপালোঁ... তোমাৰ মা - দেউতা নহয় জানো ...
:: হয় .. নিয়ৰ আমাৰে লৰা .. কালি খবৰটো পাই ৰব নোৱাৰিলোঁ, কোনো চিন্তা নকৰিব সকলো ঠিক হৈ যাব .. ( নিয়ৰৰ দেউতাকে কলে )
সকলো বহিল, এনেতে ডক্তৰ জন ওলাই আহিল । সকলো বহা পৰা উঠিল , ডক্তৰ জনক দেখি নিয়ৰ দেউতাক ওচৰ চাপি গল আৰু মাত দিলে ।
:: শৰ্মা... তুমি ইয়াত ? তুমিটো শ্বিলং ত আছিলা ?
:: আৰে বৰা... তুমি ইয়াত কেনেকৈ ? মই ইয়াত join হোৱা ১ বছৰ মানেই হ'ল ! মোৰ আগৰ চিম বেয়া হৈ গ'ল তোমাৰ লগত যোগাযোগ হেৰাই গ'ল । কোনোবা আছে নেকি ইয়াত ..??
:: হয় আছে শৰ্মা.. মোৰ বোৱাৰী বৃষ্টি ...
:: বোৱাৰী .. মানে এতিয়া যাৰ অপাৰেশ্যন হব তেওঁ ? লৰাই বিয়া পাতিলে নেকি ??
:: ওম.. পাতিলে বুলিয়েই কব পাৰি, তুমি সোনকালে সুস্থ কৰি দিয়া তাৰ পিছত বিয়া নিমন্ত্ৰণ দিম ...
:: বুজিলো , তুমি একো চিন্তা নকৰিবা অপাৰেশ্যন হৈ গলে, ১ সপ্তাহত তেওঁক লৈ যাব পাৰিব ;
:: এবাৰ আমি বোৱাৰী জনী চাব পাৰিম নে ?
:: ঠিক আছে মই nurse ক কৈ দিছোঁ, এবাৰ চাই আহা, দেৰি নকৰিবা !
:: ধন্যবাদ শৰ্মা ...
সকলো সোমাই গল, বৃষ্টিক চাই আহিল, অলপ সময় পিছতে অপাৰেশ্যন আৰম্ভ হ'ল । নিয়ৰে দেউতাকক সুধিলে ..
:: দেউতা .. তুমি ডক্তৰ জনক চিনি পোৱা ..
:: ওম... পঢ়ি থাকোতে আমি এটা ৰোমতে আছিলোঁ, পঢ়া শেষ হোৱা পিছত, ফোনত যোগাযোগ আছিল, তেওঁ তেতিয়া শ্বিলং ত আছিল ।
পিছত number Change হল, আজি বহু বছৰ পিছত আজি লগ পাইছো !
নিয়ৰৰ মাক,দেউতাক আৰু বৃষ্টি মাক দেউতাকে চিনাকি হল , সকলো অপেক্ষা কেতিয়া অপাৰেশ্যন সম্পূৰ্ণ হব ।
****
নিয়ৰৰ দেউতাকে নিয়োৰক অলপ আঁতৰলৈ মাতি নিলে আৰু পইচা পাতি কিমান কি খৰচ হব সুধিলে ... নিয়ৰে সকলো কলে । দেউতাকে নিয়ৰৰ লগত গৈ বাকী থকা পইচা বোৰ দি আহিল আৰু নিয়ৰৰ হাতত অলপ টকা দি কলে ।
:: আৰু কিবা লাগিলে মোক কবা, তুমি তাই সুষ্ট নোহোৱা লৈকে তাইক এৰি নাযাবা এতিয়া তাই সকলো দায়িত্ব তোমাৰ !
তাই সুষ্ট হলেই অহা মাহত তোমালোকৰ বিয়া পাতি দিম ; চাবা বোৱাৰীয়ে যাতে কোনো অভাৱ নাপায় ।
মই সন্ধিয়া যামগৈ super ত ।
গাড়ী থৈ যাম তুমি মা আৰু বৃষ্টি মাক দেউতাকক ঘৰত পঠাই দিবা ড্ৰাইভাৰৰ লগত ।
:: হব দেউতা...
নিয়ৰ আৰু নিয়ৰ দেউতাক মাক সতৰ ওচৰত গল ।
***
বৃষ্টি দেউতাকে নিয়ৰক কলে ...
:: নিয়ৰ .. মই ঘৰৰ পৰা আহিব লাগিব, বেছি সময় নকৰোঁ..
:: দেউতা আপুনি নহয় মা হত যাব লগত, আপোনালোক আৰু আহিব আজি অলপ আৰাম কৰক ! কালি দিনত আহিব । ৰাতি ইয়াত থকা নথকা একেই কথা, মই বৃষ্টি লগতে থাকিম ।
:: নাই.. নাই.. তুমি অকলে থাকিব নালাগে ... ( বৃষ্টি মাকে কলে )
:: একো নহয় মা, আপুনি একো চিন্তা নকৰিব ! আপোনালোকে দিনত এবাৰ আহি থাকিলে হল । ( Assamese Storyboard )
:: নিয়ৰে ঠিকেই কৈছে, ঘৰৰ পৰা বেছি দূৰ নহয় যেতিয়া আহি থাকিব পাৰিব ... ইয়াত কোনো চিন্তা নকৰিব মই শৰ্মাক কৈ যাম তেওঁ সকলো চাব ।
মই অপাৰেশ্যন সম্পূৰ্ণ হলেই ছুপাৰ ত গুচি যাম ।
আৰু অপাৰেশ্যনৰ সকলো পইচা দিয়া হৈছে, এতিয়া কোনো চিন্তা কাৰণ নাই ( নিয়ৰৰ দেউতাকে কলে )
:: আপোনালোকে কিয় দিলে, মই পইচা যোগাৰ কৰি থৈছোঁ, গৈ আনিব লাগে । ( বৃষ্টি দেউতাকে কলে )
:: একো নাই.. মোৰ এজনী বোৱাৰী বাবে এইখিনি নকৰিলে হব নে ? যদি আপোনালোকৰ নিয়ৰক জোঁৱাই কৰিব মন নাই কব পাৰে আমি বেয়া নাপাওঁ !
:: তেনে কথা নহয়, নিয়ৰক জোঁৱাই নহয় নিজৰ লৰা বুলিয়েই আমি স্বীকাৰ কৰিছোঁ । আপোনালোকৰ বোৱাৰী হল বুলিয়েই সকলো দায়িত্ব জানো আপোনালোকৰ ।
:: আপোনালোকৰ দায়িত্ব আছে, আপুনি যি পইচা যোগাৰ কৰিছে সেই পইচা বিয়া বাবে ৰাখক । এতিয়া সেইবোৰ বাদ দিয়ক ।
আপোনালোকে ঘৰলৈ যাবগৈ ।।
প্ৰথমতে অমান্তি হৈছিল যদিও পিছত বৃষ্টি মাক - দেউতাকে মানি ললে ।
***
অপাৰেশ্যন সম্পূৰ্ণ হল, সকলোৱে বৃষ্টিৰ ওচৰত গল আৰু নিয়ৰক বৃষ্টি ওচৰত থৈ সকলো ঘৰলৈ গুচি গল ।
মাক দেউতাক দিনত আহে আৰু ৰাতি গুচি যায় । নিয়ৰৰ মাক ঘৰত গুচি গল ৩ দিন থাকি ।
বৃষ্টি সুস্থ হৈছে কিন্তু বৃষ্টি ওচৰত বেলেগ মানুহ গলে তাই উঠি গুচি যাব চেষ্টা কৰে টোপনি যোৱা সময় খিনি ভালদৰে যায় তাৰ পিছত উঠি নিয়ৰক নেদেখিলে ওলাই যাব বিচাৰে । অলপ সময়ৰ বাবেও নিয়ৰে তাইক এৰিব নোৱাৰা হ'ল । তাই বহুত কিবা কব খুজিছে পৰা নাই ।
ডক্তৰে কৈছে তাই মানসিক ভাবে ভাঙি পৰিছে । তাইক এতিয়া ভাল লগা, ভালপোৱা কাম বোৰ কৰি দেখাব লাগিব । যদি তাই আৰু বেছি কষ্ট পাই মনত তাই হয়টো মানসিক ভাৰসাম্য হেৰুৱাই পেলাব । ।
নিয়ৰে তাই ভালপোৱা সকলো কাম কৰিব চেষ্টা কৰিলে ।
ডক্তৰ কথাবোৰ শুনি তাৰ ভয় বেছি বাহিব ধৰিলে ।।
***
( আগলৈ )
🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )
অভিমানৰ অভিমানী ( খণ্ড - ১৪ ) )-
https://www.smj24.in/2022/09/assamese-storyboard_75.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment