১১ মান বজাত গুৱাহাটী পালেগৈ , গাড়ী পৰা নামি দেখিলে বহুত মানুহৰ ভিৰ নিয়ৰে বৃষ্টি হাতত জোৰকৈ ধৰি ললে । ( Assamese Storyboard )
কোনোবা নেতা আহিছে , সমদল কৰিছে, চাৰিওফালে অসংখ্য মানুহ , ঠেলা - হেচা মাজত হঠাৎ নিয়ৰৰ হাতৰ পৰা বৃষ্টি হাত খন এৰাই গল ।
কাৰো মাত কোনেও নুশুনে, বৃষ্টি Mobile টো নিয়ৰৰ বেগত থাকিল । মানুহৰ মাজে মাজে তাইক বিচাৰি ফুৰিলে কিন্তু তাইক সি নাপালে ।।
সি পাগলৰ দৰে তাইক চিঞৰি আছে, কিন্তু ইমান মানুহৰ মাজত কোনে শুনিব তাৰ মাত ।
****
মানুহৰ মাজে মাজে বৃষ্টিয়ে তাক মাতিছে, কাৰ মাত কোনে শুনিব । মানুহৰ মাজে মাজে বৃষ্টি বহু দূৰ আগুৱাই গ'ল । এবাৰ হেঁচা - ঠেলা মাজত তাই ৰাস্তা কাষত পৰিলগৈ ।
তাতে গছ এজোপাৰ তলত তাই বহি দিলে । বোৰ ভাগৰুৱা হৈ পৰিছে তাই, মাত দিবলৈও যেন মুখত মাত নাই ।
তাই তাতে বহি থাকিল কান্দি কান্দি, কি কৰিব কত যাব তাই ।
***
নিয়ৰে তাইক বহুত বিচাৰিলে নাই লগ নাপালে তাইক । সি অলপ আগুৱাই যোৱা কথা ভাবিছিল কিন্তু নগল । নিয়ৰৰ মনে কৈছে তাই আগুৱাই যোৱা নাই ওচৰতে কৰবাত আছে ।
***
সময় যিমানে পাৰ হৈ গৈ আছে, তাৰ মনত ভয় বেছি হৈ গৈছে, কি কৰিছে তাই কত বা আছে ।
সি যদি তাইক লগ নাপাই কি হব ৰাতিটো তাই । ব্যস্ত মহানগৰীত তাক চাবলৈ কাৰো সময় নাই । কাক সুধিব সি , কোনে কব তাক বৃষ্টি কত আছে ।
নিয়ৰে ইফালে সিফালে চাই আগুৱাই গৈ থাকিল । অভিমানী অভিমানে ভৰা মুখখনে তাক বাৰে বাৰে আমনি কৰিব ধৰিলে । যি টি চিন্তা কিছুমানে তাৰ মনক আমনি কৰিব ধৰিলে ।
যিমান পাৰে খৰ - ধৰ কৰি সি আগুৱাই গৈ থাকিল ।
***
আনফালে বৃষ্টিও নিয়ৰক বিচাৰি আগুৱাই গৈ থাকিম । ভোক আৰু ভাগৰত বৃষ্টি ভৰি আগলৈ যাবলৈ প্ৰতিবাদ কৰিছে ।
নিয়ৰক পোৱা আশাত তাইৰ মনটোৱে মনা নাই একো বাধা । হোটেল এখনৰ সন্মুখত গৈ তাই বহি পৰিল ।
মানু্হবোৰে তাইক পাগল বুলিয়েই ভাবিছে । কোনোবাই পানী বটল এটা আনি তাই হাতত দিলে । তাই লৈ লগে লগে খালে ।
সেই অচিনাকি মানুহজনে সুধিলে !!
:: ভোক লাগিছে নেকি ? কিবা খাবা নেকি ? "
:: নাখাও... মই নিয়ৰ আহিলে খাম ।
:: নিয়ৰ .. কোন নিয়ৰ ?
:: কিয় লাগে.. তাক মাৰিবলে ..
:: নামাৰো .. আহা মই তোমাক নিয়ৰৰ ওচৰত লৈ যাম ...
:: সঁচা ... নিয়ৰ কত আছে ?
:: অলপ আগত আছে , তোমাক নিব পঠাইছিল মোক !
:: মিছা... সি নিজেই আহিব মোক নিবলে ...
:: কিয় মিছা কম.. তোমাৰ নিয়ৰ কিবা এটা হৈছে আহিব পৰা নাই .. সেইবাবে মোক পঠাইছে ...
:: কি হৈছে... মোক তাৰ ওচৰত লৈ যাওক ...
:: আহা..
মানুহজনে বৃষ্টিক লৈ আহিল । অলপ দূৰ আহিয়েই সি তাইৰ গাত হাত দিলে । ( Assamese Storyboard )
:: কিয় মোক গাত হাত দিছে , হাত আঁতৰাই দিয়ক । সোনকালে মোক নিয়ৰৰ ওচৰত লৈ যাওক ।
:: যাবা ... আহা এইফালে গলে সোনকালে পাবা ..
( মানু্হজনে তাইক আন্ধাৰ ৰাস্তা এটা ফালে দেখাই দিলে )
:: ইমান আন্ধাৰ নাযাও ; মই ইয়াতে ৰৈ থাকিম ! আপুনি তাক লৈ আনক ।
:: সি আহিব নোৱাৰে বাবে হে মোক পঠাইছে আহা...
মানু্হজনে তাই গাত ধৰি তাই বুকুৰ ফালে হাত খন নিলে । তাই মানুহ জনক চৰ এটা মাৰি আগলৈ দৌৰ দিলে ।
মানুহ জনে তাই পিছে পিছে খেদি গল । তাই আৰু যাব নোৱাৰা হল । ৰাস্তা কাষৰে শিল এটাত খুন্দা খাই তাই পৰি গল ।
মানুহ জনে তাই কাষ চাপি গৈ আছে । তাই আকৌ এবাৰ উঠি দৌৰিব চেষ্টা কৰিলে , কোনোবা এজনে তাইক ধৰি ললে ।
সেইজন নিয়ৰ , তাইক খেদি অহা মানুহজন আহি সিহঁতৰ আগতে ৰল । বৃষ্টিয়ে নিয়ৰৰ মুখলে চোৱা নাই । ভয়ত তাই নিয়ৰৰ পিছফালে ৰৈ দিলে ।
মানুহ জন নিয়ৰৰ ওচৰত আহিল আৰু কলে ...
:: চোৱা ভাইটি ছোৱালী জনী অলপ পাগল । ঘৰৰ পৰা গুচি আহিছে ; তাইক নিব আহিছোঁ কিন্তু নাযায় । তুমি তাইক বুজোৱা ।
এনেকৈ ৰাতি ঘৰৰ পৰা ওলাই আহে নেকি ?
:: হয় নেকি ?
নিয়ৰৰ বুকুত জুই জ্বলিব ধৰিলে । তাক যেন এতিয়াই সি মাৰি পেলাব । কিন্তু বৃষ্টি কথা ভাবি সি মনে মনে ৰ'ল ।
:: হয় অ ভাইটি , চাও দিয়া তাইক মই লৈ যাও , নহলে ৰাতিটো কত ঘূৰি ফুৰে ঠিক নাই ।
:: ওম .. যাওঁক লৈ যাওক...
মানুহ জন আগুৱাই আহিল । বৃষ্টি হাতত ধৰিব লওঁতে । নিয়ৰে মানুহ জনৰ হাতত ধৰি ললে আৰু মুখত জোৰেৰে ঘুচা মাৰি দিলে । মানুহ জন অলপ দূৰত গৈ পৰিল । মানুহ জনে উঠি আহি কিবা কব লওঁতে নিয়ৰে গোৰ মাৰি পেলাই বুকুত হেঁচা মাৰি ধৰিলে ।
মানু্হ জনে আটৰানাদ কৰি চিঞৰি উঠিল ।
:: মোৰ বৃষ্টি গাত হাত দিয় তই... তোক মই আজি শেষ কৰি পেলাম ।
মানু্হ জনে বুজি পালে ছোৱালী জনীয়ে কাৰ কথা কৈ আছিল । কাক বিচাৰি আছিল । পলাব চেষ্টা কৰিও নোৱাৰিলে নিয়ৰে তাৰ বুকুত গচকি আছিল ।
বৃষ্টিয়ে ভবাই নাছিল সেইটো যে নিয়ৰ । ভালদৰে চাই দেখে সেইটো তাই নিয়ৰ । তাই তাক সাৱটি ধৰিলে পিছফালৰ পৰা ।
:: নিয়ৰ ই মোক তোমাৰ ওচৰত আনিম কৈ কৰবাত নিব লৈছিল ; তুমি কিয় মোক এৰি গৈছিলা ! ইমান বিচাৰি তোমাক পোৱা নাছিলোঁ ।
:: মইও তোমাক বহুত বিচাৰি আছিলোঁ অ.. ইয়াক মই আজি মাৰি পেলাম ।
:: নাই নিয়ৰ তোমাক মোৰ শপত , এনেকুৱা নকৰিবা , তাৰ শাস্তি পালেই । বলা আমি ইয়াৰ পৰা আঁতৰি যাও ।
নিয়ৰে মানুহতোক বুকুৰ ধৰি উঠালে আৰু বৃষ্টি ভৰি ওচৰত পেলাই দিলে ।
মানু্হটোৱে বৃষ্টি ভৰিত ধৰি ক্ষমা খুজিলে বাৰে বাৰে । নিয়ৰে তাক আকৌ গোৰ এটা মাৰি দিলে আন্ধাৰৰ ফালে পৰিল সি আৰু উঠি দৌৰ দিলে ।।
নিয়ৰে বৃষ্টিক লৈ ওচৰৰে হোটেল এখনলৈ বুলি আগুৱাই গল ।
তাত ৰোম খালি নাই, এতিয়া আকৌ কত যাব সি বৃষ্টিক লৈ ।।
অটো এখন লৈ বেলেগ এখন হোটেললৈ বুলি উঠিল ।।
****
( আগলৈ )
🖊️ জ্ঞান জ্যোতি গগৈ ( ধেমাজি )
অভিমানৰ অভিমানী ( খণ্ড - ১৯ )-
https://www.smj24.in/2022/10/assamese-storyboard_7.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
Stoty tu bohut val lagise iar pisor likhonitu diyok
ReplyDelete