নিয়ৰে বৃষ্টিক লৈ ওচৰৰে হোটেল এখনলৈ বুলি আগুৱাই গল । ( Assamese Storyboard )
তাত ৰোম খালি নাই, এতিয়া আকৌ কত যাব সি বৃষ্টিক লৈ ।।
অটো এখন লৈ বেলেগ এখন হোটেললৈ বুলি উঠিল ।।
****
বহু বিচাৰি শেষত এখন হোটেলত ৰোম এটা পালে ।
ৰাতিটো তাতেই থাকি পিছদিনা শ্বিলং যোৱা সিদ্ধান্ত ললে ।
বৃষ্টিয়ে এতিয়াও হৈ যোৱা কথাবোৰ পাহৰিব পৰা নাই । নিয়ৰৰ কাষতে মনে মনে বহি আছে ।
নিয়ৰে খোৱা অৰ্ডাৰ দিলে অলপ পিছত ভাত দি গলহি ৰোমত ।
:: কি হল ছোৱালী ... কি ভাবি আছা ?
:: নাই একো.. ভয় লাগিছে বহুত মোৰ ।
:: মই আছোঁ নহয় এতিয়া একো চিন্তা কৰিব নালাগে । ভাত খাই লোৱা, কাইলে পুৱা আমি ইয়াৰ পৰা যাম ।
:: নাখাও মই ভাত, ভোক নোহোৱা হল !
:: দিনটো একো খোৱা নাই, এতিয়া আৰু যিতি ভাবি থাকিব নালাগে , চাও মই খুৱাই দিও ।
নিয়ৰে তাইক ভাত খুৱাই দিলে, সিও খালে ।
***
বৃষ্টি বিচনাত উঠিল । নিয়ৰ তাইৰ কাষতে বহিল । বৃষ্টিয়ে তাৰ বুকুৰ মাজত মূৰ থৈ তাক সাৱটি মৌন হৈ পৰিল ।
:: কি হল ছোৱালী.. ঘৰলৈ মনত পৰিছে ?
:: নাই কিবা এটা শুনি আছোঁ ।
:: কি শুনিছানো ?
:: তোমাৰ হৃদয়ৰ লগত অলপ কথা পাতি আছোঁ ।
:: কি কথা পাতিছানো, মই শুনা নাই যে !
:: তুমি নুশুনা মই হে শুনিম ;
:: কব নোৱাৰি নেকি কি কথা ?
:: মই সুধিছো তোমাৰ হৃদয়ত আৰু কোন কোন আছে !
:: উত্তৰ কি পাইছা ?
:: মোৰ ঠাই কোনে লব পাৰে অ.. চাওঁচোন যদি কোনোবা আহে মই মাৰি পেলাম ।
এইখন হৃদয়ত মাথোঁ মই থাকিম !
:: কোনো ঠাই লব নোৱাৰে অ.. মোৰ হৃদয়ত মাথোঁ মোৰ অভিমানী জনী হে থাকিব ।
কথাষাৰ কৈ নিয়ৰে তাই কপালত চুমা আঁকি দিলে ।
:: ঐ লৰা .. বিয়া পিছতো এনেদৰে মৰম কৰিবা নে মোক ?
:: সদায় কৰিম পাগলী, মৰমবোৰ জানো শেষ হয়, মানুহবোৰহে সলনি হৈ যায় ;
:: তুমি সলনি হৈ যাবা মানে ন .. ?
:: সেই নাযাওঁ , কথাটো হে কৈছোঁ ।
:: হব নিদিওঁ মই ...মোৰ নিয়ৰ একেদৰেই থাকিব লাগিব ।
বৃষ্টি নিয়ৰৰ আৰু কাষ চাপি গল , নিয়ৰে বৃষ্টি ওঁঠত চুমা আঁকি দিলে, বৃষ্টিয়ে তাক সহযোগ কৰিলে । ( Assamese Storyboard )
উশাহত উশাহ লাগি ভালপোৱা বোৰ যেন আৰু বাহি হে গৈছে, বৃষ্টি ঘামে বিৰিঙা কঁকালত নিয়ৰৰ হাতৰ পৰশ লাগিল ।
তাইৰ উশাহবোৰ ঘন হৈ আহিল ! নিয়ৰক যিমান পাৰে জোৰকৈ সাৱটি লৈছে ।
অস্পষ্ট মাতেৰে নিয়ৰক কৈছে "মৰম লাগে মোক তোমাৰ মৰম" ।
নিয়ৰে ৰোমৰ লাইটটো অফ্ কৰি দিলে, আন্ধৰৰ মাজত সকলো পাহৰি দুইয়ো বিলীন হৈ গল মৰমৰ মাজত ।।
***
পিছদিনা ৰাতিপুৱাই সিহঁত শ্বিলং গল , নিয়ৰৰ লগত থাকি তাৰ মৰম পাই বৃষ্টিয়ে যেন সকলো পাহৰিব লৈছে ।
অতীতৰ কথাবোৰ তাই মনৰ পৰা হেৰাই যাব ধৰিছে লাহে লাহে । তাই ওঁঠৰ হাঁহিটো আকৌ ঘূৰি আহিছে । আগৰ চঞ্চল অভিমানী জনীক ঘূৰাই পাই নিয়ৰৰ বহুত আনন্দ !
অলপ দিন ঘূৰি - ফুৰি সিহঁত ঘৰলৈ আহিল । পিছদিনা নিয়ৰৰ মাক - দেউতাক আহিল ।
সকলোৱে কথা পাতি অহা মাহত সিহঁতৰ বিয়া ঠিক কৰিলে । সকলোৱে মনত আনন্দ ; কিন্তু বৃষ্টি মন মাৰি আছে ! নিয়ৰ ঘৰত যাব তাইক এৰি, এইকেইদিন তাৰ লগত থাকি তাই এবাৰো ভবা নাছিল সি যে তাই ওচৰৰ পৰা আঁতৰি যাব ।
তাই জানে অহা মাহৰ পৰা সি উৰে জীৱন তাৰ কাষতে থাকিব । কিন্তু তাই সেই অভিমানী মনটোক বুজাব পৰা নাই ।
নিয়ৰৰ মাক - দেউতাকে তাইক বুজালে আৰু বিয়া যোগাৰ কৰিব কলে ।
চকুত চকুপানী লৈ বৃষ্টিয়ে নিয়ৰক বিদায় দিলে ।
***
লাহে লাহে দিনবোৰ পাৰ হল বিয়া বাবে মাজত মাথোঁ ২ টা দিন আছে , সকলোৱে বহুত সুখী বিচৰা দৰেই সকলো হৈ গৈছে ।
অবশেষত সেই বিশেষ দিনটো আহিল । দৰা গাড়ী আহি বৃষ্টি ঘৰৰ পদূলি পালেহি ।
উৰুলি শুনি বৃষ্টি বুকুখন কপি উঠিল । এফালে বুকুৰ মানুহজনক কাষত পোৱা সুখ, আনফালে ঘৰ খন এৰি যোৱা দুখ ।
***
সকলো ভালদৰেই হৈ গল, সকলোৱে পৰা আশিবাদ লৈ কইনা লৈ সকলো আহিল ।
এজনী ছোৱালী ইমান দূৰ গুচি গৈছে, মাক - দেউতাকৰ বহুত দুখ লাগিল, কিন্তু কি কৰিব এদিনটো দিব লাগিব । তাতে নিয়ৰৰ দৰে ইমান ভাল লৰা এজন পাইছে ।
***
দৰা গাড়ী গৈ ঘৰ পালেগৈ মঙ্গল উৰুলিয়ে কইনাক লৈ গল ভিতৰলৈ ।
হঠাৎ কোনোবা এগৰাকী দৌৰি আহি বৃষ্টি গা কাপোৰ খন আঁতৰাই দিলে । ওচৰতে থকা চাকি খনৰ পৰা অসাৱধানতা বাবে বৃষ্টি কাপোৰ খনত জুই লাগি গৈছিল ।
নিয়ৰে বৃষ্টিক সাৱটি ধৰি তাই গাত সি লৈ থকা গামোচা খন দি তাইক ৰোমলৈ লৈ গল ।
তাই কান্দি কান্দি বিচনাত বহি পৰিল । কোনোবাই কৈছে এইটো কিন্তু ভাল কথা নহয় , কিবা অমংগল হব চাগে ।
নিয়ৰ মাক সোমাই আহিল আৰু বৃষ্টিক চুমা এটা খাই কলে ...
:: কিয় কান্দিছা একো নহয় মাজনী.. চাকি খন দেখা নাছিলা বাবেই লাগিল আৰু তাতে কান্দিব লাগে নেকি ..?? যোৱা তুমি গা ধুই আহা.. মানুহবোৰ ৰৈ আছে নহয় তোমাক চাবলৈ, যোৱা দেৰি নকৰিবা ....
বৃষ্টি গা ধুব গল, নিয়ৰ মাক সেই অমংগল হব কোৱা মানুহজনী ওচৰত গল আৰু হাঁহি এটা মাৰি কলে "আজি দিনটো আপুনি এইবোৰ বিশ্বাস কৰে ; আপুনি এনেকুৱা বুলি ভবা নাছিলোঁ"
মানুহজনীয়ে লাজ পাই ওলাই গল ! বৃষ্টি গা ধুই আহি ওলাই আহিল চাহ লৈ ।
*****
( আগলৈ )
🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )
অভিমানৰ অভিমানী ( খণ্ড - ২০ )-
https://www.smj24.in/2022/10/assamese-storyboard_10.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment