....... এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ! সংগীতা ফুকনৰ হত্যাকাণ্ডই লৈছে নতুন ৰূপ , আশুতুষ চক্ৰৱৰ্তী , বিকাশ আৰু চিন্ময় নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ । ( Assamese Storyboard )
নিউজটো শুনাৰ লগে লগেই কল্যাণীলৈ ফোন লগালে কাজলে । ...হেল্ল'..! কল্যাণী ।
: উম..., কাজল কৱ...
: ভাল খবৰ এটা আছে ঐ...
: কি ভাল খবৰ...?
: চক্ৰৱৰ্তীক পুলিচে গ্ৰেপ্তাৰ কৰিলে । এতিয়া সকলো কথা পোহৰলৈ আহি যাব ।
: গ্ৰেপ্তাৰ কৰালে কোনে সেইটো জান জানোঁ...!
: ওহোঁ..., নিউজত দেখোঁন ডিম্পল দত্তৰ কথাহে কৈ আছে ।
: মই সহায় নকৰা হ'লে ডিম্পল দত্তই চক্ৰৱৰ্তীক ইমান সহজে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে হেঁতেন । জীৱন মৰণৰ খেল খেলিছিলোঁ মই....! ডিম্পল দত্ত সময়ত গৈ নোপোৱা হ'লে এতিয়ালৈ কল্যাণী বৰুৱাৰ মৃতদেহ আহি ঘৰ পালেহিহেঁতেন..!
: Oh....! My god...! তোৰ সাহস কিন্তু মানিব লাগিব ।
: এটা ক'লা অধ্যায়ৰ আজি সামৰণি পৰিল , আৰু এটা নতুন অধ্যায় আৰম্ভ হ'ব কালিলৈ পৰা ।
: নতুন অধ্যায়....? কি ওলাল আকৌ....!
: বৈশালীৰ জীৱনটো এটা ক'লা অধ্যায় আছে । যিবোৰ কথা বৈশালীয়ে কেতিয়াও ভবা নাছিল ।
: একো বুজি পোৱা নাই । ভালকৈ কচোন....!
: ক্লাছ এইট নাইনত থাকোঁতেই বৈশালীৰ মাক দেউতাক এটা দুৰ্ঘটনাত ঢুকাইছিল । প্ৰথমে সকলোৱে দুৰ্ঘটনা বুলিয়েই ভাবিছিল । কিন্তু কথাটো হ'ল , ঘটনাস্থলীত মাক দেউতাকৰ মৃতদেহ দুটাৰ বাহিৰে ড্ৰাইভাৰ জনৰ মৃতদেহ বিচাৰি পোৱা নাছিল । যদি গাড়ীখন সচাঁকৈয়ে দুৰ্ঘটনাত পতিত হৈছিল তেন্তে ড্ৰাইভাৰজনৰ মৃতদেহটোও সেই ঠাইত উদ্ধাৰ হ'ব লাগিছিল ।
: উম..., সেইটো নোহোৱা নহয় । কিন্তু ইমান পুৰণি কথা এটা এতিয়া নতুনকৈ খুঁচৰি জানোঁ কিবা লাভ হ'ব কল্যাণী...?
: লাভ লোকচান চিন্তা কৰি মই কামটো হাতত লোৱা নাই । সচাঁকৈয়ে যদি বৈশালীৰ মাক দেউতাকক হত্যা কৰা হৈছে তেন্তে দোষীক বিচাৰি উলিয়াটোহে মোৰ উদ্দেশ্য । তেতিয়া অন্ততঃ মানুহে এইধৰণৰ কামবোৰ কৰিবলৈ অলপ ভয় কৰিব ।
( Assamese Storyboard )
: উম..., বৈশালীয়ে সহায় নকৰিলে তই কেনেকৈ কামত আগবাঢ়িবি...?
: বৈশালীয়ে সহায় কৰিম বুলি কৈছে । ওচৰ চুবুৰীয়াইও বৈশালীৰ খুড়াক খুড়ীয়েককেই সন্দেহ কৰিছিল ।
: আপোন মানুহবোৰেই প্ৰধান শত্ৰু । সেয়ে আজিকালি গাৰ নোম ডালকো বিশ্বাস কৰিবলৈ ভয় লগা হৈছে ।
: বিশ্বাস.....? নিজৰ বাহিৰে আন কাকোৱেই বিশ্বাস কৰিব নোৱাৰি কাজল । বহুত বিশ্বাস কৰিছিলোঁ নীলক । কিন্তু.... কি পালোঁ মই....? কাজল , ডিম্পল দত্তই ফোন কৰি আছে । মই তোক অলপ পাছত ফোন কৰি আছোঁ ।
: হ'ব দে । ফোনটো কাটি দিলে কাজলে ।
: হেল্ল'.....! ছাৰ
: বৰুৱানী..., বিশেষ কথা এটাৰ বাবে ফোন কৰিলোঁ ।
: কওঁক ছাৰ ।
: কমল বুজৰবৰুৱাৰ টেবুলৰ পৰা হেৰুৱা সংগীতা ফুকনৰ হত্যাৰ ফাইলটো আপোনাৰ ঘৰৰ ষ্টৰ ৰূমতে আছে । বুজৰবৰুৱাৰ ঘৰৰ পৰা আনি বস্তা এটাত ভৰাই ইন্দ্ৰনীল বৰুৱাই ফাইলটো চুক এটাত পেলাই থৈছে ।
: কি....? কি কৈছে এইবোৰ...?
: মই কোৱা নাই মিছেছ বৰুৱানী । আপোনাৰ স্বামী ইন্দ্ৰনীল বৰুৱাই নিজ মুখেৰে কৈছে । আপোনাৰ অনুমতি পালে ৰূমটো এবাৰ তালাচি কৰিব পাৰোঁ ।
: নিশ্চয় অনুমতি দিম । কেতিয়া আহিব আপোনালোক...?
: আপোনাৰ যদি একো অসুবিধা নহয় , তেন্তে এতিয়াই যাব পাৰোঁ।
: ঠিক আছে ছাৰ । ফোনটো কাটি দিলে ডিম্পলে ।
....নিবিৰ , অ' নিবিৰ....! এইফালে আঁহচোন..... বাৰাণ্ডাৰ পৰাই চিঞৰিলে কল্যাণীয়ে । কল্যাণীৰ মাতটো শুনি নিবিৰ ওলাই আহিল ।
: ক'ৰবাত চাগৈ যাব লাগে । নহয়জানো.....!
: তই কেনেকৈ জানিলি....?
: তোৰ চিঞৰটো শুনিয়েই গম পালোঁ । কিবা এটা কাম কৰিবলৈ হ'লে তই বৰ মৰমত মাত যে...! সেয়ে গম পোৱা হলোঁ আৰু....
: আমি অলপ ওলাই যাব লাগিব ভাইটি । পুলিচে আমাৰ ঘৰটো তালাচি কৰিবলৈ আহিব । ডিম্পল দত্তই মোলৈ ফোন কৰিছিলে ।
: এই ঠাণ্ডাখনত বাইকত যাব পাৰি নেকি....! তই বৰ অদ্ভুত কথা কিছুমান কৱ দেই....!
: একো নহয় যা , ভালকৈ কাপোৰ অলপ পিন্ধি লগৈ । আহোঁতে ঘুগুনী আৰু পকৰী খাই আহিম ।
: হ'ব যা । হাঁহি এটা মাৰি ভিতৰলৈ সোমাই গ'ল নিবিৰ , ছুৱেটাৰটোৰ ওপৰতে জেকেট এটা পিন্ধি ষ্টল এখনেৰে কাণ দুখন আৰু নাকটো ভালকৈ ঢাকি জেকেটৰ টুপিটো পিন্ধি হাতমোজা যোৰ হাতত লৈ বাইকখন বাৰাণ্ডাৰ পৰা উলিয়াই ষ্টাৰ্ট দিলে নিবিৰে । কল্যাণীয়েও ছুৱেটাৰ দুটাৰ ওপৰতে জেকেট এটা পিন্ধি স্কাৰ্ফ এখনেৰে কাণ নাক সকলো ঢাকি কল্যাণী বাইকত উঠিল । লাইটৰ পোহৰত নিয়ৰৰ মাজে মাজে বাইকখন আগুৱাই যাব ধৰিলে । ক্ৰমে ক্ৰমে ঘন কুঁৱলীয়ে গোটেই পৃথিৱীখন গ্ৰাস কৰি পেলালে । নিয়ৰৰ মাজত ৰাস্তাৰ কাষত ঠিয় দি থকা ষ্ট্ৰীট লাইটবোৰ সৰু সৰু জোনাকী পৰুৱাৰ দৰে জিলিকি উঠিল । কিছুসময়ৰ পাছত বাইকখন ৰখাই দিলে নিবিৰে । .....গেটত দেখোঁন তলা ওলমি আছে ...?
: অ'....! চাবিটো মোৰ হাতত নাই নিবিৰ....!
: চাবি নাই যদি ভিতৰলৈ সোমাবি কেনেকৈ.....?
: তাকেহে ভাবিছোঁ । একো উপায় নাপালে তলাটো ভাঙি দিব লাগিব ।
নিবিৰ আৰু কল্যাণীয়ে কথা পাতি গেটখনৰ সন্মুখত ৰৈ থাকোঁতেই গাড়ী এখন আহি কল্যাণীহঁতৰ গাৰ ওচৰতে ৰখাই দিলেহি । গাড়ীৰ দুৱাৰখন খুলি লাহেকৈ নামি আহিল ডিম্পল দত্ত । .... Sorry ! মিছেছ বৰুৱানী , অলপ লেট হৈ গ'ল ।
: It's OK,
: ফুকন , চাবিপাত আনি তলাটো খোলা । ডিম্পল দত্তৰ নিৰ্দেশ মৰ্মেই চাবিপাত আনি গেটৰ তলাটো খুলি দিলে ফুকনে । ফুকনৰ হাতৰ পৰা চাবিপাত লৈ কল্যাণী আৰু ডিম্পল ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল । মেইন দুৱাৰখন খুলিয়ে ষ্টৰ ৰূম পালেগৈ কল্যাণী । ষ্টৰ ৰূমৰ দুৱাৰখন খুলি এটা এটাকৈ সককোবোৰ বস্তু জাৰি জোকাৰি চালে ডিম্পলে । ৰূমটোৰ সোঁহাতে থকা সৰু আলমিৰাটোৰ কাষতেই পৰি আছে এটা সৰু বস্তা লাখুটি এডালেৰে খুঁচৰি খুঁচৰি বস্তাটো উলিয়াই আনিলে ডিম্পল দত্তই । ধূলিবোৰ কোবাই কিলাই বস্তাটো খুলি ধুনীয়াকৈ ফাইলটো উলিয়াই ড্ৰয়িং ৰূমটোলৈ ওলাই আহিল ডিম্পল দত্ত । পলিথিনৰ বেগটোৰ পৰা ফাইলটো উলিয়াই ৰচীডাল খুলি ফাইলৰ ভিতৰত থকা কাগজবোৰ ভালকৈ পঢ়ি চালে ডিম্পলে । .... মিছেছ বৰুৱানী , আপুনি ঠিকেই সন্দেহ কৰিছিলে । সঁচা কথাবোৰ মীনা বুজৰবৰুৱাই ভালকৈ জানিছিল । সঁচা কথাবোৰ কৈ দিলে কমল বুজৰবৰুৱা আৰু ইন্দ্ৰনীল বৰুৱাৰ ভদ্ৰতাৰ মুখাখন খোল খাই যোৱাৰ ভয়ত মীনা বুজৰবৰুৱাক হত্যা কৰিছিল ।
: এতিয়া আৰু হাত সাৱটি বহি থাকিলে নহ'ব ছাৰ । সকলো প্ৰমাণ এতিয়া আমাৰ হাতত । গতিকে অতি সোনকালে দোষীক আদালতত হাজিৰ কৰাওক ।
: আপুনি নিচিন্ত হৈ থাকক বৰুৱানী । কালিলৈৰ ভিতৰত চক্ৰৱৰ্তীৰ সকলো কল ডিটেইলছ আমাৰ হাতলৈ আহি যাব । তেওঁলোকৰ লগত আৰু কোন কোন জড়িত হৈ আছে সেই সকলো কথা পোহৰলৈ আহিব । এতিয়া আপুনি গৈ থাকক । কিবা প্ৰয়োজন হলে মই ফোন কৰিম ।
: ঠিক আছে । মই গৈ থাকোঁ ,
ঠাণ্ডাত কপি কপি ঘৰ সোমালহি কল্যাণী আৰু নিবিৰ । নিবিৰ আৰু কল্যাণী ঘৰ সোমোৱাৰ লগে লগেই কুহুমীয়া গৰম পানী দুগিলাচ আনি দিলে বৈশালীয়ে । ....
বাইদেউ পালেহি । একো নোকোৱাকৈ সাউৎকৰি ক'ত গৈছিলে আপুনি ......
: হঠাৎ কাম এটা ওলালে সেয়ে লৰালৰিকৈ ওলাই যাব লগা হ'ল ।
: অ'...!
: পাছফালে জুই একুৰাহে জ্বলাব লাগিব এতিয়া । বৰ ঠাণ্ডা পৰিছে দেই । কথাষাৰ কৈয়ে পাছফালৰ বাৰাণ্ডাখনলৈ ওলাই গৈ শুকান খৰি কেইচটামান হাতত লৈ চাকিটোৰ পৰা কেৰাচিন তেল অকণ বাকি দপদপকৈ জুইএকুৰা জ্বলাই হাত ভৰি কেইটা ভালকৈ সেকি ললে কল্যাণীয়ে । ....বৈশালী , ভাতকেইটা আজি জুইতে ৰান্ধিম । শাক পাচলিখিনি ইয়ালৈকে লৈ আহাঁ । কল্যাণীৰ কথাটো শুনি পাচলিৰ খৰাহীটো হাতত লৈ বৈশালীও পাছফালৰ বাৰাণ্ডাখনলৈ ওলাই গ'ল। বাৰাণ্ডাখনত জাপি থোৱা ইটাৰ দ'মটোৰ পৰা ইটা কেইচপৰামান আনি চৌকাটো পাতি পানী গৰম কৰা বটুৱাটো জুইত উঠাই দিলে কল্যাণীয়ে ।
: বাইদেউ , পাচলি কাটিব নালাগে । জুইতে বেঙেনা এটা পুৰি পিটিকা কৰিম আজি ।
: বেয়া নহয় । পাচলিবোৰ খাই খাই আমনিহে লাগিছে । তুমি তেন্তে বেঙেনাটো পোৰা , মই দাইলৰ প্ৰেচাৰাটো গেছতে উঠাই থৈ আহোঁ । কথাষাৰ কৈয়ে কল্যাণী পাকঘৰলৈ সোমাই গ'ল । জুইকুৰা ওচৰতে বহি পুৰঠ বেঙেনা এটা চাই বেঙেনাটোত মিঠাতেল অকণ সানি জুইত সুমুৱাই দিলে বৈশালীয়ে । পাকঘৰৰ কামত ব্যস্ত হৈ থাকোঁতেই কল্যাণীৰ ফোনটো বাজি উঠিল। ...বাইদেউ , আপোনাৰ ফোন বাজি আছে ।
: লৈ আহাগৈচোন । মই কাম এটা কৰি আছোঁ । ভিতৰৰ পৰা ফোনটো আনি কল্যাণীৰ হাতত দিলে বৈশালীয়ে। প্ৰেচাৰটো গেছত উঠাই ফোনটো হাতত লৈ কল্যাণী পাকঘৰৰ পৰা ওলাই আহিল ।
ক্ৰমশঃ.....
✍🏻তীৰ্থ_পিন্টু_বড়া
মাজনিশাৰ উঁচুপনি ( খণ্ড_১৮ ) - https://www.smj24.in/2022/09/assamese-storyboard_28.html
বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment