অভিমানৰ অভিমানী ( খণ্ড - ২৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, October 17, 2022

অভিমানৰ অভিমানী ( খণ্ড - ২৩ ) : Assamese Storyboard

Assamese Storyboard

 

         বৃষ্টি মাক হব লোৱা হব লোৱা খবৰ পাই সকলোৱে সুখৰ হীমা নাই । কিমান যে আনন্দ, বৃষ্টিৰ মাক দেউতাকক ফোন কৰি নিয়ৰে খবৰটো দিলে , অলপ দিন পিছত মাক দেউতাক আহিব বৃষ্টি মনত আনন্দ !Assamese Storyboard )


    ইমান দিন পিছত মাক - দেউতাকক লগ পাব আৰু সিহঁতৰ মাজলৈ এজন নতুন সদস্য আহিব  ।

        

       ***


      ৰাতি হল সকলোৱে ভাত খাই শুৱ গল । যোৱা আগত মাকে নিয়ৰক কৈ গল বৃষ্টি টেবলেট বোৰ যাতে খুৱাই দিয়ে ।

         নিয়ৰে অলপ গৰম পানী আনি তাইক টেবলেট বোৰ দিলে । তাই খাই বিচনাতে বহিল ।

        আজি তাই দুখত নহয় সুখত চিঞৰি চিঞৰি কান্দিব মন গৈছে । 

       তাই অতীতৰ সেই ক'লা দাগ পাহৰি, তাই জ্বলি যোৱা মুখ খন লৈয়েই আজি নিয়ৰে তাইক মাতৃ হোৱা সুখ দিলে ।

       আজি লৈকে কোনোদিনে দুখ কি তাইক সি অনুভৱ কৰিব দিয়া নাই ! কিবা ভুল কৰিলেও হাঁহি এটা মাৰি সৰু ছোৱালী দৰেই তাইক বুজাই । 

     আৰু মাক - দেউতাক বিয়া হোৱা ইমান দিন হল যদিও আজি লৈকে তাইক বোৱাৰী বুলি অনুভৱ হব দিয়া নাই । নিজৰ ছোৱালী দৰেই সদায় মৰম কৰি আহিছে ।

     কেতিয়াবা গা বেয়া লাগিলেও ভাত আনি ৰোমত দি গৈছে, অলপ কিবা গা বেয়া লাগিলেও গৰম পানী আনি ওচৰত দি যায় ।

      তাই নিজকে বহুত ধন্য মানিলে এনেকুৱা এখন ঘৰৰ বোৱাৰী হব পাই ।

     তাই তেনেকৈ থকা দেখি নিয়ৰে মাত দিলে ...


:: ছোৱালী কি হল ? কি চিন্তা কৰি আছা ?


:: নাই অ... চাও তোমাৰ বুকুৰ মাজত সোমাই থাকিব মন গৈছে !


:: আহা... কোনে বাধা দিছে নো ..! 


:: আজি কিন্তু তুমি ইফালে মোৰ কৰি শুব নোৱাৰিবা, ৰাতিটো তোমাৰ বুকুৰ মাজতে শুই থাকিম ।


:: হব মোৰ সৰু ছোৱালী জনী...


      তাই তাৰ বুকুৰ মাজত মূৰ থৈ তাক সাৱটি ললে ।


:: কি হল ছোৱালী আজি মন মাৰি আছা যে ? আজিটো আমাৰ সকলোতকৈ সুখৰ দিন !


:: কতনো মন মাৰি আছোঁ অ..   নাজানো আজি মই কিমান সুখী, তোমাক কিদৰে বুজাম সেইটো নাজানো ...!

      

:: মোৰ কিন্তু তোমাক কিবা দুখ দিয়া দৰে অনুভৱ হৈছে !


:: নাই অ.. তুমি মোক যি উপহাৰ দিছা জীৱন দিও মই তাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম ।


:: কি কথা কোৱা অ তুমি !  জীৱন দিয়া কথা কিয় মুখত আনা .. এতিয়া আমি নতুন এটা জীৱনৰ আৰম্ভণি কৰিব গৈ আছোঁ ।


:: মোৰ এটা কলংকীত অতীত জানিও তুমি মোক আজি লৈকে প্ৰথম লগ পোৱা দৰেই আছা .. গাঁৱৰ সকলোৱে মোক হাঁহিছিল , কিন্তু তুমি সকলোৱে আগত  নিজৰ কৰিলা ...!


:: সেইবোৰ কিয় ভাবি আছা অ.. আনৰ কথা কিয় লাগে মোক ; তোমাক ভালপাওঁ আৰু উৰে জীৱন পাই থাকিম , নকবা সেইবোৰ !


:: মোক আজি কব দিয়া অ..  যেতিয়া মোৰ মুখ খন জ্বলি গৈছিল, আশা কৰা নাছিলোঁ তোমাক যে আৰু মোৰ কাষত পাম, ভাবিছিলো এতিয়া চাগে তুমিও মোক পাহৰি যাবা ।

     মনত আশা আছিল চকু মেলি তোমাক প্ৰথম দেখাটো আৰু তোমাক চকু মেলিয়েই মোৰ ওচৰত পালোঁ ।

    ভয় হৈছিল বহুত তোমাক হেৰুৱা ভয় , তুমি আনৰ হোৱা ভয় , মোক সি আকৌ কিবা কৰে বুলি মানসিক ভাবে মই ভাঙি পৰিছিলো ।

   আৰু তুমি প্ৰতিটো মূহুৰ্ত মোৰ কাষত থাকি সকলো পাহৰাই আজি মোক মাতৃ কৰিলা । 

      নাজানো কিয় আজি তোমাৰ বুকুৰ মাজত শুই উৰে ৰাতি তোমাৰ কবিতা শুনি শুনি তোমাৰ সপোন দেশত হেৰাই যাব মন গৈছে । 

      চিঞৰি চিঞৰি কান্দিব মন গৈছে মোৰ ! দুখত নহয় সুখত ইমান সুখ দিয়া বাবে । কিবা পুণ্য কৰিছিলোঁ চাগে সেইবাবে তোমাক জীৱন লগৰী হিচাপে পালোঁ ।

      

:: হব ছোৱালী... সুখৰ হওঁক দুখৰ হওঁক , মই তোমাৰ চকুত চকুপানী চাব নোৱাৰোঁ । 


:: ঐ .. লৰা হলে ভালপোৱা নে ছোৱালী হলে ভালপোৱা তুমি ?


:: ঈশ্বৰে যি দিয়ে ; লৰা ছোৱালী বুলি কথা নাই, মাথোঁ বিচাৰোঁ তোমাৰ দৰেই অভিমানী হওঁক অলপ ।


:: ওম... লৰা হলে কি নাম দিবা ?


:: লৰা হলে আকাশ দিম ... তোমাৰ যদি ভাল লগা নাই কব পাৰা..


:: ইছ.. মই তাকেই ভাবিছিলো আকাশ .. আৰু ছোৱালী হলে মই এটা নাম ভাবি থৈছোঁ । 


:: কি .. ?


:: দুবৰি ...


:: কি কোৱা.. মইও তাকেই কম ভাবিছিলো ।


:: হি.. হি... দেখিলা আমাৰ মনৰ কিমান মিল আছে ...


:: ওম... এতিয়া পৰা তুমি আৰাম কৰিবা অলপ ... আজি পৰা নিয়ৰৰ দায়িত্ব বৃষ্টিক জিপাল কৰি ৰখা ...


:: হব...  কবিতা এটা শুনিব মন গৈছে ...


:: কি কবিতা শুনাম নো ?


:: মোক প্ৰথম লগ পাওতে ফেচবুক ত মোৰ বাবে এটা কবিতা দিছিলা  সেইটো...


:: "আহিবানে তুমি" 


:: ওম.. মনত আছে মানে ..


:: কিয় নাথাকিব নো.. সকলো মনত আছে, তোমাৰ লগ পোৱা পৰা এতিয়া লৈকে এটা এটা স্মৃতি মোৰ হৃদয়ৰ ডায়েৰীত সাঁচি থোৱা আছে । Assamese Storyboard )


:: ইছ.. কবি বাবু ঘূৰি গৈ কৰবা পালেগৈ । শুনিব মন গৈছে সোনকালে শুনোৱা...!!


:: ঠিক আছে মহাৰাণী .. 


        বৃষ্টি তাৰ বুকুৰ মাজত মূৰ থৈ মৌন হৈ পৰিল নিয়ৰে কবিতা শুনাই গল .....


"আহিবানে তুমি"


এখুজি দুখুজি কৰি

     গোপনে আহি তুমি ...

মোৰ হৃদয়ত দিলা

      প্ৰেমৰ ৰহণ সানি ...!


তোমাৰ দুচকুত উঠে

     মোৰ সপোনবোৰ ভাঁহি..

তুমিয়েই নহয় জানো

     অভিমানৰ অভিমানী..


অন্ধকাৰ মোৰ মনৰ কোঠালিত

     তুমিয়েই দিলা জোনাক সিঁচি ..

ভাগৰুৱা মইতোক দিবানে বাৰু

   তোমাৰ বুকুৰ মাজত জিৰণি...!


দুটি ওঁঠত মিঠা হাঁহি আঁকি

    দুভাগ ৰাতি মোক কৰা আমনি ..

উৰে জীৱনৰ বাবে 

     কেতিয়া আহিবা তুমি

অপেক্ষা মাথোঁ তোমাৰ বাবেই

     আহিবানে তুমি অভিমানৰ অভিমানী ...!!!


:: ঐ ছোৱালী... এইটো কবিতা পঢ়িয়েই তুমি মোৰ হোৱা নাছিলা জানো ...

     মোক যে কৈছিলা মনত আছে নে .. 

    "মইয়েই তোমাৰ অভিমানী, আনলৈ যদি আজি পৰা লিখা তোমাক মই দেখাই দিম অভিমান কি ?" 

       মোৰ যে তেতিয়া বহুত মৰম লাগিছিল তোমালৈ আৰু তেতিয়া পৰা কিবা লিখিলেও মাথোঁ তোমাৰ বাবেই লিখোঁ, আৰু প্ৰথম তোমাকেই দিও ।

       কি হল পাহৰিলা নেকি ? নে মনত পৰিছে ...??


     

        তাই মাত নুশুনি সি তাই মুখলৈ চালে, তাই টোপনি গল । আগতেও এনেকৈয়ে তাই কবিতা শুনি শুনি শুই গৈছিল আৰু সি তাই সাৰে আছে বুলি কথা কৈ আছিল ।

      তাই কপালত চুমা এটা আঁকি দিলে, তাই তাৰ বুকুৰ মাজতে শুই থাকিলে । 

     লাইটটো বন্ধ কৰি বৃষ্টি মূৰত হাত বুলাই বুলাই সিও নিদ্ৰা দেৱী কোলাত জিৰণি ললে ।।


***


      অলপ দিন পিছত বৃষ্টি মাক দেউতাক আহিল, সকলোৱে আনন্দ - ফুৰ্টি , বৃষ্টি মাক - দেউতাক অলপ দিন থাকি গুচি গল । 

      দিনবোৰ লাহে লাহে পাৰ হল । ৮ মাহ পাৰ হৈ গ'ল । নিয়ৰৰ দেউতাকে আজি কালি অফিচ বেলেগ গাড়ীত যায় । 

      ড্ৰাইভাৰ ৰাখি থৈছে ঘৰত হঠাৎ মেডিকেল যাব লগা হয় বুলি ... ।।


***


   সেইদিনা নিয়ৰ অলপ ওলাই গল । কিবা অলপ বজাৰ কৰি আনিলে আৰু বৃষ্টিক ৰোমলৈ মাতিলে ... 


:: উফ... কি আনিছা এইবোৰ ইমান কৈ ..


:: বহা .. সকলো দেখাই আছোঁ । 


      বৃষ্টি বহিল নিয়ৰে তাইৰ বাবে অহা কাপোৰ জোৰা দুটা, চেইন - ফুলি .. উলিয়াই দিলে ।

    

:: ইমান বোৰ কিয় আনিব লাগে বাৰো ।  মিচাই পইচা খৰচ কৰিছা ..


:: হব.. নতুন আলহী আহিব তুমিও নতুন পিন্ধিবা ...


:: আৰু সেইটোত কি আছে ..


:: নালাগে চাব ! সেইটো তোমাৰ বাবে নহয় ।


:: চাও দেখুওৱা... 


 ( বৃষ্টিয়ে নিয়ৰৰ পৰা মুনাটো লৈ ললে, তাত সৰু লৰা বাবে কাপোৰ, তাৱেল, বেবী ছেট, সকলো লৈ আনিছে । )


:: নিয়ৰ... কি মানে তুমি ? নাপাই নহয় জন্ম হোৱা আগত এইবোৰ আনি থব । 


:: হব.. মোৰ সন্তানৰ বাবে মই আগতে আনি থম । জন্ম হোৱা লগে লগে সকলো পাব লাগিব সি আৰু তেতিয়া মই তোমাক এৰি এইবোৰ কিনিব আহিম নেকি ??


:: তোমাক বুজাই লাভ নাই .. লুকুৱাই থোৱা , মাই দেখিলে গালি দিব । 


:: হব হব ... বেছি কৰে ...


    বৃষ্টিয়ে মিঠা হাঁহি এটা মাৰি তাৰ গালত চিকুটি দিলে । সি বস্তুবোৰ লুকুৱাই থলে । 

     বৃষ্টি ওলাই গল আৰু তাক ভাত খাব মাতি থৈ গ'ল ।।

   অলপ পিছত  নিয়ৰো গল ভাত খাব ।।


           ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - 22 )-

https://www.smj24.in/2022/10/assamese-storyboard_15.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages