অভিমানৰ অভিমানী ( খণ্ড - ২২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 15, 2022

অভিমানৰ অভিমানী ( খণ্ড - ২২ ) : Assamese Storyboard

Assamese Storyboard

 

          বৃষ্টি গা ধুব গল, নিয়ৰ মাক সেই অমংগল হব কোৱা মানুহজনী ওচৰত গল আৰু হাঁহি এটা মাৰি কলে "আজি দিনটো আপুনি এইবোৰ বিশ্বাস কৰে ; আপুনি এনেকুৱা বুলি ভবা নাছিলোঁ"  Assamese Storyboard )


     মানুহজনীয়ে লাজ পাই ওলাই গল ! বৃষ্টি গা ধুই আহি ওলাই আহিল চাহ লৈ । 

   ন কন্যা চাবলৈ অহা মানুহবোৰে তাই লগত চিনাকি হৈছে , কোনোবাই জানিব বিচাৰিছে তাই মুখ খন কিয় এনেকুৱা হল, নিয়ৰ মাকে accident কৈছে ।


  ***


     দিনবোৰ ভালদৰে পাৰ হৈ গল ,  ৬ মাহ মান হল হাঁহি - সুখৰ মাজতে সংসাৰ চলি আছে । 

 

     নিয়ৰৰ দেউতাক অফিচ গল । মাক অলপ ওলাই গল, বৃষ্টিয়ে কানেন্তৰ কুকাৰত ভাত বহাই আহি নিয়ৰৰ ওচৰতে বহিল ।


:: কি হল অ ছোৱালী .. আজি ভাত খোৱা নহব নেকি ? 


:: ৰবা .. বহাই থৈ আহিছোঁ, বেছি দেৰি নাই খাব পাৰিবা অলপ সহায় কৰি দিও বুলি খবৰ নাই , বহি আছে চোৱা ..


:: কলিজা জনী মোৰ, কাৰেন্তত হে বনাইছা কি সহায় কৰিম নো.. 


:: হব .. মই আজি গালি খাম .. 


:: কিয় ...?


:: সেইদিনা যে মাই নতুন কাপ অলপ লৈছিল , মই টেবুল খন চাফ কৰি থাকোতে পৰি ভাঙিল । মা আহি কি কয় আজি ঠিক নাই । বহুত ভয় লাগি আছে । কি কম এতিয়া মই ।


:: শেষ .. আজি কি কৰে ঠিক নাই, বহুত মৰমত লৈছিল মাই ।


:: এনেই ভয় লাগি আছে , তুমিও মোক ভয় হে খুৱাই আছা । যি হয় হব মাক মই সকলো কৈ দিম । গালি দিলেও দিব । 


:: ওম.. পিতন দিব চাগে । ( নিয়ৰে ধেমালি সুৰত কলে )


:: কিয় ইমান ভয় খুৱাই আছা, তোমাক কৈ ভুল হে কৰিলোঁ ।  ( তাই কান্দি দিলে )


:: আঁকৰি জনী .. মই আছোঁ নহয় , তুমি মাথোঁ মই কোৱা দৰে কবা .. 


:: কি কম.... ?


:: কবা তোমাৰ গা বেয়া আছিল সেইবাবে ভাত মই বনাব গৈছিলো, তেতিয়া মাক মই কম আৰু বুজাই কিবা কৰোঁতে পৰিল বুলি ।


:: তোমাক গালি দিব মাই ।


:: একো নাই তোমাৰ বাবে শুনিম আৰু অলপ গালি ।


:: কলিজাটো মোৰ ... 


     তাই নিয়ৰৰ গালত চিকুতি দিলে । তাই ওলাই যাব লওঁতে নিয়ৰে তাই হাতত ধৰি ললে ।


:: কত যোৱা অ..


:: দেখা নাই ভাত বনাই আছোঁ ।  চাও এৰি দিয়া, মা আহিব হল ।


:: নিদিওঁ ... নাখাও ভাত.. চুমা এটা খাম ।


     নিয়ৰে তাইক পিছফালৰ পৰা সাৱটি ধৰিলে ।


:: নিয়ৰ ... কিবা এটা জ্বলা গোন্ধ পাইছা নে ?


:: ওম.. কিবা এটা জ্বলিছে ।


      নিয়ৰ, বৃষ্টি দৌৰি গল, কোকাৰটো জ্বলি ধোঁৱা ওলাই আছে, নিয়ৰে চুইচটো বন্ধ কৰি দিলে । 


:: শেষ ছোৱালী... জ্বলি গল.. পানী ইমান কমকৈ দিয়ে নেকি ?


:: মই কি জানো .. আগতে ইয়াত বনাই পোৱা নাই মই, মাই কোৱা দৰে কমাই দিছিলোঁ , জ্বলি যাব বুলি মই জনা নাছিলোঁ ।  

     মই সঁচাই অমংগলিয়া অ.. চব ধ্বংস কৰি দিলোঁ । আজি মই শেষ, ইমান দামী বস্তুটো শেষ কৰি দিলোঁ ।

       

     তাই কান্দি কান্দি চকি এখনত বহি পৰিল । নিয়ৰৰ অলপ খং উঠিছিল যদিও তাই সৰু ছোৱালী দৰে কৰা আপত্তি, তাই গালি খোৱা ভয় সেইবোৰ দেখি মুখৰ ভিতৰতে হাঁহি মাৰিলে ।  Assamese Storyboard )

      বৃষ্টি ৰোমলৈ দৌৰি গল আৰু পইচা অলপ আনি নিয়ৰৰ হাতত দিলে । 


:: পইচা কিয় ?


:: যোৱা তুমি..


:: কত যাম ..?


:: দোকান যোৱা আৰু এনেকুৱা কোকাৰ এটা লৈ আহা, নহলে আজি মই বহুত গালি খাম । 


:: উফ্... ইমান চিন্তা কৰিব নালাগে, একো নহয় ! মই কিবা এটা কৰিম ।


       বাহিৰত মাকৰ মাত শুনি নিয়ৰে বৃষ্টিক ৰোমত গৈ শুই থাকিব কলে ।  মাকে কিবা সুধিলে গা বেয়া কব দিলে ।

     আৰু তাই এইবোৰ একো গম নাপাই বুলি মাকৰ আগত কব দিলে । 

    বৃষ্টি সৰু ছোৱালী দৰে নিয়ৰে কোৱা দৰেই ভয়ে ভয়ে গৈ শুই থাকিল ।


   ***


:: বাবা.. বোৱাৰী কত ? ভাত খালা নেকি ?


:: মা.. তাই গা বেয়া শুই আছে ; ভাত খোৱা নাই ...


:: অ.. মই যাওঁতে ভালেই আছিল , হঠাৎ কি হল তাই ... 


:: গা অলপ বেয়া কৈ শুই আছে ! ভাত ময়েই বনাইছিলো কিন্তু...


:: কিন্তু .. কি ? কিয় খোৱা নাই ...


:: কাৰেন্তৰ কোকাৰটো জ্বলি গল পানী কম হোৱা বাবে ।


:: কি ...? জানানে সেইটো কিমান দাম আছিল , অনা কিমান দিন হৈছে বাৰো । বোৱাৰী সুবিধা হব বুলিয়েই আনিলো আৰু তুমি জ্বলাই পেলালা.. যদি নাজানা গেছত বনাব লাগিছিল । শেষ কৰি দিলা তুমি ... 

     সৰু ল'ৰা নেকি তুমি ? কিমান পানী দিব লাগে সেইটোও নাযানা !  বোৱাৰীক সুধি লোৱা হলেই হয় । 


       নিয়ৰে কেনেকৈ কব তেওঁ মৰমৰ বোৱাৰীয়ে যে এইখন কৰিলে ! সি গালি শুনি শুনি ৰৈ থাকিল ।

      ভিতৰত বৃষ্টি শুই শুই হাঁহি আছে, বেয়াও লাগিছে মিচাতে তাই বাবে সি গালি খাই আছে ।


:: মা.. আৰু অলপ গালি দিবা নেকি লগতে । ( নিয়ৰে মাকক কলে ) 


:: তোমাক মানে আৰু গালি দিব হে লাগে ; লাজ বোলা বস্তুটো নাই নেকি বাৰু ...


:: লাগে মানে আৰু এটা বস্তু ভাঙিল !


:: আৰু এটা ! কি কৰিলা , কি ভাঙিলা ..?


:: সেইদিনা যে আনিছিলা কাপ কেইটা, টেবুল খন চাফ কৰি থাকোতে পৰি ভাঙিল ..!!


:: যোৱা.. আৰু কি কি আছে চাই ভাঙিথৈ আহা... ইমান দিন বোৱাৰীয়ে ভাত বনাই খুৱালে আজি লৈকে একো নহল । তুমি প্ৰথম সোমাইয়েই চব শেষ কৰি নিলা ।

     আজি পৰা তুমি কিটচেন ত নাযাবা । তুমি এনেকৈ হলে এদিন ঘৰত একো বস্তু নাথাকিব ।


:: হব দিয়া আজি পৰা নোহোমাও...


:: এতিয়া মোৰ মুখ চাই থাকিব নালাগে । মই ভাত বনাও যোৱা বোৱাৰী কি হৈছে চোৱা । যদি বেছি হৈছে মেডিকেল নিয়া ।


:: হব মা ...


      মাকে ভাত বনাব সোমাল, নিয়ৰ বৃষ্টি ওচৰত গল । তাক দেখি তাই বহিল আৰু হাঁহি হাঁহি কলে ...


:: কেনে লাগিলে গালি খাই ?


:: কেনে লাগিলে , নিজেই বাছি গলা, মই গালি খালোঁ ।


:: একো নাই সদায় চুমা খোৱা আজি মোৰ বাবে অলপ গালি খাই দিলা ... 


:: হয় নেকি ? চাও তোমাক আজি ...


       নিয়ৰে বৃষ্টি হাত দুখনত ধৰি তাই চকুত চকু ৰাখি, বুকুত বুকু ৰাখি তাই চকুলৈ চাই ৰল ।।


:: এৰি দিয়া মা আহিব ... লাজ লাগিছে ...


:: আহক মা... আজি কিহৰ ইমান লাজ লাগিলেনো.. নতুনকৈ লগ পাইছা নেকি ? 


:: নাজানো ... তুমি এনেকৈ চালে লাজ লাগে মোৰ .. 


:: মোৰ ছোৱালী জনী ইমান লাজ নে ? 


:: ওম লাজ লাগে.. চাও এৰি দিয়া ..


:: নিদিওঁ .. 


:: মা... 


      বৃষ্টি মুখত মা শুনি নিয়ৰ জাপ মাৰি উঠিল । বৃষ্টিয়ে হাঁহি এটা মাৰি বিছনা পৰা উঠিল । 


:: মা আহিলেও আহক .. এতিয়া নাম শুনিয়েই ভয় চোৱা...


:: তুমি মানে...


     নিয়ৰে তাইক ধৰিব খেদি গল । বৃষ্টি বিছনা চাৰিওফালে ঘূৰি থাকিল ।

     আৰু অলপ পিছত তাই মোৰ ঘূৰাই পৰি গল বিচনাত । নিয়ৰে প্ৰথম তাই ধেমালি কৰা ভাবিছিল কিন্তু পিছত গম পালে সঁচাই তাই মোৰ ঘূৰাই পৰিছে ।

       সি দৌৰি আহি তাইক দাঙি ললে । মাকক মাতিলে মাক দৌৰি আহিল ।

    

:: কি হল... বোৱাৰী.. বোৱাৰী...


:: নাজানো মা, হঠাৎ মোৰ ঘূৰাই পৰি গল ।


:: চাই আছা কিয় ? যোৱা গাড়ী এখন মাতা .. মেডিকেল লৈ যাও... 


      নিয়ৰে ওলাই গৈ গাড়ী এখন মাতিলে, মাকৰ ভাত বনোৱা হৈছিল, সকলো তাতে থৈ তাইক লৈ মেডিকেল গল  ...

      গাড়ীত গৈ থাকোঁতে বৃষ্টিয়ে চকু মেলি মাত দিলে । 


:: কি হল নিয়ৰ... কত লৈ গৈছা...


:: একো হোৱা নাই .. তোমাৰ মোৰ ঘুৰাইছিল সেইবাবে মেডিকেল লৈ আহিছোঁ ।


:: একো হোৱা নাই অ মোৰ ...


:: হব বোৱাৰী যি হলেও এবাৰ দেখাই যাওঁ... ( মাকে কলে )


       সিহঁত গৈ মেডিকেল পালেগৈ , তাইক নি ডক্তৰ ওচৰত দেখুৱালে । 

      অলপ সময় পিছত ডক্তৰ আহি কলে ..


:: চিন্তা কোনো কাৰণ নাই.. মই অলপ টেবলেট দিয়া আছে সময় মতে খুৱাই থাকিবা আৰু মোক মিঠাই খুৱাই হে যাবা দেই ...


:: তাৰ মানে... ( মাকে ডক্তৰক সুধিলে )


:: আপোনালোকৰ ঘৰত মানুহ কিমান ... ?


:: মই, ল'ৰা, বোৱাৰী আৰু মোৰ স্বামী ...


:: কিয় .. ঘৰ খনত খেলিবলৈ  নাতি নালাগে ??


:: তাৰ মানে ...


:: হয়.. আপুনি আইতাক হব আৰু তুমি দেউতা হব উলাইছা..


:: কি... বৃষ্টি ...


      নিয়ৰ দৌৰি গৈ বৃষ্টিক কোলাত তুলি ললে ।  


:: তুমি মা ওচৰত বহা মই মিঠাই আনো...


         কথাষাৰ কৈ নিয়ৰ দৌৰি ওলাই গল । বৃষ্টি মাকৰ ওচৰতে বহিল । মাকে চকুৰ পৰা বৈ অহা সুখৰ চকুপানী মছি তাইক বুকুত সাৱটি ললে.. ।

         অলপ পিছত নিয়ৰ আহিল মিঠাই লৈ, সকলোকে মিঠাই খুৱাই দিলে আৰু  ঘৰলৈ বুলি ওলাই গল ।।


       ****


                     ( আগলৈ )


🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )


অভিমানৰ অভিমানী ( খণ্ড - 21 )-

https://www.smj24.in/2022/10/assamese-storyboard_10.html


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Storyboard )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages